অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আনৰেষ্ট্ৰিক্টেড ৱাৰফেয়াৰ

আনৰেষ্ট্ৰিক্টেড ৱাৰফেয়াৰ (Unrestricted Warfare; সীমাবদ্ধহীন যুদ্ধ বা সীমাৰ বাহিৰত যুদ্ধ) হৈছে ১৯৯৯ চনত চীনৰ 'পিপলচ্‌ লিবাৰেশ্বন আৰ্মি' (People's Liberation Army চমুকৈ PLA)-ৰ দুই কৰ্নেল কিয়াও লিয়াং (Qiao Liang; 乔良) আৰু ওয়াং জিয়াংচুই (Wang Xiangsui; 王湘穗) -য়ে সামৰিক যুদ্ধৰ কলা-কৌশলৰ সম্পৰ্কে…

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৪ ৩১৮ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

আনৰেষ্ট্ৰিক্টেড ৱাৰফেয়াৰ (Unrestricted Warfare; সীমাবদ্ধহীন যুদ্ধ বা সীমাৰ বাহিৰত যুদ্ধ) হৈছে ১৯৯৯ চনত চীনৰ 'পিপলচ্‌ লিবাৰেশ্বন আৰ্মি' (People's Liberation Army চমুকৈ PLA)-ৰ দুই কৰ্নেল কিয়াও লিয়াং (Qiao Liang; 乔良) আৰু ওয়াং জিয়াংচুই (Wang Xiangsui; 王湘穗) -য়ে সামৰিক যুদ্ধৰ কলা-কৌশলৰ সম্পৰ্কে লিখা এখন গ্ৰন্থ।১ ইয়াৰ প্ৰাথমিক উদ্বেগ বা উৎকণ্ঠা হ’ল এই যে চীনৰ দৰে এখন দেশে কেনেদৰে এখন উন্নত প্ৰতিদ্বন্দ্বী দেশক (আমেৰিকাৰ দৰে) প্ৰযুক্তিগতভাৱে পৰাস্ত কৰিব পাৰে। প্ৰত্যক্ষ সামৰিক যুদ্ধ মনোনিৱেশ কৰাৰ পৰিৱৰ্তে এই গ্ৰন্থখনত অন্যান্য উপায়ৰ কথা অৱলম্বন কৰা হৈছে। কেনে ধৰণৰ উপায় অৱলম্বন কৰিলে আন্তঃৰাষ্ট্ৰীয় আইন আৰু বিভিন্ন ধৰণৰ আৰ্থিক ব্যৱস্থা প্ৰতিদ্বন্দ্বী দেশৰ বেয়াহৈ পৰিব লগতে প্ৰত্যক্ষ সামৰিক বাহিনীৰ অৱৰোধ কৰাৰ প্ৰয়োজনীয়তা হ’ব, তাকেই ইয়াত উল্লেখ কৰা হৈছে।

পাঠ্য উৎস

গ্ৰন্থখন ইংৰাজীলৈ অনুবাদ Foreign Broadcast Information Service য়ে ১৯৯৯ চনত উপলব্ধ কৰিছিল।১ কোৱা হয়, United States Naval Academy য়ে লেখকসকলৰ পৰা এই গ্ৰন্থখন ব্যৱহাৰৰ বাবে অনুমতি বিচাৰিছিল। গ্ৰন্থখন তেতিয়া ইংৰাজীত প্ৰকাশিত হৈছিল পূৰ্বৰ এক অচিনা পানামানিয়ান প্ৰকাশক দ্বাৰা, “China's Master Plan to Destroy America” উপশিৰোনামসহ আৰু বেটুপাতত আছিল জ্বলন্ত 'ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ'ৰ ছবি।২ ইয়াৰ ফৰাচী অনুবাদ ২০০৩ চনত প্ৰকাশিত হৈছিল।৩

পাঠ্যটি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা উদ্ধৃত কৰা হৈছে, উদাহৰণস্বৰূপে, জেমস পেৰিয়ে এটি সামৰিক ৱেবছাইটত লিখিছে:

In February 1999, the PLA Literature and Arts Publishing House issued Unrestricted Warfare, a book written by two PLA air force political officers, Senior Col Qiao Liang and Senior Col Wang Xiangsui. The venue for publication and the laudatory reviews of the book in official publications suggested that Unrestricted Warfare enjoyed the support of some elements of the PLA leadership. The Western press quoted various sensational passages from the book and described it in terms that verged on hyperbole. The book was not a blueprint for a “dirty war” against the West but a call for innovative thinking on future warfare.৪

যুক্তৰাষ্ট্ৰৰ দুৰ্বলতাসমূহ

গ্ৰন্থখনত যুক্তি দিছিল যে সামৰিক বিষয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাথমিক দুৰ্বলতা হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰই কেৱল প্ৰযুক্তিৰ ক্ষেত্ৰত সামৰিক চিন্তাত বিপ্লৱ দেখুৱায়। গ্ৰন্থখনত আৰু যুক্তি দিছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰই সামৰিক মতবাদত বিকশিত হৈছে কাৰণ নতুন প্ৰযুক্তিয়ে নতুন দক্ষতাৰ অনুমতি দিয়ে। এই হিচাবে, গ্ৰন্থত যুক্তি দৰ্শাইছে যে, আমেৰিকা যুক্তৰাষ্ট্ৰই সামৰিক কৌশলসমূহৰ বিস্তৃত চিত্ৰ বিবেচনা নকৰে, যাৰ যোগেদি আইনী আৰু অৰ্থনৈতিক কাৰণসমূহ অন্তৰ্ভুক্ত হৈছে। গ্ৰন্থখনত যুক্তি উপস্থাপন কৰি কৈছে যে, আমেৰিকা যুক্তৰাষ্ট্ৰ এই যুক্তিসমূহত (these lines) আক্ৰমণৰ সমালোচনাৰ যোগ্য।৫

তথ্যসূত্ৰ

  1. ↑ Liang, Qiao; Xiangsui, Wang. (19 may 2020). Unrestricted Warfare (1999) by Qiao Liang, Wang Xiangsui. People's Liberation Army Literature and Arts Publishing House
  2. ↑ Qiao, Liang; Santoli, Al; Wang, Xiangsui. (2000). Unrestricted warfare: China's master plan to destroy America. Internet Archive. ISBN 9780971680722
  3. ↑ Qiao, Liang; Wang, Xiangsui; Denès, Hervé. (2003). La guerre hors limites. Payot. ISBN 978-2-7436-1149-1
  4. ↑ Perry, James D. (January 2000). Operation Allied Force: The View from Beijing. Aerospace Power Journal
  5. ↑ Bolander, Jeffery W. (February 2001). The Dragon’s New Claws. Marine Corps Gazette

সম্পৰ্কিত শ্ৰেণী

গ্ৰন্থসামৰিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনৰেষ্ট্ৰিক্টেড ৱাৰফেয়াৰ” প্ৰবন্ধৰ সংশোধন ৪০৭৪৫০ (২৪ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।