অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লি পিংক্সিয়াং

লি পিংক্সিয়াং (ইংৰাজী: Li Pingxiang; চীনা: 李苹香; জন্ম: ১৮৮০) এগৰাকী চীনা কবি, চিত্ৰশিল্পী আৰু 'গেজি' (Gējì; 歌妓) আছিল। তেওঁ চিং ৰাজবংশৰ শেষৰ ফালৰ আৰু চীন গণৰাজ্যৰ আৰম্ভণিৰ এগৰাকী প্ৰভাৱশালী মহিলা আছিল। তেওঁৰ আচল নাম আছিল হুয়াং ঝেন (Huang Zhen; 黄箴)।

হালনাগাদ: ২০ মাৰ্চ ২০২৬ ৩২৯ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

লি পিংক্সিয়াং (ইংৰাজী ভাষা: Li Pingxiang; চীনা: 李苹香; জন্ম: ১৮৮০) এগৰাকী চীনা কবি, চিত্ৰশিল্পী আৰু 'গেজি' (Gējì; 歌妓) আছিল।১ তেওঁ চিং ৰাজবংশৰ শেষৰ ফালৰ আৰু চীন গণৰাজ্যৰ আৰম্ভণিৰ এগৰাকী প্ৰভাৱশালী মহিলা আছিল। তেওঁৰ আচল নাম আছিল হুয়াং ঝেন (Huang Zhen; 黄箴)। ইয়াৰ উপৰিও তেওঁ হুয়াং বিয়ী (Huang Biyi; 黄碧漪) আৰু চিয়ে ৱেনয়ী (Xie Wenyi; 谢文漪) নামেৰেও পৰিচিত আছিল। তেওঁৰ শৈলীগত নাম আছিল হুয়ানিন (Huanyin; 鬟因) আৰু তেওঁ নিজকে ইউয়ানহু নুশ্বি (Yuanhu Nushi; 鸳湖女史) বুলি মাতিছিল।২

জীৱনী

লি পিংক্সিয়াং ১৮৮০ চনত চীনৰ ঝেজিয়াং প্ৰদেশৰ জিয়াক্সিংত এক চহকী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। চহকী পৰিয়ালৰ সন্তান হোৱাৰ বাবে তেওঁ সৰুৰে পৰা উন্নত শিক্ষা লাভ কৰাৰ সুযোগ পাইছিল। ১৮৯৭ চনত যেতিয়া তেওঁৰ বয়স ১৮ বছৰ আছিল, তেতিয়া তেওঁৰ পিতৃ ঘৰৰ পৰা বহু দূৰত ভ্ৰমণ কৰি আছিল। সেই সময়তে তেওঁৰ মাতৃয়ে তেওঁক আৰু তেওঁৰ ভাতৃক চাংহাইলৈ লৈ যায়। দুৰ্ভাগ্যবশতঃ তাত তেওঁলোকৰ হাতৰ সকলো ধন শেষ হৈ যায় আৰু হোটেলৰ ভাড়া দিব নোৱাৰা অৱস্থাত পৰে। পান (Pan; 潘) নামৰ এজন ব্যক্তিয়ে তেওঁলোকক সহায় কৰাৰ ভাও ধৰি লিক প্ৰতাৰণাৰে বিবাহ কৰায়। পিছত দেখা গৈছিল যে সেই ব্যক্তিজনৰ ইতিমধ্যে আন এগৰাকী পত্নী আছিল। ১৯০১ চনত সেই ব্যক্তিজনে লিক চাংহাইৰ এটা বেশ্যালয়ত বিক্ৰী কৰি দিয়ে।

বেশ্যালয়ত সোমাই তেওঁ নিজৰ নাম সলাই লি পিংক্সিয়াং ৰাখে। তেওঁৰ অসাধাৰণ প্ৰতিভা, বিশেষকৈ কবিতা আৰু চিত্ৰকলাৰ নিপুণতাৰ বাবে তেওঁক 'চানচান' (Changsan; 长三) পৰ্যায়ৰ মৰ্যাদা দিয়া হয়। তেওঁ কেৱল এগৰাকী 'গেজি' (সংগীত শিল্পী) হিচাপেহে কাম কৰিছিল আৰু দেহ ব্যৱসায়ত লিপ্ত হোৱা নাছিল। অতি কম সময়ৰ ভিতৰতে তেওঁ সাহিত্যিক মহলত "কবি গণিকা" (Poetry courtesan; 诗妓) হিচাপে খ্যাতি অৰ্জন কৰে। তেওঁৰ থকা কোঠাটোৰ নাম আছিল "তিয়ানয়ুন পেভিলিয়ন" (Tianyun Pavilion; 天韵阁), য’ৰ পৰা তেওঁৰ কেইবাখনো কাব্য সংকলন প্ৰকাশ পাইছিল।

পৰৱৰ্তী সময়ত উ ঝিয়িং (Wu Zhiying; 吴芝瑛) নামৰ এগৰাকী বিদুষী মহিলাই লিৰ দুৰ্দশাৰ কথা গম পাই নিজৰ ধনেৰে তেওঁক সেই জীৱনৰ পৰা উদ্ধাৰ কৰে। ইয়াৰ পিছত লিয়ে চিয়ে ৱেনয়ী নাম গ্ৰহণ কৰে আৰু নিজৰ কেলিগ্ৰাফী তথা চিত্ৰকলাৰ ষ্টুডিঅ’ স্থাপন কৰি স্বাৱলম্বী জীৱন আৰম্ভ কৰে।৩

উল্লেখযোগ্য ৰচনাৱলী

  • এইট পয়েমছ টু মৌৰ্ণ মাই মাদাৰ (哭母诗八首; মাতৃৰ শোকত আঠটা কবিতা)৪
  • চেভেন-কেৰেক্টাৰ কোৱাট্ৰেইন (七绝; সাতটা আখৰৰ চাৰিশৰীয়া কবিতা)৫
  • পয়েমছ অৱ তিয়ানয়ুন পেভিলিয়ন (天韵阁诗集; তিয়ানয়ুন পেভিলিয়নৰ কবিতা সংগ্ৰহ)৬

তথ্যসূত্ৰ

  1. ↑ Huang Ling played "Master Hongyi" so deeply into the scene that she burst into tears on the stage
  2. ↑ Li Pingxiang 2
  3. ↑ Li Pingxiang 2
  4. ↑ লি পিংক্সিয়াং·《哭母诗八首·其一》
  5. ↑ লি পিংক্সিয়াং·《七绝》
  6. ↑ Li Pingxiang 2

সম্পৰ্কিত শ্ৰেণী

চীনা মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লি পিংক্সিয়াং” প্ৰবন্ধৰ সংশোধন ৫৯১১৮০ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।