অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাস

ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাস (National Book Trust) ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত স্বায়ত্তশাসিত সংস্থা হিচাপে ১৯৫৭ চনত প্ৰতিষ্ঠা কৰা ভাৰতৰ দিল্লীত মুখ্য কাৰ্যালয় থকা ভাৰতীয় চৰকাৰী প্ৰকাশন প্ৰতিষ্ঠান।

হালনাগাদ: ১৯ আগষ্ট ২০২৬ ৪৭০ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাস (National Book Trust) ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত স্বায়ত্তশাসিত সংস্থা হিচাপে ১৯৫৭ চনত প্ৰতিষ্ঠা কৰা ভাৰতৰ দিল্লীত মুখ্য কাৰ্যালয় থকা ভাৰতীয় চৰকাৰী প্ৰকাশন প্ৰতিষ্ঠান।১ এনবিটিয়ে শিশু আৰু নব্য-সাক্ষৰসকলৰ বাবে কিতাপকে ধৰি সকলো বয়সৰ লোকৰ বাবে কেইবাটাও ভাৰতীয় ভাষাত পঠন সামগ্ৰী প্ৰকাশ কৰে। তেওঁলোকে শেহতীয়া প্ৰকাশনসমূহৰ বিষয়ে মাহেকীয়া বাতৰি কাকত প্ৰকাশ কৰে।

প্ৰকাশন, গ্ৰন্থ আৰু পঢ়াৰ প্ৰচাৰ, বহিঃৰাজ্যত ভাৰতীয় গ্ৰন্থৰ প্ৰচাৰ, লেখক আৰু প্ৰকাশকক সহায় কৰা, শিশু সাহিত্যৰ প্ৰচাৰ আদি এই ন্যাসৰ কাম-কাজসমূহৰ ভিতৰত আছে।

উদ্দেশ্য

ভাৰত চৰকাৰে (উচ্চ শিক্ষা বিভাগ, মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়) ১৯৫৭ চনত প্ৰতিষ্ঠা কৰা এটা শীৰ্ষ সংস্থা (NBT), ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কল্পনা কৰিছিল যে এনবিটি হ'ব এক আমোলাতন্ত্ৰমুক্ত গাঁথনি যিয়ে কম খৰচী কিতাপ প্ৰকাশ কৰিব।২ এন বি টিৰ উদ্দেশ্য হৈছে ইংৰাজী, হিন্দী আৰু অন্যান্য ভাৰতীয় ভাষাৰ ভাল সাহিত্যৰ প্ৰনয়ণ আৰু প্ৰকাশনত উৎসাহিত কৰা আৰু এনে সাহিত্যক মধ্যম মূল্যত জনসাধাৰণৰ বাবে উপলব্ধ কৰোৱা৷ ইয়াৰ লগতে গ্ৰন্থ তালিকা উলিয়াই অনা, গ্ৰন্থমেলা/প্ৰদৰ্শনী আৰু আলোচনা চক্ৰৰ ব্যৱস্থা কৰা আৰু ৰাইজক গ্ৰন্থমনস্ক কৰি তোলাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা।

মুখ্য পদক্ষেপসমূহ

সমগ্ৰ দেশতে পাঠকৰ ভিত্তি বহল কৰিবলৈ শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাসে বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰিছে। তলত কিছুমান উল্লেখ কৰা হৈছে:

সমগ্ৰ শিক্ষা অভিযান

এই পদক্ষেপৰ অধীনত জনজাতীয় ভাষাকে ধৰি ৫০টাতকৈও অধিক ভাৰতীয় ভাষাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক ন্যাসৰ বয়স-গোষ্ঠী অনুসৰি কিতাপৰ ব্যৱস্থা কৰা হৈছে। কাৰ্যসূচীৰ উল্লেখযোগ্য দিশসমূহ হ’ল: প্ৰায় ১.৫ লাখ বিদ্যালয় সামৰি লোৱা; বিভিন্ন ধৰণৰ ২ কোটি কিতাপ ছপা; ১৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি লোৱা হৈছে; ২৫,০০০ টা ৰিডাৰ্ছ ক্লাব স্থাপন; ৫টা ভাষাত ২০০+ ব্ৰেইল কিতাপ; আৰু ৩০০+ খন সচিত্ৰ কিতাপ, অধ্যায়ৰ কিতাপ, স্পৰ্শ, নিৰৱ, ই-কিতাপ আদি।৩

নতুন দিল্লী বিশ্ব গ্ৰন্থ মেলা

এনবিটিয়ে আয়োজন কৰে প্ৰতিষ্ঠিত বাৰ্ষিক নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা, যিটো আফ্ৰিকা-এছিয়ান অঞ্চলৰ সৰ্ববৃহৎ গ্ৰন্থ অনুষ্ঠান। যোৱা চাৰি দশকত নতুন দিল্লী বিশ্ব গ্ৰন্থমেলাই আন্তঃৰাষ্ট্ৰীয় প্ৰকাশকৰ মাজত উচ্চ সুনাম অৰ্জন কৰিছে। ২০২০ চনৰ ৪ৰ পৰা ১২ জানুৱাৰীলৈ নতুন দিল্লীৰ প্ৰগতি মৈদানত ২৮ সংখ্যক এন ডি ডব্লিউ বি এফ অনুষ্ঠিত হয়। মোহনদাস কৰমচান্দ গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে এন ডি ডব্লিউ বি এফৰ বিষয়বস্তু হৈছে ‘গান্ধী: লেখকসকলৰ লেখক’। ২০১৮ চনত ইউৰোপীয় সংঘ আৰু ২০১৯ চনত শ্বাৰজাহ এন ডি ডব্লিউ বি এফত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।৪

এনবিটি গ্ৰন্থ ক্লাৱ

ন্যাসৰ এনবিটি বুক ক্লাবৰ আঁচনিও আছে। এই ক্লাবৰ সদস্যসকলে এনবিটিৰ কিতাপ ক্ৰয়ৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ সুবিধা লাভ কৰিব পাৰিব আৰু লগতে ভিপিপিৰ জৰিয়তে কিতাপ লাভ কৰাৰ সময়ত ডাক চাৰ্জতো ৰেহাই লাভ কৰিব পাৰিব। ক্লাবৰ আজীৱন সদস্যপদৰ মাচুল মাত্ৰ ৫০ টকা। ব্যক্তিগতভাৱে ১০০/- টকা আৰু ৫০/- টকা। প্ৰতিষ্ঠানৰ বাবে ৫০০/- টকা। এতিয়া গ্ৰন্থপ্ৰেমী আৰু প্ৰতিষ্ঠানসমূহে এনবিটি ৰিডাৰ্ছবুক ক্লাবৰ জৰিয়তে অনলাইনযোগে নামভৰ্তি কৰিব পাৰিব।৫

ভাৰত-চীন অনুবাদ কাৰ্যসূচী

সাংস্কৃতিক কূটনীতিৰ এক উল্লেখযোগ্য পদক্ষেপত ভাৰত চৰকাৰ আৰু চীন গণৰাজ্য চৰকাৰে এক অভিলাষী অনুবাদ কাৰ্যসূচী আগবঢ়াইছে য’ত চীনা ভাষাৰ পৰা নিৰ্বাচিত ২৫ খন ধ্ৰুপদী আৰু সমসাময়িক সাহিত্যিক গ্ৰন্থৰ চীনা ভাষালৈ আৰু ভাৰতীয় সাহিত্যিক গ্ৰন্থৰ চীনা ভাষালৈ অনুবাদ কৰা হৈছে। এই পদক্ষেপক কাৰ্যকৰী কৰিবলৈ ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু চীনৰ গণৰাজ্যৰ প্ৰেছ, প্ৰকাশন, ৰেডিঅ’, চলচ্চিত্ৰ আৰু টেলিভিছন ৰাজ্যিক প্ৰশাসনৰ মাজত পাৰস্পৰিক অনুবাদ আৰু ক্লাছিক আৰু সমসাময়িক ৰচনাৰ প্ৰকাশৰ সহযোগিতাৰ ওপৰত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2017-07-06). National Book Trust launches Har Haath Ek Kitaab. Jagranjosh.com
  2. ↑ About NBT: History. NBT website
  3. ↑ Readers Club - Samagra Shiksha Abhiyan. nbtindia.gov.in
  4. ↑ New Delhi World Book Fair. nbtindia.gov.in
  5. ↑ Readers Club. nbtindia.gov.in

সম্পৰ্কিত শ্ৰেণী

অনুষ্ঠান প্ৰতিষ্ঠানগ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাস” প্ৰবন্ধৰ সংশোধন ৬২৯২২৭ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।