চিকিৎসাবিদ
১৯৩ প্ৰবন্ধ
-
ভিডা মুংৱিৰা
ভিডা ভিক্টোৰিয়া মুংৱিৰা (জন্ম প্ৰায় ১৯৩৫) ৰোডেছিয়া আৰু নিয়াছালেণ্ডৰ ফেডাৰেচনৰপৰা চিকিৎসক হোৱা প্ৰথমগৰাকী আফ্ৰিকান মহিলা। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অধীনত ন্যাছালেণ্ড নামেৰে জনাজাত ভূ-খণ্ডত, আজিৰ মালাউই আৰু জিম্বাবুৱেত চিকিৎসা কৰিবলৈ আফ্ৰিকালৈ উভতি অহাৰ পূৰ্বে মুংৱিৰাই যুক্তৰাজ্যত চিকিৎসক হিচাপে…
-
ভেৰা হিংগোৰানি
ভেৰা হিংগোৰাণী (Vera Hingorani; ২৩ ডিচেম্বৰ ১৯২৪ – ২৩ এপ্ৰিল ২০১৮) এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, প্ৰসূতি বিশেষজ্ঞ, আৰু চিকিৎসা বিষয়ক লেখিকা, তেওঁ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগৰ অধ্যাপিকা আৰু মুৰব্বী আছিল।
-
মতিবাই কাপাডিয়া
মতিবাই ৰুস্তমজী কাপাডিয়া (Motibai Kapadia) এল আৰ চি পি এফ আৰ চি এছ (১৮৬৭–১৯৩০) হ'ল এগৰাকী ভাৰতীয় চিকিৎসক যিয়ে ভাৰতত পুৰুষৰ সৈতে প্ৰশিক্ষণ লোৱা পশ্চিমীয়া চিকিৎসা বিজ্ঞানৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা চিকিৎসক হিচাপে কৃতিত্ব লাভ কৰে।
-
মমতাজ সংঘমিতা
মমতাজ সংঘমিতা (Mamtaz Sanghamita) এগৰাকী ভাৰতীয় চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ পশ্চিমবংগৰ বৰধমন-দুৰ্গাপুৰ (লোকসভা সমষ্টি)ৰ পৰা ষোড়শ লোকসভাৰ সংসদ সদস্য আছিল। ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল।
-
মাধুৰী কানিটকৰ
লেফ্টটেনেণ্ট জেনেৰেল (ড॰) মাধুৰী কানিটকৰ (Madhuri Kanitkar), এভিএছএম, ভিএছএম এগৰাকী ভাৰতীয় থল সেনাৰ বিষয়া। লেফ্টটেনেণ্ট জেনেৰেল পুনিতা অৰোৰা আৰু এয়াৰ মাৰ্শ্বাল পদ্মাৱতী বন্দ্যোপাধ্যায়ৰ পিছত তেওঁ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তৃতীয় মহিলা যি তিনিতাৰকা পদলৈ উন্নীত হৈছিল।
-
মালবিকা সভাৰৱাল
ডাঃ মালবিকা সভাৰৱাল (Malvika Sabharwal) এপ’ল’ হেল্থকেয়াৰ গ্ৰুপৰ নোভা স্পেচিয়েলিটি হাস্পতাল আৰু নতুন দিল্লীৰ জীৱন মালা হাস্পতালৰ এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, লেপাৰ’স্কপিক চাৰ্জন আৰু প্ৰসূতি বিশেষজ্ঞ।
-
মালা ৰাও
মালা ৰাও (Mala Rao) চিবিই এগৰাকী ব্ৰিটিছ ভাৰতীয় চিকিৎসক যিগৰাকী ইম্পেৰিয়েল কলেজ লণ্ডনৰ প্ৰাথমিক চিকিৎসা বিভাগৰ জ্যেষ্ঠ ক্লিনিকেল ফেলো। তেওঁ এন এইচ এছ ইংলেণ্ডৰ চিকিৎসা উপদেষ্টা আৰু ৱাটাৰএইডৰ ভাইচ চেয়াৰ হিচাপে কাম কৰিছিল।
-
মালা ৰাজ
মালা ৰাজ (Mala Raj) তামিলনাডুৰ চেন্নাইৰ এগৰাকী ভাৰতীয় প্ৰসূতি, স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু লেপাৰ'স্কপিক শল্যচিকিৎসক। ২০ বছৰৰো অধিক অভিজ্ঞতাৰে তেওঁ লেপাৰ'স্কপিক পদ্ধতিৰ কামৰ বাবে পৰিচিত, য'ত হিষ্টেৰেকটমী, মাই'মেক্টমী আৰু বন্ধ্যাত্ব ব্যৱস্থাপনা আদি অন্তৰ্ভুক্ত।তেওঁৰ জড়িত হোৱা কামৰ ভিতৰত আছে জটিল আৰু…
-
মাৰিয়া মেডিনা কোয়েলি
মাৰিয়া মেডিনা কোয়েলি (১৭৬৪ চনত চিয়াভেনাত – ১৮৪৬ চনত পিয়ানেলো লাৰিঅ'ত) (হেলেনা পাৰ্পেণ্টি নামেৰেও জনাজাত) ইটালীৰ এগৰাকী চিকিৎসক, উদ্ভাৱক আৰু উদ্ভিদবিজ্ঞানী আছিল।
-
মাৰ্গাৰেট ইডা বালফ’ৰ
মাৰ্গাৰেট ইডা বালফ’ৰ চিবিই এফআৰচিঅ’জি (Margaret Ida Balfour; ২১ এপ্ৰিল ১৮৬৬ – ১ ডিচেম্বৰ ১৯৪৫) আছিল এগৰাকী স্কটিছ চিকিৎসা চিকিৎসক আৰু মহিলাৰ চিকিৎসা স্বাস্থ্যজনিত বিষয়ৰ প্ৰচাৰক, যিয়ে ভাৰতত চিকিৎসা বিজ্ঞানৰ বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।
-
মাৰ্থা মে এলিয়ট
মাৰ্থা মে এলিয়ট (Martha May Eliot; জন্ম: ৭ এপ্ৰিল, ১৮৯১ – ১৪ ফেব্ৰুৱাৰী, ১৯৭৮) এগৰাকী আমেৰিকান শিশু ৰোগ বিশেষজ্ঞ আছিল। তেওঁ জনস্বাস্থ্যৰ এগৰাকী বিশেষজ্ঞ, বিশ্ব স্বাস্থ্য সংস্থাৰ এগৰাকী সহকাৰী সঞ্চালক আৰু মাতৃ তথা শিশু স্বাস্থ্যৰ বাবে ‘নিউ ডিল’ আৰু উত্তৰ-যুদ্ধকালীন কাৰ্যসূচীসমূহৰ এগৰাকী স্থপতি আছিল।
-
মে ৰত্নায়েকে
মে ৰত্নায়েকে (১৮৯২–১৯৮৮) এগৰাকী শ্ৰীলংকাৰ চিকিৎসক, সেই দেশৰ দ্বিতীয়গৰাকী মহিলা চিকিৎসা বিজ্ঞানৰ ছাত্ৰী আৰু ইয়াৰ প্ৰথম মহিলা চিকিৎসক হিচাপে পৰিচিত।
-
মেৰবাই আৰ্দেছীৰ ৱকীল
মেৰবাই আৰ্দেছীৰ ৱকীল, ( Merbay Ardesir Vakil) জন্ম: ২৫ মে ১৮৬৮ চন – মৃত্যু: ৯ এপ্ৰিল ১৯৪১ চন; এগৰাকী ভাৰতীয়-পাৰ্চী চিকিৎসক আৰু তেওঁ স্কটিছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱা প্ৰথম এছিয়ান মহিলা।
-
মেৰী ইউ নাইলেন
মেৰী ইউছিং নাইলেন (জন্ম ১৩ এপ্ৰিল ১৯২৪) ডেনিছ-আমেৰিকান জীৱবিজ্ঞানী, দন্ত চিকিৎসক, মাইক্ৰস্কোপিষ্ট আৰু বেডমিণ্টন খেলুৱৈ যিয়ে দাঁতৰ ইনামেলৰ আকৃতিৰ ওপৰত গৱেষণা আৰু নেচনেল ইনষ্টিটিউট অৱ ডেণ্টেল এণ্ড ক্ৰেনিঅ'ফেচিয়েল ৰিচাৰ্চ (এন আই ডি আৰ)ৰ দন্ত গৱেষণাৰ সহায়ক হিচাপে ইলেক্ট্ৰন মাইক্ৰস্কোপ পৰিশোধন কৰাত…
-
মেৰী ডি ছৌছা
মেৰী মেথিল্ডা ডি ছৌছা ( Mary de Sousa) জন্মতে নাম পেৰেইৰা (১৮৯০–১৯৫৩) হ'ল এগৰাকী ভাৰতীয়-কেনিয়াৰ চিকিৎসক। ১৯১৯ চনৰ পৰা প্ৰেকটিচ কৰা কেনিয়াৰ প্ৰথমগৰাকী এছিয়ান মহিলা চিকিৎসক।
-
মেৰী থমাছ
মাৰিয়া এমিলিয়া থমাছ (১৭ ফেব্ৰুৱাৰী ১৮৯৬ – ১০ অক্টোবৰ ১৯৬৬),বা মেৰী থমাছ নামেৰে বেছি পৰিচিত, ইণ্ডোনেছিয়ান প্ৰথমগৰাকী মহিলা চিকিৎসক। ১৯২২ চনত স্কুল অৱ ট্ৰেইনিং অৱ নেটিভ ফিজিচিয়ান (STOVIA বা School tot Opleiding van Indische Artsen)ৰ পৰা ডিপ্লমা লাভ কৰে।
-
মেৰী পুনেন লুকোস
মেৰী পুনেন লুকোস (Mary Poonen Lukose; ২ আগষ্ট ১৮৮৬ - ২ অক্টোবৰ ১৯৭৬) এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, প্ৰসূতি বিশেষজ্ঞ আৰু ভাৰতৰ প্ৰথম মহিলা চাৰ্জন জেনেৰেল।
-
মেৰী বক্সেইন
মেৰী লাৰ্চেন বক্সেইন এগৰাকী আমেৰিকান বায়’মেকানিকেল ইঞ্জিনিয়াৰ আৰু এগৰাকী অস্থিৰোগ গৱেষক। তেওঁ আমেৰিকান ছ’চাইটি ফৰ ব’ন এণ্ড মিনাৰেল ৰিচাৰ্চৰ সভানেত্ৰী, বেথ ইজৰাইল ডিকনেছ মেডিকেল চেণ্টাৰৰ চেণ্টাৰ অৱ এডভান্সড অৰ্থপেডিক ষ্টাডিজৰ পৰিচালক, হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ অৰ্থপেডিক চাৰ্জাৰী বিভাগৰ অধ্যাপিকা।
-
ললিত কুমাৰ বৰুৱা
ললিত কুমাৰ বৰুৱা অসমৰ এগৰাকী চিকিৎসক, সাহিত্যিক আৰু সমাজহিতৈষী ব্যক্তি আছিল। তেখেতৰ নিজৰ গ্ৰন্থ প্ৰকাশন আৰু ফাৰ্মাচী আছিল। বৰুৱাৰ প্ৰকাশনটোৰ নাম- ‘বিজয় প্ৰকাশ ভৱন’ আৰু ফাৰ্মাচীখনৰ নাম আছিল- ‘মাধৱদেৱ মেডিকেল হ’ল’। তেখেতেই নেতৃত্ব বহন কৰি নগাঁৱত হলধৰ ভূঞা সমন্বিতে শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ জন্ম দিয়ে।
-
লিঅ’নিড ৰগ’জভ
লিঅ’নিড ইভান’ভিচ ৰগ’জভ (Леонид Иванович Рогозов; ১৪ মাৰ্চ ১৯৩৪ – ২১ ছেপ্টেম্বৰ ২০০০) এজন ছোভিয়েট চিকিৎসক যি ১৯৬০-৬১ চনত ষষ্ঠ ছোভিয়েট এণ্টাৰ্কটিকা অভিযানত অংশগ্ৰহণ কৰিছিল।
-
লিন কৰ্ক’ৰান
লিন মেৰী কৰ্ক’ৰান এগৰাকী আমেৰিকান–অষ্ট্ৰেলিয়ান ইমিউন’লজিষ্ট যি ৱালটাৰ এণ্ড এলিজা হল ইনষ্টিটিউটৰ ইমিউন’লজীৰ অধ্যাপিকা। তেওঁৰ গৱেষণাই কেন্সাৰ, পেৰাচাইট’লজী আৰু ইমিউন’লজীৰ কথা বিবেচনা কৰে, বি কোষ জীৱবিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ২০১৩ চনত তেওঁক ভিক্টোৰিয়া চৰকাৰৰ অনাৰ ৰোলত অন্তৰ্ভুক্ত কৰা হৈছিল।
-
লিনেট মাৰ্চ
লিনেট (লিন) মাৰ্চ'এ এম অষ্ট্ৰেলিয়াৰ এগৰাকী বাতৰোগ বিশেষজ্ঞ আৰু ক্লিনিকেল এপিডেমিঅ’লজিষ্ট। তেওঁ অষ্ট্ৰেলিয়াৰ চিডনী বিশ্ববিদ্যালয়ৰ চিকিৎসা আৰু স্বাস্থ্য অনুষদৰ বাতবিজ্ঞান আৰু পেশী-কংকাল মহামাৰীবিজ্ঞানৰ লিগিন্স অধ্যাপিকা।
-
লুইজ ব’ৰ্চিয়াৰ
লুইজ (বুৰ্জোঁৱা) ব’ৰ্চিয়াৰ (১৫৬৩-১৬৩৬) ফ্ৰান্সৰ ৰজা চতুৰ্থ হেনৰীৰ দৰবাৰত ৰাজকীয় ধাত্ৰী আছিল আৰু সেই দেশৰ প্ৰথমগৰাকী মহিলা লেখিকা যিয়ে চিকিৎসা গ্ৰন্থ প্ৰকাশ কৰিছিল।
-
লুচি ওমমেন
লুচি ওমমেন (Lucy Oommen) হ'ল এগৰাকী ভাৰতীয় স্ত্ৰী ৰোগ বিশেষজ্ঞ আৰু দিল্লীৰ ছেইণ্ট ষ্টিফেনছ চিকিৎসালয়ৰ ভাৰতীয় মূলৰ প্ৰথমজন চিকিৎসা সঞ্চালক। দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যত পি.কে.ওমমেন আৰু কোচনাম্মাৰ ঘৰত জন্মগ্ৰহণ কৰা জেকব ওমমেন আৰু এলিছৰ ভগ্নী, তেওঁ ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজ এণ্ড হস্পিতালৰ পৰা…
-
ল’ৰা আয়াৰ্ছ
ল’ৰা আয়াৰ্ছ (১ জুন ১৯২২ – ১৬ জানুৱাৰী ১৯৯২) এইডছৰ বিৰুদ্ধে কৰা যুঁজত পৰ্তুগালৰ অন্যতম অগ্ৰণী ব্যক্তি আছিল এজন ভাইৰ’লজিষ্ট।
-
শশী ৱাধৱা
শশী ৱাধৱা (Shashi Wadhwa, জন্ম: ৩০ জুলাই ১৯৪৮) এগৰাকী ভাৰতীয় চিকিৎসা বিজ্ঞানী। ২০১২ চনত তেওঁ নতুন দিল্লীত অৱস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ দেহতত্ত্ব বিভাগৰ ডিন পদত অধিষ্ঠিত হৈছিল।
-
শীলা মেহৰা
শীলা মেহৰা (Shiela Mehra) হ'ল এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, প্ৰসূতি বিশেষজ্ঞ আৰু নতুন দিল্লীৰ মূলচান্দ হাস্পতালৰ স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগৰ সঞ্চালিকা।
-
শীলা সিং পল
ডা° (প্ৰফেচাৰ) শীলা সিং পল, এম আৰ চি পি, এফ আৰ চি পি, ডি চি এইচ, ডি টি এম (১২ ছেপ্টেম্বৰ ১৯১৬ – ১১ জানুৱাৰী ২০০১) নতুন দিল্লীৰ কলাৱতী সাৰণ শিশু চিকিৎসালয়ৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক আছিল। এই দায়িত্ব লোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা আৰু সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪০ বছৰ।
-
শ্বিফায় ইছফাহানী
শ্বিফায় ইছফাহানী (Shifa'i Isfahani) (জন্ম, ১৫৪৯ বা ১৫৫৮/৫৯ – মৃত্যু,৯ মে' ১৬২৮) ১৬ আৰু ১৭ শতিকাত ছাফাৱী ইৰাণৰ এজন চিকিৎসক আৰু কবি আছিল আৰু প্ৰথম শ্বাহ আব্বাছ (১৫৮৭–১৬২৯ চনত ৰাজত্ব কৰিছিল)ৰ কবি বঁটা বিজয়ী আছিল।
-
সমীৰা ইছলাম
সমীৰা ইব্ৰাহিম ইছলাম (আৰবী: سميرة إسلام) এগৰাকী চৌদি আৰৱৰ ঔষধবিজ্ঞানী। তেওঁ কিং আব্দুলজিজ ইউনিভাৰ্ছিটিৰ কিং ফাহদ মেডিকেল ৰিচাৰ্চ চেণ্টাৰৰ ড্ৰাগ মনিটৰিং ইউনিটৰ মুৰব্বী। চৌদি আৰৱৰ মহিলাসকলৰ বাবে আনুষ্ঠানিক বিশ্ববিদ্যালয় শিক্ষা নিশ্চিত কৰাত তেওঁৰ ভূমিকা উল্লেখযোগ্য আছিল।