লিঅ’নিড ইভান’ভিচ ৰগ’জভ (Леонид Иванович Рогозов; ১৪ মাৰ্চ ১৯৩৪ – ২১ ছেপ্টেম্বৰ ২০০০) এজন ছোভিয়েট চিকিৎসক যি ১৯৬০-৬১ চনত ষষ্ঠ ছোভিয়েট এণ্টাৰ্কটিকা অভিযানত অংশগ্ৰহণ কৰিছিল। ১৯৬১ চনৰ এপ্ৰিল মাহত ন'ভ'লাজাৰেভস্কায়া ষ্টেচনত থকাৰ সময়তে তেওঁ এপেণ্ডিচাইটিছ ৰোগত আক্ৰান্ত হৈছিল আৰু সেই সময়ত তাত একমাত্ৰ চিকিৎসক হোৱা বাবে তেওঁ নিজৰে এপেণ্ডিচেক্টমী অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল।১২
প্ৰাৰম্ভিক জীৱন
লিঅ’নিড ৰগ'জভৰ জন্ম হৈছিল মংগোলিয়া আৰু চীনৰ সৈতে ছ'ভিয়েট সীমান্তৰ পৰা ১০ মাইলতকৈ অলপ বেছি দূৰত্বত থকা পূব চাইবেৰিয়াৰ এখন দুৰ্গম গাঁও চিটা অব্লাষ্টৰ বৰ্জিনস্কি জিলাৰ দৌৰিয়াত। ১৯৪৩ চনত দ্বিতীয় বিশ্বযুদ্ধত তেওঁৰ পিতৃৰ মৃত্যু হৈছিল। ১৯৫৩ চনত ৰগ'জভে ক্ৰাছনোয়াৰ্স্ক ক্ৰাইৰ মিনুচিনস্কৰ এখন মাধ্যমিক বিদ্যালয়ত অধ্যয়ন সম্পূৰ্ণ কৰে আৰু লেনিনগ্ৰাড পেডিয়াট্ৰিক মেডিকেল ইনষ্টিটিউট (বৰ্তমান ছেইণ্ট পিটাৰ্ছবাৰ্গ ষ্টেট পেডিয়াট্ৰিক মেডিকেল ইউনিভাৰ্চিটি)ত ভৰ্তি হয়। ১৯৫৯ চনত সাধাৰণ চিকিৎসক হিচাপে স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ অস্ত্ৰোপচাৰৰ বিশেষজ্ঞ হ’বলৈ ক্লিনিকেল প্ৰশিক্ষণ আৰম্ভ কৰে। ১৯৬০ চনৰ ছেপ্টেম্বৰ মাহত ২৬ বছৰ বয়সত তেওঁ প্ৰশিক্ষণৰ পৰা বিৰতি লৈ ষষ্ঠ ছোভিয়েট এণ্টাৰ্কটিকা অভিযানত চিকিৎসক হিচাপে যোগদান কৰে।
এণ্টাৰ্কটিকাত সেৱা
১৯৬০ চনৰ ছেপ্টেম্বৰৰ পৰা ১৯৬২ চনৰ অক্টোবৰলৈকে ৰগ’জভে এণ্টাৰ্কটিকাত কাম কৰিছিল। ১৯৬১ চনৰ জানুৱাৰী মাহত স্থাপিত ন'ভ'লাজাৰেভস্কায়া ষ্টেচনত তেৰজনীয়া গৱেষকৰ দলৰ বাবে তেওঁ একমাত্ৰ চিকিৎসক আছিল।
১৯৬১ চনৰ ২৯ এপ্ৰিলৰ পুৱা ৰগ’জভৰ সাধাৰণ দুৰ্বলতা, বমি আৰু মধ্যমীয়া জ্বৰ হোৱাৰ লগতে পিছলৈ পেটৰ সোঁফালৰ তলৰ অংশত বিষ হয়। ৰক্ষণশীল চিকিৎসাই সহায় কৰা নাছিল। ৩০ এপ্ৰিলৰ ভিতৰত স্থানীয় পেৰিট’নাইটিছৰ লক্ষণ দেখা গ’ল আৰু সন্ধিয়ালৈকে তেওঁৰ অৱস্থা যথেষ্ট বেয়া হৈ পৰে। নিকটতম ছোভিয়েট গৱেষণা কেন্দ্ৰ মিৰ্নি তেওঁ থকা ন'ভ'লাজাৰেভস্কায়াৰ পৰা ১০০০ মাইলতকৈও অধিক দূৰত আছিল। আন দেশৰ এণ্টাৰ্কটিক গৱেষণা কেন্দ্ৰত বিমান উপলব্ধ নাছিল। লগতে তীব্ৰ তুষাৰপাতে বিমান অৱতৰণ কৰাতো বাধা দিছিল। ৰগ’জভে নিজে নিজৰ ওপৰত অস্ত্ৰোপচাৰ কৰাৰ বাহিৰে আন বিকল্প নাপালে।
১ মে’ৰ স্থানীয় সময় অনুসৰি ০২:০০ বজাৰ পৰা এজন চালক আৰু বতৰ বিজ্ঞানীৰ সহায়ত অপাৰেচন আৰম্ভ হ'ল। বাকী দুজনে যন্ত্ৰপাতি আৰু দাপোণ ধৰি ৰাখিছিল যাতে ৰগ’জভে প্ৰত্যক্ষভাৱে দেখা নোপোৱা ঠাইবোৰ চাব পাৰে। ৰগ’জভ অৰ্ধ হেলান অৱস্থাত পৰি আধা বাওঁফালে ঘূৰি আছিল। পেটৰ বেৰৰ স্থানীয় এনাস্থেচিয়াৰ বাবে ০.৫% ন’ভ’কেইনৰ দ্ৰৱ ব্যৱহাৰ কৰা হৈছিল। ৰগ’জভে পেটত ১০–১২ ছেণ্টিমিটাৰ কাটে কিন্তু পেৰিটনিয়াম কাটি থাকোঁতে তেওঁ ভুলতে অন্ধনল কাটি দিয়ে আৰু চিলাই কৰিবলগীয়া হয়। তাৰ পিছত তেওঁ পৰিশেষিকা (শৰীৰস্থান)টো উলিয়াই আনে। তেওঁৰ প্ৰতিবেদন অনুসৰি এপেণ্ডিক্সৰ গুৰিতে ক’লা দাগ থকা দেখা গৈছিল আৰু ৰগ'জভে অনুমান কৰিছিল যে এদিনৰ ভিতৰতে ই ফাটিলহেঁতেন। এপেণ্ডিক্স কাটি পোনে পোনে পেৰিটনিয়েল গহ্বৰত প্ৰতিজৈৱিক প্ৰয়োগ কৰা হ’ল। অস্ত্ৰোপচাৰ আৰম্ভ হোৱাৰ প্ৰায় ৩০–৪০ মিনিটৰ পিছত সাধাৰণ দুৰ্বলতা আৰু বমিৰ সৃষ্টি হৈছিল যাৰ বাবে তাৰ পিছত অস্ত্ৰোপচাৰৰ মাজত বাৰে বাৰে চমু বিৰতিৰ প্ৰয়োজন হৈছিল। প্ৰায় ০৪:০০ বজাৰ ভিতৰত অপাৰেচন সম্পূৰ্ণ হ’ল।
অস্ত্ৰোপচাৰৰ পিছত পেৰিট’নাইটিছৰ লক্ষণ নাইকিয়া হৈ ৰগ’জভৰ অৱস্থা ক্ৰমান্বয়ে উন্নতি ঘটিছিল। পাঁচ দিনৰ পিছত শৰীৰৰ উষ্ণতা স্বাভাৱিক হৈ পৰিল, আৰু অপাৰেচনৰ সাত দিনৰ পিছত চিলাইবোৰ আঁতৰাই পেলোৱা হ’ল। প্ৰায় দুসপ্তাহৰ পিছত তেওঁ পুনৰ নিয়মীয়া কৰ্তব্য আৰম্ভ কৰিলে।১
তেওঁৰ সহযোগীসকলে আলোকচিত্ৰ তুলি ৰখা এই আত্ম-অস্ত্ৰোপচাৰৰ কাহিনী সেই সময়ৰ ছোভিয়েট জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। ১৯৬১ চনত তেওঁক অৰ্ডাৰ অৱ দ্য ৰেড বেনাৰ অৱ লেবাৰ বঁটা প্ৰদান কৰা হয়।৩ এই ঘটনাৰ ফলত নীতি সলনি হয় আৰু তাৰ পিছত এনে অভিযানত নিয়োগ কৰিবলগীয়া কৰ্মীসকলৰ বাবে ব্যাপক স্বাস্থ্য পৰীক্ষা বাধ্যতামূলক হৈ পৰে।
পাছৰ সময়
১৯৬২ চনৰ অক্টোবৰ মাহত ৰগ’জভ লেনিনগ্ৰাডলৈ উভতি আহি নিজৰ প্ৰতিষ্ঠানত এম ডিৰ কাম আৰম্ভ কৰে। ১৯৬৬ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ "ৰিচেকচন অৱ দ্য ইছ'ফেগাছ ফৰ ট্ৰিটিং ইছ'ফেজিয়াল কেন্সাৰ" শীৰ্ষক গৱেষণা পত্ৰ প্ৰকাশ কৰে। পিছলৈ তেওঁ লেনিনগ্ৰাডৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসক হিচাপে কাম কৰিছিল। ১৯৮৬ চনৰ পৰা ২০০০ চনলৈকে তেওঁ ছেইণ্ট পিটাৰ্ছবাৰ্গ ৰিছাৰ্চ ইনষ্টিটিউট ফৰ টিউবাৰকুলাৰ পালমন’লজীৰ অস্ত্ৰোপচাৰ বিভাগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
বাহ্যিক সংযোগ
*, with photos from the operation
- www.thisamericanlife.org/613/ok-ill-do-it This American Life podcast episode
তথ্যসূত্ৰ
- ↑ L. I. Rogozov. (1964). Self-operation. Soviet Antarctic Expedition Information Bulletin. পৃ. 223–224
- ↑ Rogozov, V.; Bermel, N.; Rogozov, LI. (2009). Auto-appendectomy in the Antarctic: case report.. BMJ. পৃ. b4965
- ↑ Lentati, Sara. (5 May 2015). The man who cut out his own appendix. BBC News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিঅ’নিড ৰগ’জভ” প্ৰবন্ধৰ সংশোধন ৪৬৭০৬৭ (৩০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।