ডাচেন মিউ অৱ ঝু (ইংৰাজী ভাষা: Duchess Mu of Xu; সক্ৰিয়: খ্ৰীষ্টপূৰ্ব সপ্তম শতিকা) ৱেই ৰাজ্যৰ এগৰাকী ৰাজকুমাৰী আছিল, যিয়ে ঝু ৰাজ্যৰ শাসক ড্যুক মিউৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ চীনা ভাষা ইতিহাসৰ প্ৰথমগৰাকী নথিভুক্ত মহিলা কবি আছিল।১
জীৱনী
'জি' উপাধিৰ ৱেই ৰাজ্যৰ এই ৰাজকুমাৰীগৰাকী ৱেইৰ কাউণ্ট ঝাওৰ কন্যা আছিল। তেওঁৰ মাতৃ আছিল চি ৰাজ্যৰ ড্যুক চিৰ কন্যা চুয়ান জিয়াং। চুয়ান জিয়াং আৰু তেওঁৰ ভগ্নী ৱেন জিয়াং সেই সময়ৰ বিখ্যাত সুন্দৰী আছিল। তেওঁ ঝু ৰাজ্যৰ ড্যুক মিউৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু পৰৱৰ্তী সময়ত 'ডাচেন অৱ ঝু' হিচাপে পৰিচিত হয়।
খ্ৰীষ্টপূৰ্ব ৬৬০ চনত যেতিয়া উত্তৰ দিশৰ বেইডি বৰ্বৰসকলে ৱেই ৰাজ্য আক্ৰমণ কৰিছিল, তেতিয়া তেওঁ নিজৰ জন্মভূমিলৈ ঘূৰি আহিবলৈ আৰু বাটত পৰা অন্যান্য ৰাজ্যসমূহৰ পৰা সহায় বিচাৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে ঝু ৰাজ্যৰ দৰবাৰীসকলে তেওঁক ভেটা দিছিল আৰু পুনৰ ঝুলৈ ঘূৰি যাবলৈ বাধ্য কৰিছিল। তথাপিও তেওঁৰ সহায়ৰ আবেদনে কাম দিছিল আৰু 'চি ৰাজ্য'ই ৱেইক সেই সংকটৰ পৰা ৰক্ষা কৰিছিল। ৱেই ৰাজ্যৰ লোকসকলে যোগান ধৰা সামগ্ৰী, সামৰিক সহায় আৰু ৰাজ্যখন পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক আজিও স্মৰণ কৰে।২
'ঝু ঝুয়ান'ৰ মতে, তেওঁ "স্পীডিং চেৰিয়ট" (载驰; Zaichi) নামৰ কবিতাটো ৰচনা কৰিছিল, য’ত বেইডিৰ দ্বাৰা নিজৰ জন্মভূমি ধ্বংস হোৱাৰ আশংকাত তেওঁৰ মনত সৃষ্টি হোৱা গভীৰ দুশ্চিন্তা প্ৰকাশ পাইছে। এই কবিতাটো 'ক্লাছিক অৱ পয়েট্ৰি' সংকলনত অন্তৰ্ভুক্ত কৰা হৈছে। এই সংকলনৰে আন দুটা কবিতা "বেম্বু প’ল" (竹竿) আৰু "স্প্ৰিং ৱাটাৰ" (泉水)ও তেওঁৰ নামতে আৰোপ কৰা হয়, যদিও আটাইকেইটা তেওঁৰেই সৃষ্টি নে নহয় সেই লৈ নিশ্চিতি নাই।৩
ৰচনাৱলী
স্পীডিং চেৰিয়ট (載馳)
কবিতাটোৰ এশাৰীৰ ভাবানুবাদ তলত দিয়া হ’ল: "হে ৰথ, দ্ৰুতগতিত চলা! মই ৱেইৰ শাসকক সান্ত্বনা দিবলৈ তেওঁ থকা ঠাইলৈ ঘূৰি গৈছোঁ।"
তেওঁৰ কবিতাত প্ৰকাশ পোৱা স্বদেশপ্ৰেম আৰু আৱেগিক গভীৰতাৰ বাবে তেওঁ আজিও চীনা সাহিত্যত এক বিশেষ স্থান দখল কৰি আছে। তেওঁ কেৱল এগৰাকী কবিয়েই নাছিল, বৰঞ্চ এগৰাকী কুশলী কূটনীতিবিদো আছিল যিয়ে নিজৰ ৰাজনৈতিক দূৰদৰ্শিতাৰে জন্মভূমিক ৰক্ষা কৰিছিল।
তথ্যসূত্ৰ
- ↑ Anne Cunningham. (2018). The Most Influential Female Writers. Rosen Young Adult. পৃ. 22. ISBN 978-1508179665
- ↑ Bennet Peterson, Barbara. (2000). Notable Women of China: Shang Dynasty to the Early Twentieth Century. M.E. Sharpe, Inc. পৃ. 21
- ↑ David R Knecthges. (18 September 2014). Ancient and Early Medieval Chinese Literature: A Reference Guide. পৃ. 1709. ISBN 9789004271852
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাচেন মিউ অৱ ঝু” প্ৰবন্ধৰ সংশোধন ৫৯১১৭৪ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।