পাকিস্তানৰ মহিলা অধিকাৰ কৰ্মী
৪২ প্ৰবন্ধ
-
শ্বীমা কেৰমানী
শ্বীমা কেৰমানী (Sheema Kermani; জন্ম: ১৬ জানুৱাৰী ১৯৫১) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু সমাজ কৰ্মী। তেখেত তেহৰিক-ই-নিছৱান কালচাৰেল একচন গ্ৰুপ (মহিলা আন্দোলন)ৰ প্ৰতিষ্ঠাপক। তেখেত ভাৰতনাট্যম নৃত্যৰ প্ৰতিনিধিও।
-
আছমা জাহাংগীৰ
আছমা জিলানি জাহাংগীৰ (Asma Jahangir; ২৭ জানুৱাৰী ১৯৫২ - ১১ ফেব্ৰুৱাৰী ২০১৮) আছিল এগৰাকী পাকিস্তানী মানৱ অধিকাৰ অধিবক্তা আৰু সমাজ কৰ্মী; যি পাকিস্তানৰ মানৱ অধিকাৰ আয়োগ আৰু এ জি এইচ এছ আইনী সাহায্য কোষৰ সহ-প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ আছিল।জাহাংগীৰ উকীল আন্দোলনত বিশিষ্ট ভূমিকা গ্ৰহণ কৰাৰ বাবে পৰিচিত আছিল…
-
কৃষ্ণ কুমাৰী কোহলী
কৃষ্ণ কুমাৰী কোহলী ১৯৭৯ চনৰ ১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা এজন পাকিস্তানী ৰাজনীতিবিদ যিয়ে ২০১৮ চনৰ মাৰ্চ মাহৰপৰা পাকিস্তানৰ ছিনেটৰ সদস্য হিচাপে কাম কৰি আহিছে। এই পদত অধিষ্ঠিত তেওঁ দ্বিতীয়গৰাকী হিন্দু মহিলা।
-
নিগাৰ আহমেদ
নিগাৰ আহমেদ (Nigar Ahmed(১৬ ফেব্ৰুৱাৰী ১৯৪৫ – ২৪ ফেব্ৰুৱাৰী ২০১৭) আছিল এগৰাকী পাকিস্তানী মহিলা অধিকাৰ কৰ্মী যি ৱমেনছ একচন ফ'ৰাম আৰু ঔৰত ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰিছিল। ৭২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।
-
মদীহা গৌহৰ
মদীহা গৌহৰ (Madeha Gauhar; ২১ ছেপ্টেম্বৰ ১৯৫৬ – ২৫ এপ্ৰিল ২০১৮) এগৰাকী পাকিস্তানী টিভি আৰু মঞ্চ অভিনেত্ৰী, নাট্যকাৰ আৰু সামাজিক থিয়েটাৰৰ পৰিচালক, আৰু নাৰী অধিকাৰ কৰ্মী। ১৯৮৪ চনত তেওঁ আজোকা থিয়েটাৰ প্ৰতিষ্ঠা কৰে য’ত ভ্ৰাম্যমাণ থিয়েটাৰ, ৰাজপথ আৰু ৰাজহুৱা স্থানত সামাজিক বিষয়বস্তু মঞ্চস্থ কৰা হয়।
-
অমৰ সিন্ধু
অমৰ সিন্ধু নামেৰে বেছি পৰিচিত ছালমা লাগহৰী (জন্ম ২৮ আগষ্ট ১৯৬৮) এগৰাকী পাকিস্তানী লেখিকা, কবি, কৰ্মী আৰু শিক্ষাবিদ।.
-
আফিয়া শ্বেহৰবানো জিয়া
আফিয়া শ্বেহৰবানো জিয়া (Afiya Shehrbano Zia) হৈছে কৰাচীত বাস কৰা এগৰাকী পাকিস্তানী নাৰীবাদী গৱেষক, লেখিকা আৰু কৰ্মী।তেওঁ "পাকিস্তানত বিশ্বাস আৰু নাৰীবাদ"(ছাচেক্স একাডেমিক প্ৰেছ, ২০১৮)গ্ৰন্থকে প্ৰমুখ্য কৰি নাৰী, ধৰ্মনিৰপেক্ষতা আৰু ধৰ্ম বিষয়ত কেইবাটাও প্ৰকাশিত প্ৰবন্ধৰ লিখিছে।
-
আমিনা নাজলি
আমিনা বেগম (Amina Nazli, ১৯১৪- ২ ফেব্ৰুৱাৰী ১৯৯৬), তেখেতৰ ছদ্ম নাম আমিনা নাজলিৰ দ্বাৰা অধিক পৰিচিত৷ তেওঁ পাকিস্তানৰ এগৰাকী উৰ্দু ভাষাৰ লেখিকা, সম্পাদিকা আৰু নাৰীবাদী কৰ্মী আছিল। আল্লামা ৰছিদ উল খাইৰীৰ বোৱাৰী, আৰু বিশিষ্ট আইনবিদ হাজিকুল খাইৰীৰ তেওঁ মাতৃ আছিল।
-
আৰফা ছায়েদা জেহৰা
আৰফা ছায়েদা জেহৰা (Arfa Sayeda Zehra) এগৰাকী পাকিস্তানী বিশেষজ্ঞ। বৰ্তমান তেওঁ শিক্ষা আৰু ৰাষ্ট্ৰীয় সমন্বয় বিষয়ৰ প্ৰধানমন্ত্ৰীৰ বিশেষ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ইছৰত আফ্ৰিন
ইছৰত আফ্ৰিন (Ishrat Afreen, জন্ম-২৫ ডিচেম্বৰ ১৯৫৬) এগৰাকী উৰ্দু কবি। তেওঁৰ ৰচনাসমূহ ইংৰাজী, জাপানী, সংস্কৃত আৰু হিন্দীকে ধৰি বহু ভাষালৈ অনুবাদ কৰা হৈছে। গজল গায়ক জগজিৎ সিং আৰু চিত্ৰা সিঙেও তেওঁলোকৰ সংকলন বিয়ণ্ড টাইম (১৯৮৭)ত তেওঁৰ কবিতা পৰিবেশন কৰে।
-
গুলালাই ইছমাইল
গুলালাই ইছমাইল (Gulalai Ismail, জন্ম: ৩০ অক্টোবৰ ১৯৮৬) খাইবাৰ পখতুনখোৱাৰ এগৰাকী পাকিস্তানী মানৱ অধিকাৰ কৰ্মী। তেওঁ এৱেৰ গাৰ্লছৰ অধ্যক্ষ, হিউমেনিষ্ট ইণ্টাৰনেশ্যনেলৰ গ্ল'বেল এম্বেছাদৰ আৰু পাষ্টুন তাহাফুজ মুভমেণ্ট (পিটিএম)ৰ আগশাৰীৰ সদস্য।
-
ছাদিয়া খত্ৰী
ছাদিয়া খত্ৰী (Sadia Khatri) হৈছে কৰাচীত বাস কৰা এগৰাকী পাকিস্তানী লেখিকা, ফটোগ্ৰাফাৰ খত্ৰী Girls at Dhabas-ৰ অন্যতম প্ৰতিষ্ঠাপক।.
-
জাইটুন বানো
জাইটুন বানো (Zaitoon Bano; ১৮ জুন ১৯৩৮ – ১৪ ছেপ্টেম্বৰ ২০২১) এগৰাকী পাকিস্তানী কবি, চুটিগল্প লেখক, ঔপন্যাসিক, সম্প্ৰচাৰক আৰু খাইবাৰ পখতুনখোৱাত নাৰী অধিকাৰৰ সমৰ্থক আছিল। তেওঁ মূলতঃ পাষ্টো আৰু উৰ্দু ভাষাত লিখিছিল।
-
জুবেইদা জালাল
জুবেইদা জালাল খান (Zubaida Jalal) এগৰাকী পাকিস্তানী ৰাজনীতিবিদ, এগৰাকী শিক্ষক, মুক্তিবাদী আৰু সমাজ কৰ্মী যি ২০১৮ চনৰ আগষ্টৰ পৰা ২০২২ চনৰ এপ্ৰিল মাহলৈকে প্ৰতিৰক্ষা উৎপাদন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জেহৰা খান
জেহৰা খান (Zehra Khan) এগৰাকী পাকিস্তানী ট্ৰেড ইউনিয়নবাদী আৰু কৰ্মী। তেওঁ গৃহভিত্তিক মহিলা শ্ৰমিক ফেডাৰেচন (HBWWF)ৰ সাধাৰণ সম্পাদিকা।সিন্ধ নূন্যতম মজুৰি ব’ৰ্ড, সিন্ধ ত্ৰিপাক্ষিক শ্ৰমিক স্থায়ী সমিতি, সিন্ধ বৃত্তিগত আৰু স্বাস্থ্য পৰিষদ, সিন্ধ এইচ বি ডব্লিউ শাসকীয় সংস্থাকে ধৰি বহু ত্ৰিপাক্ষিক…
-
জোহৰা ইউছুফ
জোহৰা ইউছুফ (জন্ম ২ মে' ১৯৫০) এগৰাকী বিজ্ঞাপনৰ পেছাদাৰী, আৰু এগৰাকী সক্ৰিয় সমাজ কৰ্মী৷ তেওঁ এগৰাকী সাংবাদিক যিয়ে মহিলাৰ অধিকাৰ, মানৱ অধিকাৰ আৰু সংবাদ মাধ্যমৰ ক্ষেত্ৰত কৰা কামৰ বাবে প্ৰশংসা লাভ কৰে। জোহৰা পাকিস্তানৰ মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন অধ্যক্ষ।
-
টুবা চৈয়দ
টুবা চৈয়দ (জন্ম ২৯ মে', ১৯৯১) এগৰাকী পাকিস্তানী নাৰীবাদী সংগঠক, লেখিকা আৰু লিংগ গৱেষক। নাৰীবাদী সংগঠন ৱমেন ডেম’ক্ৰেটিক ফ্ৰণ্টৰ তথ্য আৰু প্ৰকাশনৰ সম্পাদিকা
-
তবচ্ছুম আদনান
তবচ্ছুম আদনান (تبسم عدنان; জন্ম ১৯৭৭) স্বাত উপত্যকাৰ এগৰাকী পাকিস্তানী মহিলা অধিকাৰ কৰ্মী। পাকিস্তানী মহিলাসকলৰ ন্যায় বিচৰাৰ প্ৰচেষ্টাৰ বাবে তেওঁ ২০১৫ চনৰ আন্তঃৰাষ্ট্ৰীয় মহিলা সাহস বঁটা লাভ কৰে।
-
তাহিৰা আব্দুল্লা
তাহিৰা আব্দুল্লা (উৰ্দু: طاہرہ عبداللہ, জন্ম: গ, ১৯৫৩-) এগৰাকী পাকিস্তানী মানৱ অধিকাৰ কৰ্মী, মহিলা অধিকাৰ কৰ্মী, সমাজ বিজ্ঞানী আৰু লিংগ সমতাৰ সমৰ্থক। তেওঁৰ ঘৰ ইছলামাবাদত৷ ২০০৯ চনত আব্দুল্লাক স্বতন্ত্ৰ ন্যায়পালিকাৰ পুনৰুদ্ধাৰৰ আন্দোলনত অংশগ্ৰহণ কৰাৰ সময়ত ইছলামবাদত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
-
তাহিৰা মজহৰ আলী
তাহিৰা মাজহাৰ আলী (ইংৰাজী: Tahira Majhar Ali; জন্ম: ৫ জানুৱাৰী ১৯২৪ – ২৩ মাৰ্চ ২০০৫) এগৰাকী পাকিস্তানী মহিলা অধিকাৰ অভিযানকাৰী আৰু এগৰাকী ৰাজনৈতিক কৰ্মী, আৰু বেনজিৰ ভুট্টোৰ গুৰু আছিল৷ তেওঁৰ সন্তানসকলৰ ভিতৰত আছে ব্ৰিটিছ পাকিস্তানী ৰাজনৈতিক কৰ্মী তাৰিক আলী, টাউচিফ হায়াট আৰু অষ্ট্ৰেলিয়াৰ সাংবাদিক…
-
তেহমিনা দুৰানী
তেহমিনা দুৰানী (Tehmina Durrani; জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৫৩) এগৰাকী পাকিস্তানী লেখিকা যি তেওঁৰ বেষ্টচেলাৰ গ্ৰন্থ মাই ফিউডেল লৰ্ডৰ বাবে পৰিচিত৷ তেওঁ এগৰাকী শিল্পী, আৰু এগৰাকী মহিলা আৰু শিশু অধিকাৰ কৰ্মী। ২০২৪ চনৰ মাৰ্চ মাহৰ পৰা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ তেওঁ পত্নী।
-
নদীম কাশিশ
নদীম কাশিশ (Nadeem Kashish) এগৰাকী পাকিস্তানী কিন্নৰ কৰ্মী, ৰাজনীতিবিদ আৰু ৰেডিঅ' শ্ব'ৰ আয়োজক। ২০১৮ চনৰ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত নিৰ্বাচনত অৱতীৰ্ণ হোৱা চাৰিজন কিন্নৰৰ ভিতৰত তেওঁ অন্যতম হৈ পৰিছিল।
-
নাছিম জেহৰা
নাছিম জেহৰা (Nasim Zehra) এগৰাকী পাকিস্তানী সাংবাদিক আৰু লেখক যিয়ে চেনেল ২৪ত প্ৰাইমটাইম কাৰেণ্ট এফেয়াৰ্ছ টকশ্ব' আয়োজন কৰে।
-
নাজমা ছাদিক
নাজমা ছাদিক ( (জন্ম, ১৯৪৩ –মৃত্যু, ৮ জানুৱাৰী ২০১৫) আছিল এগৰাকী বিশিষ্ট পাকিস্তানৰ সাংবাদিক, লেখিকা, মানৱ অধিকাৰ কৰ্মী, শিল্পী, পৰিৱেশবিদ আৰু চিত্ৰশিল্পী। আৰ্থ-সামাজিক বিষয়ৰ ওপৰতো গৱেষণা কৰি অসংখ্য গ্ৰন্থ আৰু প্ৰবন্ধ লিখিছিল।
-
নাদিয়া জামিল
নাদিয়া জামিল (জন্ম: ৩ অক্টোবৰ ১৯৮০), নাদিয়া ফজল জামিল নামেৰেও পৰিচিত) এগৰাকী পাকিস্তানী অভিনেত্ৰী আৰু অনুষ্ঠান-পৰিৱেশক৷ নবৈৰ দশকৰ শেষৰ ফালে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা জামিলে পৰৱৰ্তী সময়ত কেইবাটাও টেলিভিছন প্ৰডাকচনত অভিনয় কৰিছে। টেলিভিছনৰ উপৰিও থিয়েটাৰতো তেওঁ কাম কৰিছে।
-
নিঘাট ছৈয়দ খান
নিঘাট ছাইদ খান (Nighat Said Khan) এগৰাকী পাকিস্তানী নাৰীবাদী কৰ্মী, গৱেষক আৰু লেখিকা। তেওঁ এপ্লাইড ছ’চিয়েল-ইকনমিক ৰিচাৰ্চ (এ এছ আৰ) ৰিচ’ৰ্চ চেণ্টাৰৰ পৰিচালক আৰু প্ৰতিষ্ঠাপক৷ তেওঁ মহিলা একচন ফ’ৰামৰ প্ৰতিষ্ঠাপক সদস্য।
-
নীলা কাদ্ৰী বালোছ
নীলা কাদ্ৰী বালোছ (Naela Quadri Baloch (জন্ম: ১৮ জুলাই, ১৯৬৫ চনত কুৱেটা, বেলুচিস্তান, পাকিস্তান) এগৰাকী বেলুচ ৰাজনীতিবিদ, নাৰী অধিকাৰৰ কৰ্মী, লেখিকা, কবি আৰু বেলুচ কাউম পৰস্তাৰ অধিকাৰৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় বক্তৃতা প্ৰদান কৰা মহিলা।
-
ফাটিমা লোধী
ফাটিমা লোধী (Fatima Lodhi; জন্ম: ২৯ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী পাকিস্তানী সামাজিক কৰ্মী আৰু তেওঁ বৰ্ণবাদৰ বিৰুদ্ধে নিজৰ মত ৰাখি আহিছে৷ তেওঁ "বৈচিত্ৰ্যৰ চেম্পিয়ন" নামেৰে জনাজাত৷
-
ফাৰজানা বাৰী
ফাৰজানা বাৰী (Farzana Bari,জন্ম-৭ মাৰ্চ ১৯৫৭) এগৰাকী পাকিস্তানী নাৰীবাদী, মানৱ অধিকাৰ কৰ্মী আৰু শিক্ষাবিদ যিয়ে ইছলামবাদ পাকিস্তানৰ কোৱাইদ-ই-আজম বিশ্ববিদ্যালয়ৰ লিংগ অধ্যয়ন বিভাগৰ পৰিচালক হিচাপে কাম কৰিছিল।
-
ফৰয়াল গোহৰ
ফৰয়াল গোহৰ (Faryal Gohar, জন্ম: ১৮ ডিচেম্বৰ ১৯৫৯) এগৰাকী পাকিস্তানী অভিনেত্ৰী, টেলিভিছন লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী। উৰাণ, চান্দনী ৰাঁতে, চান্দ গ্ৰেহান, উইছাল আৰু মোহিনী মেনচন কি চিণ্ডেৰেলায়ন আদি চলচ্চিত্ৰত অভিনয় কৰি তেওঁ পৰিচিত।