অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লি য়ে

লি য়ে (ইংৰাজী: Li Ye; মৃত্যু ৭৮৪), তেওঁৰ সন্মানীয় নাম লি জিলান বুলিও জনাজাত, টাং বংশৰ শাসনকালৰ এগৰাকী চীনা সংগীতজ্ঞ, সন্ন্যাসিনী আৰু কবি আছিল। তেওঁ নিজৰ কাব্যিক প্ৰতিভাৰ লগতে সৌন্দৰ্যৰ বাবেও পৰিচিত আছিল।

হালনাগাদ: ২০ মাৰ্চ ২০২৬ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

লি য়ে (ইংৰাজী ভাষা: Li Ye; মৃত্যু ৭৮৪), তেওঁৰ সন্মানীয় নাম লি জিলান বুলিও জনাজাত, টাং বংশৰ শাসনকালৰ এগৰাকী চীনা ভাষা সংগীতজ্ঞ, সন্ন্যাসিনী আৰু কবি আছিল।১ তেওঁ নিজৰ কাব্যিক প্ৰতিভাৰ লগতে সৌন্দৰ্যৰ বাবেও পৰিচিত আছিল।২ টাং বংশৰ শেষৰফালৰ অস্থিৰ সময়ছোৱাত, বিদ্ৰোহী নেতা ঝু চিয়ে তেওঁক জোৰকৈ লিখোৱা টাং ৰাজবংশক অপমান কৰা কবিতাৰ বাবে তেওঁৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ অভিযোগ উত্থাপন কৰা হৈছিল। তেওঁক মৃত্যুদণ্ড বিহা হয় আৰু ৭৮৪ চনত সেই দণ্ড কাৰ্যকৰী কৰা হয়।২ টাং বংশৰ যি কেইগৰাকীমান মহিলাৰ কবিতা বৰ্তমানলৈকে বাচি আছে, লি তাৰে ভিতৰত এগৰাকী।৩

জীৱন

লি য়েৰ জন্ম বৰ্তমানৰ ঝেজিয়াং প্ৰদেশৰ হুজৌৰ ৱুছিং জিলাত হৈছিল।২ সৰুৰেপৰা তেওঁ কবিতা লিখিবলৈ ভাল পাইছিল। তেওঁৰ এটা কবিতা পঢ়াৰ পিছত মাত্ৰ ছয় বছৰ বয়সতে পিতৃয়ে তেওঁক "অসাধাৰণভাৱে চতুৰ" বুলি বৰ্ণনা কৰিছিল।২ অৱশ্যে তেওঁ ডাঙৰ হৈ এগৰাকী "অসতী মহিলা" হোৱাৰ সম্ভাৱনাক লৈ পিতৃ চিন্তিত হৈছিল।২ লিৰ পিতৃয়ে তেওঁৰ সাহিত্যিক প্ৰতিভাক উৎসাহিত কৰিছিল আৰু বিশ্বাস কৰিছিল যে তেওঁৰ দৰে প্ৰতিভা বিবাহৰ জৰিয়তে অপচয় হ’ব।৩

লি য়ে বিশেষকৈ তেওঁৰ "সৌন্দৰ্য আৰু মৰ্যাদা"ৰ লগতে কবিতা, সংগীত আৰু লিপি কলা (calligraphy)ৰ প্ৰতিভাৰ বাবে পৰিচিত আছিল।৩ তেওঁ সাহিত্যিক মহলত যথেষ্ট জনাজাত আছিল আৰু লিউ ঝাংছিং, জিয়াঅ'ৰান আৰু লু ইউৰ দৰে বিখ্যাত কবিসকলৰ সৈতে তেওঁৰ বন্ধুত্ব আছিল।৪ তেওঁৰ লিখনি সমসাময়িক কবিসকলে প্ৰশংসা কৰিছিল।৩ তেওঁৰ এগৰাকী "অসতী" মহিলা হিচাপেও বদনাম আছিল। তেওঁৰ বন্ধু তথা প্ৰখ্যাত কবি আৰু বৌদ্ধ সন্ন্যাসী জিয়াঅ'ৰানে লিয়ে তেওঁক দেখা কৰিবলৈ যোৱাৰ পাছত এটা কবিতা ৰচনা কৰিছিল: "এগৰাকী স্বৰ্গীয় পৰীয়ে মোক পৰীক্ষা কৰিবলৈ আহিছিল, / মোৰ কাপোৰত তেওঁৰ ফুলবোৰ ছটিয়াই দিয়াৰ উদ্দেশ্যেৰে।" ২

মধ্যবয়সত লি টাং বংশৰ সম্ৰাট ডাইঝঙৰদ্বাৰা এগৰাকী ৰাজকবি হিচাপে স্বীকৃত হৈছিল। তেওঁৰ সাহিত্যিক প্ৰতিভাৰ কথা জানিব পাৰি সম্ৰাটে তেওঁক ৰাজদৰবাৰলৈ নিমন্ত্ৰণ কৰিছিল। তেওঁ ৰাজপ্ৰাসাদত প্ৰায় এমাহ আছিল আৰু সম্ৰাটে তেওঁক অতি আড়ম্বপূৰ্ণ আতিথ্য প্ৰদান কৰিছিল। অৱশ্যে তেওঁ নিজৰ আগৰ চিন্তা-ভাৱনাহীন মুক্ত জীৱনটোকে অধিক ভাল পাইছিল আৰু সেয়ে তেওঁক ঘৰলৈ উভতি যোৱাৰ অনুমতি দিয়া হৈছিল।২

৭৮৩ চনত বিদ্ৰোহী নেতা ঝু চিয়ে চীনৰ ৰাজধানী চাংআন দখল কৰি নিজেই সিংহাসনত আৰোহণ কৰে।২ লিক জোৰকৈ টাং ৰাজবংশক অপমান কৰি কবিতা লিখিবলৈ বাধ্য কৰা হৈছিল।২ পিছৰ বছৰত ঝু পৰাস্ত হয় আৰু ডাইঝঙৰ উত্তৰাধিকাৰী সম্ৰাট ডেঝং চাংআনলৈ উভতি আহে। ডেঝঙে লিৰ বিৰুদ্ধে টাং বিৰোধী কবিতাৰ বাবে ৰাজদ্ৰোহৰ অভিযোগ উত্থাপন কৰে। তেওঁক মৃত্যুদণ্ড বিহা হয় আৰু ৭৮৪ চনত সেই দণ্ড কাৰ্যকৰী কৰা হয়।২

লি য়ে সমাজত এগৰাকী বাৰাংগনা বা বেশ্যা হিচাপে কাম কৰা নাছিল। কিন্তু তেওঁৰ ব্যক্তিগত জীৱন-শৈলীৰ বাবে পৰৱৰ্তী প্ৰজন্মই তেওঁক প্ৰায়ে নিন্দা কৰিছিল আৰু পৰৱৰ্তী ৰাজবংশবোৰে তেওঁক "অৰ্ধ-বেশ্যা" বুলিও অপমান কৰিছিল। টাং বংশৰ সোণালী যুগত পুৰুষ আৰু মহিলাৰ মাজৰ সম্পৰ্ক পৰৱৰ্তী সময়তকৈ অধিক মুকলি আছিল; লি য়েৰ কাৰ্যকলাপবোৰ কেৱল কিছু পৰিমাণে আধুনিক বা আগবঢ়া আছিল।৫

তথ্যসূত্ৰ

  1. ↑ 女冠诗人李季兰
  2. ↑ Lee, Lily Xiao Hong; Wiles, Sue. (2014). Biographical Dictionary of Chinese Women: Tang Through Ming, 618–1644. M.E. Sharpe. পৃ. 230–3. ISBN 978-0-7656-4316-2
  3. ↑ Smith, Bonnie G. (2008). The Oxford Encyclopedia of Women in World History. Oxford University Press, USA. পৃ. 127–8. ISBN 978-0-19-514890-9
  4. ↑ (2008). You See My Heart. The Sacred and the Erotic in the Selected Works of T'ang Dynasty Poetesses: Li Ye, Yu Xuanji, and Xue Tao
  5. ↑ 女冠诗人李季兰

সম্পৰ্কিত শ্ৰেণী

চীনা মহিলা কবিকবিসংগীতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লি য়ে” প্ৰবন্ধৰ সংশোধন ৫৯০৮৮১ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।