চীনা মহিলা কবি
৪২ প্ৰবন্ধ
-
উ জেতিয়ান
উ ঝাও, যাক সাধাৰণতে উ জেতিয়ান(Wu Zetian) (১৭ ফেব্ৰুৱাৰী ৬২৪ – ১৬ ডিচেম্বৰ ৭০৫), বা উ হৌ, আৰু পিছত টাং ৰাজবংশৰ সময়ত তিয়ান হাউ হিচাপে, টাং ৰাজবংশৰ কাৰ্যত শাসক আছিল।
-
ইয়াং ৱান
ইয়াং ৱান (প্ৰায় ১৬০২–১৬৪৪; সৰলীকৃত চীনা: 杨宛; পৰম্পৰাগত চীনা: 楊宛; পিনয়ন: Yáng Wǎn, সৌজন্যমূলক নাম: Wǎnshū 宛叔), মিং ৰাজবংশৰ শেষ সময়ত নানজিং চহৰৰ চিনহুৱাই বিনোদন অঞ্চলৰ এজন বিখ্যাত কৰ্টেছান (গণিকা) কবি আছিল।
-
উন চিঅ’ চান
উন চিঅ’ চান মাকাউৰ এগৰাকী চীনা কবি আৰু লেখিকা। তেওঁৰ কবিতাৰ ছয়খন সংকলন প্ৰকাশ পাইছে। তেওঁৰ সাহিত্যিক কৰ্মৰাজিয়ে চীনৰ উদ্বোধনী 'নিউ ষ্টাৰ–পিপলছ লিটাৰেচাৰ প্ৰাইজ ফৰ পয়েট্ৰি' আৰু 'হেনৰী লুচ ফাউণ্ডেচন চাইনীজ পয়েট্ৰি ফেল’শ্বিপ'সহ কেইবাটাও সন্মান লাভ কৰিছে।
-
গু টাইচিং
গু টাইচিং (ইংৰাজী: Gu Taiqing; ১৭৯৯ – ১৮৭৭) চিং ৰাজবংশৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ মহিলা কবি আছিল। তেওঁ বিশেষকৈ তেওঁৰ চি কবিতা আৰু হংলৌ মেং (ৰঙা কোঠাৰ সপোন) উপন্যাসখনৰ পৰৱৰ্তী খণ্ডটোৰ বাবে জনাজাত। ১৮৭৭ চনত প্ৰকাশিত এই উপন্যাসখন এগৰাকী মহিলাৰ দ্বাৰা লিখিত প্ৰথমখন অৱশিষ্ট চীনা উপন্যাস।
-
গু হেংব'
গু মেই (ইংৰাজী: Gu Mei; ১৬১৯–১৬৬৪) এগৰাকী চীনা গেজী (Gējì), কবি আৰু চিত্ৰশিল্পী আছিল। তেওঁ নিজৰ শৈল্পিক নাম গু হেংব হিচাপে অধিক পৰিচিত আছিল। বিবাহৰ পিছত তেওঁ জু শানচি আৰু জু ঝিজু নামেৰেও জনাজাত হৈছিল।
-
চং ৰুঅ’ক্সিয়ান
চং ৰুঅ’ক্সিয়ান (ইংৰাজী: Song Ruoxian; জন্ম: ৭৭২ – ৮৩৫) চীনৰ টাং ৰাজবংশৰ এগৰাকী প্ৰখ্যাত কনফুচিয়াছ পণ্ডিত আৰু কবি আছিল। তেওঁ পাঁচগৰাকী ভগ্নীৰ ভিতৰত তৃতীয়গৰাকী আছিল, যিসকল আটাইকেইগৰাকীয়েই নিজৰ পাণ্ডিত্যৰ বাবে ৰাজকীয় দৰবাৰত চৰকাৰী কবি হিচাপে নিযুক্তি লাভ কৰিছিল।
-
চিয়াও গুৱানয়িন
চিয়াও গুৱানয়িন (ইংৰাজী: Xiao Guanyin; চীনা: 蕭觀音; ১০৪০ – ১৩ ডিচেম্বৰ ১০৭৫) আছিল চীনৰ লিয়াও বংশৰ এগৰাকী সম্ৰাজ্ঞী কনচৰ্ট। ১০৫৫ চনৰ পৰা ১০৭৫ চনলৈকে তেওঁৰ কাৰ্যকালত তেওঁক ইদে সম্ৰাজ্ঞী আৰু মৃত্যুৰ পিছত চুয়ানি সম্ৰাজ্ঞী হিচাপে জনা গৈছিল।
-
চেন দুয়ানশ্বেং
চেন দুয়ানশ্বেং (ইংৰাজী: Chen Duansheng; জন্ম: ১৭৫১–১৭৯৬) এগৰাকী চীনা কবি আৰু তানচি ঔপন্যাসিকা আছিল। তেওঁ আটাইতকৈ বিখ্যাত তানচিসমূহৰ ভিতৰত অন্যতম জাইশ্বেংইউয়ান (অসমীয়া অৰ্থ: যুগ যুগান্তৰৰ প্ৰেমিক) নামৰ গ্ৰন্থখনৰ লেখিকা।
-
চেন শ্বানবাও
চেন শ্বানবাও (ইংৰাজী: Shen Shanbao; চীনা: 沈善宝; ১৮০৮–১৮৬২), যাৰ সৌজন্য নাম চিয়াংপেই আৰু শৈল্পিক নাম চিহু চানৰেন, আছিল চিং ৰাজবংশৰ সময়ৰ এগৰাকী চীনা কবি আৰু লেখিকা। তেওঁ মিংইয়ুয়ান শ্বিহুয়াৰ ৰচয়িতা, যিখন গ্ৰন্থত তেওঁক অন্তৰ্ভুক্ত কৰি চিং বংশৰ ৫০০ গৰাকী মহিলা কবিৰ জীৱনীমূলক সমল পোৱা যায়।
-
ছিষ্টাৰ ফেং
লুঅ' ইউফেং (জন্ম: ২৩ ছেপ্টেম্বৰ, ১৯৮৫) এগৰাকী চীনা ইণ্টাৰনেট চেলিব্ৰিটি, যিগৰাকী ছিষ্টাৰ ফেং (অৰ্থাৎ ভগ্নী ফিনিক্স) নামেৰে অধিক জনপ্ৰিয়। তেওঁৰ জন্ম চীনৰ চংকিংৰ কিজিয়াং জিলাত হৈছিল। তেওঁ নিউয়ৰ্কৰ কুইন্স কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে।
-
ছুয়ে টাও
ছুয়ে টাও (ইংৰাজী: Xue Tao; চীনা: 薛濤; প্ৰায় ৭৭০–৮৩২), যাৰ সৌজন্য নাম আছিল হংডু, টাং ৰাজবংশৰ সময়ৰ এগৰাকী গণিকা আৰু কবি আছিল। তেওঁক ইউ চুয়ানজি, লি ইয়ে আৰু লিউ চাইচুনৰ সৈতে "টাং ৰাজবংশৰ চাৰিজনীয়া মহান মহিলা কবি"ৰ এগৰাকী হিচাপে গণ্য কৰা হয়।
-
জুও ফেন
জুও ফেন (চীনা: 左芬, আন ৰূপত "左棻"); ২৫৫ – ২৩ এপ্ৰিল ৩০০), সৌজন্য নাম লানঝি (兰芝), আছিল পশ্চিম জিন ৰাজবংশৰ এগৰাকী উল্লেখযোগ্য চীনা কবি। তেওঁ আছিল জিনৰ সম্ৰাট উৰ দাম্পত্য সংগী।
-
ঝাং আৰ
ঝাং আৰ (ইংৰাজী: Zhang Er; জন্ম: ১৯৬০) এগৰাকী চীনা আৰু আমেৰিকান কবি, অনুবাদক আৰু অপেৰা লিবেট্ৰিষ্ট। তেওঁৰ আচল নাম হৈছে মিংজিয়া লি। চীনৰ বেইজিঙত জন্মগ্ৰহণ কৰা ঝাঙে তাত এগৰাকী চিকিৎসক হিচাপে প্ৰশিক্ষণ লাভ কৰিছিল যদিও ১৯৮৬ চনৰপৰা তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰি আহিছে।
-
ঝাং হাও
ঝাং হাও (ইংৰাজী: Zhang Hao; জন্ম: ১৬৪৪ – ১৬৬৯), যাৰ শৈলীগত নাম বা ছদ্মনাম আছিল চায়ুন (Chayun), চীনৰ চিং ৰাজবংশৰ এগৰাকী কবি আৰু কল্পকথাৰ লেখিকা আছিল। তেওঁ হাংঝৌৰ বিখ্যাত সাহিত্যিক গোট বানানা গাৰ্ডেন পয়েট্ৰি ক্লাবৰ এগৰাকী সদস্য আছিল।
-
ঝাও লুয়ানলুয়ান
ঝাও লুয়ানলুয়ান (ইংৰাজী: Zhao Luanluan), সৌজন্য নাম ৱেন্যুয়ান (Wenyuan), এগৰাকী চীনা কবি আছিল যি ঝিজুৱেং শাসনকালত (১৩৪১–১৩৬৭) বাস কৰিছিল। এই সময়ছোৱা আছিল ইউয়ান ৰাজবংশৰ শেষৰ ফালৰ এক বিশৃংখল সময়।
-
ঝুঅ’ ৱেনজুন
ঝুঅ’ ৱেনজুন (ইংৰাজী: Zhuo Wenjun; জন্ম: ১৭৫ খ্ৰীষ্টপূৰ্ব – ১২১ খ্ৰীষ্টপূৰ্ব) পশ্চিমীয়া হান ৰাজবংশৰ এগৰাকী চীনা কবি আছিল। তেওঁৰ আটাইতকৈ জনপ্ৰিয় ৰচনাসমূহৰ ভিতৰত আছে বাই তৌ ইন (বাৰ্ধক্যৰ বিষয়ে গীত), জুয়েবি শ্বু (বিদায় পত্ৰ) আৰু ইউয়ানলাং শ্বি (স্বামীক দোষাৰোপ কৰা কবিতা), যদিও কিছুমান পণ্ডিতে…
-
ঝেং ইউনডুয়ান
ঝেং ইউনডুয়ান (ইংৰাজী: Zheng Yunduan; জন্ম: প্ৰায় ১৩২৭ – ১৩৫৬) ইউয়ান ৰাজবংশৰ এগৰাকী প্ৰখ্যাত চীনা কবি আছিল, যাৰ শৈলীগত নাম বা ছদ্মনাম আছিল ঝেংছু। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে তেওঁক সেই সময়ৰ এগৰাকী গুৰুত্বপূৰ্ণ মহিলা কবি হিচাপে গণ্য কৰা হয়।
-
ঝেং মিন
ঝেং মিন (ইংৰাজী: Zheng Min; জন্ম: ১৮ জুলাই ১৯২০ – ৩ জানুৱাৰী ২০২২) এগৰাকী চীনৰ বিদগ্ধ পণ্ডিত আৰু আধুনিকতাবাদী কবি আছিল।
-
টাং ডানহং
টাং ডানহং (চীনা: 唐丹鸿; জন্ম ১৯৬৫) এগৰাকী চীনা কবি আৰু স্বতন্ত্ৰ তথ্যচিত্ৰ চলচ্চিত্ৰ পৰিচালক। তেওঁ চীনৰ সংখ্যালঘু জনগোষ্ঠীৰ জীৱন, বিশেষকৈ তিব্বতী আৰু উইঘুৰ সমাজ-সংস্কৃতি আৰু ৰাজনৈতিক বাস্তৱতা বিষয়ক চলচ্চিত্ৰ নিৰ্মাণৰ বাবে পৰিচিত। ২০০৫ চনৰ পৰা তেওঁ ইজৰাইলত বসবাস কৰি আহিছে।
-
টাই নিং
টাই নিং (Tie Ning; জন্ম: ছেপ্টেম্বৰ ১৯৫৭) এগৰাকী চীনা গল্পকাৰ আৰু ঔপন্যাসিক। তেওঁ বেইজিঙত থাকে। ২০০৬ চনৰপৰা তেওঁ চীন ৰাইটাৰ্ছ এছ’চিয়েচনৰ সভাপতি আৰু চীনা কমিউনিষ্ট পাৰ্টিৰ ১৮ তম কেন্দ্ৰীয় সমিতিৰ সদস্য।
-
ডাচেন মিউ অৱ ঝু
ডাচেন মিউ অৱ ঝু (ইংৰাজী: Duchess Mu of Xu; সক্ৰিয়: খ্ৰীষ্টপূৰ্ব সপ্তম শতিকা) ৱেই ৰাজ্যৰ এগৰাকী ৰাজকুমাৰী আছিল, যিয়ে ঝু ৰাজ্যৰ শাসক ড্যুক মিউৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ চীনা ইতিহাসৰ প্ৰথমগৰাকী নথিভুক্ত মহিলা কবি আছিল।
-
নিউ ইংজেন
নিউ ইংজেন (সৰলীকৃত চীনা: 牛应贞; পৰম্পৰাগত চীনা: 牛應貞; পিনয়ন: Niú Yīngzhēn) আছিল সাম্ৰাজ্যিক চীনৰ এজন কবি, যি অষ্টম শতিকাৰ সময়ছোৱাত বাস কৰিছিল। দাবী কৰা হৈছিল যে নিউৱে নিজৰ সপোনৰ ভিতৰতে বিভিন্ন গ্ৰন্থ শিকিবলৈ সক্ষম হৈছিল।
-
ফাং ফাং
ফাং ফাং (: Fang Fang, চীনা: 方方), ৱাং ফাং (汪芳; জন্ম ১১ মে' ১৯৫৫ )ৰ লিখিত নাম, তেওঁ এগৰাকী চীনা লেখিকা, যি বিশেষকৈ কৰ্মজীৱী দৰিদ্ৰ লোকসকলৰ জীৱনক সাহিত্যিক ৰূপত চিত্ৰিত কৰাৰ বাবে পৰিচিত। ২০১০ চনত লু জুন সাহিত্য বঁটা লাভ কৰিছিল।ফাংৰ জন্মগ্ৰহণ নানজিংত হৈছিল।
-
ফাং ৱানয়ি
ফাং ৱানয়ি (ইংৰাজী: Fang Wanyi; ১৭৩২ – ১৭৭৯) এগৰাকী চীনা কবি আৰু চিত্ৰশিল্পী আছিল। ১৭৫২ চনত তেওঁ চিত্ৰশিল্পী লুঅ' পিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু স্বামীৰ সৈতে যুটীয়াভাৱে তথা স্বতন্ত্ৰভাৱেও কেইবাখনো ছবি অংকন কৰে।
-
য়াং লিং-ফু
য়াং লিং-ফু (ইংৰাজী: Yang Ling-fu; জন্ম: ১৬ ডিচেম্বৰ, ১৮৮৯ – ৪ ছেপ্টেম্বৰ, ১৯৭৮) এগৰাকী চীনা শিল্পী আছিল।
-
য়ুন ঝু
য়ুন ঝু (ইংৰাজী: Yun Zhu; জন্ম: ২৯ জুলাই ১৭১১ – ১ জুন ১৮৩৩), যাক ৱাংলান য়ুন ঝু বা 'লেটাচ লেকৰ পাৰ্গত' (Adept of the Lotus Lake) বুলিও জনা যায়, চীনৰ চিং ৰাজবংশৰ এগৰাকী প্ৰখ্যাত কবি, চিত্ৰশিল্পী আৰু নৈতিকতাবাদী আছিল। তেওঁ শ শ মহিলাই লিখা হাজাৰ হাজাৰ কবিতা সংগ্ৰহ কৰি একত্ৰিত কৰিছিল।
-
য়ে চিঅ’লুয়ান
য়ে চিঅ’লুয়ান (ইংৰাজী: Ye Xiaoluan; জন্ম: ১৬১৬ – ১৬৩২) চীনৰ মিং ৰাজবংশৰ এগৰাকী অত্যন্ত প্ৰতিভাশালী কিশোৰী কবি আছিল। তেওঁৰ জন্ম চীনৰ জিয়াংচু প্ৰদেশৰ ৱুজিয়াং কাউণ্টিৰ ফেন হ্ৰদৰ ওচৰত হৈছিল।
-
লি পিংক্সিয়াং
লি পিংক্সিয়াং (ইংৰাজী: Li Pingxiang; চীনা: 李苹香; জন্ম: ১৮৮০) এগৰাকী চীনা কবি, চিত্ৰশিল্পী আৰু 'গেজি' (Gējì; 歌妓) আছিল। তেওঁ চিং ৰাজবংশৰ শেষৰ ফালৰ আৰু চীন গণৰাজ্যৰ আৰম্ভণিৰ এগৰাকী প্ৰভাৱশালী মহিলা আছিল। তেওঁৰ আচল নাম আছিল হুয়াং ঝেন (Huang Zhen; 黄箴)।
-
লি য়ে
লি য়ে (ইংৰাজী: Li Ye; মৃত্যু ৭৮৪), তেওঁৰ সন্মানীয় নাম লি জিলান বুলিও জনাজাত, টাং বংশৰ শাসনকালৰ এগৰাকী চীনা সংগীতজ্ঞ, সন্ন্যাসিনী আৰু কবি আছিল। তেওঁ নিজৰ কাব্যিক প্ৰতিভাৰ লগতে সৌন্দৰ্যৰ বাবেও পৰিচিত আছিল।
-
লিউ কিংয়ুন
লিউ কিংয়ুন (চীনা: 刘清韵; পিনয়ন: Liú Qīngyùn; প্ৰায় ১৮৪১ – প্ৰায় ১৯০০; সৌজন্যত নাম গুচিয়াং) এগৰাকী চীনা নাট্যকাৰ আৰু কবি। তেওঁক "ঊনবিংশ শতিকাৰ আটাইতকৈ উৎকৃষ্ট মহিলা নাট্যকাৰ" বুলি অভিহিত কৰা হৈছে।