গু টাইচিং (ইংৰাজী ভাষা: Gu Taiqing; ১৭৯৯ – ১৮৭৭) চিং ৰাজবংশৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ মহিলা কবি আছিল। তেওঁ বিশেষকৈ তেওঁৰ চি কবিতা আৰু হংলৌ মেং (ৰঙা কোঠাৰ সপোন) উপন্যাসখনৰ পৰৱৰ্তী খণ্ডটোৰ বাবে জনাজাত। ১৮৭৭ চনত প্ৰকাশিত এই উপন্যাসখন এগৰাকী মহিলাৰ দ্বাৰা লিখিত প্ৰথমখন অৱশিষ্ট চীনা ভাষা উপন্যাস।১ এজন পণ্ডিতৰ অনুমান অনুসৰি গুৰ দ্বাৰা ৰচিত প্ৰায় ১,১৬৩টা কবিতা বৰ্তমানলৈকে অৱশিষ্ট আছে।২
জীৱনী
তেওঁ চিলিন-গিয়’ৰ’ বংশৰ এটা মানচু পৰিয়ালৰ বংশধৰ আছিল।৩ তেওঁ প্ৰকৃততে মানচু বংশৰ হয়নে নহয় সেই লৈ কিছু বিতৰ্ক আছে। কোনো কোনোৱে দাবী কৰে যে তেওঁ গু নামৰ এটা ব্যানাৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু মানচু ৰাজকুমাৰ আইচিন-গিয়’ৰ’ ইহুইৰ (১৭৯৯-১৮৩৮) সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছতহে মানচু পৰিচয় গ্ৰহণ কৰিছিল। আনহাতে, একাংশ পণ্ডিতে কয় যে তেওঁৰ পৰিচয়ক লৈ সৃষ্টি হোৱা এই বিভ্ৰান্তি আছিল তেওঁৰ পৰিয়ালৰ বংশধৰ অৰটাইৰ (E-er-tai) পৰিচয় লুকুৱাবলৈ কৰা এটা প্ৰচেষ্টা। অৰটাই আছিল এজন মানচু গ্ৰেণ্ড ছেক্ৰেটেৰী যি কিয়ানলঙৰ সাহিত্যিক অনুসন্ধানৰ সময়ত অপমানিত হৈ আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল।৪
প্ৰধান ৰাজকুমাৰী কনচৰ্টৰ পৰিৱৰ্তে এগৰাকী উপপত্নীৰ মৰ্যাদা থকা স্বত্বেও ইহুইৰ সৈতে তেওঁৰ বৈবাহিক জীৱন সুখী আছিল বুলি ধৰা হয় (ইহুইৰ প্ৰধান পত্নী আছিল লেডী হেশ্বেৰী)। তেওঁলোকৰ পাঁচটা সন্তান আছিল— তিনিজন পুত্ৰ আৰু দুগৰাকী কন্যা। ১৮৩৮ চনত তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত গুৰ জীৱনলৈ ঘোৰ বিপৰ্যয় নামি আহে। ইহুইৰ পৰিয়ালে তেওঁক আৰু তেওঁৰ সন্তানসকলক বেইজিংৰ ঘৰৰ পৰা উলিয়াই দিছিল। তেওঁলোকৰ এই শত্ৰুতাৰ কাৰণ স্পষ্ট নহয়, যদিও গু টাইচিং আৰু গং জিচেনৰ মাজত থকা বুলি কোৱা এটা প্ৰেমৰ সম্পৰ্কৰ গুজৱ ইয়াৰ অন্তৰালত থাকিব পাৰে। এই দৰিদ্ৰতাৰ সময়ত তেওঁ অলংকাৰ আৰু শিল্পকৰ্ম বিক্ৰী কৰি নিজৰ পৰিয়ালক পোহপাল দিছিল।৫
স্বামীৰ মৃত্যুৰ পিছত গুৰ মহিলা বন্ধুৰ মহলটো তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছিল। ইয়াৰ ভিতৰত আছিল ইউনলিন আৰু ইউনজিয়াং নামৰ দুই ভগ্নী আৰু তেওঁৰ ধৰ্ম-ভগ্নী শ্বেন শ্বানবাও।৬ এই বন্ধুসকল তেওঁৰ বাবে আৱেগিক সহায় আৰু সৃজনশীল প্ৰেৰণাৰ অন্যতম উৎস আছিল।৭
সাহিত্যিক কৃতি
গু টাইচিং হংলৌ মেং (ৰঙা কোঠাৰ সপোন) উপন্যাসখনৰ পৰৱৰ্তী খণ্ড হংলৌ মেং ইং (紅樓夢影; Dream Shadows of the Red Chamber)ৰ লেখিকা আছিল।৮
গু টাইচিংৰ কবিতাসমূহ কেইবাটাও আধুনিক সংস্কৰণত উপলব্ধ। তেওঁৰ ব্যক্তিগত কবিতাসমূহ এলেন ৱিডমাৰ;৯ ডেভিদ মেক্ৰ’, গ্ৰেচ এছ ফং আৰু ইৰভিং ইউচেং লো;১০ ইয়ানিং ৱাং;১১ আৰু উইল্ট ইডেমা তথা বিয়াটা গ্ৰাণ্টে অনুবাদ কৰিছে।১২
তথ্যসূত্ৰ
- ↑ Berg, Daria. (2013). Women and the literary world in early modern China, 1580-1700. Routledge Studies in the Early History of Asia. Routledge, Taylor & Francis Group. পৃ. 223. ISBN 978-0-415-53341-6
- ↑ Wang Yanning "A Manchu Female Poet's Oneiric and Poetic Worlds: Gu Taiqing's (1799-1877) Dream Poems," Quarterly Journal of Chinese Studies 3(2), p.3
- ↑ Natasha Jennifer Chow, "Sequels to Honglou meng: How Gu Taiqing Continues the Story in Honglou meng ying," M.A. Thesis, University of British Columbia, 2012, p.3
- ↑ Ellen Widmer, The Beauty and the Book: Women and Fiction on Nineteenth-Century China. Cambridge, Massachusetts: Harvard University Asia Center, 2006, pp.187-88 discusses various versions of the story of Gu's family background. Wang Yanning asserts quite clearly that Gu was from a Manchu family. See Wang Yanning "A Manchu Female Poet's Oneiric and Poetic Worlds: Gu Taiqing's (1799-1877) Dream Poems," Quarterly Journal of Chinese Studies 3(2)1-22, as does Jennifer Chow
- ↑ Widmer, The Beauty and the Book, p.188. Some sources say that she had seven children
- ↑ Ellen Widmer, "Honglou Meng Sequels and their Female Readerships in Nineteenth-Century China" in Snakes' Kegs: Sequels, Continuations, Rewritings and Chinese Fiction, edited by Martin Huang. Honolulu: University of Hawai'i Press, 2004, p.118
- ↑ Widmer, The Beauty and the Book, p.189
- ↑ Ellen Widmer, The Beauty and the Book: Women and Fiction on Nineteenth-Century China. Cambridge, Massachusetts: Harvard University Asia Center, 2006, chapter 6
- ↑ Beauty and the Book, pp.187-202
- ↑ Women Writers of Traditional China: An Anthology of Poetry and Criticism, edited by Kang-i Sun Chang and Haun Saussy. Stanford: Stanford University Press, 1999, pp.589-600
- ↑ Yanning Wong. Reverie and Reality: Poetry on Travel by Late Imperial Chinese Women, Lexington Books, 2014, chapter 4 "A Manchu Woman's Short Excursions." pp.115-145, passim.
- ↑ The Red Brush: Writing Women of Imperial China, edited by Wilt Idema and Beata Grant. Cambridge, Massachusetts: Harvard East Asia Monographs, 2004, pp.630-652. এই অংশটোত তেওঁৰ হংলৌ মেংৰ পৰৱৰ্তী খণ্ডটোৰ এটা চমু উদ্ধৃতিও অন্তৰ্ভুক্ত কৰা হৈছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গু টাইচিং” প্ৰবন্ধৰ সংশোধন ৬৩২১০৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।