অমৰ সিন্ধু নামেৰে বেছি পৰিচিত ছালমা লাগহৰী (জন্ম ২৮ আগষ্ট ১৯৬৮) এগৰাকী পাকিস্তানী লেখিকা, কবি, কৰ্মী আৰু শিক্ষাবিদ।.
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
সিন্ধুৰ প্ৰকৃত নাম ছালমা লাগহৰী। ১৯৬৮ চনৰ ২৮ আগষ্টত হুছেইন বুখছ লঘৰীৰ ঘৰত পাকিস্তানৰ সিন্ধৰ মিৰপুৰ খাছ জিলাৰ ডোডো লঘৰী গাঁৱত তেওঁ জন্মগ্ৰহণ কৰে।১ তেওঁ দুটা স্নাতকোত্তৰ ডিগ্ৰী আৰু এল এল বি ডিগ্ৰী লাভ কৰিছে।
কৰ্মজীৱন
সিন্ধু সিন্ধ বিশ্ববিদ্যালয় জামশোৰোৰ দৰ্শনৰ সহকাৰী অধ্যাপক।২ তেওঁ এগৰাকী সিন্ধী ভাষাৰ কবিও।.৩৪৫
সক্ৰিয়তা
মানৱ অধিকাৰ৬ আৰু নাগৰিক সমাজৰ কৰ্মী হিচাপে সিন্ধুৱে সংখ্যালঘুৰ অধিকাৰ৭৮ মহিলা, হিংসা,৯কে ধৰি কেইবাটাও বিষয়ৰ সৈতে জড়িত হৈ আছে৷ তেওঁ তথ্য বিচাৰি উলিওৱা দলৰ অংশও আছিল।১০এগৰাকী সমাজবাদী নাৰীবাদী আৰু মহিলা অধিকাৰ কৰ্মী হিচাপে তেওঁ মহিলা কাৰ্য্য মঞ্চৰ সক্ৰিয়, প্ৰতিষ্ঠাপক আৰু আগশাৰীৰ সদস্য।১১১২১৩১৪১৫১৬২০১২ চনত কৰাচীলৈ যোৱাৰ সময়ত গুলী লাগি তেওঁ সামান্য আঘাতপ্ৰাপ্ত হয়১৭৷ সিন্ধুৱে ২০২০ চনৰ নাৰী দিৱসত সময়ত ২০২০ চনৰ ৮ মাৰ্চত চুক্কুৰত অনুষ্ঠিত হোৱা "আউৰাত আজাদী মাৰ্চ" (মহিলা স্বাধীনতা মাৰ্চ)ৰ নেতৃত্ব দিয়ে।১৮ সিন্ধুৱে আৰফানা মাল্লাহৰ সৈতে ২০০৮ চনত হায়দৰাবাদত মহিলা কাৰ্য্য মঞ্চৰ অধ্যায় আৰম্ভ কৰে।১৯২০২১সিন্ধুৱে কৰাচীত ছাবীন মাহমুদৰ টি টু এফৰ পৰা অনুপ্ৰাণিত হৈছিল২২, আৰু তেওঁ হাছিন শ্বাহ আৰু আৰ্ফানা মালাহৰ সৈতে মিলি সিন্ধ সংগ্ৰহালয়ত "খানাবাদ ৰাইটাৰ্ছ কেফে"২৩আৰম্ভ কৰিছিল যাতে হায়দৰাবাদ আৰু সিন্ধৰ অন্যান্য অঞ্চলৰ বুদ্ধিজীৱী আৰু সৃষ্টিশীল লোকসকলে বৌদ্ধিক আলোচনাত লিপ্ত হ'ব পৰাকৈ এটা স্থান প্ৰদান কৰে।২৪ ২০১৫ চনত তেওঁ সিন্ধী কবি শ্বেইখ আয়াজৰ (১৯২৩–১৯৯৭) জীৱন উদযাপনৰ বাবে "আয়াজ উৎসৱ"ৰ আয়োজন কৰে। ২৫শ্ৰদ্ধাঞ্জলি জনোৱাসকলৰ ভিতৰত আছিল প্ৰবীণ ৰাজনীতিবিদ ৰাছুল বাক্স পালিজো আৰু লেখক নূৰুল হুদা শ্বাহ।২৬ ২০১৫ চনত কেফেত কবি আৰু সাংবাদিক হাছান মুজতাবাক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আয়োজন কৰা হয়।২৭
তথ্যসূত্ৰ
- ↑ امر سنڌو: (Sindhianaسنڌيانا). www.encyclopediasindhiana.org
- ↑ Correspondent, The Newspaper's Staff. (11 July 2012). Attack on SU teachers condemned. DAWN.COM
- ↑ Salman, Peerzada. (1 November 2020). ‘Pakistan has a diverse culture’. DAWN.COM
- ↑ Correspondent, The Newspaper's Staff. (2 February 2015). Corners for three notables opened at Sindhology. DAWN.COM
- ↑ InpaperMagazine, From. (5 February 2012). POETRY: A dream odyssey. DAWN.COM
- ↑ Correspondent, The Newspaper's Staff. (11 February 2019). Heroic struggle of Asma Jehangir eulogised. DAWN.COM
- ↑ Correspondent, The Newspaper's Staff. (18 August 2012). Hindus advised not to migrate. DAWN.COM
- ↑ Report, Bureau. (2011-11-14). ‘Unholy alliance’ blamed for killing of three Hindus. DAWN.COM
- ↑ Reporter, The Newspaper's Staff. (12 July 2012). Demand for probe into attack on SU teachers. DAWN.COM
- ↑ Correspondent, The Newspaper's Staff. (15 July 2020). Activists say FIR of Jamshoro woman’s death ‘flawed’. DAWN.COM
- ↑ (21 October 2014). The 'peace' prize: ‘Malala, Satyarthi’s share of award might help ease Indo-Pak tensions’. The Express Tribune
- ↑ Correspondent, The Newspaper's Staff. (9 March 2019). Women’s quota in police jobs to be doubled, says Sindh IG. DAWN.COM
- ↑ Correspondent, The Newspaper's. (20 August 2014). Call for effective implementation of women protection laws. DAWN.COM
- ↑ (16 February 2016). Two women's struggle. Daily Times
- ↑ (1 January 2014). Success story: How a news story won a gang-rape victim justice. The Express Tribune
- ↑ (11 September 2013). Of three Thari women, revenge and a cell phone. The Express Tribune
- ↑ Reporter, A. (9 March 2020). Defiance in the air as women stage Azadi March in Sukkur. DAWN.COM
- ↑ Correspondent, The Newspaper's Staff. (10 July 2012). Amar Sindhu injured in attack. DAWN.COM
- ↑ (7 April 2008). HYDERABAD: WAF chapter. DAWN.COM
- ↑ (25 February 2009). Women decide to fight back. DAWN.COM
- ↑ ‘Stoking of ethnic tensions’ by govt condemned. www.thenews.com.pk
- ↑ Inam, Moniza. (2017-09-24). SOCIETY: GATHERING THE CREATIVE NOMADS. DAWN.COM
- ↑ Newspaper, the. (25 October 2017). Khanabadosh Café. DAWN.COM
- ↑ Abbasi, Reema. (21 July 2015). Footprints: Khanabadosh: A home for the thought. DAWN.COM
- ↑ (2015-12-26). Peerless Sindhi poet Shaikh Ayaz comes back to life at week-long festival. The Express Tribune
- ↑ Correspondent, The Newspaper's Staff. (2017-12-21). ‘Shaikh Ayaz laid foundation of modern Sindh’. DAWN.COM
- ↑ Correspondent, The Newspaper's Staff. (2015-06-18). Literati pay tribute to Hassan Mujtaba. DAWN.COM
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৰ সিন্ধু” প্ৰবন্ধৰ সংশোধন ৬১৭৬৫০ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।