জো ইউৰি (কোৰিয়ান: 조유리; জন্ম: ২২ অক্টোবৰ, ২০০১) এগৰাকী দক্ষিণ কোৰিয়ান গায়িকা আৰু অভিনেত্ৰী। দক্ষিণ কোৰিয়া–জাপানীজ গাৰ্ল গ্ৰুপ ইজ*ৱানৰ প্ৰাক্তন সদস্য হিচাপে পৰিচিত। ২০১৮ চনত এমনেটৰ ৰিয়েলিটি প্ৰতিযোগিতা ধাৰাবাহিক প্ৰডিউছ ৪৮-ত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ তৃতীয় স্থান লাভ কৰে আৰু ২০১৮ চনৰ ২৯ অক্টোবৰ তাৰিখে ইজ*ৱানৰ সৈতে অভিষেক কৰে।
২০২১ চনৰ এপ্ৰিল মাহত ইজ*ৱান ভংগ হোৱাৰ পিছত জোৱে একক কেৰিয়াৰ আৰম্ভ কৰে। ২০২১ চনৰ অক্টোবৰ মাহত তেওঁৰ প্ৰথম একক এলবাম গ্লাছি মুকলি হয়। ইয়াৰ বাবে তেওঁ বছৰৰ ৰুকী শ্ৰেণীত কেইবাটাও সংগীত বঁটাৰ মনোনয়ন লাভ কৰে। সংগীতৰ উপৰিও জোৱে অভিনয়তো আগবাঢ়ে। ২০২২ চনত ৱেব ছিৰিজ মিমিকাছ-ত অভিনয়ৰ অভিষেক কৰে আৰু পিছলৈ স্কুইড গেমৰ দ্বিতীয় আৰু তৃতীয় ছিজনত কিম জুন-হী (প্লেয়াৰ ২২২)ৰ চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰে।
কেৰিয়াৰ
২০১৭–২০২০: অভিষেক-পূৰ্ব আৰু ইজ*ৱান
২০১৭ চনৰ জুলাই মাহত জোৱে এমনেটৰ ৰিয়েলিটি অনুষ্ঠান আইডল স্কুল-ত অংশগ্ৰহণ কৰে, য’ত চূড়ান্ত নজন প্ৰতিযোগীয়ে নতুন গাৰ্ল গ্ৰুপ ফ্ৰমিছ ৯ হিচাপে অভিষেক কৰাৰ সুযোগ লাভ কৰে।১ তেওঁ ১৫তম স্থান লাভ কৰে।২
২০১৮ চনৰ ১১ মে’ তাৰিখে জোৱে প্ৰডিউছ ৪৮-ত অংশগ্ৰহণ কৰে আৰু তৃতীয় স্থান লাভ কৰে। সফল বাৰজন সদস্যৰ ভিতৰত এজন হিচাপে তেওঁ ইজ*ৱান গোটত অন্তৰ্ভুক্ত হয়।৩ ২০১৮ চনৰ ২৯ অক্টোবৰ তাৰিখে কালাৰ*আইজ এলবামৰ জৰিয়তে তেওঁলোকে আনুষ্ঠানিক অভিষেক কৰে।৪ ২০২০ চনৰ ১৭ ফেব্ৰুৱাৰীত ইজ*ৱান-এ প্ৰথম কোৰিয়ান ভাষাৰ ষ্টুডিঅ’ এলবাম ব্লুম*আইজ মুকলি কৰে। এই এলবামত জোৱে “ছামডে” গীতটো সহ-ৰচনা আৰু সুৰ সংযোজন কৰে।৫ ২০২১ চনৰ ২৯ এপ্ৰিল তাৰিখে চুক্তিৰ ম্যাদ শেষ হোৱাৰ লগে লগে গোটটো ভংগ হয়।৬
২০২০ চনৰ ২২ ছেপ্টেম্বৰ তাৰিখে জোৱে এছবিএছ ধাৰাবাহিক ডু ইউ লাইক ব্ৰামছ?ৰ বাবে “মাই লাভ” গীতটো মুকলি কৰে।৭
২০২১–বৰ্তমান: একক কাৰ্যকলাপ

২০২১ চনৰ ২৪ জুন তাৰিখে জোৱে জেটিবিচি টেলিভিছন ধাৰাবাহিক মান্থলী মেগাজিন হোমৰ বাবে "ষ্টোৰী অৱ আচ" শীৰ্ষক গীত মুক্তি দিয়ে।৮
২৩ ছেপ্টেম্বৰত তেওঁ লি ছক-হুনৰ সৈতে সহযোগিতামূলক গীত "অটম মেম'ৰিজ" মুক্তি দিয়ে।৯ ২৪ ছেপ্টেম্বৰত ৱেকৱানে ঘোষণা কৰে যে জোৱে ৭ অক্টোবৰ ২০২১ তাৰিখে তেওঁৰ প্ৰথম ছিংগল এলবাম গ্লাছি মুক্তি কৰিব, যাৰ মুখ্য গীতৰ নামো "গ্লাছি"।১০ একক শিল্পী হিচাপে আত্মপ্ৰকাশৰ পিছত তেওঁ ৩৬তম গোল্ডেন ডিস্ক এৱাৰ্ডছত ৰুকি অৱ দ্য ইয়াৰ, ২০২১ মেনেট এছিয়ান মিউজিক এৱাৰ্ডছত বেষ্ট নিউ ফিমেল এক্ট্ৰেছ আৰু ৩১তম ছিউল মিউজিক এৱাৰ্ডছত ৰুকি অৱ দ্য ইয়াৰ শ্ৰেণীত মনোনীত হয়।১১১২১৩
২০২২ চনৰ ১১ এপ্ৰিলত জোৱে তেওঁৰ প্ৰথম অভিনয় ভূমিকাৰ বাবে প্লেলিষ্ট ষ্টুডিঅ' ৱেব ধাৰাবাহিক মিমিকাছত অভিনয় কৰিবলৈ নিৰ্বাচিত হয়।১৪ ১৭ মে তাৰিখে ঘোষণা কৰা হয় যে তেওঁ ২ জুনত তেওঁৰ প্ৰথম মিনি এলবাম অপ.২২ ৱাই-ৱাল্ট্জ: ইন মেজৰ মুক্তি কৰিব, যাৰ মুখ্য গীত "লাভ শ্!"।১৫ এই এলবামটো চাৰ্কল এলবাম চাৰ্টত পাঁচ নম্বৰত প্ৰৱেশ কৰে। ৭ জুনত তেওঁ এছবিএছ এম অনুষ্ঠান দ্য শ্বত "লাভ শ্!" গীতৰ বাবে প্ৰথম সংগীত অনুষ্ঠান জয় লাভ কৰে।১৬
১১ আগষ্টত তেওঁ ইউনিভাৰ্ছ প্লেটফৰ্মৰ জৰিয়তে "মেবি" শীৰ্ষক প্ৰচাৰমূলক গীত মুক্তি কৰে।১৭ ১৩ ছেপ্টেম্বৰত তেওঁ কেবিএছ২ ধাৰাবাহিক দ্য ল’ কেফেৰ বাবে "কেন ইউ ফিল মাই হাৰ্ট" গীত মুক্তি কৰে।১৮
এণ্ডৰ্ছমেণ্ট
২০২২ চনৰ আগষ্ট মাহত জো ইউৰিক পেষ্টেল ৰঙৰ গেমিং সামগ্ৰীৰ বাবে পৰিচিত লগিটেক জি অ’ৰ’ৰা কালেকশ্যনৰ প্ৰচাৰ মুখপাত্ৰ হিচাপে নিৰ্বাচিত কৰা হয়।১৯
তথ্যসূত্ৰ
- ↑ (June 29, 2017). '아이돌학교' 1차 명단 공개, 나띠·박지원·이채영 등 13人. Sports Chosun
- ↑ (June 23, 2018). '프로듀스48' 출연 관련 보도. Sports Chosun
- ↑ (August 31, 2018). '프로듀스 48' 최종 순위 발표. Osen
- ↑ (October 29, 2018). 아이즈원 데뷔 앨범 발매. Xports News
- ↑ Song registration details – Someday (IZ*ONE). Korea Music Copyright Association
- ↑ (April 29, 2021). 아이즈원, 가요계 활동 마침표. Sports Kyunghyang
- ↑ (September 22, 2020). 조유리 '브람스' OST 합류. MT Star News
- ↑ (June 24, 2021). 아이즈원 출신 조유리, '월간 집' OST 참여..'STORY OF US' 발매. My Daily
- ↑ (September 23, 2021). 조유리, 신곡 '가을 상자' 음원 발매..이석훈과 환상의 케미 예고. MT Star News
- ↑ (September 24, 2021). 조유리, 10월 7일 솔로 데뷔 확정 (공식). Sports Donga
- ↑ 36th Golden Disc Awards Nominees. Golden Disc Awards
- ↑ 2021 Mnet Asian Music Awards Nominees. Mnet Asian Music Awards
- ↑ 31st Seoul Music Awards Nominees. Seoul Music Awards
- ↑ (April 11, 2022). '미미쿠스' 유영재X조유리X김윤우X나나, 출연 확정.4월 크랭크인 (공식). Osen
- ↑ (May 17, 2022). 조유리, 6월 초 첫 미니앨범 '오프스 넘버 22 와이 왈츠' 발매. Sports Seoul
- ↑ (June 7, 2022). '더쇼' 조유리, 솔로 데뷔 후 첫 1위에 오열.."진짜 받을 줄 몰랐다". Top Star News
- ↑ (August 6, 2022). 조유리, 신비롭고 순수한..유니버스 신곡 '모를 수도 있지만'. Xports News
- ↑ (September 13, 2022). 조유리, 오늘(13일) 이승기·이세영 '법대로 사랑하라' OST 공개. Sports Donga
- ↑ (August 16, 2022). 로지텍 G, 가수 조유리와 오로라 컬렉션 브랜드 콜라보 진행. K Bench
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জো ইউৰি” প্ৰবন্ধৰ সংশোধন ৫৮৩৯৪০ (২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।