অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঝেং ইউনডুয়ান

ঝেং ইউনডুয়ান (ইংৰাজী: Zheng Yunduan; জন্ম: প্ৰায় ১৩২৭ – ১৩৫৬) ইউয়ান ৰাজবংশৰ এগৰাকী প্ৰখ্যাত চীনা কবি আছিল, যাৰ শৈলীগত নাম বা ছদ্মনাম আছিল ঝেংছু। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে তেওঁক সেই সময়ৰ এগৰাকী গুৰুত্বপূৰ্ণ মহিলা কবি হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ২০ মাৰ্চ ২০২৬ ২৪৭ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ঝেং ইউনডুয়ান (ইংৰাজী ভাষা: Zheng Yunduan; জন্ম: প্ৰায় ১৩২৭ – ১৩৫৬) ইউয়ান ৰাজবংশৰ এগৰাকী প্ৰখ্যাত চীনা ভাষা কবি আছিল,১ যাৰ শৈলীগত নাম বা ছদ্মনাম আছিল ঝেংছু। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে তেওঁক সেই সময়ৰ এগৰাকী গুৰুত্বপূৰ্ণ মহিলা কবি হিচাপে গণ্য কৰা হয়।

তেওঁৰ পৰিয়ালটো চীনৰ চুঝু অঞ্চলৰ আছিল আৰু এই পৰিয়ালটো বিদগ্ধ পণ্ডিতসকলৰ বাবে জনাজাত আছিল। ঝেং ইউনডুয়ানৰ পিতৃ আৰু ভাতৃসকল সকলোৱে পেছাত শিক্ষক আছিল। সৰু কালত তেওঁৰ পিতৃয়েই তেওঁক পঢ়িবলৈ আৰু আখৰ চিনিবলৈ শিকাইছিল। বয়স বাঢ়ি অহাৰ লগে লগে তেওঁৰ শিক্ষাৰ প্ৰতি ধাউতি অধিক বৃদ্ধি পায় আৰু পিতৃয়ে অলাগতিয়াল বুলি পেলাই দিয়া পুথিবোৰ বুটলি পঢ়ি তেওঁ নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিছিল।১

পৰৱৰ্তী সময়ত তেওঁ শ্বি বৰেন নামৰ এজন ব্যক্তিক বিয়া কৰাইছিল। ভাগ্যবশতঃ তেওঁৰ স্বামীও পাণ্ডিত্য আৰু শিল্প-সংস্কৃতিৰ অনুৰাগী আছিল, যাৰ ফলত ঝেঙৰ বৌদ্ধিক চৰ্চাত সহায় হৈছিল। নিজৰ চুটি জীৱনকালত তেওঁ বহুতো কবিতা লিখিছিল আৰু চুয়ং জি ('শ্ৰদ্ধাশীল সম্প্ৰীতি') শীৰ্ষক এটা কাব্য সংকলন প্ৰকাশ কৰিছিল।২ এই সংকলনটোত তেওঁৰ সাহিত্যিক চিন্তাৰ এক অনন্য দিশ প্ৰতিফলিত হৈছে। তেওঁ সেই সময়ৰ মহিলা কবিসকলৰ বাবে নিৰ্ধাৰিত পৰম্পৰাগত বিষয়সমূহ (যেনে প্ৰকৃতিৰ বৰ্ণনা) অতিক্ৰম কৰি নতুন চিন্তাৰে কবিতা লিখিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। তেওঁৰ বেছিভাগ কবিতাতে সেই কালৰ শিল্পকলা, সংস্কৃতি, নৈতিক মূল্যবোধ, দৰ্শন আৰু মানুহৰ নশ্বৰতাৰ দৰে গভীৰ বিষয়বোৰ স্থান পাইছিল। ইয়াৰ উপৰি তেওঁ এগৰাকী মহিলা হিচাপে সমকালীন সমাজত সন্মুখীন হোৱা বাস্তৱতাৰ বিষয়েও মুকলিকৈ লিখিছিল। বিশেষকৈ তেওঁ যিবোৰ ধুনীয়া ধুনীয়া ছবি চাইছিল, সেইবোৰত অংকিত বিখ্যাত ভূ-দৃশ্যবোৰ চাবলৈ যাব নোৱাৰা বাবে তেওঁ মনৰ ক্ষোভ ব্যক্ত কৰিছিল, কাৰণ সেই সময়ত মহিলাসকলৰ বাবে তেনে ভ্ৰমণ সহজসাধ্য নাছিল।১

ইউয়ান ৰাজবংশৰ পতনৰ সময়ত হোৱা যুদ্ধ-বিগ্ৰহৰ ফলত তেওঁৰ জীৱনলৈ দুৰ্যোগ নামি আহিছিল। ঝাং ছিচেঙৰ বিদ্ৰোহৰ সময়ত সৈন্যবাহিনীয়ে তেওঁৰ ঘৰত লুট-পাত চলায় আৰু বাসগৃহটো জ্বলাই দিয়ে। এই ঘটনাই তেওঁক মানসিক আৰু শাৰীৰিকভাৱে ভাগি পেলাইছিল। তেওঁ ইতিমধ্যে অসুস্থ আছিল আৰু এই ঘটনাই তেওঁৰ বেমাৰ অধিক জটিল কৰি তোলে। অৱশেষত মাত্ৰ ৩০ বছৰ বয়সত এই প্ৰতিভাশালী কবিগৰাকীৰ মৃত্যু হয়।২

তথ্যসূত্ৰ

  1. ↑ Idema, Wilt L.; Grant, Beata. (2020-03-23). The Red Brush: Writing Women of Imperial China. BRILL. পৃ. 269-280. ISBN 978-1-68417-394-5
  2. ↑ Chang, Kang-i Sun; Saussy, Haun; Kwong, Charles Yim-tze. (1999). Women Writers of Traditional China: An Anthology of Poetry and Criticism. Stanford University Press. ISBN 978-0-8047-3231-4

সম্পৰ্কিত শ্ৰেণী

চীনা মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝেং ইউনডুয়ান” প্ৰবন্ধৰ সংশোধন ৫৯০৯৩৭ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।