গ্ৰন্থ
৭৫ প্ৰবন্ধ
-
টুৱেণ্টি ওৱান লেছনছ্ ফ'ৰ দ্য টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী
টুৱেণ্টি ওৱান লেছনছ্ ফ'ৰ দ্য টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী (21 Lessons for the 21st Century) হৈছে ইজৰাইলী লেখক য়ুভাল নোৱা হাৰাৰীয়ে লিখা আৰু ২০১৮ চনৰ আগষ্ট মাহত আমেৰিকাৰ স্পিগেল এণ্ড গ্ৰাউআৰু ব্ৰিটেইনৰ জনাথন কেপদ্বাৰা প্ৰকাশ কৰা এখনি অ-কাহিনীমূলক গ্ৰন্থ।
-
দ্য টাইগাৰ্ছ ৱাইফ
দ্য টাইগাৰ্ছ ৱাইফ (ইংৰাজী: The Tiger's Wife) হৈছে আমেৰিকান লেখিকা টেয়া অ’ব্ৰেটৰ প্ৰথম উপন্যাস। ই ২০১১ চনত যুক্তৰাজ্যৰ অৰিয়ন বুকচৰ এটা ব্ৰিটিছ ইমপ্ৰিণ্ট উইডেনফেল্ড এণ্ড নিকোলছনৰ দ্বাৰা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ৰেনডম হাউচৰ দ্বাৰা প্ৰকাশিত হৈছিল।
-
দ্য টেল অফ গেঞ্জি
দ্য টেল অফ গেঞ্জি (源氏物語; The Tale of Genji) একাদশ শতিকাৰ আগছােৱাত ৰচিত এই প্ৰখ্যাত ৰােমাঞ্চখন জাপানী গদ্য সাহিত্যৰ এখন কালজয়ী গ্ৰন্থ। অতি বৃহৎ আকাৰৰ চৌৱন্নটা অধ্যায় সম্বলিত এই গ্ৰন্থখনিত এজন জাপানী সম্ৰাটৰ কিৰিছুৱা নামৰ উপপত্নীৰ গৰ্ভজাত সন্তান গেঞ্জিৰ জীৱন-যৌৱন,প্ৰেমৰ কাহিনী আৰু তেওঁৰ পিছৰ জীৱনৰ…
-
দ্য ডায়েৰী অৱ এ য়ং গাৰ্ল
দ্য ডায়েৰী অফ এ ইয়ং গাৰ্ল (The Diary of A Young Girl) হৈছে নেডাৰলেণ্ডৰ নাজী অধিগ্ৰহণৰ সময়ত পৰিয়ালৰ সৈতে দুবছৰ লুকাই থকা অৱস্থাত আনা ফ্ৰাংকৰ দ্বাৰা ওলন্দাজ ভাষাত লিখিত আৰু পৰৱৰ্তী সময়ত কিতাপ আকাৰে প্ৰকাশিত এখন ডায়েৰী। কিতাপখনক আনা ফ্ৰাংকৰ ডায়েৰী বুলিও জনা যায়।
-
নাট্ৰিনাই
নাট্ৰিনাই (তামিলநற்றிணை}} অৰ্থাৎ উৎকৃষ্ট, টিনাই), তামিল সাহিত্যৰ এক ধ্ৰুপদী গ্ৰন্থ, আৰু পৰম্পৰাগতভাৱে সংগম সাহিত্যৰ আঠটা সংকলন (Ettuthokai)ৰ ভিতৰত প্ৰথম।
-
নিঘান্তু
নিঘান্তু মানে হ’ল, সংস্কৃত ভাষাৰ, বিষয়ভিত্তিক শ্ৰেণীত ভাগ কৰা, প্ৰায়ে চমু টীকাযুক্ত পৰম্পৰাগত শব্দৰ সংকলন। এনে সংকলন শব্দকোষ আৰু অভিধানৰ সৈতে বৈশিষ্ট্যৰ সাদৃশ্য আছে যদিও সংস্কৃত সাহিত্যৰ কোষৰ দৰে প্ৰকৃত অভিধান নহয়। বিশেষ সংগ্ৰহবোৰক নিঘান্তৱ বুলিও কোৱা হয়।
-
নিদ্দেছ
নিদ্দেছ (সংক্ষিপ্তভাৱে, "নিদ্দ") হৈছে থেৰবাদ বৌদ্ধ ধৰ্মৰ পালি ধৰ্মশাস্ত্ৰৰ অংশ, বৌদ্ধ ধৰ্মগ্ৰন্থ। সুত্ত পিটকৰ খুদ্দাকা নিকায়ত ইয়াৰ অন্তৰ্ভূক্ত। ই সুত্তনীপতৰ কিছু অংশৰ টীকা ৰূপত। পৰম্পৰাগত উদাহৰণসমূহত ইয়াক বুদ্ধৰ শিষ্য সৰীপুত্তৰ বুলি কোৱা হয়।
-
নিহন শ্ব'কি
নিহন শ্ব'কি (日本書紀, "জাপানৰ ইতিবৃত্ত") জাপানী ইতিহাসৰ দ্বিতীয় আটাইতকৈ পুৰণি গ্ৰন্থ। এই গ্ৰন্থক নিহংগি (日本紀, "জাপানী ইতিবৃত্ত") নামেৰেও জনা যায়। এই গ্ৰন্থ কজিকিতকৈ দীঘল।
-
পাত্কাইৰ সিপাৰে ন বছৰ
পাত্কাইৰ সিপাৰে ন বছৰ পূৰ্ণকান্ত বুঢ়াগোহাঞিৰ দ্বাৰা লিখিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ পাণ্ডুলিপি স্বাধীনতাৰ পূৰ্বে প্ৰস্তুত কৰা হ’লেও প্ৰথম গ্ৰন্থাকাৰে প্ৰকাশ পায় ১৯৯৩ চনত। প্ৰথম প্ৰকাশক পূৰ্বাঞ্চল তাই সাহিত্য সভা। গ্ৰন্থখন দ্বিতীয় সংস্কৰণ নক্সা প্ৰকাশনৰ পৰা ২০২১ চনত পুনৰ প্ৰকাশ পায়।
-
মংগল প্ৰভাত
মংগল প্ৰভাত মহাত্মা গান্ধীয়ে লিখা এখন গ্ৰন্থ। দত্তাত্ৰেয় বালকৃষ্ণ কলেলকাৰৰ দ্বাৰা লিখা প্ৰস্তাৱনাৰে ১৯৫৮ চনত ই মৰণোত্তৰভাৱে প্ৰকাশ পায়।
-
মই কিয় নাস্তিক
মই কিয় নাস্তিক (Why I Am an Atheist, मैं नास्तिक क्यों हूँ) হৈছে ভাৰতীয় বিপ্লৱী ভগত সিঙে ১৯৩০ চনত লাহোৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকাৰ সময়ত লিখা ৰচনা-শৈলীৰ প্ৰবন্ধ। উক্ত প্ৰবন্ধটোৰ যোগেদি তেওঁ তেওঁৰ ধৰ্মীয় বন্ধুসকলৰ উত্তৰ দিছিল, যিয়ে তেওঁক নিজৰ অহংকাৰৰ বাবে নাস্তিক হোৱা বুলি ভাবিছিল।
-
মকৰন্দ সাৰিণী
মকৰন্দ সাৰিণী হৈছে বাৰাণসীত বাস কৰা ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী-গণিতজ্ঞ মকৰন্দ (আনুমানিক ১৪৩৮-১৪৭৮)ৰদ্বাৰা ৰচিত সংস্কৃত জ্যোতিৰ্বিজ্ঞানৰ তালিকা গ্ৰন্থ। সংস্কৃত জ্যোতিৰ্বিজ্ঞান সাহিত্যত এনে তালিকা গ্ৰন্থক সাৰিণী বা কোষ্ঠক বুলি কোৱা হয়।(সাৰিণী শব্দটোক শিথিলভাৱে অনুবাদ কৰা হ’ব পাৰে “ধাৰা, পথ, ৰেখা”।)…
-
মছনবী
মছনবী ( Masnavi; পাৰ্চী: مثنوی معنوی) হৈছে ৰুমিয়ে লিখা এখন বিস্তৃত পাৰ্চী মছনৱী (এটা কাব্য সংকলন) আৰু চুফীবাদৰ ইতিহাসত এখন অন্যতম প্ৰভাৱশালী গ্ৰন্থ। ই ছখন কবিতাৰ এটি গ্ৰন্থ শৃংখলা যি একেলগে প্ৰায় ২৫,০০০ পদ বা ৫০,০০০ শাৰীৰে গঠিত।
-
শাহনামা
শাহনামা (পাৰ্চী: شاهنامه Šāhnāmeh, "ৰজাৰ কিতাপ") হৈছে পাৰ্চী (বৰ্তমানৰ ইৰাণৰ) কবি ফাৰ্দৌছিয়ে লিখা এটা দীঘলীয়া মহাকাব্য। ৯৭৭ চনৰ পৰা ১০১০ চনৰ ভিতৰত ৩০ বছৰতকৈও অধিক সময় ধৰি এই মহাকাব্যখন লিখিছিল ফাৰ্দৌছিয়ে আৰু এইখনেই হ'ল এজন ব্যক্তিৰ দ্বাৰা ৰচিত আটাইতকৈ দীঘলীয়া মহাকাব্য।
-
হিউমেনকাইণ্ড:এ হ'পফুল হিষ্ট্ৰী (গ্ৰন্থ)
হিউমেনকাইণ্ড:এ হ'পফুল হিষ্ট্ৰী (Humankind: A Hopeful History) হৈছে ডাচ ইতিহাসবিদ ৰুটজাৰ ব্ৰেগমেনে ২০১৯ চনত লিখা এখন অ-কাহিনীমূলক গ্ৰন্থ। ২০২১ চনৰ মে' মাহত ব্লুমছবেৰীয়ে গ্ৰন্থখন প্ৰকাশ কৰে।.গ্ৰন্থখনৰ জৰিয়তে মানৱীয় হৃদয়ক মান্য বুলি যুক্তি দিয়া হৈছে আৰু মানুহৰ প্ৰতি এই আশাবাদী দৃষ্টিভংগীৰ ফলৰ…
-
ৰ'জেছ থেছৰাছ
ৰ'জেছ থেছৰাছ (Roget's Thesaurus) ইংৰাজী ভাষাৰ এখন বহুপঠিত থেছৰাছ বা শব্দকোষ। ব্ৰিটিছ চিকিৎসক, প্ৰাকৃতিক ধৰ্মতত্ব অধ্যয়নকৰ্তা আৰু শব্দ-বিজ্ঞানী পিটাৰ মাৰ্ক ৰ'জেই (১৭৭৯–১৮৬৯) ১৮০৫ চনত এইখন লিখি উলিয়াইছিল।
-
ৰহস্য গল্প
ৰহস্য গল্প (ইংৰাজী: Rahasya Galpa) অসমীয়া কল্পবিজ্ঞান, ৰহস্য আৰু ভৌতিক গল্পৰ এক নিৰ্বাচিত সংকলন। অসম সাহিত্য সভাই ২০২১ চনৰ আগষ্ট মাহত প্ৰকাশ কৰা সংকলনটো সম্পাদনা কৰিছে কবি, সমালোচক প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে।
-
ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাস
ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাস (National Book Trust) ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত স্বায়ত্তশাসিত সংস্থা হিচাপে ১৯৫৭ চনত প্ৰতিষ্ঠা কৰা ভাৰতৰ দিল্লীত মুখ্য কাৰ্যালয় থকা ভাৰতীয় চৰকাৰী প্ৰকাশন প্ৰতিষ্ঠান।
-
অৰণ্যেৰ অধিকাৰ
অৰণ্যেৰ অধিকাৰ (প্ৰথম প্ৰকাশ:১৯৭৭) হ'ল মহাশ্বেতা দেৱী ৰচিত বাংলা উপন্যাস। এইখন উপন্যাসৰ বাবে মহাশ্বেতা দেৱীয়ে ১৯৭৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। উপন্যাসখনত ভাৰতীয় জনজাতীয় স্বাধীনতা সংগ্ৰামী বিৰছা মুণ্ডাৰ জীৱন আৰু যুদ্ধৰ বৰ্ণনা কৰা হৈছে।
-
আনৰেষ্ট্ৰিক্টেড ৱাৰফেয়াৰ
আনৰেষ্ট্ৰিক্টেড ৱাৰফেয়াৰ (Unrestricted Warfare; সীমাবদ্ধহীন যুদ্ধ বা সীমাৰ বাহিৰত যুদ্ধ) হৈছে ১৯৯৯ চনত চীনৰ 'পিপলচ্ লিবাৰেশ্বন আৰ্মি' (People's Liberation Army চমুকৈ PLA)-ৰ দুই কৰ্নেল কিয়াও লিয়াং (Qiao Liang; 乔良) আৰু ওয়াং জিয়াংচুই (Wang Xiangsui; 王湘穗) -য়ে সামৰিক যুদ্ধৰ কলা-কৌশলৰ সম্পৰ্কে…
-
এংগ্ৰী ৰিভাৰ
এংগ্ৰী ৰিভাৰ ১৯৭২ চনত ভাৰতীয় লেখক ৰাস্কিন বণ্ডৰ এখন শিশু উপন্যাস আৰু ট্ৰেভৰ ষ্টুবলীৰদ্বাৰা চিত্ৰিত হৈছে উপন্যাসখন। ভাৰত আৰু ইংলেণ্ডত প্ৰকাশ পোৱা এই উপন্যাসখন ডাচ্চ, ফৰাচী, হিন্দী ভাষালৈ অনুবাদ হৈছে।
-
এডুকেটেড (গ্ৰন্থ)
এডুকেটেড (Educated: A Memoir) হৈছে ২০১৮ চনত প্ৰকাশিত আমেৰিকাৰ লেখিকা টাৰা ৱেষ্টঅ'ভাৰদ্বাৰা লিখিত এখন আত্মজীৱনীমূলক গ্ৰন্থ৷ গ্ৰন্থখনত শিক্ষাৰ বাবে আগ্ৰহী আৰু উৎসাহী ৱেষ্টঅ'ভাৰৰ প্ৰাৰম্ভিক সংগ্ৰামৰ কাহিনী লিপিবদ্ধ হৈছে৷ তেওঁ কলেজলৈ যাবলৈ কিদৰে নিজৰ মৰ্মন পৰিয়ালটোক পতিয়ন নিয়াবলগীয়া হৈছিল-সেই কথা…
-
এম আই এ লেচবিয়ান?
"এম আই এ লেচবিয়ান?" ("Am I a Lesbian?") হৈছে এগৰাকী টাম্বলাৰ ব্যৱহাৰকাৰী এঞ্জেলী লুজৰ দ্বাৰা লিখিত এখন দস্তাবেজ, যিখন ২০১৮ চনত তেওঁৰ ব্লগাৰ জৰিয়তে পোনপ্ৰথমে গুগল ডক্ছত শ্বেয়াৰ কৰা হৈছিল।
-
ক্ৰিটিক অৱ দ্য গ'থা প্ৰগ্ৰাম
ক্ৰিটিক অৱ দ্য গ'থা প্ৰগ্ৰাম (জাৰ্মান ভাষাত: Kritik des Gothaer Programms) কাৰ্ল মাৰ্ক্সে চ'চিয়েল ডেম'ক্ৰেটিক ৱৰ্কাৰ্ছ পাৰ্টি অৱ জাৰ্মানীলৈ লিখা এখন চিঠিৰ ওপৰত আধাৰিত এক সমল।
-
গণদেবতা
গণদেবতা হ'ল বাংলা ভাষাৰ অন্যতম কথাসাহিত্যিক তাৰাশংকৰ বন্দ্যোপাধ্যায় ৰচিত এখন বিখ্যাত আৰু জনপ্ৰিয় উপন্যাস। ১৯৪২ খ্ৰীষ্টাব্দত প্ৰকাশিত মহাকাব্যিক পটভূমিৰ এই উপন্যাসখনৰ বিষয়বস্তু বিভাজনোত্তৰ ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা আৰু স্বাধীনতা আন্দোলন তথা ঔদ্যোগীকৰণৰ পৰিপ্ৰেক্ষিতত গ্ৰাম্য সমাজৰ বিৱৰ্তন।
-
ছেপিয়েনজ : মানৱ প্ৰজাতিৰ এক চমু ইতিহাস
ছেপিয়েনজ: মানৱ প্ৰজাতিৰ এক চমু ইতিহাস (২০২২) য়ুভাল নোৱা হাৰাৰিৰ আন্তৰ্জাতিক বেষ্টছেলাৰ গ্ৰন্থ Sapiens: A Brief History of Humankindৰ অসমীয়া অনুবাদ। অনুবাদ কৰিছে কবি, অনুবাদক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞানৰ অধ্যাপক কল্যাণ ভূঞাই। কিতাপখন প্ৰকাশ কৰিছে গুৱাহাটীৰ অসম পাবলিচিং কোম্পানীয়ে।
-
ডু ইউ ৰিমেম্বাৰ কুনান পোশপোৰা?
ডু ইউ ৰিমেম্বাৰ কুনান পোশপোৰা?'(Do You Remember Kunan Poshpora?) হ’ল পাঁচগৰাকী কাশ্মীৰী মহিলা: এছাৰ বাতুল, ইফ্ৰাহ বাট, মুনাজা ৰছিদ, নাতাশা ৰাথাৰ আৰু চামৰিনা মুস্তাকৰদ্বাৰা ৰচিত ২০১৬ চনৰ এখন নন-ফিকচন গ্ৰন্থ।
-
দে এষ্ট্ৰ'নমিয়া
__NOTOC__ দে এষ্ট্ৰ'নমিয়া (; জ্যোতিৰ্বিজ্ঞান সম্পৰ্কে) এইটো এখন লেটিন ভাষাৰ গ্ৰন্থ, সম্ভৱতঃ আগষ্টাচৰ শাসনকালত ( ২৭ খ্ৰীষ্টপূৰ্ব - খ্ৰীষ্টীয় ১৪) লিখা হৈছিল। "হাইজিনাচ" নামেৰে অভিহিত কৰা এই গ্ৰন্থখনৰ প্ৰকৃত লেখক কোৱা কঠিন।
-
দ্য আৰ্ট অফ ৱাৰ
দ্য আৰ্ট অফ ৱাৰ (চীনা: 孫子兵法 (সুঞ্চি বিংফা)) হৈছে চীনৰ এখন প্ৰাচীন সামৰিক গ্ৰন্থ। সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ৫ম শতিকাত এইখন পুথি ৰচনা কৰা হৈছিল। ইয়াৰ লেখক ছুন চু। যুদ্ধৰ ক'লা বিষয়ক এইখন গ্ৰন্থ ১৩টা অধ্যায়ৰে গঠিত।
-
দ্য কেণ্টাৰবেৰি টেলছ
দ্যকেণ্টাৰবেৰি টেলছ (ইংৰাজীঃ The Canterbury Tales) হৈছে চৌব্বিছটা কাহিনীৰ সংকলন। ১৩৮৭ চনৰ পৰা ১৪০০ চনৰ ভিতৰত জেফ্ৰী চ'ছাৰৰ দ্বাৰা মধ্য ইংৰাজী ভাষাত লিখিত কাহিনীভাগ ১৭,০০০ শাৰীৰো অধিক। গ্ৰন্থখনক চ'ছাৰৰ মহান ৰচনা হিচাপে গণ্য কৰা হয়। কাহিনীবোৰৰ অধিকাংশ পদ্যত লিখা আৰু কিছুমান গদ্যত আছে।