ঝাং আৰ (ইংৰাজী ভাষা: Zhang Er; জন্ম: ১৯৬০) এগৰাকী চীনা ভাষা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰন কবি, অনুবাদক আৰু অপেৰা লিবেট্ৰিষ্ট। তেওঁৰ আচল নাম হৈছে মিংজিয়া লি। চীনৰ বেইজিঙত জন্মগ্ৰহণ কৰা ঝাঙে তাত এগৰাকী চিকিৎসক হিচাপে প্ৰশিক্ষণ লাভ কৰিছিল যদিও ১৯৮৬ চনৰপৰা তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰি আহিছে।১ তেওঁ ১৯৯২ চনত কৰ্নেল বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰপৰা মলিকুলাৰ ফাৰ্মাকোল’জীত পিএইচডি ডিগ্ৰী লাভ কৰে। সেই সময়তে তেওঁ নিউয়ৰ্কৰ কাব্য জগতৰ সৈতে গভীৰভাৱে জড়িত হৈ পৰে আৰু তাত কবিতা লিখাৰ লগতে দ্বিভাষিক কাব্য পাঠৰ অনুষ্ঠান আয়োজন কৰা আৰু সাহিত্য আলোচনী সম্পাদনা কৰাৰ কামত ব্ৰতী হয়।২ বৰ্তমান তেওঁ ৱাশ্বিংটনৰ অলিম্পিয়াৰ দ্য এভাৰগ্ৰীণ ষ্টেট কলেজত অধ্যাপনা কৰে আৰু সাহিত্য চৰ্চা অব্যাহত ৰাখিছে।৩
আদৰণি
ঝাং আৰৰ ৰচনাসমূহ চীন, টাইৱান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন অনলাইন আৰু ছপা মাধ্যমত প্ৰকাশ পাইছে।৪ তেওঁৰ ২০০৪ চনৰ কাব্যগ্ৰন্থ ভাৰ্চেজ অন বাৰ্ডৰ সন্দৰ্ভত চীনা-আমেৰিকান কবি বেই দাওৱে লিখিছিল যে, "ঝাং আৰৰ কবিতাই আমাক আন এক পৃথিৱীলৈ লৈ যায়, য’ৰপৰা আমি আমাৰ পৃথিৱীখনক এক পক্ষীৰ দৃষ্টিৰে চাব পাৰোঁ। তেওঁৰ কবিতাৰ বাগ্মীতাই আমাৰ সময়ৰ এক বিতৰ্কিত কণ্ঠস্বৰক প্ৰতিনিধিত্ব কৰে।" ৫ ২০০৯ চনত প্ৰকাশিত এটা প্ৰবন্ধত অনুবাদক আৰু পণ্ডিত ঝাং জিছিঙে ঝাং আৰক এজন উজ্জ্বল দ্বিভাষিক অনুবাদক হিচাপে অভিহিত কৰে, যিয়ে আমেৰিকান আৰু চীনা কবিতাক পৰস্পৰৰ দেশত চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিছে। আমেৰিকান কবিসকলৰ তেওঁ কৰা অনুবাদসমূহ বেইজিঙৰ আগশাৰীৰ কাব্য আলোচনীত প্ৰকাশ পাইছিল।৬
২০১০ চনৰপৰা ঝাং আৰে অপেৰাৰ বাবে লিপি (লিবেট্ৰ') লিখিবলৈ আৰম্ভ কৰে। মাৰ্টিন বেলেনৰ সহযোগত তেওঁ লিখা মুন ইন দ্য মিৰৰ অপেৰাখন কুইন্স আৰু ক্লিভলেণ্ড ষ্টেট ইউনিভাৰ্চিটিত মঞ্চস্থ হৈছে।৭ তেওঁৰ আন এখন অপেৰা চাই ইয়ান ২০১৬ চনত পেচিফিক লুথাৰন বিশ্ববিদ্যালয়ত প্ৰদৰ্শিত হৈছিল।৮ ঝাং আৰৰ ২০২৩ চনত মুক্তি পোৱা অপেৰা টেকোমা মেথডত ১৮৮৫ চনত টেকোমা চহৰৰপৰা চীনা বাসিন্দাৰ বহিষ্কাৰৰ ঐতিহাসিক ঘটনাক চিত্ৰিত কৰা হৈছে।৯
নিৰ্বাচিত গ্ৰন্থপঞ্জী
চীনা ভাষাৰ কাব্যগ্ৰন্থ
- মে ইৰেন কান জিয়ান নি কান জিয়ান দি জিংঝি (Seen, Unseen; চিংহাই পাব্লিছিং হাউচ, ১৯৯৯)
- ছুই জি (Water Words; নিউ ৱৰ্ল্ড পয়েট্ৰি প্ৰেছ, ২০০২)
- শ্বান ইউয়ান (Because of Mountain; টনচান পাব্লিছাৰ্ছ, ২০০৫)
- হুয়াং চেংগেন-ই লিউ মেন (Yellow Walls: A String of Doors; ফাৰ্ষ্ট লাইন প্ৰেছ, ২০১০)
- ঝে হাই বু জাওচেন (Un-Dawn; টাইৱান, ২০১৫)
- লি নি জুই জিন (Closest to You; টাইৱান, ২০১৭)
- হাই তিয়াও ছি, জিদান ৱানঝুয়ান (Sea Jumps, Bullets Twirl; টাইৱান, ২০২১)
চীনা ভাষাৰ অনুবাদ গ্ৰন্থ
- পিংপু ঝিক্সু দি ডুয়ুয়াংহুয়া (জন আছবেৰীৰ নিৰ্বাচিত কবিতা; পিপলছ লিটাৰেচাৰ পাব্লিছিং হাউচ, ২০২৪)
ইংৰাজী অনুবাদৰ কাব্যগ্ৰন্থ
- ভাৰ্চেজ অন বাৰ্ড (Verses on Bird; চীনা/ইংৰাজী দ্বিভাষিক; জেফিৰ প্ৰেছ, ২০০৪)
- ছো ট্ৰান্সলেটিং ৰিভাৰ্ছ এণ্ড চিটিজ (So Translating Rivers and Cities; চীনা/ইংৰাজী দ্বিভাষিক; জেফিৰ প্ৰেছ, ২০০৭)
- ফাৰ্ষ্ট মাউণ্টেইন (First Mountain; জোচেফ ডোনাহুৰ সৈতে যুটীয়া অনুবাদ; জেফিৰ প্ৰেছ, ২০১৮)
সংকলন
- এনাদাৰ কাইণ্ড অৱ নেশ্যন: এন এন্থ’লজী অৱ কণ্টেম্পৰী চাইনীজ পয়েট্ৰি (Another Kind of Nation: an Anthology of Contemporary Chinese Poetry; চীনা/ইংৰাজী দ্বিভাষিক; চেন ডংডঙৰ সৈতে যুটীয়া সম্পাদনা; তালিচমান হাউচ পাব্লিছাৰ্ছ, ২০০৭)১০
- দ্য আৰ্ট অৱ উইমেন ইন কণ্টেম্পৰী চাইনা: বোথ চাইডছ নাও (The Art of Women in Contemporary China: Both Sides Now; পেট্ৰিচিয়া আইচেনবাম কাৰেটস্কিৰ সৈতে যুটীয়া সম্পাদনা; কেম্ব্ৰিজ স্কোলাৰ্ছ পাব্লিছিং, ২০২০)
অপেৰা লিবেট্ৰ'
- মুন ইন দ্য মিৰৰ (Moon in the Mirror): মাৰ্টিন বেলেনৰ সহযোগত; সংগীত: ষ্টিফেন ডেমস্কি; প্ৰথম প্ৰদৰ্শন: ফ্লাছিং টাউন হল, নিউয়ৰ্ক, ১৩ ছেপ্টেম্বৰ, ২০১৫১১
- ফায়েৰী জেদ চাই ইয়ান (Fiery Jade Cai Yan): সংগীত: গ্ৰেগ ইউটজ; প্ৰথম প্ৰদৰ্শন: পেচিফিক লুথাৰন বিশ্ববিদ্যালয়, ১৭–২০ নৱেম্বৰ, ২০১৬১২১৩
- টেকোমা মেথড (Tacoma Method): গ্ৰেগৰী ইউটজৰ সংগীত আৰু ঝাং আৰৰ লিবেট্ৰ'; প্ৰথম প্ৰদৰ্শন: ৩১ মাৰ্চ–২ এপ্ৰিল, টেকোমা অপেৰা১৩১৪
চেপবুক
- উইণ্টাৰ গাৰ্ডেন (Winter Garden; ইংৰাজী অনুবাদ; গোটছ এণ্ড কম্পাছেছ, ১৯৯৭)
- ভাৰ্চেজ অন বাৰ্ড (Verses on Bird; ইংৰাজী অনুবাদ; জেনচেন/ডেনিয়েলছ, ১৯৯৯)
- অটাম অৱ গু ইয়াও (Autumn of Gu Yao; ইংৰাজী অনুবাদ; স্পুইটেন ডুইভিল, ২০০০)
- ক্ৰছ ৰিভাৰ, পিক লটাছ (Cross River, Pick Lotus; চীনা/ইংৰাজী দ্বিভাষিক; বেলাডোনা চিৰিজ, ২০০২)
- কাৰ্ভড ৱাটাৰ (Carved Water; ইংৰাজী অনুবাদ; টিনফিছ প্ৰেছ, ২০০৩)
- চাইট প্ৰগ্ৰেছ (Sight Progress; ইংৰাজী অনুবাদ; প্লেজাৰ বোট ষ্টুডিঅ’, ২০০৬)
- য়িংতাও ৱুগান ৱুঝিন (Cherry has neither heart nor liver; চীনা ভাষা, পয়েট্ৰি ইএমএছ, ২০১৩)
- দ্য ডিছএপিয়েৰেঞ্চ অৱ লিটল ফেং ফেমিলি লেন (The Disappearance of Little Fang Family Lane; ইংৰাজী অনুবাদ; বেলাডোনা চিৰিজ, ২০১৫)
তথ্যসূত্ৰ
- ↑ Zhang Er. Words Without Borders
- ↑ Zhang Er · Poetry In Voice. www.poetryinvoice.com
- ↑ Zhang Er. New Music USA
- ↑ YR #64: First Mountain by Zhang Er. YELLOW RABBITS
- ↑ Verses on Bird, by Zhang Er. ZephyrPress
- ↑ Zhang, Ziqing. (2009). Does Poetry Make Anything Happen? —A Dialogue between Chinese and American Poets in the 20 th Century. Comparative Literature: East & West. পৃ. 86–87
- ↑ Moon in the Mirror: A Monodrama Opera. Queens Council on the Arts
- ↑ Pacific Lutheran University premieres new original opera: Fiery Jade Cai Yan. Pacific Lutheran University
- ↑ (2023-03-23). New opera takes on Tacoma's past expulsion of Chinese residents. The Seattle Times
- ↑ Eberlein, Xujun. (May 20, 2016). Is There a Good Way to Translate Chinese Poetry?. Los Angeles Review of Books
- ↑ Moon in the Mirror: A Monodrama Opera. Queens Council on the Arts
- ↑ Pacific Lutheran University premieres new original opera: Fiery Jade Cai Yan. Pacific Lutheran University
- ↑ Ray, Roxanne. (June 28, 2021). Opera "Tacoma Method" takes on the violent expulsion of the Chinese population in Tacoma in 1885. International Examiner
- ↑ (2023-03-23). New opera takes on Tacoma's past expulsion of Chinese residents. The Seattle Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝাং আৰ” প্ৰবন্ধৰ সংশোধন ৬৩০১৯৮ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।