অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছিষ্টাৰ ফেং

লুঅ' ইউফেং (জন্ম: ২৩ ছেপ্টেম্বৰ, ১৯৮৫) এগৰাকী চীনা ইণ্টাৰনেট চেলিব্ৰিটি, যিগৰাকী ছিষ্টাৰ ফেং (অৰ্থাৎ ভগ্নী ফিনিক্স) নামেৰে অধিক জনপ্ৰিয়। তেওঁৰ জন্ম চীনৰ চংকিংৰ কিজিয়াং জিলাত হৈছিল। তেওঁ নিউয়ৰ্কৰ কুইন্স কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ২৬১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

লুঅ' ইউফেং (জন্ম: ২৩ ছেপ্টেম্বৰ, ১৯৮৫) এগৰাকী চীনা ভাষা ইণ্টাৰনেট চেলিব্ৰিটি, যিগৰাকী ছিষ্টাৰ ফেং (অৰ্থাৎ ভগ্নী ফিনিক্স) নামেৰে অধিক জনপ্ৰিয়। তেওঁৰ জন্ম চীনৰ চংকিংৰ কিজিয়াং জিলাত হৈছিল। তেওঁ নিউয়ৰ্কৰ কুইন্স কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে।

২০০৯ চনৰ শেষৰ ফালে লুঅ' চীনৰ এগৰাকী প্ৰভাৱশালী ইণ্টাৰনেট চেলিব্ৰিটি আৰু 'ইণ্টাৰনেট মিম' হিচাপে পৰিগণিত হয়। ২০১৫ চনত তেওঁ চীনৰ আটাইতকৈ জনপ্ৰিয় ইণ্টাৰনেট চেলিব্ৰিটিৰ তালিকাত ১৪ নম্বৰ স্থান লাভ কৰিছিল।১২

প্ৰাৰম্ভিক জীৱন

২০০৯ চনৰ নৱেম্বৰ মাহত চাংহাইত বিবাহৰ বাবে এজন অতি উচ্চ অৰ্হতাসম্পন্ন পাত্ৰ বিচাৰি বিজ্ঞাপন বিলোৱাৰ পিছত লুঅ'ই প্ৰথমবাৰৰ বাবে চৰ্চা লাভ কৰিছিল।৩ তেওঁৰ চৰ্ত অনুসৰি পাত্ৰজন পিকিং বিশ্ববিদ্যালয় বা চিংহুয়া বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বা তেনে কোনো বিষয়ৰ ডিগ্ৰীধাৰী এজন অভিজাত শ্ৰেণীৰ লোক হ'ব লাগিছিল আৰু উচ্চতা ১৭৬ ৰ পৰা ১৮৩ চেণ্টিমিটাৰৰ ভিতৰত হোৱাটো বাধ্যতামূলক আছিল।৪ সেই সময়ত তেওঁ চাংহাইৰ কেয়াৰফ'ৰ (Carrefour) নামৰ প্ৰতিষ্ঠান এটাত কেছিয়াৰ হিচাপে কাম কৰিছিল, যদিও তেওঁ দাবী কৰিছিল যে তেওঁ বিশ্বৰ এখন শ্ৰেষ্ঠ ৫00 কোম্পানীত কাম কৰে।৫

লুঅ'ই নিজকে যোৱা তিনি শতিকাৰ আটাইতকৈ বুদ্ধিমান মানুহ বুলি অভিহিত কৰিছিল আৰু কৈছিল যে অহা ৩০০ বছৰলৈকে তেৱেই আটাইতকৈ বুদ্ধিমান মানুহ হৈ থাকিব। তেওঁৰ এনে ধৰণৰ আচহুৱা মন্তব্যই তেওঁক সংবাদ মাধ্যমৰ মাজত জনপ্ৰিয় কৰি ৰাখিছিল।৬

২০১০ চনত তেওঁ ২০১০ চনত চাইনাহ গট টেলেণ্ট নামৰ অনুষ্ঠানটোত অংশ লৈছিল, য'ত দৰ্শকে তেওঁলৈ কণী দলিয়াইছিল। ২০১০ চনতে তেওঁ নিউয়ৰ্ক চহৰলৈ গুচি যায় আৰু তাত চাৰি বছৰ ধৰি এগৰাকী মেনিকেয়াৰিষ্ট হিচাপে কাম কৰে।৭ তেওঁৰ বিষয়ে নিউয়ৰ্ক পষ্ট আৰু পিপল আলোচনীতো চৰ্চা হৈছিল। চীনৰ চিনা ৱেব'ত তেওঁৰ ৪.৭ নিযুততকৈও অধিক অনুগামী আছে বুলি জানিব পৰা গৈছে।

লুঅ'ই কুইন্স কলেজত নামভৰ্তি কৰিছিল য'ত তেওঁ কেলকুলাছ আৰু মলিকুলাৰ বায়ল'জীৰ দৰে কঠিন বিষয় অধ্যয়ন কৰিছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ 凤姐_罗玉凤_个人资料_走红原因_最新动态-走红网. www.zouhong365.com
  2. ↑ 2015年中国网红排行榜出炉(附中国网红排行榜完整名单). news.cngold.com.cn/
  3. ↑ (25 November 2009) Girl Seeks Marriage, Distributes Leaflets w/ High Demands, chinaSMACK, Retrieved December 2, 2010
  4. ↑ (1 June 2010) Shooting to fame in cyber world, China Daily, Retrieved November 8, 2010)
  5. ↑ (12 February 2010) Sister Feng Wanted For Valentine’s Day By BMW Driver, chinaSMACK, Retrieved December 2, 2010
  6. ↑ (11 February 2010) Sister Phoenix suffers from Web hype, China Daily, Retrieved November 8, 2010
  7. ↑ Piao, Vanessa. (May 20, 2015). Q. and A.: Luo Yufeng, a.k.a. Sister Feng, on Life as a Manicurist in New York. Sinosphere. New York Times

সম্পৰ্কিত শ্ৰেণী

চীনা মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিষ্টাৰ ফেং” প্ৰবন্ধৰ সংশোধন ৬০২২৫১ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।