অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

মেৰী ডি ছৌছা

মেৰী মেথিল্ডা ডি ছৌছা ( Mary de Sousa) জন্মতে নাম পেৰেইৰা (১৮৯০–১৯৫৩) হ'ল এগৰাকী ভাৰতীয়-কেনিয়াৰ চিকিৎসক। ১৯১৯ চনৰ পৰা প্ৰেকটিচ কৰা কেনিয়াৰ প্ৰথমগৰাকী এছিয়ান মহিলা চিকিৎসক।

হালনাগাদ: ২৩ ফেব্ৰুৱাৰী ২০২৫ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মেৰী মেথিল্ডা ডি ছৌছা ( Mary de Sousa) জন্মতে নাম পেৰেইৰা (১৮৯০–১৯৫৩) হ'ল এগৰাকী ভাৰতীয়-কেনিয়াৰ চিকিৎসক। ১৯১৯ চনৰ পৰা প্ৰেকটিচ কৰা কেনিয়াৰ প্ৰথমগৰাকী এছিয়ান মহিলা চিকিৎসক।১

জীৱন

পিটাৰ পল পেৰেইৰাৰ চৈধ্যটা সন্তানৰ ভিতৰত অন্যতম বম্বেৰ মাজাগনত ডাঙৰ-দীঘল হৈছিল মেৰী মেথিল্ডা পেৰেইৰা। তেওঁ ১৯১৪ চনত গ্ৰাণ্ট মেডিকেল কলেজৰ পৰা মেডিচিন আৰু চাৰ্জাৰীত লাইচেন্সিয়েট হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে। কেৰাৱালা প্ৰসূতি চিকিৎসালয়ত কাম কৰিবলৈ বম্বেলৈ উভতি অহাৰ পূৰ্বে ভৱনগৰ জিলা আৰু ছোটা উদয়পুৰ জিলাত চিকিৎসা বিষয়া হিচাপে কাম কৰিছিল।১৯১৯ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লাহোৰ অধিৱেশনত অংশগ্ৰহণ কৰে।১

১৯১৯ চনত ডাঃ এলেক্স কেটানো লেক্টানচিঅ’ ডি ছৌছাক বিয়া কৰাই তেওঁৰ সৈতে নাইৰোবিলৈ গুচি যায়। তাত তেওঁ এগৰাকী চিকিৎসক আৰু ধাই হিচাপে কাম কৰিছিল।১ ১৯২৬ চনত লেডী গ্ৰীগ ৱেলফেয়াৰ লীগ গঠন হোৱাৰ পিছত ডি ছৌছাই ভাৰতীয় মহিলাসকলৰ বাবে এখন প্ৰসূতি চিকিৎসালয় লেডী গ্ৰীগ ইণ্ডিয়ান মেটাৰ্নিটি হোম নিৰ্মাণৰ বাবে সফলতাৰে ধন সংগ্ৰহ কৰে।২ তেওঁ আৰু তেওঁৰ স্বামীয়ে গৱৰ্ণৰ ব’ৰ্ডত স্থান লাভ কৰিবলৈ অস্বীকাৰ কৰিছিল, কিয়নো চিকিৎসালয়খনৰ সংবিধানত কমিটীত ভাৰতীয় আৰু ইউৰোপীয়সকলৰ সুষম প্ৰতিনিধিত্বৰ ব্যৱস্থা নাছিল। তেওঁ ভাৰতীয় শিক্ষা পৰিষদ, আৰু ছোৱালী গাইড আৰু বয় স্কাউটৰ সৈতেও জড়িত আছিল।১

মেৰী ডি ছৌছাই তেওঁৰ ঘৰত গুৰুত্বপূৰ্ণ ভাৰতীয় দৰ্শনাৰ্থীক আতিথ্য দিছিল, যেনে- দুবাৰকৈ পূব আফ্ৰিকান ইণ্ডিয়ান নেচনেল কংগ্ৰেছৰ নেতৃত্ব দিয়া সৰোজিনি নাইডু। ১৯৪০ চনৰ মাজভাগত তেওঁ অসুস্থ হৈ পৰে, আৰু জীৱনৰ শেষৰ দশকটো বেছিভাগেই ঘৰতে আৱদ্ধ হৈ থাকে।১

ব্যক্তিগত জীৱন

১৯১৯ চনত মেৰী পেৰেইৰাই সহযোগী চিকিৎসা চিকিৎসক এলেক্সিঅ’ কেটানো লেক্টানচিঅ’ ডি ছৌছাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ১৯৫৩ চনত নাইৰোবিত ৬৩ বছৰ বয়সত মৃত্যু হোৱাৰ সময়লৈকে‍ তেওঁ তেওঁক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ তিনিটা সন্তান আছিল থিও, পিটাৰ আৰু অ’ৰা; তেওঁলোকৰ পুত্ৰ পিটাৰ এ ডি ছৌছাও পিতৃ-মাতৃৰ দৰেই চিকিৎসক হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Margaret Frenz. (2016). Doctors beyond Borders: The Transnational Migration of Physicians in the Twentieth Century. University of Toronto Press. পৃ. 150–1. ISBN 978-1-4426-2961-5
  2. ↑ A. Greenwood; H. Topiwala. (2016). Indian Doctors in Kenya, 1895-1940: The Forgotten History. Palgrave Macmillan UK. পৃ. 142. ISBN 978-1-137-44053-2

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰী ডি ছৌছা” প্ৰবন্ধৰ সংশোধন ৪৮১৪৫৩ (২৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।