অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঝাং হাও

ঝাং হাও (ইংৰাজী: Zhang Hao; জন্ম: ১৬৪৪ – ১৬৬৯), যাৰ শৈলীগত নাম বা ছদ্মনাম আছিল চায়ুন (Chayun), চীনৰ চিং ৰাজবংশৰ এগৰাকী কবি আৰু কল্পকথাৰ লেখিকা আছিল। তেওঁ হাংঝৌৰ বিখ্যাত সাহিত্যিক গোট বানানা গাৰ্ডেন পয়েট্ৰি ক্লাবৰ এগৰাকী সদস্য আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

ঝাং হাও (ইংৰাজী ভাষা: Zhang Hao; জন্ম: ১৬৪৪ – ১৬৬৯),১ যাৰ শৈলীগত নাম বা ছদ্মনাম আছিল চায়ুন (Chayun), চীনৰ চিং ৰাজবংশৰ এগৰাকী কবি আৰু কল্পকথাৰ লেখিকা আছিল। তেওঁ হাংঝৌৰ বিখ্যাত সাহিত্যিক গোট বানানা গাৰ্ডেন পয়েট্ৰি ক্লাবৰ এগৰাকী সদস্য আছিল।

ডেং হ্যানয়িৰ চামৰী অৱ দ্য পয়েমছ অৱ দ্য মষ্ট ফেমাচ মাষ্টাৰ্ছ অৱ দ্য হোল ৱৰ্ল্ডত (তিয়ানক্সিয়া মিংজিয়া শ্বিগুয়ান) ঝাং হাওৰ জীৱনৰ চমু আভাস পোৱা যায়: কিয়ানটাঙৰ নিবাসী ঝাং হাও এজন দৰিদ্ৰ শিক্ষক ঝাং বুকিংৰ জ্যেষ্ঠ কন্যা আছিল। ১৬৬৩ চনত ১৯ বছৰ বয়সত তেওঁ ছাত্ৰ তথা কবি হু দাইঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৬৬৭ চনত তেওঁৰ পিতৃয়ে ৰাজধানীত পৰীক্ষা দিবলৈ যাওঁতে মৃত্যুবৰণ কৰে। পিতৃৰ বিয়োগত মৰ্মাহত হৈ তেওঁ লিখিছিল— "অনাথ পাহাৰ, তুমি ইমান নিৰ্দয় কেনেকৈ হ’ব পাৰা / মোৰ পিতৃৰ কবৰলৈ ৰূপান্তৰিত হ’বলৈ?" বুলি আৰু জানিব পৰা মতে তেওঁ এবছৰ ধৰি বিচনাৰ পৰা উঠা নাছিল। মাত্ৰ ২৪ বা ২৫ বছৰ বয়সতে তেওঁৰ মৃত্যু হয় আৰু তেওঁৰ এই অকাল মৃত্যুৱে সমসাময়িকসকলৰ মাজত সহানুভূতি আৰু কাব্যিক প্ৰেৰণাৰ সৃষ্টি কৰিছিল।২ যদিও ঝাং হাওক পৰম্পৰাগতভাৱে বানানা গাৰ্ডেনৰ কবিসকলৰ ভিতৰত গণনা কৰা হয়, এলেন ৱিডমাৰে মত প্ৰকাশ কৰিছে যে তেওঁ কেতিয়াও সেই গোটৰ সদস্যসকলক লগ পোৱা নাছিল; তেওঁলোকে কেৱল ঝাং হাওৰ ৰচনাৰহে প্ৰশংসা কৰিছিল।১

ঝাং হাওৱে কবিতাৰ দুখন কিতাপ লিখিছিল— ৰাইটিংছ লেফ্ট বিহাইণ্ড ফ্ৰম জিথাৰ মেনচন (কিন লৌ ই গাও) আৰু চাণ্টছ অৱ ৰাছিং থ্ৰু দ্য ক’ৰ্টয়াৰ্ড (কু টিং ইয়ং)। দ্বিতীয়খন গ্ৰন্থ তেওঁৰ স্বামীয়ে মৰণোত্তৰভাৱে প্ৰকাশ কৰিছিল। কবি আৰু চিত্ৰশিল্পী ছাং জিংলান তেওঁৰ ৰচনাত ইমান বিচলিত হৈছিল যে তেওঁ ঝাং হাওৰ সংগৃহীত কৰ্মৰাজি ঝাং চায়ুন ইশ্বিৰ বাবে এটি পাতনি লিখি দিছিল। ডেং হ্যানয়িৰ মতে, ঝাং হাওৱে দেশীয় ভাষাত কল্পকথাও লিখিছিল আৰু সপ্তদশ শতিকাৰ চীনৰ তেৱেঁই একমাত্ৰ জ্ঞাত মহিলা যিয়ে এনেদৰে লিখিছিল। ১৮৭৭ চনত এগৰাকী মহিলাৰ দ্বাৰা লিখা প্ৰথমখন চীনা উপন্যাস (গু টাইচিংৰ শ্বেড’জ অৱ ড্ৰিম অৱ দ্য ৰেড চেম্বাৰ) প্ৰকাশ পোৱাৰ প্ৰায় দুশ বছৰ আগতেই তেওঁ এই কাম কৰিছিল। বৰ্তমান ঝাং হাওৰ কৰ্মৰাজিৰ ভিতৰত কেৱল এটা পাতনি, কেইখনমান পত্ৰ আৰু কিছু কবিতা হে অৱশিষ্ট আছে।২১৩ তেওঁৰ একমাত্ৰ সম্পূৰ্ণ অৱশিষ্ট কৰ্ম ৰাইটিংছ লেফ্ট বিহাইণ্ড ফ্ৰম জিথাৰ মেনচন বৰ্তমান বেইজিঙৰ চীনা একাডেমি অৱ ছচিয়েল চাইন্স লাইব্ৰেৰীত সংৰক্ষিত হৈ আছে।১

তথ্যসূত্ৰ

  1. ↑ Widmer, Ellen. (2025-07-11). Mingyuan shiwei, Zhang Hao, and Wang Duanshu's Editorial Hand. NAN NÜ. পৃ. 27–67
  2. ↑ Idema, W. L. (Wilt L. ). (2004). The red brush: writing women of imperial China. Cambridge: Harvard University Asia Center: Distributed by Harvard University Press. ISBN 978-0-674-01393-3
  3. ↑ Berg, Daria. (2013). Women and the literary world in early modern China, 1580-1700. Routledge Studies in the Early History of Asia. Routledge, Taylor & Francis Group. ISBN 978-0-415-53341-6

সম্পৰ্কিত শ্ৰেণী

চীনা মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝাং হাও” প্ৰবন্ধৰ সংশোধন ৬৩১০১০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।