অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মতিবাই কাপাডিয়া

মতিবাই ৰুস্তমজী কাপাডি‍য়া (Motibai Kapadia) এল আৰ চি পি এফ আৰ চি এছ (১৮৬৭–১৯৩০) হ'ল এগৰাকী ভাৰতীয় চিকিৎসক যিয়ে ভাৰতত পুৰুষৰ সৈতে প্ৰশিক্ষণ লোৱা পশ্চিমীয়া চিকিৎসা বিজ্ঞানৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা চিকিৎসক হিচাপে কৃতিত্ব লাভ কৰে।

হালনাগাদ: ২৫ ফেব্ৰুৱাৰী ২০২৫ ২৬৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মতিবাই ৰুস্তমজী কাপাডি‍য়া (Motibai Kapadia) এল আৰ চি পি এফ আৰ চি এছ (১৮৬৭–১৯৩০) হ'ল এগৰাকী ভাৰতীয় চিকিৎসক যিয়ে ভাৰতত পুৰুষৰ সৈতে প্ৰশিক্ষণ লোৱা পশ্চিমীয়া চিকিৎসা বিজ্ঞানৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা চিকিৎসক হিচাপে কৃতিত্ব লাভ কৰে। ১৮৮৪ চনত মুম্বাইৰ গ্ৰাণ্ট মেডিকেল কলেজত নামভৰ্তি কৰে আৰু তাৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে। ৰয়েল কলেজ অৱ ফিজিচিয়ানছৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিছত তেওঁক আহমেদাবাদ মহিলাৰ ভিক্টোৰিয়া জুবিলি চিকিৎসালয়ৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল। ১৮৯১ চনত তেওঁ এফ. আৰ. চি. এছ.-ত যোগ্যতা অৰ্জন কৰে।

১৯১১ চনত পঞ্চম জৰ্জ আৰু মেৰীৰ ৰাজ অভিষেকৰ পিছত ১৯১১ চনৰ দিল্লী দৰবাৰ সন্মানত কাপাডিয়াই কাইছাৰ-ই-হিন্দ পদক লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৮৬৭ চনত মুম্বাই, তেতিয়াৰ বোম্বাইত এটা ধনী পাৰ্চী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মতিবাই কাপাডিয়াৰ।১২ ১৮৮৪ চনত তেওঁৰ চিনাকি কেইবাজনো লোকৰ বিৰোধিতা সত্ত্বেও কাপাডি‍য়াই ডাফেৰিন ফাণ্ডৰ জৰিয়তে মুম্বাইৰ গ্ৰাণ্ট মেডিকেল কলেজত নামভৰ্তি লাভ কৰে।৩১৪ তাত তেওঁৰ দেউতাকে তেওঁক পুৰুষৰ সৈতে পঢ়িবলৈ অনুমতি দিছিল।৩ তেওঁ ১৮৮৭ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত এবছৰ কামা হাস্পতালত কাম কৰে।৫ ১৮৮৮ চনত ইংলেণ্ডলৈ গৈ ৰাটনবাই মালাবাৰীৰ সৈতে এল.আৰ.চি.পি লাভ কৰে।১৪

কেৰিয়াৰ

ডাঃ মতিবাই ৰুস্তমজী কাপাডিয়া ৰাজহুৱা প্ৰেক্ষাগৃহ (২১ ফেব্ৰুৱাৰী ১৯২৮)
ডাঃ মতিবাই ৰুস্তমজী কাপাডিয়া ৰাজহুৱা প্ৰেক্ষাগৃহ (২১ ফেব্ৰুৱাৰী ১৯২৮)ছবি: Unknown author · Public domain

১৮৮৯ চনত ব্ৰিটেইনৰ পৰা উভতি অহাৰ পিছত উদ্যোগপতি ৰাঞ্চোদলাল ছোটালালে তেতিয়াৰ ব'ম্বে প্ৰেচিডেন্সিত কপাডিয়াক তেওঁৰ নতুনকৈ স্থাপিত ভিক্টোৰিয়া জুবিলি চিকিৎসালয় আৰু গুজৰাট আহমেদাবাদৰ ইয়াৰ ঔষধালয়ৰ দায়িত্বত নিযুক্ত কৰে।২৬৭ তাত তেওঁ এগৰাকী প্ৰখ্যাত মহিলা চিকিৎসক আছিল, যিয়ে ভাল কাম কৰিছিল আৰু ৩৬ বছৰ ধৰি সেই পদত আছিল।৮৯১০ ১৮৯১ চনত তেওঁ এফ.আৰ.চি.এছ.-ত যোগ্যতা অৰ্জন কৰে।৩ আহমেদাবাদত তেওঁ কালুপুৰ আৰু খাদিয়াৰ মাজৰ কোনোবা এটা ৰাস্তাত বাস কৰিছিল।১১ ১৮৯৭ চনত ৰাণী ভিক্টোৰিয়াৰ হীৰক জয়ন্তীৰ প্ৰস্তুতিৰ বাবে ইংৰাজী ভাষণৰ খচৰা প্ৰদান কৰিবলৈ আহমেদাবাদৰ লেডিজ ক্লাৱক প্ৰতিনিধিত্ব কৰিবলৈ তেওঁক নিৰ্বাচিত কৰা হৈছিল।১২১৩

কপাডিয়াই পাছত ব্ৰিটেইনলৈ ঘূৰি গৈছিল, তাৰ পাছত ১৯২১ চনত এছ.এছ.দেৱনহত ভাৰতলৈ উভতি আহিছিল।১৪ কানাডিয়ান শিক্ষাবিদ জেৰাল্ডিন ফ'ৰ্বছৰ মতে, চিকিৎসালয়ৰ সহায়কসকলে ব'ম্বেৰ চিকিৎসকসকলৰ দ্বাৰা সেই ক্ষেত্ৰত প্ৰশিক্ষণ লোৱাৰ ফলস্বৰূপে বংগত পশ্চিমীয়া ঔষধৰ সম্প্ৰসাৰণ ঘটিছিল, য'ত কপাডিয়াও আছিল।১৫

মৃত্যু আৰু উত্তৰাধিকাৰ

১৯১১ চনৰ ১২ ডিচেম্বৰত পঞ্চম জৰ্জ আৰু মেৰীৰ ৰাজ অভিষেকৰ পিছত ১৯১১ চনৰ দিল্লী দৰবাৰ সন্মানত কাপাডিয়াই কাইছাৰ-ই-হিন্দ পদক লাভ কৰে।১৬১৭ ১৯৩০ চনত কপাডিয়াৰ মৃত্যু হয়।২ তেওঁক ভাৰতত পুৰুষৰ সৈতে প্ৰশিক্ষণ লোৱা পশ্চিমীয়া চিকিৎসা বিজ্ঞানৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা চিকিৎসক হোৱাৰ কৃতিত্ব দিয়া হয়।১৮ ইতিহাসবিদ মাক্ৰন্দ মেহতাই কাপাডি‍য়াক গুজৰাটৰ উল্লেখযোগ্য প্ৰভাৱশালী ব্যক্তিত্বৰ কৃতিত্ব দিয়ে।২ লেখিকা কবিতা ৰাৱে কাপাডি‍য়াক যথেষ্ট উল্লেখযোগ্য বুলি গণ্য কৰিছিল যাৰ বাবে তেওঁৰ লেডী ডাক্তৰছ নামৰ গ্ৰন্থখনত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও তেওঁৰ বিষয়ত পৰ্যাপ্ত আৰ্কাইভ সামগ্ৰী বিচাৰি উলিয়াব নোৱাৰাৰ বাবে তেওঁক বাদ দিছিল।১৯

তথ্যসূত্ৰ

  1. ↑ Bhadra, Mita. (2011). Indian Women in Medicine: An Enquiry Since 1880. Indian Anthropologist. পৃ. 17–43
  2. ↑ (18 May 2013). Gujarat's first lady doctor treated sexism and untouchability too. The Times of India
  3. ↑ (1975). The Journal of Family Welfare. Family Planning Association of India. পৃ. 68
  4. ↑ (6 February 1888). https://www.britishnewspaperarchive.co.uk/viewer/bl/0001842/18880206/055/0003
  5. ↑ (1889). The Indian Magazine. National Indian Association in Aid of Social Progress and Education in India. পৃ. 545
  6. ↑ (28 January 1892). https://www.britishnewspaperarchive.co.uk/viewer/bl/0000540/18920128/105/0005
  7. ↑ Ramanna. (2008). Women Physicians as Vital Intermediaries in Colonial Bombay. Economic and Political Weekly. পৃ. 71–78
  8. ↑ Darukhanawala. (1953). Parsi Lustre On Indian Soil Vol Ii. পৃ. 132
  9. ↑ (1909). National Association For Supplying Female Medical Aid To The Women Of India Twenty-fifth Annual Report. Superintendent Government Printing. পৃ. 9
  10. ↑ Lahiri. (2000). Indians in Britain: Anglo-Indian Encounters, Race and Identity, 1880-1930. Frank Cass Publishers. পৃ. 12–13. ISBN 0-7146-4986-4
  11. ↑ (21 November 2022). https://timesofindia.indiatimes.com/city/ahmedabad/from-industrial-to-intangible-aspects-citys-legacy-assessed/articleshow/95648865.cms
  12. ↑ (5 July 1897). https://www.britishnewspaperarchive.co.uk/viewer/bl/0001712/18970705/012/0005
  13. ↑ (5 July 1897). Ladies Club. Homeward Mail from India, China and the East County. পৃ. 5
  14. ↑ (15 July 1921). UK and Ireland, Outward Passenger Lists, 1890-1960. ancestry.co.uk. The National Archive. পৃ. 21
  15. ↑ Ramanna. (2012). Health Care in Bombay Presidency, 1896-1930. Primus Books. পৃ. 103. ISBN 978-93-80607-24-5
  16. ↑ (1912). Who's who in India. Newul Kishore Press. পৃ. 180. ISBN 978-5-87230-125-7
  17. ↑ (1911). UK, Registers of Employees of the East India Company and the India Office, 1746-1939. The India Office List India. পৃ. 193
  18. ↑ Abidi, Nigar Fatima. (September 1988). Women's participation in the medical profession: the Indian case. International Sociology. পৃ. 235–249
  19. ↑ Narayanan, Nayantara. (8 July 2021). "There's a lot of blood, sweat and tears": The price that India's first women doctors paid to break barriers. caravanmagazine.in

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মতিবাই কাপাডিয়া” প্ৰবন্ধৰ সংশোধন ৪৮২৭৪৩ (২৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।