অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভিডা মুংৱিৰা

ভিডা ভিক্টোৰিয়া মুংৱিৰা (জন্ম প্ৰায় ১৯৩৫) ৰোডেছিয়া আৰু নিয়াছালেণ্ডৰ ফেডাৰেচনৰপৰা চিকিৎসক হোৱা প্ৰথমগৰাকী আফ্ৰিকান মহিলা। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অধীনত ন্যাছালেণ্ড নামেৰে জনাজাত ভূ-খণ্ডত, আজিৰ মালাউই আৰু জিম্বাবুৱেত চিকিৎসা কৰিবলৈ আফ্ৰিকালৈ উভতি অহাৰ পূৰ্বে মুংৱিৰাই যুক্তৰাজ্যত চিকিৎসক হিচাপে…

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২২৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ভিডা ভিক্টোৰিয়া মুংৱিৰা (জন্ম প্ৰায় ১৯৩৫) ৰোডেছিয়া আৰু নিয়াছালেণ্ডৰ ফেডাৰেচনৰপৰা চিকিৎসক হোৱা প্ৰথমগৰাকী আফ্ৰিকান মহিলা। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অধীনত ন্যাছালেণ্ড নামেৰে জনাজাত ভূ-খণ্ডত, আজিৰ মালাউই আৰু জিম্বাবুৱেত চিকিৎসা কৰিবলৈ আফ্ৰিকালৈ উভতি অহাৰ পূৰ্বে মুংৱিৰাই যুক্তৰাজ্যত চিকিৎসক হিচাপে প্ৰমাণ-পত্ৰ লাভ কৰে।

জীৱনী

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অধীনত দক্ষিণ আফ্ৰিকাত ডাঙৰ-দীঘল হৈছিল মুংৱিৰা। মুংৱিৰাৰ পৰিয়ালটো নিয়াছালেণ্ড নামেৰে জনাজাত এখন জিলাৰ আছিল, যিখন জিলা তেতিয়াৰ ফেডাৰেচন অৱ ৰোডেছিয়া এণ্ড নিয়াছালেণ্ডৰ অংশ আছিল। মুংৱিৰা চেৱা ভাষাত ডাঙৰ-দীঘল হৈছিল আৰু বাণ্টু জনগোষ্ঠীৰ সদস্য আছিল।১

জিম্বাবুৱেৰ মাছোনালেণ্ড কেন্দ্ৰীয় প্ৰদেশৰ আজিৰ মাজোৱে জিলাৰ এখন গাঁও গ্লেণ্ডেল চহৰৰ চেলভেচন আৰ্মী মিছনে পৰিচালনা কৰা হাৱাৰ্ড ইনষ্টিটিউটত মুংৱিৰাৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰা হৈছিল। পিছলৈ তেওঁ ইনান্দা চেমিনাৰী স্কুলত মাধ্যমিক অধ্যয়ন গ্ৰহণ কৰে আৰু তাৰ পিছত ফ'ৰ্ট হেৰে বিশ্ববিদ্যালয়ত ১৯৫৪ চনত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।২১৩ সেই সময়ত দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য ব্যৱস্থাৰ বাবে ফ'ৰ্ট হেৰে বিশ্ববিদ্যালয় আছিল কেৱল কৃষ্ণাংগ ছাত্ৰ-ছাত্ৰীক সেৱা আগবঢ়োৱা এটা প্ৰতিষ্ঠান।৪

১৯৫৫ চনত মুংৱিৰাই ব্ৰিষ্টল বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰ বাবে যুক্তৰাজ্যলৈ যাত্ৰা কৰে। ১৯৬১ চনৰ জুলাই মাহত ২৬ বছৰ বয়সত ডিগ্ৰী লাভ কৰে।৫৬ স্নাতক ডিগ্ৰী লাভ কৰাৰ লগে লগে মুংৱিৰা ৰোডেছিয়া আৰু নিয়াছালেণ্ডৰ ভূ-খণ্ডৰপৰা চিকিৎসক হিচাপে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী আফ্ৰিকান মহিলা হিচাপে পৰিগণিত হয়।৭৮ স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ এবছৰৰ বাবে বাধ্যতামূলক ব্যাৱহাৰিক প্ৰশিক্ষণৰ বাবে যুক্তৰাজ্যত থাকে।১

১৯৬২ চনত ২৭ বছৰ বয়সত মুংৱিৰা আফ্ৰিকালৈ উভতি আহি চিকিৎসা চৰ্চা কৰে।৯ চিকিৎসক হিচাপে তাইৰ পিছৰ জীৱনৰ বিষয়ে বহুত কমেইহে জনা যায়। উভতি অহাৰ লগে লগে তেওঁ ডাঙৰ-দীঘল হোৱা গৃহ প্ৰদেশ ন্যাছালেণ্ডৰ এখন গ্ৰাম্য চিকিৎসালয়ত চিকিৎসা চৰ্চা কৰিবলৈ পছন্দ কৰে।১ ১৯৬৪ চনলৈকে ন্যাছালেণ্ডৰ অস্তিত্ব আছিল, তাৰ পিছত ই ব্ৰিটেইনৰপৰা স্বাধীন হৈছিল আৰু ইয়াৰ নাম মালাউই ৰখা হৈছিল। ১৯৭০ চনত মুংৱিৰাৰ চিকিৎসালয় চেলিছবেৰী (বৰ্তমানৰ হাৰাৰে)ত আছিল।১০

তথ্যসূত্ৰ

  1. ↑ Dr. Vida Mungwira: Federation's first African woman doctor. journals.co.za
  2. ↑ Allman, Jean; Geiger, Susan; Musisi, Nakanyike. (2002-04-01). Women in African Colonial Histories. Indiana University Press. পৃ. 186. ISBN 978-0-253-10887-6
  3. ↑ Healy-Clancy, Meghan. (2014-06-19). A World of Their Own: A History of South African Women's Education. University of Virginia Press. ISBN 978-0-8139-3609-3
  4. ↑ Mwasi, Edward D. (2006). Reminiscences of My Detention, 1959-1960. The Society of Malawi Journal. পৃ. 40–49
  5. ↑ (1961). Medical News. The British Medical Journal. পৃ. 322
  6. ↑ (1961). Universities And Colleges. The British Medical Journal. পৃ. 184–185
  7. ↑ "Ali dotolo wamkazi" (She is a female doctor), Nkhani za kum'mawa, 19 Sept. 1961
  8. ↑ Englund, H. (2015). Anti Anti-Colonialism: Vernacular Press and Emergent Possibilities in Colonial Zambia. Comparative Studies in Society and History. পৃ. 221–247
  9. ↑ "QUICK", The Straits Times, 22 August 1962, p. 3
  10. ↑ (1971). Medical Directory. Churchill Livingstone. পৃ. 1836

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিডা মুংৱিৰা” প্ৰবন্ধৰ সংশোধন ৬২৪৮৭৭ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।