অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নাট্ৰিনাই

নাট্ৰিনাই (তামিলநற்றிணை}} অৰ্থাৎ উৎকৃষ্ট, টিনাই), তামিল সাহিত্যৰ এক ধ্ৰুপদী গ্ৰন্থ, আৰু পৰম্পৰাগতভাৱে সংগম সাহিত্যৰ আঠটা সংকলন (Ettuthokai)ৰ ভিতৰত প্ৰথম।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৫ ১৭০ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

নাট্ৰিনাই (তামিলநற்றிணை}} অৰ্থাৎ উৎকৃষ্ট, টিনাই১), তামিল সাহিত্যৰ এক ধ্ৰুপদী গ্ৰন্থ, আৰু পৰম্পৰাগতভাৱে সংগম সাহিত্যৰ আঠটা সংকলন (Ettuthokai)ৰ ভিতৰত প্ৰথম।২ সংকলনটোত – কেতিয়াবা নাট্ৰিনাই৩ বা নাৰিনাই৪ বুলি বানান কৰা হয় – ইয়াত অকম (প্ৰেম) আৰু পুৰম (যুদ্ধ, জনজীৱন) দুয়োটা শ্ৰেণীৰ কবিতা সন্নিৱিষ্ট কৰা হৈছে। এই সংকলনটোত ৪০০টা কবিতা সন্নিৱিষ্ট কৰা হৈছে, মূলতঃ ৯ৰপৰা ১২টা শাৰীৰ, কেইটামান কবিতা ৮ৰপৰা ১৩ শাৰীৰ ভিতৰত।৫১ তামিল সাহিত্য পণ্ডিত টাকানোবু তাকাহাছিৰ মতে নাট্ৰিনাই কবিতাসমূহ ভাষিক বৈশিষ্ট্য, শৈলী আৰু লেখকসকলৰ তাৰিখৰ ওপৰত ভিত্তি কৰি ১০০–৩০০ খ্ৰীষ্টাব্দৰ ভিতৰত ৰচনা কৰা হৈছিল।৬ তামিল সাহিত্য আৰু ইতিহাসৰ আন এজন পণ্ডিত কামিল ঝভেলেবিলে কিছুমান কবিতা খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ বুলি কয়।৭ ইয়াৰ পাণ্ডুলিপিৰ তথ্য অনুসৰি নাট্ৰিনাই পন্নাতু তন্তা পন্তিয়ান মৰাণ বালুতি নামৰ এজন পাণ্ডিয়ান ৰজাৰ পৃষ্ঠপোষকতাত সংকলন কৰা হৈছিল যদিও সংকলনকাৰীৰ নাম প্ৰকাশ কৰা হোৱা নাই।১

এই কবিতাসমূহ ১৭৫ জন প্ৰাচীন কবিৰ বুলি কোৱা হয়।১ ইয়াৰে দুটা কবিতাৰ কৃতিত্ব পৃষ্ঠপোষক ৰজাক দিয়া হয়।৮ ঝভেলেবিলৰ মতে এই সংকলনটোত সংস্কৃতৰপৰা ধাৰ কৰা কেইটামান শব্দ সন্নিৱিষ্ট কৰা হৈছে আৰু ইয়াত ঐতিহাসিক পৰিঘটনাৰ ৫৯টা উল্লেখ কৰা হৈছে।৯ পিছলৈ কেইবাটাও শাৰী ধাৰলৈ লোৱা হৈছিল সংগমৰ পিছৰ বিখ্যাত তামিল গ্ৰন্থ যেনে তিৰুক্কুৰাল, চিলাপ্পটিকাৰ, মণিমেকলাই। স্বামীৰ অন্যায়ভাৱে মৃত্যুদণ্ড দিয়াৰ প্ৰতিবাদত নিজৰ স্তন ছিঙি পেলোৱা কণ্ণগি (বা কান্নাকী)ৰ তামিল কিংবদন্তি নাট্ৰিনাই ৩১২ত পোৱা যায়।১০১১

অনুবাদ

এ দক্ষিণামূৰ্তিয়ে এই গ্ৰন্থখন অনুবাদ কৰে আৰু ২০০০ চনত চেন্নাইৰ আন্তঃৰাষ্ট্ৰীয় তামিল অধ্যয়ন প্ৰতিষ্ঠানে প্ৰকাশ কৰে।

তথ্যসূত্ৰ

  1. ↑ Takanobu Takahashi. (1995). Tamil Love Poetry and Poetics. BRILL Academic. পৃ. 2, 46–48. ISBN 90-04-10042-3
  2. ↑ Kamil Zvelebil 1973, পৃ. 51–52
  3. ↑ Velayutham Saravanan. (2016). Colonialism, Environment and Tribals in South India,1792-1947. Taylor & Francis. ISBN 978-1-315-51719-3
  4. ↑ Padma Srinivasan. (2017). Language, Culture and Power. Routledge. ISBN 978-0-203-70344-1
  5. ↑ Kamil Zvelebil 1973, পৃ. 51
  6. ↑ Takanobu Takahashi. (1995). Tamil Love Poetry and Poetics. BRILL Academic. পৃ. 47–52. ISBN 90-04-10042-3
  7. ↑ Zvelebil, Kamil. (1973). The Smile of Murugan: On Tamil Literature of South India. BRILL. ISBN 978-90-04-03591-1
  8. ↑ Kamil Zvelebil 1973, পৃ. 51–52
  9. ↑ Kamil Zvelebil 1973, পৃ. 51–52
  10. ↑ Kamil Zvelebil 1973, পৃ. 51–52
  11. ↑ For a summary of Kannagi story: E.T. Jacob-Pandian. (1977). Contributions to Asian Studies: 1977. Brill Academic. পৃ. 56–57. ISBN 90-04-04926-6

সম্পৰ্কিত শ্ৰেণী

সংগম সাহিত্যগ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাট্ৰিনাই” প্ৰবন্ধৰ সংশোধন ৫৪৬৫২৪ (৩১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।