অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চুজি চ্যু

চুজান জেনেট বেলিয়ান (জন্ম ২৭ মে', ১৯৫৭), যি পেছাদাৰীভাৱে চুজি চ্যু (ইংৰাজী: Siouxsie Sioux) নামেৰে পৰিচিত, এগৰাকী ইংৰাজ গায়িকা আৰু গীতিকাৰ। তেওঁ ৰক বেণ্ড চুজি এণ্ড দ্য বানশ্বিছৰ গায়িকা আৰু মুখ্য গীতিকাৰ হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিছিল।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ৩৬১ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

চুজান জেনেট বেলিয়ান (জন্ম ২৭ মে', ১৯৫৭), যি পেছাদাৰীভাৱে চুজি চ্যু (ইংৰাজী ভাষা: Siouxsie Sioux) নামেৰে পৰিচিত, এগৰাকী ইংৰাজ গায়িকা আৰু গীতিকাৰ। তেওঁ ৰক বেণ্ড চুজি এণ্ড দ্য বানশ্বিছৰ গায়িকা আৰু মুখ্য গীতিকাৰ হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯৭৮ চনৰ পৰা ১৯৯৫ চনলৈকে তেওঁলোকে ১১খন ষ্টুডিঅ' এলবাম মুকলি কৰিছিল। তেওঁলোকৰ কেইবাটাও জনপ্ৰিয় গীত হ'ল— হংকং গাৰ্ডেন (১৯৭৮), হেপ্পী হাউচ (১৯৮০) আৰু পিক-এ-বু (১৯৮৮)। ইয়াৰ উপৰিও ১৯৯১ চনত তেওঁলোকৰ গীত কিচ দেম ফৰ মি-য়ে আমেৰিকাৰ বিলবৰ্ড হট ১০০ তালিকাত স্থান লাভ কৰিছিল।

চুজি চ্যুই ১৯৮১ চনত দ্য ক্ৰিয়েচাৰ্ছ নামৰ এটা দ্বিতীয় গোট গঠন কৰে আৰু ইয়াৰ জৰিয়তে চাৰিখন ষ্টুডিঅ' এলবাম তথা ৰাইট নাও-ৰ দৰে জনপ্ৰিয় গীত মুকলি কৰে। ২০০০-ৰ দশকৰ মাজভাগত এই গোটটো ভাঙি যোৱাৰ পিছত তেওঁ চুজি নামেৰে একক শিল্পী হিচাপে কেৰিয়াৰ আগবঢ়াই নিয়ে। ২০০৭ চনত তেওঁৰ একক এলবাম মণ্টাৰে সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত হৈছিল।

'অল মিউজিক'-এ চুজি চ্যক "ৰক যুগৰ আটাইতকৈ প্ৰভাৱশালী ব্ৰিটিছ গায়িকাসকলৰ ভিতৰত এগৰাকী" বুলি অভিহিত কৰিছে।১ জেফ বাকলী আৰু দ্য উইকেণ্ডৰ দৰে কেইবাজনো বিশ্ববিখ্যাত শিল্পীয়ে তেওঁৰ গীতৰ পুনৰ নিৰ্মাণ কৰিছে। ২০১১ চনত তেওঁক 'কিউ এৱাৰ্ডছ'ত সংগীতলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে পুৰস্কৃত কৰা হয়২ আৰু ২০১২ চনত তেওঁ 'আইভৰ নভেলো এৱাৰ্ডছ'ত ইন্সপিৰেচন এৱাৰ্ড লাভ কৰে।৩

গীত ৰচনা

সাংবাদিক পাল মৰ্লিয়ে লক্ষ্য কৰিছিল যে চুজিৰ গীতৰ বিষয়বস্তুসমূহ মানসিক ৰোগ, চিকিৎসাৰ আতংক, অতিবাস্তৱিক ব্যাধি, দুশ্চৰিত্ৰ লালসা, ভয়াৱহ তীব্ৰতা, অলৌকিক শক্তি, যৌন নিৰ্যাতন, শৈশৱৰ অশান্তি, জঘন্য ৰহস্য, অসহ্যকৰ স্নায়ৱিক উদ্বেগ, সাধুকথাৰ ভয়, নগৰীয়া অসন্তুষ্টি আৰু নিসংগতাৰ মৰ্যাদাৰ দৰে বিষয়ৰ সৈতে জড়িত। তেওঁৰ বেছিভাগ গীতত ক্ষতি বা ধ্বংসৰ (damage) কথা থাকে; শৈশৱৰ অভিজ্ঞতাই তেওঁৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁ কৈছিল, "ক্ষতিগ্ৰস্ত জীৱন, ক্ষতিগ্ৰস্ত আত্মা, ক্ষতিগ্ৰস্ত সম্পৰ্ক। মই যিবোৰ ক্ষতিৰ বিষয়ে গাওঁ তাৰ বেছিভাগেই সৰু থাকোঁতে ঘটিছিল আৰু মই এতিয়াও তাৰ পৰাই অনুপ্ৰাণিত হওঁ। শৈশৱৰ প্ৰাৰম্ভিক অভিজ্ঞতাবোৰেই জীৱনটোত ক্ষতিৰ সৃষ্টি কৰে। আপুনি লিখা গীতবোৰে সেই ক্ষতিবোৰ শুধৰাই লোৱাত সহায় কৰিব পাৰে। মোৰ বাবে শৈশৱত অৱহেলা আছিল। এজন মদ্যপায়ী পিতৃ যিয়ে পৰিয়ালৰ বাবে সময় দিব নোৱাৰিছিল কাৰণ তেওঁৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু আছিল কেৱল সুৰা; আনহাতে মাতৃগৰাকীয়ে পিতৃৰ অনুপস্থিতি পূৰণ কৰিবলৈ চেষ্টা কৰিছিল যাৰ বাবে তেওঁ সদায় কামত ব্যস্ত থাকিবলগীয়া হৈছিল আৰু যেতিয়া তেওঁ ওচৰত থাকে তেতিয়া তেওঁ মানসিক চাপত থাকে। নিসংগ হৈ থকা আৰু সংযোগ কৰিবলৈ কোনো নথকাৰ বাবে সেই সময়ত কোনো শাৰীৰিক স্পৰ্শৰ মৰম পোৱা নগৈছিল।"৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Stone, Doug. Siouxsie Biography. Allmusicguide.com
  2. ↑ (25 October 2011). Siouxsie Sioux: 'There plenty more new material to come from me. Qthemusic.com
  3. ↑ (17 May 2012). The Ivor Novello Awards. NME
  4. ↑ Morley, Paul. (1 June 2012). A Song of Siouxsie. Basca.org.uk

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তিগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুজি চ্যু” প্ৰবন্ধৰ সংশোধন ৫৯৪৪০৮ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।