অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেনেল পেৰিছ

জেনেল মেইলানি পেৰিছ (ইংৰাজী: Janel Meilani Parrish; জন্ম: ৩০ অক্টোবৰ, ১৯৮৮) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। তেওঁ প্ৰিটি লিটল লায়াৰ্ছ (২০১০–১৭) আৰু ইয়াৰ স্পিন-অফ প্ৰিটি লিটল লায়াৰ্ছ: দ্য পাৰ্ফেকশনিষ্টছ (২০১৯) ধাৰাবাহিকত মোনা ভাণ্ডাৰৱালৰ চৰিত্ৰত আৰু টু অল দ্য বয়জ চলচ্চিত্ৰ শৃংখলাত…

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ৩৮১ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

জেনেল মেইলানি পেৰিছ (ইংৰাজী ভাষা: Janel Meilani Parrish; জন্ম: ৩০ অক্টোবৰ, ১৯৮৮)১ এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। তেওঁ প্ৰিটি লিটল লায়াৰ্ছ (২০১০–১৭) আৰু ইয়াৰ স্পিন-অফ প্ৰিটি লিটল লায়াৰ্ছ: দ্য পাৰ্ফেকশনিষ্টছ (২০১৯) ধাৰাবাহিকত মোনা ভাণ্ডাৰৱালৰ চৰিত্ৰত আৰু টু অল দ্য বয়জ চলচ্চিত্ৰ শৃংখলাত (২০১৮–২১) মাৰ্গট কভিৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ ১৯৯৬ চনত ব্ৰডৱে থিয়েটাৰৰ নিৰ্মাণ লে মিজাৰেবলত কণমানি কচেটৰ চৰিত্ৰত আৰু ২০০৭ চনত কিশোৰ কমেডী ছবি ব্ৰাটজত জেডৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০২৩ চনত তেওঁ ফক্সৰ দ্য মাস্কড ছিংগাৰৰ দশম ছিজনত তৃতীয় স্থান লাভ কৰিছিল।২ তেওঁ হলমাৰ্ক মিডিয়াৰ কেইবাখনো চলচ্চিত্ৰতো অভিনয় কৰিছে।

আদি জীৱন আৰু শিক্ষা

পেৰিছৰ জন্ম হাৱাইৰ হনোলুলুৰ কেনেউহেত হৈছিল১ আৰু তেওঁ হনোলুলুতে ডাঙৰ-দীঘল হৈছিল; পিছলৈ কিশোৰ অৱস্থাত তেওঁ কেলিফৰ্ণিয়ালৈ যায়।৩ তেওঁৰ মাতৃ জ’ৱান (পূৰ্বৰ নাম মিউ) হান চীনা বংশোদ্ভূত আৰু পিতৃ মাৰ্ক পেৰিছ৩৪ জাৰ্মান, আইৰিছ আৰু ইংৰাজ বংশোদ্ভূত।১ তেওঁৰ মেলিনা নোহেলানি নামৰ এগৰাকী বাইদেউ আছে, যি তেওঁতকৈ আঠ বছৰৰ ডাঙৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ এজন বিষয়া হিচাপে কৰ্মৰত আছিল।৫ তেওঁৰ পিতৃ-মাতৃ প্ৰাক্তন শৰীৰচৰ্চাবিদ আছিল৬ আৰু মাতৃয়ে হনোলুলুৰ এটা হেল্থ ক্লাবত কাম কৰিছিল।৭

ন বছৰ বয়সত পেৰিছে নীল এছ. ব্লেচডেল কেণ্টাৰত দ্য ফেণ্টম অৱ দ্য অপেৰাৰ এক প্ৰদৰ্শনী চাই অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈছিল।৮ তেওঁ পিয়ানো বজাবলৈ আৰম্ভ কৰে আৰু এবছৰৰ ভিতৰতে অভিনয়, গায়ন, ট্যাপ ডান্স আৰু জাজ ডান্সৰ শিক্ষা ল’বলৈ ধৰে।৯ তেওঁ কেইবাটাও প্ৰতিভা অন্বেষণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ওৱাহুৰ স্থানীয় বাসিন্দাৰ মাজত পৰিচিত হৈ পৰে।১০ ১৪ বছৰ বয়সত তেওঁ ২০০৩ চনৰ ষ্টাৰ ছাৰ্চৰ ৰিমেকত অংশ লৈছিল আৰু তাত লে মিজাৰেবলৰপৰা "অন মাই অ’ন" গীতটো পৰিৱেশন কৰিছিল।১১ তেওঁ মোৱানালুয়া এলিমেণ্টৰী স্কুল আৰু হাইস্কুলত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল।৩৯ পেৰিছে ১৪ বছৰ বয়সলৈকে কেনেউহেত বাস কৰিছিল আৰু তাৰ পিছত বিনোদন জগতত কেৰিয়াৰ গঢ়িবলৈ পৰিয়ালৰ সৈতে লছ এঞ্জেলছৰ বাৰবেংক লৈ গুচি আহে।৯১২ কামৰ সময়সূচীৰ বাবে পেৰিছে ঘৰতে থাকি (হোমস্কুলিং) শিক্ষা সমাপ্ত কৰিছিল।১৩

লোকহিতৈষীমূলক কাম-কাজ

২০১৮ চনৰ অক্টোবৰ মাহত তেওঁ ৰাষ্ট্ৰীয় উৎপীড়ন প্ৰতিৰোধ মাহ (National Bullying Prevention Month) উপলক্ষ্যে ডিজনী আৰু এ.বি.চি.-ৰ '#ChooseKindness' অভিযানৰ বাবে ছাছা পিটাৰ্ছৰ সৈতে এটা উৎপীড়ন বিৰোধী ৰাজহুৱা সেৱা ঘোষণা (public service announcement) ত অংশ লৈছিল।১৪ পিপল আলোচনীক তেওঁ কৈছিল, "মোৰ উৎপীড়িত হোৱাৰ অভিজ্ঞতা আছে। মোৰ বাবে এইটো নিশ্চিতভাৱে হাইস্কুলীয়া দিনবোৰত হৈছিল। মই মুঠেও জনপ্ৰিয় ছোৱালী নাছিলোঁ।" ১৪

ব্যক্তিগত জীৱন

পেৰিছে ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত কেমিকেল ইঞ্জিনিয়াৰ ক্ৰিছ লংৰ সৈতে ডেটিং আৰম্ভ কৰিছিল১৫১৬ আৰু ২০১৭ চনৰ ২৩ অক্টোবৰত তেওঁৰ সৈতে বাগদান সম্পন্ন কৰে।১৭১৮ ২০১৮ চনৰ ৮ ছেপ্টেম্বৰত হাৱাইৰ ওৱাহুৰ কুৱালোয়া ৰেঞ্চত তেওঁলোক বিবাহপাশত আবদ্ধ হয়।১৯ বিবাহৰ দুসপ্তাহ পূৰ্বে এজন মদ্যপান কৰা চালকৰ খুন্দাত তেওঁৰ শহুৰেকৰ মৃত্যু হৈছিল।২০ ২০১৯ চনত 'ইটি' (ET)ক দিয়া সাক্ষাৎকাৰত পেৰিছে সোঁৱৰণ কৰি কয়, "আমি হাৱাইলৈ গৈছিলোঁ আৰু দিনটো বৰ ধুনীয়া আছিল। আমাৰ বিবাহৰ শপত গ্ৰহণৰ সময়ত যেতিয়া ক্ৰিছে তেওঁৰ দেউতাকৰ বিষয়ে ক’বলৈ আৰম্ভ কৰিলে, আকাশখন খোল খাই পৰিল আৰু আমাৰ ওপৰত বৰষুণ দিবলৈ ধৰিলে। এয়া এক ইমান সুন্দৰ মুহূৰ্ত আছিল যে মোৰ নালাগে কাৰো চকুৰ পানী শুকাই আছিল, প্ৰত্যেকেই কান্দিছিল কাৰণ এয়া সঁচাকৈয়ে এক আৱেগিক মুহূৰ্ত আছিল।" ২১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ting, Yu Shing. (November 2017). Parrish State of Mind. HILuxury
  2. ↑ Schneider, Michael. (December 20, 2023). The Masked Singer Season 10 Finale: Winner, Runner-Up Revealed. Variety
  3. ↑ Lee, Diane S.W. (July 25, 2007). Former Hawaii girl to star in 'Bratz' movie. The Honolulu Advertiser
  4. ↑ Berger, John. (July 31, 2007). On The Scene: It's SRO for 'Bratz'. Honolulu Star-Bulletin
  5. ↑ (July 23, 2012). Teen Choice Awards: See Janel Parrish Glam Up!. People
  6. ↑ Longobucco, Alyssa. (May 30, 2012). Janel Parrish Brings Her 'A' Game to Pretty Little Liars. Self
  7. ↑ Berger, John. (November 26, 1998). Singing sensation takes dramatic role. Honolulu Star-Bulletin
  8. ↑ Folen, Alana. (August 11, 2010). Did You Hear About Our Pretty Little Liar?. MidWeek
  9. ↑ O'Connor, Christina. (January 16, 2013). Pretty Little Liar. MidWeek
  10. ↑ (June 16, 2002). Coleman highlights Hawai'i contest. The Honolulu Advertiser
  11. ↑ Macke, Johnni. (August 6, 2015). The Unearthed Audition Tapes of Your Favorite Pretty Little Liars Stars. Teen.com
  12. ↑ Donnelly, Dave. (January 7, 2003). Hawaii. Honolulu Star-Bulletin
  13. ↑ Berger, John. (August 3, 2007). The Big Pink Payoff. Honolulu Star-Bulletin
  14. ↑ Pretty Little Liars' Janel Parrish Opens Up About Being Bullied in High School: 'Being Called Names Is So Demeaning'. PEOPLE.com
  15. ↑ Tailor, Leena. (October 23, 2017). Newly Engaged 'Pretty Little Liars' Star Janel Parrish Dishes on Her 'Perfect' Park Proposal (Exclusive). Entertainment Tonight
  16. ↑ Gay, Danielle. (September 10, 2018). Pretty Little Liar Janel Parrish got married in Hawaii over the weekend. Vogue Australia
  17. ↑ (October 23, 2017). 'Pretty Little Liars' Alum Janel Parrish Is Engaged. The Hollywood Reporter
  18. ↑ Corinthios, Aurelie. (October 23, 2017). 'Pretty Little Liars' Star Janel Parrish Is Engaged to Boyfriend Chris Long — See Her Sweet Announcement. People
  19. ↑ Falcone, Dana Rose; Pasquini, Maria. (September 9, 2018). Pretty Little Liars' Janel Parrish Marries Chris Long in Hawaii: 'Loving My Husband So Much'. People
  20. ↑ Janel Parrish Reveals Her Father-in-Law Was 'Killed by a Drunk Driver' 2 Weeks Before Her Wedding. PEOPLE.com
  21. ↑ Janel Parrish on Standing Out and Finding Her Own Place In the 'Pretty Little Liars' Pack (Exclusive) · Entertainment Tonight. www.etonline.com

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেনেল পেৰিছ” প্ৰবন্ধৰ সংশোধন ৫৯৪৫১৭ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।