ছেপিয়েনজ: মানৱ প্ৰজাতিৰ এক চমু ইতিহাস (২০২২) য়ুভাল নোৱা হাৰাৰিৰ আন্তৰ্জাতিক বেষ্টছেলাৰ গ্ৰন্থ Sapiens: A Brief History of Humankindৰ অসমীয়া অনুবাদ। অনুবাদ কৰিছে কবি, অনুবাদক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞানৰ অধ্যাপক কল্যাণ ভূঞাই। কিতাপখন প্ৰকাশ কৰিছে গুৱাহাটীৰ অসম পাবলিচিং কোম্পানীয়ে।১
বিৱৰণ
জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক য়ুভাল নোৱা হাৰাৰিৰ মূল কিতাপখন হিব্ৰু বিশ্ববিদ্যালয়ত প্ৰদান কৰা এলানি বক্তৃতাৰ আধাৰত ৰচিত। কিতাপখনত হ'ম'ছেপিয়েনজৰ ওপৰত গুৰুত্ব দি প্ৰস্তৰ যুগৰ পৰা একবিংশ শতিকালৈকে মানৱপ্ৰজাতিৰ ইতিহাস আলোচনা কৰিছে। কিতাপখন প্ৰথমে ২০১১ চনত হিব্ৰু ভাষাত প্ৰকাশ পায়। ২০১৫ চনত কিতাপখনৰ ইংৰাজী সংস্কৰণ প্ৰকাশ পায়। কিতাপখন এতিয়ালৈকে অসমীয়াকে ধৰি বিশ্বৰ ৬৫টা বিভিন্ন ভাষালৈ অনুদিত হৈছে। ১
কিতাপখনত চাৰিটা খণ্ড আছে। প্ৰতিটো খণ্ড বিভিন্ন উপ-ভাগত বিভক্ত। খণ্ডকেইটা হ'ল: 'প্ৰথম খণ্ড: বোধশক্তিৰ বিপ্লৱ'; 'দ্বিতীয় খণ্ড: কৃষি বিপ্লৱ'; 'তৃতীয় খণ্ড: মানৱজাতিৰ একত্ৰীকৰণ' আৰু 'চতুৰ্থ খণ্ড: বৈজ্ঞানিক বিপ্লৱ'।১
অসমীয়া অনুবাদ সম্পৰ্কে লেখক পৰমানন্দ মহন্তই কৈছে-- অসমীয়া ভাষাত কিতাপখনৰ পঠন অভিজ্ঞতা কেৱল আনন্দদায়কেই নহয়, স্মৰণীয়ও হৈ ৰ'ব বুলি আশা কৰিব।১ অনুবাদ সম্পৰ্কে আন এগৰাকী লেখক, সমালোচক আনন্দ বৰমুদৈয়ে কৈছে-- অনূদিত কিতাপখনো মূলৰ সমানে আনন্দদায়ক আৰু চিন্তা-উদ্ৰেককাৰী।১
তথ্যসূত্ৰ
- ↑ ছেপিয়েনজ: মানৱপ্ৰজাতিৰ এক চমু ইতিহাস, মূল: য়ুভাল নোৱা হাৰাৰি, অনু.: কল্যাণ ভূঞা, ২০২২, অসম পাবলিচিং কোম্পানী, গুৱাহাটী।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেপিয়েনজ : মানৱ প্ৰজাতিৰ এক চমু ইতিহাস” প্ৰবন্ধৰ সংশোধন ৫২৭৫৬৭ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।