এডুকেটেড (Educated: A Memoir) হৈছে ২০১৮ চনত প্ৰকাশিত আমেৰিকাৰ লেখিকা টাৰা ৱেষ্টঅ'ভাৰদ্বাৰা লিখিত এখন আত্মজীৱনীমূলক গ্ৰন্থ৷ গ্ৰন্থখনত শিক্ষাৰ বাবে আগ্ৰহী আৰু উৎসাহী ৱেষ্টঅ'ভাৰৰ প্ৰাৰম্ভিক সংগ্ৰামৰ কাহিনী লিপিবদ্ধ হৈছে৷ তেওঁ কলেজলৈ যাবলৈ কিদৰে নিজৰ মৰ্মন পৰিয়ালটোক পতিয়ন নিয়াবলগীয়া হৈছিল-সেই কথা বৰ্ণিত হৈছে৷ ইডাহ’ৰ পাহাৰৰ বিচ্ছিন্ন জীৱনৰ পৰা যাত্ৰা আৰম্ভ কৰা ৱেষ্টঅ'ভাৰে পৰৱৰ্তী সময়ত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ইতিহাসৰ পি এইচ ডি ডিগ্ৰী সম্পূৰ্ণ কৰালৈকে সমগ্ৰ যাত্ৰা গ্ৰন্থত বৰ্ণিত হৈছে৷ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে তেওঁ ১৭ বছৰ বয়সতে কলেজ আৰম্ভ কৰিছিল। ২০২০ চনৰ ১৩ ছেপ্টেম্বৰৰ নিউয়ৰ্ক টাইমছৰ দ্বাৰা প্ৰকাশিত সংখ্যাটোলৈকে এই কিতাপখনে একেৰাহে ১৩২ সপ্তাহ পকা বন্ধা কিতাপৰ অ-কাহিনীমূলক শিতানত 'বেষ্ট চেলাৰ'ৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল।১ ২০১৯ চনত কিতাপখনে এলেক্স বঁটা লাভ কৰে আৰু লছ এঞ্জেলছ টাইমছ বুক প্ৰাইজ, পেন আমেৰিকাৰ জিন ষ্টেইন বুক এৱাৰ্ড আৰু নেচনেল বুক ক্ৰিটিক্স চাৰ্কল এৱাৰ্ডৰ পৰা দুটা বঁটাৰ বাবে কিতাপখনক চৰ্টলিষ্ট কৰা হয়।২
আত্মজীৱনীকাৰৰ চমু পৰিচয়
টাৰা ৱেষ্টঅ'ভাৰ (ইংৰাজী: Tara Westover, জন্ম: ২৭ ছেপ্টেম্বৰ, ১৯৮৬)[2] এগৰাকী আমেৰিকীয় আত্মজীৱনীকাৰ, ৰচনাকাৰ আৰু ইতিহাসবিদ। তেওঁৰ আত্মজীৱনী এডুকেটেড (২০১৮) দ্য নিউয়ৰ্ক টাইমছৰ বেষ্টচেলাৰ তালিকাৰ প্ৰথম স্থানত আত্মপ্ৰকাশ কৰিছিল আৰু এল এ টাইমছ বুক প্ৰাইজ, পেন আমেৰিকাৰ জিন ষ্টেইন বুক এৱাৰ্ড, আৰু নেচনেল বুকৰ পৰা দুটা বঁটাকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় বঁটাৰ বাবে চূড়ান্ত প্ৰতিযোগী আছিল। নিউয়ৰ্ক টাইমছে ২০১৮ চনৰ ১০ খন শ্ৰেষ্ঠ কিতাপৰ ভিতৰত এডুকেটেডক স্থান দিছে।[3] ৱেষ্টঅ'ভাৰক টাইম আলোচনীয়ে ২০১৯ চনৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰে।[4]
গ্ৰন্থৰ চমু পৰিচয়
টাৰা ৱেষ্টঅভাৰে প্ৰথমবাৰৰ বাবে শ্ৰেণীকোঠাত ভৰি দিয়াৰ সময়ত তেওঁৰ বয়স আছিল সোতৰ বছৰ৷ তেওঁৰ দেউতাকে চিকিৎসা প্ৰতিষ্ঠানক অবিশ্বাস কৰিছিল৷ গতিকে তাৰাই কেতিয়াও ডাক্তৰ বা নাৰ্ছক দেখা নাপাইছিল। ঘাঁ-আঘাতৰ পৰা আৰম্ভ কৰি বিস্ফোৰণৰ ফলত হোৱা জ্বলা-পোৰা আদি সকলোতে ঘৰৰে বনৌষধিৰ দ্বাৰা চিকিৎসা কৰা হৈছিল৷ পৰিয়ালটো মূলসুঁতিৰ সমাজৰ পৰা ইমানেই বিচ্ছিন্ন আছিল যে ল’ৰা-ছোৱালীবোৰে শিক্ষা লাভ কৰাটো নিশ্চিত কৰিবলৈ তেওঁলোকে প্ৰয়াস কৰা নাছিল। যেতিয়া তেওঁলোকৰ মাজৰে এজন ভাতৃয়ে কলেজত ভৰ্তি কৰি পাহাৰৰ সিপাৰৰ পৃথিৱীৰ খবৰ লৈ উভতি আহিল, তেতিয়া তাৰাই নতুন ধৰণৰ জীৱন এটাৰ বিকল্প বিচাৰি পালে৷ তেওঁ নিজাববীয়াকৈ গণিত, ব্যাকৰণ আৰু বিজ্ঞান পঢ়িবলৈ আৰম্ভ কৰিলে আৰু ব্ৰিগম ইয়ং বিশ্ববিদ্যালয়ত ভৰ্তি হ'ল৷ তাত তেওঁ মনোবিজ্ঞান, ৰাজনীতি, দৰ্শন, ইতিহাস অধ্যয়ন কৰিছিল। প্ৰথমবাৰৰ বাবে নাগৰিক অধিকাৰ আন্দোলনৰ দৰে বিশ্বৰ গুৰুত্বপূৰ্ণ পৰিঘটনাৰ বিষয়ে জানিব পাৰিছিল। জ্ঞানৰ সন্ধানে তেওঁক এদিন সাত সাগৰ আৰু মহাদেশৰ সিপাৰৰ হাৰ্ভাৰ্ড আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ লৈ যায়। ৩
তথ্যসূত্ৰ
- ↑ Hardcover Nonfiction Books - Best Sellers. The New York Times
- ↑ Book. Tara Westover
- ↑ Book Summary. Bookbrowse
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এডুকেটেড (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪২৬৩৯৬ (২২ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।