গায়িকা
১৯৩ প্ৰবন্ধ
-
ক্ৰিষ্টিনা এগুইলাৰ
ক্ৰিষ্টিনা এগুইলাৰ (থাই: คริสติน่า อากีล่าร์; জন্ম ৩১ অক্টোবৰ ১৯৬৬) এগৰাকী থাই গায়িকা যাক থাই নৃত্যৰ ৰাণী হিচাপে জনা যায়। তেওঁৰ প্ৰথম এলবাম নিঞ্জা ১ মিলিয়ন কপি বিক্ৰীৰ বাবে প্লেটিনাম প্ৰমাণিত হৈছিল – যিটো থাই মহিলা গায়িকাৰ বাবে প্ৰথমটো।
-
গাৱৰী দেৱী
গাৱৰী দেৱী (গাৱৰী বাই বুলিও জনা যায়) (১৪ এপ্ৰিল ১৯২০ – ২৯ জুন ১৯৮৮) ভাৰতৰ ৰাজস্থান ৰাজ্যৰ এগৰাকী ভাৰতীয় লোকগায়িকা। তেওঁ মাণ্ড গীতৰ বাবে পৰিচিত, যিটো লোকগীতৰ এক শৈলী।
-
গুগুচ
ফায়েগেহ আতাচিন (ফাৰ্চী: فائقه آتشین; জন্ম: ৫ মে’ ১৯৫০), যি পেচাগতভাৱে গুগুচ (گوگوش) নামেৰে পৰিচিত, এগৰাকী ইৰানী কণ্ঠশিল্পী আৰু প্ৰাক্তন অভিনেত্ৰী। এগৰাকী পপ আইকন হিচাপে পৰিগণিত গুগুচ ইৰানৰ অন্যতম জনপ্ৰিয় আৰু সৰ্বাধিক চৰ্চিত মনোৰঞ্জন ধৰ্মী শিল্পী, যাৰ কেৰিয়াৰে ছয়টা দশকৰো অধিক সময় স্পৰ্শ কৰিছে।
-
গে গে
গে গে (ဂေဂေး) এগৰাকী বাৰ্মীজ গায়িকা। তেওঁৰ প্ৰথম এলবাম "নিন থাৰ শি ইয়িন" ২০১৫ চনত মুক্তি লাভ কৰিছিল। ২০১৭ চনত তেওঁৰ দ্বিতীয় এলবাম ইনখোন লোট ম্হা হোটেয়ালাৰ মুক্তি লাভ কৰে।
-
গোলোজিন
গোলোজিন আৰ্দেস্তানী (ফাৰ্চী: گل آذین اردستانی), তেওঁৰ পেছাদাৰী নাম গোলা হিচাপেহে বেছি জনাজাত। তেওঁ লণ্ডনত থকা এগৰাকী ইৰানী মূলৰ ব্ৰিটিছ-আমেৰিকান গায়ক-গীতিকাৰ, সংগীতবিজ্ঞানী, কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ পিয়ানো, চন্তুৰ, দাম্মাম (ইৰানীয় বাদ্যযন্ত্ৰ) আৰু বাঁহী বজায়।
-
চই ইউ-জুং
চই ইউ-জুং (ইংৰাজী: Choi Yoo-jung; জন্ম: ১২ নৱেম্বৰ, ১৯৯৯), যাক এককভাৱে ইউজুং নামেৰে জনা যায়, এগৰাকী দক্ষিণ কোৰিয়াৰ কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ ফেণ্টাজিঅ' নামৰ প্ৰতিষ্ঠানৰ সৈতে চুক্তিবদ্ধ।
-
চন্দ্ৰাণী মুখাৰ্জী
চন্দ্ৰাণী মুখাৰ্জী এগৰাকী বলিউডৰ গায়িকা, আৰু তেওঁ বাপ্পী লাহিড়ীৰ ভগ্নী। তেওঁ পশ্চিমবঙ্গৰ এগৰাকী ফিল্মফেয়াৰ মনোনীত শিল্পী।
-
চাইণ্ডী ৱাং
চাইণ্ডী ৱাং সিন-লিং (ইংৰাজী: Cyndi Wang; জন্ম: ৫ ছেপ্টেম্বৰ, ১৯৮২; ৱাং জিনলিং নামেৰেও জনা যায়) এগৰাকী টাইৱানৰ গায়িকা আৰু অভিনেত্ৰী। ৱাঙে তেওঁৰ প্ৰথম এলবাম বিগিন... (২০০৩) মুক্তিৰ জৰিয়তে সংগীত জীৱন আৰম্ভ কৰিছিল।
-
চিণ্ডী ছান্যু
চিণ্ডেৰেলা ছান্যু (ইংৰাজী: Cinderella Sanyu; জন্ম: ২৮ আগষ্ট ১৯৮৫) পেছাগতভাৱে চিণ্ডী বা চিণ্ডী ছান্যু নামেৰে পৰিচিত এগৰাকী উগাণ্ডাৰ সংগীতজ্ঞ। তেওঁ লিলিয়ান ম্বাবাজি আৰু জেকী চাণ্ডিৰুৰ সৈতে সংগীত গোট ব্লু*৩ ৰ অন্যতম মূল সদস্য আছিল।
-
চিন্নাপন্নু
চিন্নাপন্নু (চিন্নাপন্নু কুমাৰ) তামিলনাডু ৰাজ্যৰ এগৰাকী লোক গায়িকা তথা প্লেবেক গায়িকা।
-
চু ৱিনচি
চু ৱিনচি (চীনা ভাষা: 苏盈之; জন্ম: ২৬ অক্টোবৰ ১৯৮৫) এগৰাকী মালয়েছিয়াৰ গায়িকা, অভিনেত্ৰী, সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী আৰু মডেল। তেওঁ ২০০৮ চনত মিছ ৱৰ্ল্ড মালয়েছিয়াৰ মুকুট লাভ কৰিছিল আৰু মিছ ৱৰ্ল্ড ২০০৮ প্ৰতিযোগিতাত মালয়েছিয়াক প্ৰতিনিধিত্ব কৰিছিল।
-
চুং হা
কিম চুং-হা (ইংৰাজী: Kim Chung-ha; জন্ম: কিম চান-মি, ৯ ফেব্ৰুৱাৰী, ১৯৯৬) এগৰাকী দক্ষিণ কোৰিয়াৰ গায়িকা, নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ কেৱল চুং হা নামেৰেও পৰিচিত।
-
চুকাছা আওই
চুকাছা আওই (জাপানী: 葵 つかさ; ইংৰাজী: Tsukasa Aoi; জন্ম: ১৪ আগষ্ট ১৯৯০) এগৰাকী জাপানী প্ৰাক্তন গ্ৰাভিয়াৰ আইডল, অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব, পৰ্ণগ্ৰাফিক অভিনেত্ৰী আৰু আইডল গায়িকা। ২০১০ চনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰাৰে পৰা আওই ৭০০তকৈও অধিক প্ৰাপ্তবয়স্ক ছবিত অভিনয় কৰিছে।
-
চুজি চ্যু
চুজান জেনেট বেলিয়ান (জন্ম ২৭ মে', ১৯৫৭), যি পেছাদাৰীভাৱে চুজি চ্যু (ইংৰাজী: Siouxsie Sioux) নামেৰে পৰিচিত, এগৰাকী ইংৰাজ গায়িকা আৰু গীতিকাৰ। তেওঁ ৰক বেণ্ড চুজি এণ্ড দ্য বানশ্বিছৰ গায়িকা আৰু মুখ্য গীতিকাৰ হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
ছফিয়া হায়াত
ছফিয়া হায়াত এগৰাকী ইংৰাজ গায়িকা, অভিনেত্ৰী আৰু টেলিভিছন ব্যক্তিত্ব ভাৰতীয় টেলিভিছন আৰু চিনামাত অভিনয়ৰ বাবে পৰিচিত। ২০১৩ চনত বিগ বছ ৭, বিগ ব্ৰাদাৰৰ ভাৰতীয় সংস্কৰণত অংশগ্ৰহণ কৰিছিল।
-
ছাছা পিটাৰ্ছ
ছাছা পিটাৰ্ছ শ্বেফাৰ (জন্ম: ১৭ ফেব্ৰুৱাৰী, ১৯৯৬) এগৰাকী দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। তেওঁ ফ্ৰীফৰ্ম ধাৰাবাহিক প্ৰিটি লিটল লায়াৰ্ছ (২০১০–২০১৭) আৰু ইয়াৰ স্পিন-অফ প্ৰিটি লিটল লায়াৰ্ছ: দ্য পাৰ্ফেকশনিষ্টছত (২০১৯) এলিচন ডিলৰেণ্টিছৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে বিশ্বজুৰি…
-
ছাব্ৰিনা কাৰ্পেণ্টাৰ
ছাব্ৰিনা এনলিন কাৰ্পেণ্টাৰ (ইংৰাজী: Sabrina Annlynn Carpenter; জন্ম: ১১ মে', ১৯৯৯) এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী। প্ৰথমে ডিজনী চেনেলৰ ধাৰাবাহিক গাৰ্ল মিটছ ৱৰ্ল্ড (২০১৪–২০১৭) ত মায়া হাৰ্টৰ চৰিত্ৰত অভিনয় কৰি তেওঁ প্ৰাধান্য লাভ কৰে।
-
ছাৰা হাইলেণ্ড
ছাৰা জেন হাইলেণ্ড (জন্ম: ২৪ নৱেম্বৰ, ১৯৯০) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। মানহাটানত জন্মগ্ৰহণ কৰা তেওঁ প্ৰফেচনেল পাৰফৰ্মিং আৰ্টছ স্কুলত অধ্যয়ন কৰিছিল। তেওঁ প্ৰথমে ‘প্ৰাইভেট পাৰ্টছ’ (১৯৯৭), ‘এনি’ (১৯৯৯) আৰু ‘ব্লাইণ্ড ডেট’ (২০০৭) চলচ্চিত্ৰত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল।
-
ছাৰাহ আজহাৰী
ছাৰাহ আজহাৰী (ইংৰাজী: Sarah Azhari; জন্ম: ১৬ জুন ১৯৭৮) এগৰাকী ইণ্ডোনেচিয়ান অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন ব্যক্তিত্ব। তেওঁ ইণ্ডোনেচিয়ান অভিনেত্ৰী আয়ু আজহাৰীৰ ভগ্নী। অভিনেত্ৰী ক্ৰীষ্টিন হাকিমৰ সৈতে তেওঁ গাৰিন নুগ্ৰোহোৰ নিৰ্দেশনাত নিৰ্মিত ডাউন ডি আটাস বাণ্টাল নামৰ চলচ্চিত্ৰখনত অভিনয় কৰিছিল।
-
ছি-ইয়ন
পাৰ্ক জং-হিউন (ইংৰাজী: Park Xi-yeon; জন্ম: ১৪ নৱেম্বৰ, ২০০০), যিগৰাকী পেছাদাৰীভাৱে পাৰ্ক ছি-ইয়ন নামেৰে পৰিচিত, এগৰাকী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী। প্ৰাক্তন শিশু অভিনেত্ৰী, গায়িকা আৰু মডেল পাৰ্ক ছি-ইয়নে ২০১৭ চনত গাৰ্ল গ্ৰুপ পিষ্টিনৰ সদস্য হিচাপে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰাৰ পূৰ্বে ৯ বছৰ ধৰি…
-
ছোনিয়া ৰাথি
ছোনিয়া ৰাথি (জন্ম ২৫ ডিচেম্বৰ ১৯৯৬) হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান অভিনেত্ৰী, মডেল, আৰু নৃত্যশিল্পী। তেওঁ মূলতে ভাৰতীয় টেলিভিছন আৰু চলচ্চিত্ৰত কাৰ্য্য কৰে।
-
জলিন চাই
জলিন চাই ই-লিন (ইংৰাজী: Jolin Tsai; জন্ম: ১৫ ছেপ্টেম্বৰ, ১৯৮০) — এগৰাকী টাইৱানৰ গায়িকা, গীত ৰচনা, সংগীত প্ৰযোজক আৰু অভিনেত্ৰী। "কুইন অফ চি-পপ" হিচাপে স্বীকৃত চাই চীনা ভাষী বিশ্বৰ জনপ্ৰিয় সংস্কৃতিৰ অন্যতম প্ৰভাৱশালী ব্যক্তিত্ব।
-
জাচমিন তাবাতাবাই
জাচমিন তাবাতাবাই (ফাৰ্চী: یاسمین طباطبائی, জন্ম ৮ জুন ১৯৬৭) হৈছে এগৰাকী জাৰ্মান অভিনেত্ৰী আৰু গায়িকা।
-
জাৰা
জাৰিফা পাছায়েভনা মগয়ান (Зарифа́ Паша́евна Мгоя́н; জন্ম: ২৬ জুলাই ১৯৮৩), যি জাৰা (За́ра) নামেৰে পৰিচিত, এগৰাকী য়েজিদি-কুৰ্ড মূলৰ ৰাছিয়ান পপ গায়িকা, অভিনেত্ৰী আৰু সামাজিক কৰ্মী। তেওঁক ২০১৬ চনত ৰাছিয়ান ফেডাৰেচনৰ সন্মানীয় শিল্পী উপাধি প্ৰদান কৰা হৈছিল।
-
জিয়া খান
নফিছা ৰিজভি খান ( Nafisa Rizvi Khan; জন্ম: ২০ ফেব্ৰুৱাৰী ১৯৮৮ – মৃত্যু: ৩ জুন ২০১৩), জিয়া খান নামেৰে বেছি পৰিচিত, হিন্দী চিনেমাত কাম কৰা এগৰাকী ব্ৰিটিছ-ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। ২০০৭ চনৰ পৰা ২০১০ চনলৈকে তিনিখন বলীউড ছবিত অভিনয় কৰিছিল।
-
জিয়ানা জেইন
ছিটি ৰ'জিয়ানা বিণ্টি জেইন (জন্ম: ২ মে' ১৯৬৮), জিয়ানা জেইন নামেৰে বেছি পৰিচিত মালয়েছিয়াৰ এগৰাকী গায়িকা, অভিনেত্ৰী, মডেল, টেলিভিছন উপস্থাপক, ৰাষ্ট্ৰদূত আৰু ব্যৱসায়ী।
-
জুলিয়া ছানিনা
ইউলিয়া অলেকচেণ্ড্ৰিভনা বেবকো ( Yulioa Oleksandrivna Bebko; জন্ম: ১১ অক্টোবৰ ১৯৯০), যি পেছাগতভাৱে জুলিয়া ছানিনা নামেৰে পৰিচিত, এগৰাকী ইউক্ৰেইনীয় গায়িকা আৰু ইউক্ৰেইনৰ ৰক বেণ্ড দ্য হাৰ্ডকিছৰ আগশাৰীৰ মহিলা।
-
জেনেল পেৰিছ
জেনেল মেইলানি পেৰিছ (ইংৰাজী: Janel Meilani Parrish; জন্ম: ৩০ অক্টোবৰ, ১৯৮৮) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। তেওঁ প্ৰিটি লিটল লায়াৰ্ছ (২০১০–১৭) আৰু ইয়াৰ স্পিন-অফ প্ৰিটি লিটল লায়াৰ্ছ: দ্য পাৰ্ফেকশনিষ্টছ (২০১৯) ধাৰাবাহিকত মোনা ভাণ্ডাৰৱালৰ চৰিত্ৰত আৰু টু অল দ্য বয়জ চলচ্চিত্ৰ শৃংখলাত…
-
জো ইউৰি
জো ইউৰি (কোৰিয়ান: 조유리; জন্ম: ২২ অক্টোবৰ, ২০০১) এগৰাকী দক্ষিণ কোৰিয়ান গায়িকা আৰু অভিনেত্ৰী। দক্ষিণ কোৰিয়া–জাপানীজ গাৰ্ল গ্ৰুপ ইজ*ৱানৰ প্ৰাক্তন সদস্য হিচাপে পৰিচিত।
-
জোহৰেহ জুয়া
জোহৰেহ জুয়া (ফাৰ্চী: زهره جویا) হৈছে ইৰানৰ মাশহাদৰ এগৰাকী কণ্ঠশিল্পী।