চিকিৎসাবিদ
১৯৩ প্ৰবন্ধ
-
জোজেফিন নামবুজে
জোজেফিন নামবুজে (জন্ম ১৯৩০) এগৰাকী উগাণ্ডাৰ চিকিৎসক, জনস্বাস্থ্য বিশেষজ্ঞ, শৈক্ষিক আৰু চিকিৎসা গৱেষক। মাকেৰেৰে ইউনিভাৰ্চিটি স্কুল অৱ পাব্লিক হেল্থৰ জনস্বাস্থ্যৰ এমেৰিটাছ অধ্যাপিকা। ১৯৫৯ চনৰ আশে-পাশে চিকিৎসক হিচাপে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী পূব আফ্ৰিকান মহিলা।
-
টনি ভন লেংছডৰ্ফ
টনি ভন লেংছডৰ্ফ (৩০ ছেপ্টেম্বৰ ১৮৮৪ – ২৪ মাৰ্চ ১৯৭৬) তেওঁ এগৰাকী জাৰ্মান প্ৰসূতি/স্ত্ৰীৰোগ বিশেষজ্ঞ আছিল যিয়ে এগৰাকী প্ৰাথমিক মহিলা চিকিৎসক হিচাপে কাম কৰাৰ বাবে আৰু চিকিৎসা মহিলা আন্তৰ্জাতিক সংস্থাৰ অগ্ৰণী সদস্য হিচাপে ভূমিকা গ্ৰহণ কৰাৰ বাবে পৰিচিত আছিল।
-
টি কল্পনা দেৱী
টি কল্পনা দেৱী (T. Kalpana Devi) (১৯৪১–২০১৬) অন্ধ্ৰ প্ৰদেশৰ এগৰাকী চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ অষ্টম লোকসভাৰ সদস্য আছিল।
-
টি.এছ. সৌন্দৰম ৰামচন্দ্ৰন
টি.এছ.সৌন্দৰম ৰামচন্দ্ৰন (T. S. Soundaram) (জন্ম: ১৮ আগষ্ট ১৯০৪ – মৃত্যু: ২১ অক্টোবৰ ১৯৮৪) এগৰাকী ভাৰতীয় চিকিৎসক, সমাজ সংস্কাৰক আৰু ৰাজনীতিবিদ আছিল আৰু ভাৰতৰ অন্যতম বৃহৎ ঔদ্যোগিক সংঘ টি ভি এছ গ্ৰুপ অৱ কোম্পানী বুলি জনাজাত জনপ্ৰিয় টি ভি সুন্দৰাম আয়েংগাৰ এণ্ড সন্স লিমিটেডৰ প্ৰতিষ্ঠাপক টি ভি…
-
ডায়েনা এডলিয়েনে
ডায়েনা এডলিয়েনে (জন্ম ২ অক্টোবৰ ১৯৫৪ চনত কৌনাছত) লিথুৱেনিয়াৰ এজন অভিযন্তা, চিকিৎসা পদাৰ্থবিজ্ঞানী আৰু ভৌতিক বিজ্ঞানৰ চিকিৎসক। তেওঁ কৌনাছ প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ গণিত আৰু প্ৰাকৃতিক বিজ্ঞান অনুষদৰ অধ্যাপিকা।
-
ডেই জাং-গাম
জাং-গাম বা লেডী জাং-গাম বা ডেই-জাং-গাম (Lady Jang-geum) হৈছে কোৰিয়াৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা ৰাজবৈদ্য বা ৰয়েল ফিজিচিয়ান। তেওঁৰ বিষয়ে জোছন ৰাজবংশৰ নথিপত্ৰত ১০ বাৰ উল্লেখ পোৱা গৈছে।
-
ডেনিয়েল এৰন-ৰোজা
ডেনিয়েল এৰন-ৰোজা (জন্ম ১৯৩৪) চকুৰ অস্ত্ৰোপচাৰৰ বাবে পাইকোছেকেণ্ড, চকুৰ Nd:YAG লেজাৰ বিকশিত কৰাৰ বাবে আটাইতকৈ পৰিচিত এজন ফৰাচী-টিউনিছিয়ান চকুৰোগ বিশেষজ্ঞ আৰু চিকিৎসক-বিজ্ঞানী। ফ্ৰান্স ফেনখাউজাৰৰ সৈতে চকু চিকিৎসাৰ দুগৰাকী সন্মানীয় লেজাৰ অগ্ৰগামী হিচাপে তেওঁক অভিহিত কৰা হৈছে।
-
ডোৰা চেটাৰ্জী
ডোৰা চেটাৰ্জী ( Dora Chatterjee) হ'ল পেনচিলভেনিয়াৰ মহিলা চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক হোৱা তৃতীয়গৰাকী ভাৰতীয় মহিলা আৰু পঞ্জাৱৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা। তেওঁ হোছিয়াৰপুৰত ডেনি হস্পিতাল ফৰ উইমেন এণ্ড চিলড্ৰেন প্ৰতিষ্ঠা কৰে।
-
তেজস্বিনী মনোগনা
তেজস্বিনী মনোগনা (ইংৰাজী: Tejaswini Manogna; জন্ম: ১৯ মে’ ১৯৯৪) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। বৃত্তিত এগৰাকী চিকিৎসক তেওঁ 'ডিভাইন মিছ আৰ্থ ইণ্ডিয়া ২০১৯' খিতাপ জয় কৰিছিল আৰু ফিলিপাইনছৰ পাৰানাক চহৰত অনুষ্ঠিত ১৯তম মিছ আৰ্থ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
ত্ৰী মহাৰাণী
ত্ৰী মহাৰাণী (কোট কেদিৰি, জাভা তিমুৰ, ৩১ আগষ্ট ১৯৭১) হৈছে ইণ্ডোনেছিয়াৰ একমাত্ৰ বিষাক্ত সাপৰ টক্সিনোলজি বিশেষজ্ঞ চিকিৎসক। তেওঁ ইণ্ডোনেছিয়াত সৰ্প দংশনৰ ঘটনাসমূহৰ তথ্য সংগ্ৰহৰ প্ৰচেষ্টা আৰম্ভ কৰিছিল, কাৰণ এই ক্ষেত্ৰত চৰকাৰীভাৱে কোনো আনুষ্ঠানিক সংস্থা নাছিল।
-
দীপিকা ডেকা
দীপিকা ডেকা (Dipika Deka) এগৰাকী ভাৰতীয় চিকিৎসাবিদ, অধ্যাপক তথা স্ত্ৰী আৰু প্ৰসূতিৰোগ বিশেষজ্ঞ। তেওঁ বৰ্তমান নতুন দিল্লীত অৱস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ স্ত্ৰী আৰু প্ৰসূতিৰোগ বিভাগৰ অধ্যাপক।
-
দেৱী প্ৰসাদ শেট্টী
দেৱী প্ৰসাদ শেট্টী (Devi Prasad Shetty) হৈছে এগৰাকী ভাৰতীয় হৃদৰোগ বিশেষজ্ঞ আৰু উদ্যোগী। তেখেত নাৰায়ণা হেল্থ (Narayana Health) নামৰ ২১টা চিকিৎসা-কেন্দ্ৰযুক্ত সংস্থাটোৰ প্ৰতিষ্ঠাতা আৰু অধ্যক্ষ। তেখেতে ১৫,০০০ টাতকৈও অধিক হৃদৰোগৰ অস্ত্ৰোপচাৰ কৰিছে।
-
নীনা বেবেল
নীনা বেবেল এগৰাকী জাৰ্মান চিকিৎসক আৰু বিজ্ঞানী। ৰুহৰ বিশ্ববিদ্যালয় বচম আৰু চেৰিটেৰ অধ্যাপিকা হিচাপে তেওঁ ৰোগীৰ চিকিৎসা কৰে আৰু ইমিউন’ডেফিচিয়েন্সি আৰু বৃক্কৰ ৰোগৰ ক্ষেত্ৰত গৱেষণা কৰে।
-
নীলম ক্লেৰ
নীলম ক্লেৰ (Neelam Kler) এগৰাকী ভাৰতীয় চিকিৎসক আৰু শিশুৰোগ বিশেষজ্ঞ। তেওঁ এগৰাকী নিঅ'নেটোলজিষ্ট হিচাপে নৱজাতক গহন চিকিৎসা যত্ন আৰু ভেণ্টিলেচনৰ ওপৰত অগ্ৰণী অৱদানৰ বাবে তেওঁ বিশেষভাৱে জনাজাত।তেওঁক অতি ক্ষুদ্ৰ পূৰ্বম্যাদী শিশুৰ বা জন্মতে ১০০০ গ্ৰামতকৈ কম ওজনৰ শিশু জীয়াই থকাৰ হাৰ ৯০ শতাংশলৈ উন্নত…
-
নীৰ্জা ভটলা
নীৰ্জা ভটলা এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু প্ৰসূতি বিশেষজ্ঞ হিচাপৰ কৰ্মৰত চিকিৎসক। ভাৰতত মহিলা স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৫ চনত তেওঁক ভাৰতৰ এক অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।
-
নেলী মুগো
নেলী মুগো কেনিয়াৰ এগৰাকী প্ৰসূতি বিশেষজ্ঞ, স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু এইচ আই ভি আৰু ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধ গৱেষণাৰ সৈতে জড়িত বিজ্ঞানী। তেওঁ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ গ্ল'বেল হেল্থ আৰু কেনিয়া মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউটৰ ক্লিনিকেল ৰিচাৰ্চ চেণ্টাৰৰ গৱেষণা সহযোগী অধ্যাপিকা।
-
পেট্ৰিচিয়া বাৰ্গলুণ্ড
পেট্ৰিচিয়া এ বাৰ্গলুণ্ড মিছিগান বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ ছ’চিয়েল ৰিচাৰ্চৰ এগৰাকী গৱেষক। ২০১৪, ২০১৫ আৰু ২০১৬ চনৰ ক্লাৰিভেট এনালাইটিক্সৰ তালিকাত তেওঁক মনোৰোগ আৰু মনোবিজ্ঞানৰ ক্ষেত্ৰত "উচ্চ উদ্ধৃত গৱেষক"ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।
-
পেট্ৰিজিয়া ফাৰ্চি
পেট্ৰিজিয়া ফাৰ্চি এগৰাকী ইটালীৰ বিজ্ঞানী আৰু হেপাট’লজিষ্ট। নেচনেল ইনষ্টিটিউট অৱ এলাৰ্জী এণ্ড ইনফেকচিয়েছ ডিজিজৰ হেপাটিক পেথ’জেনেছিছ বিভাগৰ মুৰব্বী। ফাৰ্চিয়ে যকৃতৰ ৰোগৰ ক্ষেত্ৰত বিশেষকৈ তীব্ৰ আৰু দীৰ্ঘদিনীয়া ভাইৰাছৰ হেপাটাইটিছৰ ৰোগজন্মৰ অধ্যয়নত অনুবাদমূলক গৱেষণা কৰি আহিছে।
-
প্ৰভা মল্লিকাৰ্জুন
প্ৰভা মল্লিকাৰ্জুন (Prava Mallikarjun; জন্ম: ১৫ মাৰ্চ ১৯৭৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ১৮ নং লোকসভাত দৱনাগেৰেক প্ৰতিনিধিত্ব কৰা সংসদৰ সদস্য৷
-
ফাদিলা বৌমাৰ
ফাদিলা বৌমাৰ এগৰাকী ফৰাচী-আমেৰিকান ভাইৰ’লজিষ্ট যিয়ে সংক্ৰামক এইচ আই ভি-১ৰ প্ৰৱেশ আৰু প্ৰস্থান নিয়ন্ত্ৰণ কৰা আণৱিক ব্যৱস্থা আৰু এই প্ৰক্ৰিয়াসমূহৰ লগত জড়িত প্ৰটিনসমূহৰ ওপৰত গৱেষণা কৰে। নেচনেল ইনষ্টিটিউট অৱ এলাৰ্জী এণ্ড ইনফেকচিয়েছ ডিজিজৰ ভাইৰেল বডিং ইউনিটৰ মুৰব্বী।
-
ফ্ৰান্সিস্কা টিবাৰ্টিয়াছ
ফ্ৰান্সিস্কা টিবাৰ্টিয়াছ (২৪ জানুৱাৰী ১৮৪৩ – ৫ মে' ১৯২৭) এগৰাকী জাৰ্মান মহিলা চিকিৎসক আৰু মহিলা শিক্ষাৰ সমৰ্থক আছিল।
-
ফ্ৰান্সিস্কা মুটাপি
ফ্ৰান্সিস্কা মুটাপি বিশ্ব স্বাস্থ্য সংক্ৰমণ আৰু প্ৰতিৰোধ ক্ষমতাৰ অধ্যাপিকা, এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ গ্ল'বেল হেল্থ একাডেমীৰ সহ-পৰিচালক আৰু নেচনেল ইনষ্টিটিউট ফৰ হেল্থ ৰিচাৰ্চ (এন আই এইচ আৰ) গ্ল'বেল হেল্থ ৰিচাৰ্চ ইউনিট টেকলিং ইনফেকচনছ টু বেনিফিট আফ্ৰিকাৰ উপ-সঞ্চালিকা।
-
বন্দনা জৈন
বন্দনা জৈন (Vandana Jain) এগৰাকী ভাৰতীয় কৰ্ণিয়া, কেটাৰেক্ট আৰু লেচিক চকু বিশেষজ্ঞ। নৱী মুম্বাইৰ এডভান্সড আই হস্পিতাল এণ্ড ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক সঞ্চালিকা।
-
বিমলা সুদ
বিমলা সুদ(উচ্চাৰণ: ছুদ) (১৯২২ – ১ আগষ্ট ২০২১) অবিভক্ত ভাৰতত দন্ত চিকিৎসক হোৱা তৃতীয়গৰাকী মহিলা। ১৯৪৪ চনত ডিমণ্টম’ৰেন্সি কলেজ অৱ ডেণ্টিষ্ট্ৰিৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।
-
বিৰ্গিট ডেৰ্টল
বিৰ্গিট ডেৰ্টল অষ্ট্ৰিয়াৰ এগৰাকী ক্লিনিকেল চাইক’লজিষ্ট আৰু চাইকোথেৰাপিষ্ট। জাৰ্মানীৰ টিউবিংগেন বিশ্ববিদ্যালয়ৰ টিউবিংগেন চেণ্টাৰ ফৰ মানসিক স্বাস্থ্য বিভাগৰ অধ্যাপিকা।
-
বেগম জান
বেগম জান (Begum Jan) এগৰাকী চিকিৎসক আৰু জনজাতীয় মহিলা কল্যাণ সংস্থাৰ প্ৰতিষ্ঠাপক, যি উত্তৰ-পশ্চিম পাকিস্তানৰ জনজাতীয় মহিলাসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে শিকায় আৰু তেওঁলোকক চিকিৎসা প্ৰশিক্ষণ দিয়ে।তেওঁ পাকিস্তানৰ ৰক্ষণশীল অঞ্চল দক্ষিণ ৱাজিৰিষ্টনত ডাঙৰ-দীঘল হৈছিল যদিও দেউতাকে তেওঁক চিকিৎসক হ'বলৈ…
-
বেলা নিছান
বেলা আলেকজেণ্ডাৰভনা নিছান এগৰাকী ৰাছিয়ান চকু বিশেষজ্ঞ, দৃষ্টিশক্তি বিকাৰ সংশোধনৰ আধুনিক পদ্ধতিৰ প্ৰতিষ্ঠাপক। তেখেত আমেৰিকান একাডেমী অৱ অফথালম'লজিৰ সদস্য আৰু চিকিৎসা বিজ্ঞানত জেট-ইনজেকচন যন্ত্ৰৰ ব্যৱহাৰৰ এগৰাকী সুপৰিচিত সমৰ্থক।
-
ব্ৰেণ্ডা বেনৱেল
ব্ৰেণ্ডা বেনৱেল স্নায়ুবিজ্ঞান বিভাগৰ মুৰব্বী আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰৰ সহ-সঞ্চালক, আৰু ফিলাডেলফিয়াৰ শিশু চিকিৎসালয়ৰ স্নায়ুবিজ্ঞানৰ অধ্যাপিকা আৰু স্নায়ুবিজ্ঞানৰ গ্ৰেচ আৰ ল’ব এনডাউড চেয়াৰচ্ ধাৰী।
-
ভক্তি যাদৱ
ভক্তি যাদৱ (Bhakti Yadav) এগৰাকী ভাৰতীয় চিকিৎসক আছিল। তেওঁৰ জন্ম ৩ এপ্ৰিল ১৯২৬ চনত। তেওঁ ইন্দোৰৰ পৰা ভাৰতৰ প্ৰথম মহিলা এম বি বি এছ ডিগ্ৰীধাৰী আছিল আৰু তেওঁক ভাৰতৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰি স্বীকৃতি দিয়া হৈছিল।
-
ভিকি ভেৰ’নিকা ক্লেমেণ্ট-জোন্স
ভিকি ভেৰ’নিকা ক্লেমেণ্ট-জোন্স (জন্মনাম: য়িপ; ২৩ ডিচেম্বৰ ১৯৪৮ – ৩০ জুলাই ১৯৮৭) হংকঙত জন্মগ্ৰহণ কৰা ইংৰাজ চিকিৎসক আৰু চিকিৎসা গৱেষক আছিল। তেওঁ ডিম্বাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাবেই ১৯৮৪ চনত ব্ৰিটিছ এছ’চিয়েশ্যন ফৰ কেন্সাৰ ইউনাইটেড পেচেণ্টছ (BACUP) প্ৰতিষ্ঠা কৰাত আগভাগ লয়।