অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

জোহৰা ইউছুফ

জোহৰা ইউছুফ (জন্ম ২ মে' ১৯৫০) এগৰাকী বিজ্ঞাপনৰ পেছাদাৰী, আৰু এগৰাকী সক্ৰিয় সমাজ কৰ্মী৷ তেওঁ এগৰাকী সাংবাদিক যিয়ে মহিলাৰ অধিকাৰ, মানৱ অধিকাৰ আৰু সংবাদ মাধ্যমৰ ক্ষেত্ৰত কৰা কামৰ বাবে প্ৰশংসা লাভ কৰে। জোহৰা পাকিস্তানৰ মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন অধ্যক্ষ।

হালনাগাদ: ২ মে’ ২০২৬ ১৭০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

জোহৰা ইউছুফ (জন্ম ২ মে' ১৯৫০) এগৰাকী বিজ্ঞাপনৰ পেছাদাৰী, আৰু এগৰাকী সক্ৰিয় সমাজ কৰ্মী১৷ তেওঁ এগৰাকী সাংবাদিক যিয়ে মহিলাৰ অধিকাৰ, মানৱ অধিকাৰ আৰু সংবাদ মাধ্যমৰ ক্ষেত্ৰত কৰা কামৰ বাবে প্ৰশংসা লাভ কৰে।২৩ জোহৰা পাকিস্তানৰ মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন অধ্যক্ষ।

শিক্ষা

জোহৰাই পূব পাকিস্তানৰ (বৰ্তমান বাংলাদেশ) ঢাকাৰ হলি ক্ৰছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৪

কৰ্মজীৱন

স্নাতক হোৱাৰ পিছত জোহৰা ইউছুফে এম এন জে কমিউনিকেচনত এডভাৰটাইজাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। ১৯৭১-১৯৮১ চনলৈকে এম এন জেত কাম কৰিছিল। ১৯৮১ চনৰ জুন মাহত তেওঁ দ্য ষ্টাৰ, (ডন মিডিয়া গ্ৰুপৰ এটা প্ৰকাশন)ৰ ছুটিৰ দিনত আলোচনীৰ সম্পাদিকা হিচাপে যোগদান কৰে। ১৯৮৬ চনত তেওঁ স্পেকট্ৰম কমিউনিকেচন ৱাই এণ্ড আৰত সৃষ্টিশীল পৰিচালক হিচাপে যোগদান কৰে।৪ পিছলৈ ৱাই এণ্ড আৰৰ মুখ্য সৃষ্টিশীল বিষয়া হয়। ইউছুফ ছবছৰ ধৰি এছিয়া পেচিফিক ফ’ৰাম অন ৱমেন, ল এণ্ড ডেভেলপমেণ্টৰ কাউন্সিল মেম্বাৰ আছিল। দক্ষিণ এছিয়া ফ’ৰাম ফৰ হিউমেন ৰাইটছ সংস্থাৰ ব্যুৰো সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰা ইউছুফে সাত বছৰ ধৰি কমনৱেলথ হিউমেন ৰাইটছ ইনিচিয়েটিভৰ ব’ৰ্ডৰ সদস্য আছিল।

১৯৮৮ চনত ইউছুফে পাকিস্তানৰ মানৱ অধিকাৰ আয়োগ (HRCP)ত যোগদান কৰে; যি আন্তৰ্জাতিক মানৱ অধিকাৰ ফেডাৰেচন (FIDH)ৰ এটা অলাভজনক সদস্য সংস্থা।৫ ১৯৯০ চনত পৰিষদৰ সদস্য নিৰ্বাচিত হৈ উপাধ্যক্ষৰ লগতে মহাসচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰে। ২০১১ চনত ইউছুফ এইচ আৰ চি পিৰ অধ্যক্ষ নিৰ্বাচিত হয়। ২০১৩ চনত ইউছুফ এফআইডিএইচৰ উপ-সভাপতি হিচাপেও নিৰ্বাচিত হয়।২০১৪–১৭ চনৰ কাৰ্যকালৰ বাবে তেওঁ পুনৰ এইচআৰচিপিৰ সহ-সভাপতি নিৰ্বাচিত হয়।৬ ইউছুফ এগৰাকী ফ্ৰীলান্স লেখিকাও আৰু সংবাদ মাধ্যম আৰু সংঘাত নিৰাময়, নাৰীবাদ আৰু নাৰী অধিকাৰ আদি বিষয়ৰ বহু কিতাপ, আলোচনী আৰু বাতৰি কাকতত অৱদান আগবঢ়াইছে।

তথ্যসূত্ৰ

  1. ↑ Pakistan and violence against women: Small steps towards rights · Dialogue · thenews.com.pk. www.thenews.com.pk
  2. ↑ Zohra Yousaf. FIDH
  3. ↑ Interview: Zohra Yusuf
  4. ↑ (2019-10-30). Zohra Yusuf. VMLY&R
  5. ↑ (2018-07-20). Silence from judiciary over media attacks increases self-censorship, Pakistan's journalists say. Committee to Protect Journalists
  6. ↑ HRCP. (2011-04-17). Zohra Yusuf new HRCP head. HRCP Blog

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ মহিলা অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোহৰা ইউছুফ” প্ৰবন্ধৰ সংশোধন ৬০৪০৫৬ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।