ঝুঅ’ ৱেনজুন (ইংৰাজী ভাষা: Zhuo Wenjun; জন্ম: ১৭৫ খ্ৰীষ্টপূৰ্ব – ১২১ খ্ৰীষ্টপূৰ্ব)১ পশ্চিমীয়া হান ৰাজবংশৰ এগৰাকী চীনা ভাষা কবি আছিল।
তেওঁৰ আটাইতকৈ জনপ্ৰিয় ৰচনাসমূহৰ ভিতৰত আছে বাই তৌ ইন (বাৰ্ধক্যৰ বিষয়ে গীত), জুয়েবি শ্বু (বিদায় পত্ৰ) আৰু ইউয়ানলাং শ্বি (স্বামীক দোষাৰোপ কৰা কবিতা), যদিও কিছুমান পণ্ডিতে তেওঁৰ লেখিকা হোৱাৰ ওপৰত বিতৰ্ক কৰে।২
জীৱনী
ঝুঅ’ ৱেনজুন চিচুয়ান প্ৰদেশৰ ঝুঅ’ পৰিয়ালৰ এগৰাকী মহিলা আছিল আৰু তেওঁৰ পিতৃ আছিল ঝুঅ’ ৱাংচুন। তেওঁ উচ্চ শিক্ষিত আছিল, বিশেষকৈ সংগীত আৰু কবিতাত নিপুণ আছিল। ১৬ বছৰ বয়সত বিবাহপাশত আবদ্ধ হোৱা তেওঁ সোনকালেই বিধৱা হয় আৰু পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰি আহে। চেংডুত থকাৰ সময়ত এজন বিখ্যাত কবি আৰু সংগীতজ্ঞ চিমা চিয়াংৰুক ঝুঅ’ পৰিয়ালে তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিল। ঝুঅ’ ৱেনজুনে তেওঁক চিন বজোৱা দেখি তেওঁৰ প্ৰেমত পৰে আৰু তেওঁৰ সৈতে পলাই যাবলৈ কুণ্ঠাবোধ কৰা নাছিল। খঙত তেওঁৰ পিতৃয়ে তেওঁক কোনো ধৰণৰ সহায় কৰিবলৈ অস্বীকাৰ কৰে। নতুন স্বামীৰ পৰিয়াল ধনী নোহোৱাৰ বাবে দৰিদ্ৰতাত পৰি ঝুঅ’ ৱেনজুনে এখন সুৰাৰ দোকান খোলে। নিজৰ কন্যা এগৰাকী সাধাৰণ সৰু হোটেল চলোৱা লোক হোৱাত লজ্জিত হৈ তেওঁৰ পিতৃয়ে সহায় কৰিবলৈ মান্তি হয় আৰু তেওঁলোকক ধন আৰু চাকৰ-নাকৰ দিয়ে।২
হান সম্ৰাট ৱুৱে চিমা চিয়াংৰুৰ প্ৰভাৱশালী প্ৰতিভাৰ বিষয়ে গম পায় আৰু তেওঁক ৰাজধানীত এটা চৰকাৰী পদ যাচে। তাত চিমা চিয়াংৰুৱে কেৱল শাৰীৰিকভাৱেই পত্নীৰ পৰা আঁতৰি থকাই নহয়, এগৰাকী উপপত্নী ৰখাৰ ইচ্ছা প্ৰকাশ কৰি তেওঁলৈ এখন পত্ৰও লিখিছিল। দুখিত হৈ ঝুঅ’ ৱেনজুনে এটা দীঘলীয়া কবিতাৰে সঁহাৰি দিছিল যিয়ে তেওঁক ইমান গভীৰভাৱে বিচলিত কৰিছিল যে তেওঁ নিজৰ পৰিকল্পনাৰ বাবে লজ্জিত হৈছিল আৰু তেওঁৰ ওচৰলৈ ঘূৰি আহিছিল। তেওঁলোকে বৃদ্ধ বয়সলৈকে একেলগে বাস কৰিছিল। যেতিয়া তেওঁৰ মৃত্যু হয়, তেওঁৰ সন্মানত তেওঁ এটা অন্ত্যেষ্টিক্ৰিয়াৰ স্তোত্ৰ ৰচনা কৰিছিল।২
জনপ্ৰিয় মাধ্যমত
তেওঁক ২০০৪ চনৰ চীনা টেলিভিছন ধাৰাবাহিক ফেং কিউ হুয়াংত পাৰ্ক চি-য়নে চিত্ৰায়িত কৰিছে।
তথ্যসূত্ৰ
- ↑ (2024-01-23). Zhuo Wenjun 卓文君 (175 BCE—121 BCE). Destiny of Rebirth Translation Project. Language and Culture Center (LCC) at Duke Kunshan University
- ↑ Zhang, Qian. (2017-09-12). Zhuo Wenjun: A woman of great courage and wisdom. SHINE
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝুঅ’ ৱেনজুন” প্ৰবন্ধৰ সংশোধন ৫৯০৯৩১ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।