চই ইউ-জুং (ইংৰাজী ভাষা: Choi Yoo-jung; জন্ম: ১২ নৱেম্বৰ, ১৯৯৯), যাক এককভাৱে ইউজুং নামেৰে জনা যায়, এগৰাকী দক্ষিণ কোৰিয়াৰ কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ ফেণ্টাজিঅ' নামৰ প্ৰতিষ্ঠানৰ সৈতে চুক্তিবদ্ধ। ২০১৬ চনৰ চাৰ্ভাইভেল প্ৰগ্ৰেম প্ৰডিউচ ১০১ত তৃতীয় স্থান লাভ কৰাৰ পাছত ২০১৬ চনৰ মে' মাহত তেওঁ 'আই.অ'.আই.' (I.O.I) গোটৰ সদস্য হিচাপে আত্মপ্ৰকাশ কৰে। ১১ মাহৰ প্ৰচাৰৰ পিছত ২০১৭ চনৰ জানুৱাৰী মাহত আই.অ'.আই. আনুষ্ঠানিকভাৱে ভংগ হয়। গোটটো ভংগ হোৱাৰ পিছত তেওঁ নিজৰ এজেন্সীলৈ উভতি যায় আৰু অৱশেষত ২০১৭ চনৰ আগষ্ট মাহত 'ৱেকি মেকি' গোটৰ সৈতে আত্মপ্ৰকাশ কৰে। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ চানফ্লাৱাৰ নামৰ একক এলবামৰ জৰিয়তে এগৰাকী একক শিল্পী হিচাপে আত্মপ্ৰকাশ কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
চই ইউ-জুং ১৯৯৯ চনৰ ১২ নৱেম্বৰত দক্ষিণ কোৰিয়াৰ গুৰিত জন্মগ্ৰহণ কৰিছিল। তেওঁ পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল। সৰু থাকোঁতে তেওঁ শিক্ষক বা আৰক্ষী বিষয়া হোৱাৰ সপোন দেখিছিল, কিন্তু লাহে লাহে তেওঁৰ অভিনয় আৰু পৰিৱেশ্য কলাৰ প্ৰতি আগ্ৰহ বাঢ়িবলৈ ধৰে।১ তেওঁ ফেণ্টাজিঅ’ প্ৰতিষ্ঠানত যোগদান কৰে আৰু চাৰি বছৰ সাত মাহ প্ৰশিক্ষণ লয়। ইয়াৰ পিছত ২০১৬ চনত তেওঁ এমনেটৰ (Mnet) গাৰ্ল গ্ৰুপ চাৰ্ভাইভেল শ্ব’ প্ৰডিউচ ১০১-ত অংশগ্ৰহণ কৰে আৰু শেষত আই.অ'.আই.-ৰ সদস্য হিচাপে আত্মপ্ৰকাশ কৰে।২ তেওঁ গুৰি গাৰ্লছ হাইস্কুলত অধ্যয়ন কৰিছিল যদিও সংগীত জগতত আত্মপ্ৰকাশ কৰাৰ পাছত প্ৰচাৰমূলক কাম-কাজত সুবিধা হোৱাকৈ তেওঁ আৰু তেওঁৰ সতীৰ্থ কিম ড’-ইয়নৰ সৈতে স্কুল অৱ পাৰফৰ্মিং আৰ্টছ ছিউললৈ বদলি হয়।৩
কৰ্মজীৱন
২০১৬: প্ৰডিউচ ১০১ আৰু আই.অ'.আই.

২০১৬ চনৰ জানুৱাৰী মাহত চয়ে কিম ড’-ইয়ন আৰু ফেণ্টাজিঅ’ৰ আন তিনিগৰাকী প্ৰশিক্ষাৰ্থীৰ সৈতে প্ৰডিউচ ১০১-ত অংশগ্ৰহণ কৰে। তেওঁলোকৰ লক্ষ্য আছিল এটা ১১ জনীয়া গাৰ্ল গ্ৰুপত স্থান লাভ কৰা, যিটোৱে ৱাই.এম.চি. এণ্টাৰটেইনমেণ্টৰ অধীনত এবছৰৰ বাবে কাম কৰিব।৪ শ্ব’টোৰ থিম ছং "পিক মি" (Pick Me)-ৰ বাবে চইক 'চেণ্টাৰ' হিচাপে নিৰ্বাচিত কৰা হৈছিল, যাৰ ফলত তেওঁ অতি সোনকালে জনপ্ৰিয় হৈ পৰে। এই গীতটোৰ মিউজিক ভিডিঅ'টো প্ৰথম খণ্ডটো সম্প্ৰচাৰ হোৱাৰ এমাহ আগতে ২০১৫ চনৰ ১৭ ডিচেম্বৰত এম কাউণ্টডাউনত প্ৰদৰ্শিত হৈছিল।৫ ২০১৬ চনৰ ১ এপ্ৰিলত অনুষ্ঠিত হোৱা ফাইনেলত চই আৰু কিম দুয়োৰে স্থান ক্ৰমে ৩য় আৰু ৮ম আছিল আৰু ইয়াৰ জৰিয়তে তেওঁলোক 'আই.অ'.আই.' (I.O.I)-ৰ সদস্য হিচাপে আত্মপ্ৰকাশ কৰিবলৈ নিৰ্বাচিত হয়।৬ ২০১৬ চনৰ ৪ মে’ত আই.অ'.আই.-য়ে তেওঁলোকৰ প্ৰথম একক গীত "ড্ৰিম গাৰ্লছ" (Dream Girls) মুকলি কৰে, যাৰ ৰেপ অংশটো চই আৰু ইম না-ইয়ং-এ লিখিছিল। দুয়োগৰাকী সদস্যই এলবামটোৰ প্ৰস্তাৱনা গীত "I.O.I"-ৰ বাবেও গীতৰ কথা লিখিছিল। গোটটোৰ সাতজনীয়া ইউনিটৰ অংশ হিচাপে তেওঁ ৯ আগষ্টত "ৱাট্টা মেন" (Whatta Man) গীতটো মুকলি কৰে।৭৮ আই.অ'.আই.-ৰ অংশ হিচাপে চয়ে ইউনিটোৰ সৈতে এটা অ’এচটি মুকলি কৰিছিল আৰু সতীৰ্থ চুংহা, জীয়ন চমি আৰু কি হুই-হিয়ানৰ সৈতে "ফ্লাৱাৰ, উইণ্ড এণ্ড ইউ" নামৰ ডিজিটেল একক গীতটিৰ বাবে সহযোগিতা কৰিছিল।৯ গীতটো গাওন ডিজিটেল চাৰ্টত ৪২ নম্বৰ স্থানত আছিল।১০ তেওঁ ২০১৬ চনৰ ১ জুলাইত মুকলি কৰা তেওঁৰ এজেন্সীৰ বেণ্ড 'এষ্ট্ৰো' (ASTRO)-ৰ "ব্ৰিথলেছ" (Breathless) গীতৰ সংগীত ভিডিঅ’তো অভিনয় কৰিছিল।১১ ২০১৬ চনৰ নৱেম্বৰত চয়ে এমনেটৰ মিউজিক ভেৰাইটি শ্ব’ গোল্ডেন টেম্বুৰিনত যোগদান কৰে। ইয়াৰ পিছত তেওঁ শ্ব’টোৰ অফিচিয়েল চাউণ্ডট্ৰেকৰ অংশ হিচাপে ইউ চে-ইউন, চিম হিউং-টাক আৰু জো কউনৰ সৈতে "ৰাইজ এণ্ড ফল" নামৰ একক গীতটো মুকলি কৰে।
২০১৭–২০১৯: ৱেকি মেকি আৰু ডব্লিউ.জে.এম.কে.-ৰ সৈতে আত্মপ্ৰকাশ
২০১৭ চনৰ ২৯ জানুৱাৰীত আই.অ'.আই.ৰ কাৰ্যকাল শেষ হোৱাৰ লগতে ৱাই.এম.চি. এণ্টাৰটেইনমেণ্টৰ সৈতে হোৱা চুক্তিৰ অন্ত পৰে।১২ ইয়াৰ পিছত চই আৰু কিম ড’-ইয়নে আমেৰিকা যুক্তৰাষ্ট্ৰত ডোডেনছ ডায়েৰী ইন এল.এ. নামৰ এটা ৰিয়েলিটী শ্ব’ৰ চিত্ৰগ্ৰহণ কৰে। কেইমাহমানৰ পিছত ফেণ্টাজিঅ’ই তেওঁলোকৰ নতুন গাৰ্ল গ্ৰুপ 'ৱেকি মেকি' ঘোষণা কৰে। ২০১৭ চনৰ ৮ আগষ্টত চই আৰু কিমে গোটটোৰ সদস্য হিচাপে "আই ডণ্ট লাইক ইউৰ গাৰ্লফ্ৰেণ্ড" একক গীত আৰু ৱেমি নামৰ ই.পি.-ৰ জৰিয়তে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰে। চয়ে এই এলবামটোৰ কেইবাটাও গীতৰ কথা লিখিছিল।১৩
২০১৮ চনৰ ২ মে’ত ষ্টাৰশ্বিপ এণ্টাৰটেইনমেণ্ট আৰু ফেণ্টাজিঅ’ই তেওঁলোকৰ নিজ নিজ গাৰ্ল গ্ৰুপ 'কছমিক গাৰ্লছ' আৰু 'ৱেকি মেকি'ৰ সদস্যৰে গঠিত এটা বিশেষ চাৰিজনীয়া ইউনিট 'ডব্লিউ.জে.এম.কে.' (WJMK) গঠন কৰে। চই, কিম, চেওলা আৰু লুডাই ২০১৮ চনৰ ১ জুনত "ষ্ট্ৰং" নামৰ গীতটো মুকলি কৰে।১৪ আগষ্ট মাহত তেওঁ জে.টি.বি.চি.-ৰ ৰিয়েলিটী অনুষ্ঠান চিক্ৰেট আন্নীত ই.এক্স.আই.ডি.-ৰ হানীৰ সৈতে অংশ লয়।
২০১৯ চনত চয়ে পাৰ্ক না-ৰে, মিজু আৰু হান হ্য-জিনৰ সৈতে মাই মেড বিউটি ৩-ত অংশগ্ৰহণ কৰিছিল। একে বৰ্ষতে তেওঁ গাৰ্ল গ্ৰুপৰ সদস্যসকলৰ মাজত শ্ৰেষ্ঠ কণ্ঠশিল্পী নিৰ্বাচনৰ প্ৰতিযোগিতা ভি-১-ত অংশ লৈছিল, যদিও প্ৰথম খণ্ডতে তেওঁ সতীৰ্থ চু-ইয়নৰ হাতত পৰাজিত হৈ বিদায় লয়।১৫
২০২০–বৰ্তমান: অভিনয় জীৱন আৰু একক আত্মপ্ৰকাশ
২০২০ চনত চয়ে কাষ্ট: দ্য গোল্ডেন এজ অফ ইনছাইডাৰ্ছ নামৰ ৱেব ড্ৰামাত অভিনয় কৰে। সেই বছৰৰে পিছৰফালে তেওঁ কিম ড’-ইয়নৰ সৈতে চিংগল এণ্ড ৰেডী টু মিংগল নামৰ আন এখন ৱেব ড্ৰামাতো অভিনয় কৰে। ২০২১ চনৰ ৪ মে’ত চই আৰু আই.অ'.আই.-ৰ সদস্যসকলে তেওঁলোকৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষ্যে "য়েছ, আই লাভ ইট!" নামৰ এটা পুনৰ্মিলন লাইভ ষ্ট্ৰীম অনুষ্ঠানৰ আয়োজন কৰে।১৬ তেওঁ ৰাইডেনৰ গীত "ইট ৱাজ নট মি"-টো কণ্ঠদান কৰিছিল।
২০২২ চনৰ জানুৱাৰী মাহত তেওঁ জিনজিনৰ গীত "লেজী"ত অংশগ্ৰহণ কৰে। আগষ্ট মাহত তেওঁ ৰেপাৰ আন বিয়ং-উঙৰ সৈতে " Uh-ra?" নামৰ এটা ডিজিটেল একক গীত মুকলি কৰে। ২০২২ চনৰ ১৪ ছেপ্টেম্বৰত তেওঁৰ প্ৰথম একক এলবাম চানফ্লাৱাৰ মুক্তি পায়, যাৰ জৰিয়তে তেওঁ এগৰাকী একক শিল্পী হিচাপে আত্মপ্ৰকাশ কৰে।১৭
২০২৩ চনত তেওঁ কিম জং-হিয়ানৰ সৈতে চাউণ্ড কেণ্ডী নামৰ ৱেব ড্ৰামাত অভিনয় কৰে। একে বছৰতে তেওঁৰ প্ৰথম একক ৱেব শ্ব’ ইউডেংছ ৱৰ্ক ৱৰ্ক সম্প্ৰচাৰিত হয়। নৱেম্বৰ ২০২৩-ত তেওঁৰ প্ৰথম চলচ্চিত্ৰ দ্য নইজী মেনচন-ত 'চেট-ব্যল'ৰ চৰিত্ৰত অভিনয় কৰাৰ কথা ঘোষণা কৰা হয়। ২০২৪ চনৰ এপ্ৰিলত তেওঁ কে.বি.এচ.১ (KBS1)-ৰ এক বিশেষ কাৰ্যসূচী এ বাইচাইকেল ৰানছ অন টু হুইলছত অভিনয় কৰে।
২০২৪ চনৰ ৮ আগষ্টত ৱেকি মেকি আনুষ্ঠানিকভাৱে ভংগ হয়। ফেণ্টাজিঅ’ৰ সৈতে হোৱা আলোচনাৰ অন্তত ২০২৪ চনৰ ১৮ নৱেম্বৰত চয়ে প্ৰতিষ্ঠানটোৰ সৈতে তেওঁৰ বিশেষ চুক্তি নবীকৰণ কৰে।১৮ সেইদিনাই তেওঁক কে.বি.এচ. কুল এফ.এম. (KBS Cool FM)-ৰ ৰেডিঅ’ শ্ব’ ভলিউম আপৰ বিশেষ ডিজে হিচাপে নিৰ্বাচিত কৰা হয়।
বাহ্যিক সংযোগ
- Choi Yoo-jung at Fantagio
তথ্যসূত্ৰ
- ↑ Kim, Eun-ae. (March 25, 2017). ko:'끼부자' 최유정, 혼자서도 잘해요(feat.김도연) (V라이브 종합). Osen
- ↑ Yoo, Eun-young. (September 7, 2018). ko:(종합) '비밀언니' 효연X하영-하니X유정, 아쉬운 이별 "못 잊을 거 같아". X Sports News
- ↑ (May 23, 2016). ko:(단독) 아이오아이 최유정·김도연, 서공예 편입한다 '최근 합격'. X Sports News
- ↑ (January 22, 2016). আৰ্কাইভ কপি. Sports Today
- ↑ Joo, Hyun-jung. (February 5, 2016). ko:'프로듀스 101' 판타지오 최유정, A팀 투표로 센터 결정. Ten Asia
- ↑ (April 1, 2016). আৰ্কাইভ কপি. The Huffington Post
- ↑ Kim, Kyung-bin. (May 4, 2016). ko:오늘 공개된 아이오아이 '드림걸스'(Dream Girls) 뮤비 영상. Insight
- ↑ Yoo, Jin-hoon. (June 10, 2016). ko:I.O.I, 유닛 멤버 확정.."전소미-주결경-최유정 등 7인'(공식입장). MBN Star
- ↑ Lee, Ho-yeon. (August 18, 2016). ko:MBK 측 "기희현 전소미 최유정 김청하, 콜라보 디싱 준비중". Herald Pop
- ↑ ko:2016년 36주차 Digital Single Chart. Gaon Music Chart. Korea Music Content Industry Association
- ↑ Jo, Hyun-joo. (June 20, 2016). ko:최유정, 아스트로 지원 사격 '통통 튀는 매력'. Ten Asia
- ↑ Lee, Sang-cheol. (January 21, 2017). ko:(단독)아이오아이(I.O.I), 오는 29일부로 프로젝트 활동 마치며 공식적인 해체.'너무 아쉬운 이별'. CBC News
- ↑ (July 10, 2017). ko:김도연X최유정 걸그룹 위키미키, 8월 8일 데뷔 확정(공식). Naver
- ↑ ko:'우주소녀'설아·루다 '위키미키' 유정·도연 합체..'우주미키' 6월 데뷔. Digital Times
- ↑ (August 25, 2019). আৰ্কাইভ কপি. TV Report
- ↑ (May 4, 2021). I.O.I to celebrate 5th debut anniversary with a reunion show
- ↑ (August 26, 2022). ko:위키미키 최유정, 데뷔 6년만 솔로 데뷔..9월 '선플라워' 발매. iMBC
- ↑ (November 18, 2024). ko:최유정·김도연 재계약vs지수연 이별.'위키미키' 해체 후 둘만 남았다. Naver
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চই ইউ-জুং” প্ৰবন্ধৰ সংশোধন ৬০০৭৫৯ (১৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।