ডিব্ৰুগড় জিলা
৪২ প্ৰবন্ধ
-
টেঙাখাত
টেঙাখাত (Tengakhat) অসমৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত এখন অন্যতম ঠাই বা মহকুমা।যি ডিব্ৰুগড় জিলাৰ পূব দিশে অৱস্থিত।
-
টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়
টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় (Tengakhat Higher Secondary School) হৈছে অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাত অঞ্চলৰ চুঙি-লেংৰাই গাঁৱত অৱস্থিত এটা চৰকাৰী সহশিক্ষামূলক বিদ্যালয় লগতে অঞ্চলটোৰ সৰ্ববৃহৎ তথা অন্যতম বিদ্যালয়।
-
ডিব্ৰুগড় টাউন ৰেল ষ্টেচন
ডিব্ৰুগড় টাউন ৰেল ষ্টেচন (Dibrugarh Town railway station) ডিব্ৰুগড় জিলাৰ এটা প্ৰধান ষ্টেচন। ১৮৮১ চনত নিৰ্মাণ আৰম্ভ হোৱা ডিব্ৰু-শদিয়া ৰেলৱেৰ অন্তৰ্গত এই ষ্টেচনটো ১৯৮৩ চনত মুকলি কৰা হৈছিল। সেই বছৰৰ ১৬ জুলাইত ডিব্ৰুমুখৰ পৰা মাকুমলৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা ৪০ মাইল পথত ৰেলৰ চলাচল আৰম্ভ হয়।
-
ডিব্ৰুগড় পলিটেকনিক
ডিব্ৰুগড় পলিটেকনিক অসমৰ ডিব্ৰুগড় জিলাৰ লাহোৱালত অৱস্থিত এখনি প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান। অসম চৰকাৰে ১৯৬৫ চনত এই প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল। এইখন প্ৰতিষ্ঠান ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদ, অসমৰ অন্তৰ্ভুক্ত। ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদ অসম প্ৰযুক্তি শিক্ষা সঞ্চালকালয়ে পৰিচালনা কৰে।
-
ডিএনপি লিমিটেড
ডিএনপি লিমিটেড (DNP Limited) অসম চৰকাৰৰ এক ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ। অসম গেছ কোম্পানী লিমিটেড, নুমলীগড় তেল শোধনাগাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য অংশীদাৰীত্বৰে গঠিত ডিএনপি লিমিটেড ২০০৭ চনৰ ১৫ জুন তাৰিখে স্থাপন কৰা হৈছিল।
-
ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়
ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয় অসমৰ ডিব্ৰুগড় চহৰৰ মাজমজিয়াত অৱস্থিত এখনি বাণিজ্য মহাবিদ্যালয়। ১৯৬০ চনত স্থাপিত হোৱা এইখন মহাবিদ্যালয় উত্তৰ-পূব ভাৰতৰ প্ৰথমখন পূৰ্ণাংগ বাণিজ্য মহাবিদ্যালয়।
-
দিনজান
দিনজান (বা দিনজয় গাঁও) ডিব্ৰুগড় জিলাৰ এখন সৰু চহৰ। ই অসমৰ চাহ উৎপাদনকাৰী অঞ্চলত অৱস্থিত। তিনিচুকীয়া দিনজানৰ আটাইতকৈ ওচৰৰ চহৰ। দ্বিতীয় বিশ্বযুদ্ধত দিনজান বিমানঘাটৰ পৰা CNAC ৰ C-47 উৰা মাৰি জাপানৰ বিৰুদ্ধে চীনৰ কুনমিংলৈ বিভিন্ন ৰচদ-পাতি লৈ গৈছিল।
-
দুলীয়াজান ক্লাব
দুলীয়াজান ক্লাব দুলীয়াজানৰ মাজমজিয়াত অৱস্থিত এটা অনুষ্ঠান। অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত কৰ্মচাৰীসকলে পেচাগত চিন্তাধাৰাৰ পৰা নিজকে নিলগাই ৰাখি মনোৰঞ্জনৰ বাবে আৰু তেখেতসকলৰ পৰিয়ালৰ সদস্যসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ হেতুকে এক উমৈহতীয়া অনুষ্ঠানৰ প্ৰয়োজন আছিল আৰু তাৰেই ফলশ্ৰুতিত…
-
নামফাকে
নামফাকে অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ ওচৰত অৱস্থিত এখন গাঁও। গাঁওখন টাই ফাকে জনগোষ্ঠীৰ অন্যতম প্ৰধান বসতি আৰু অসমৰ টাই ফাকে সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ। বুঢ়ীদিহিং নদীৰ পাৰত অৱস্থিত এই গাঁওখন ইয়াৰ ভাষা, বৌদ্ধ ধৰ্ম, পৰম্পৰাগত জীৱনধাৰা, উৎসৱ আৰু স্থাপত্যৰ বাবে পৰিচিত।
-
ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড
ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ বিচিপিএল ভাৰতৰ অসমত ডিব্ৰুগড় জিলাৰ লেপেটকটাত অৱস্থিত এক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ঐতিহাসিক অসম চুক্তি অসম গেছ ক্ৰেকাৰ প্ৰকল্প হিচাপে অন্তৰ্ভুক্ত থকা বিচিপিএল নিৰ্মাণৰ কাৰ্য ২০০৭ চনৰ ৯ এপ্ৰিলত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে আৰম্ভ কৰিছিল আৰু ইয়াক…
-
ব্ৰহ্মপুত্ৰ মহোৎসৱ
ব্ৰহ্মপুত্ৰ মহোৎসৱ ভাৰতৰ অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়াত প্ৰতি বছৰে অনুষ্ঠিত হোৱা এক উৎসৱ। এই উৎসৱত অঞ্চলটোৰ সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা হয়, সংগীত, প্ৰতিভা প্ৰদৰ্শন, আৰু প্ৰদৰ্শনীৰ জৰিয়তে।
-
শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়
শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় ডিব্ৰুগড় জিলাৰ চাবুৱাত অৱস্থিত এখন ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০১৮ চনৰ ছেপ্টেম্বৰত গৃহীত কৰা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় বিধেয়ক, ২০১৮ৰ অধীনত স্থাপন কৰিছে।