গ্ৰন্থ
৭৫ প্ৰবন্ধ
-
দ্য ছিক্সথ্ এক্সটিংছন : এন আননেচাৰেল হিষ্ট্ৰী (গ্ৰন্থ)
দ্য ছিক্সথ্ এক্সটিংছন: এন আননেচাৰেল হিষ্ট্ৰী (The Sixth Extinction: An Unnatural History) এলিজাবেথ কলবাৰ্টৰ দ্বাৰা লিখিত আৰু হেনৰী হোল্ট এণ্ড কোম্পানীয়ে প্ৰকাশ কৰা ২০১৪ চনৰ এখন অ-কাহিনীমূলক গ্ৰন্থ। গ্ৰন্থখনত যুক্তি দিয়া হৈছে যে পৃথিৱীখন এতিয়া আধুনিক আৰু মানৱসৃষ্ট ষষ্ঠ বিলুপ্তিৰ মাজত আছে।
-
দ্য জিন : এন ইণ্টিমেট হিষ্ট্ৰী (গ্ৰন্থ)
দ্য জিন: এন ইণ্টিমেট হিষ্ট্ৰী (The Gene: An Intimate History) ভাৰতত জন্মগ্ৰহণ কৰা আমেৰিকান চিকিৎসক আৰু কৰ্কট ৰোগ বিশেষজ্ঞ সিদ্ধাৰ্থ মুখাৰ্জীৰ দ্বাৰা লিখিত এখন গ্ৰন্থ ৷ গ্ৰন্থখন ২০১৬ চনৰ ১৭ মে'ত স্ক্ৰিবনাৰে প্ৰকাশ কৰে।গ্ৰন্থখনত এৰিষ্টটলৰ পৰা আৰম্ভ কৰি ক্ৰিক, ৱাটছন আৰু ফ্ৰেংকলিনলৈকে আৰু তাৰ পিছত মানৱ…
-
দ্য টাও অৱ পুহ
দ্য টাও অৱ পুহ বেন্যামিন হফৰ দ্বাৰা লিখিত এখন গ্ৰন্থ। এই গ্ৰন্থ প্ৰাচ্যৰ টাওবাদী দৰ্শনৰ সৈতে পাশ্চাত্যৰ পৰিচয় কৰোৱাৰ উদ্দেশ্যেৰে লিখা। এলেন এলেক্সেণ্ডাৰ মিলনেৰ বিখ্যাত চৰিত্ৰ ৱিনি দ্য পুহৰ মাধ্যমেৰে টাওবাদৰ মৌলিক নীতিসমূহৰ ব্যাখ্যা এই গ্ৰন্থত দাঙি ধৰা হৈছে।
-
দ্য ফৰ্টি ৰুলছ্ অৱ লাভ
দ্য ফৰ্টি ৰুলছ অৱ লাভ, হৈছে তুৰ্কী লেখিকা এলিফ শ্বাফাকে লিখা এখন উপন্যাস৷ লিংগ আৰু মহিলা অধ্যয়নত লাভ কৰা ডিগ্ৰীটোৱে তেওঁক এই গ্ৰন্থখন লিখিবলৈ প্ৰভাৱান্বিত কৰিছিল।. ২০০৯ চনৰ মাৰ্চ মাহত এই গ্ৰন্থখন প্ৰকাশ পাইছিল।
-
দ্য ল'নেলিনেছ অৱ ছোনিয়া এণ্ড ছানী
দ্য ল'নেলিনেছ অৱ ছোনিয়া এণ্ড ছানী হৈছে ২০২৫ চনত প্ৰকাশ পোৱা কিৰণ দেশাইৰ এখন উপন্যাস। ইয়াৰ কাহিনীভাগ মূলতঃ ১৯৯৬ চনৰপৰা ২০০২ চনৰ ভিতৰত। উপন্যাসখনত আমেৰিকাত বাস কৰা ভাৰতীয় প্ৰবাসী দুয়োজনেই ছোনিয়া আৰু ছানিৰ কাহিনী কোৱা হৈছে। ভাৰতত ৰেলত আকস্মিকভাৱে লগ হয়।
-
নেক্সাছ (গ্ৰন্থ)
নেক্সাছ (এ ব্ৰিফ হিষ্ট্ৰি অৱ ইনফৰমেছন নেটৱৰ্কছ ফ্ৰম দ্য ষ্টন এজ টু এ আই) (NEXUS: A Brief History of Information Networks from the Stone Age to AI) হৈছে লেখক-ইতিহাসবিদ য়ুভাল নোৱাহ হাৰাৰীৰ এখন গ্ৰন্থ।
-
নেপালী লোককথা (গ্ৰন্থ)
নেপালী লোককথা (নেপালী: नेपाली लोककथा) তুলসী দিৱাছাৰ দ্বাৰা ৰচিত নেপালী ভাষাৰ লোককথাৰ সংকলন। এই গ্ৰন্থখন ২০৩১ বিক্ৰম সংবতত (১৯৭৪ -১৯৭৫ খ্ৰীষ্টাব্দ) নেপালী ৰাজকীয় প্ৰজ্ঞা প্ৰতিস্থানে প্ৰকাশ কৰে। গ্ৰন্থখনত সমগ্ৰ নেপালৰ বিভিন্ন অঞ্চল আৰু ভাষাৰ লোককথাৰে ভৰপূৰ।
-
নৈ বৈ যায়
নৈ বৈ যায় লীলা গগৈৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস। কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯৮৩ চনৰ মাৰ্চ মাহত। প্ৰকাশ কৰিছিল শ্ৰী ভূমি পাবলিচিং কোম্পানী, কলিকতাৰ এটা প্ৰকাশন গোষ্ঠীয়ে। বুৰঞ্জীবিদ, সাহিত্যিক লীলা গগৈ দেৱৰ "নৈ বৈ যায়" উপন্যাসখনত অসমীয়া লোক সংস্কৃতিৰ তথা সমাজ জীৱনৰ সকলো সমল সামৰি লোৱা হৈছে।
-
পুৰণি পুথি সংগ্ৰহ আৰু বিতৰণ
সাধাৰণতে পাঠ্যপুথিবোৰ এজন ছাত্ৰৰ শিক্ষাবৰ্ষ শেষ হোৱাৰ লগে লগে পুৰণি বুলি ভবা হয় আৰু তেনে কিতাপ বহুতেই হয় পেলাই দিয়ে বা পুৰণা কাগজ-পত্ৰ কিনা মানুহৰ ওচৰত বিক্ৰী কৰি দিয়ে৷ কিতাপৰ কাগজ পুৰণা হ’লেও তাৰ বিষয়বস্তু পুৰণা নহয়৷ এনে কিতাপ কেতিয়াবা আৰ্থিকভাৱে দুৰ্বল লোকৰ বাবে বা ছাত্ৰছাত্ৰীৰ বাবে সহায়ক…
-
বাদশ্বাহনামা
বাদশ্বাহনামা বা বাদশ্বাহ নামা (পাৰ্চী: پادشاهنامه বা پادشاهنامه; অৰ্থ: 'সম্ৰাটৰ কিতাপ') মোগল সম্ৰাট প্ৰথম শ্বাহজাহানৰ ৰাজত্বকালৰ আনুষ্ঠানিক ইতিহাস হিচাপে লিখা গ্ৰন্থৰ এটা গোট।
-
বুদ্ধচৰিত
বুদ্ধচৰিত (সংস্কৃত: बुद्धचरितम्, ৰোমানিক: Buddhacaritam; অনুবাদ: বুদ্ধৰ কাৰ্য্য) খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ আৰম্ভণিতে ৰচনা কৰা সাকেতৰ (বৰ্তমান অযোধ্যা) অশ্বঘোষে গৌতম বুদ্ধৰ জীৱনৰ ওপৰত লিখা সংস্কৃত মহাকাব্য শৈলীৰ এক মহাকাব্য।
-
বৈদিক গণিত
বৈদিক গণিত (Vedic Mathematics) হ'ল এখন গণিতৰ বিভিন্ন সূত্ৰ থকা এখন গ্ৰন্থ যাৰ সহায়ত কিছুমান পাটিগণিতীয় অংক সহজে কৰিব পৰা যায়। এই গ্ৰন্থখন ১৯৬৫ চনত স্বামী শ্ৰী ভাৰতী কৃষ্ণ তীৰ্থই লিখি প্ৰকাশিত কৰিছিল। গ্ৰন্থখনত মুঠতে ১৬টা সূত্ৰ আছে যাৰ সহায়ত ডাঙৰ ডাঙৰ পূৰণ হৰণ সহজে কৰিব পৰা যায়।
-
লাষ্ট ফ'ৰ লাইফ
লাষ্ট ফ'ৰ লাইফ (Lust for Life) বিশ্ববিখ্যাত চিত্ৰশিল্পী ভিনচেণ্ট ভেন গঘৰ জীৱনৰ ওপৰত আধাৰিত এখন বিশ্ববিখ্যাত উপন্যাস। ১৯৩৪ চনত এইখন প্ৰকাশ হৈছিল আৰু এইখন লিখিছিল আৰভিং ষ্টনে।
-
শাশ্বত বঙ্গ
শাশ্বত বঙ্গ (ইংৰাজী: Shashwata Banga) হ’ল বাংলা ভাষা, বাংলা সাহিত্য আৰু বাঙালীসকলৰ সাংস্কৃতিক ইতিহাসৰ ওপৰত আধাৰিত এখন গ্ৰন্থ। ইয়াক বাংলা সাহিত্যৰ এক গুৰুত্বপূৰ্ণ তথ্যচিত্ৰমূলক কৰ্ম হিচাপে গণ্য কৰা হয়। এই গ্ৰন্থখনে বাঙালী সমাজৰ চিন্তা আৰু সংস্কৃতিৰ এক দৃষ্টিভংগী আগবঢ়ায়।
-
ৱমেন হেটিং
ৱমেন হেটিং: এ ৰেডিকেল লুক এট চেক্সুৱেলিটি (ইংৰাজী: Woman Hating: A Radical Look at Sexuality) হৈছে আমেৰিকান উগ্ৰ নাৰীবাদী লেখিকা তথা সক্ৰিয় কৰ্মী এনড্ৰিয়া ডুৱৰ্কিনৰ প্ৰথমখন অ-কল্পকাহিনীমূলক গ্ৰন্থ। এইখন ১৯৭৪ চনত পোনপ্ৰথমে ই. পি. ডাটনৰদ্বাৰা প্ৰকাশিত হৈছিল।