গায়িকা
১৯৩ প্ৰবন্ধ
-
আনা বেলেন
মাৰিয়া ডেল পিলাৰ কুৱেষ্টা একোষ্টা (ইংৰাজী: María del Pilar Cuesta Acosta; জন্ম: ২৭ মে’ ১৯৫১), পেছাদাৰীভাৱে আনা বেলেন নামেৰে পৰিচিত এগৰাকী স্পেনিছ অভিনেত্ৰী আৰু গায়িকা। তেওঁ আৰু তেওঁৰ স্বামীক স্পেইনৰ গণতন্ত্ৰলৈ পৰিৱৰ্তনৰ যুগৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
-
আনুশেহ্ অনাদিল
আনুশেহ্ অনাদিল এগৰাকী বাংলাদেশী সংগীতশিল্পী, শিল্পী, সাংস্কৃতিক কৰ্মী আৰু সামাজিক উদ্যোগী। তেওঁ বাংলা বেণ্ডৰ লগত জড়িত, যিটো বাংলাদেশৰ প্ৰথম মহিলা নেতৃত্বাধীন বেণ্ড হিচাপে পৰিচিত।
-
আয়া উৱেটো
আয়া উৱেটো (Aya Ueto; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৮৫) এগৰাকী জাপানী অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন ব্যক্তিত্ব। ১৯৯৭ চনত উৱেটোৱে সপ্তম জাপান বিছোজো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশেষ জুৰী বঁটা লাভ কৰিছিল।
-
আল্লাহ জিলাঈ বাঈ
আল্লাহ জিলাঈ বাঈ (ইংৰাজী: Allah Jilai Bai; ১ ফেব্ৰুৱাৰী ১৯০২ – ৩ নৱেম্বৰ ১৯৯২ )
-
আৰিয়ানা গ্ৰাণ্ডে
আৰিয়ানা গ্ৰাণ্ডে-বুটেৰা ( Ariana Grande-Butera; জন্ম: ২৬ জুন, ১৯৯৩) এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী। পপ আইকন আৰু জনপ্ৰিয় সংগীতৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি হিচাপে গণ্য কৰা গ্ৰেণ্ডে তেওঁৰ চাৰি অষ্টক কণ্ঠৰ পৰিসৰৰ বাবে পৰিচিত, যিটো হুইচেল ৰেজিষ্টাৰলৈকে বিস্তৃত।
-
আৰিয়ানা ছয়ীদ
আৰিয়ানা ছয়ীদ (দাৰি/পাস্তু:, Aryana Sayeed) এগৰাকী আফগান কণ্ঠশিল্পী, গীতিকাৰ আৰু টিভি ব্যক্তিত্ব। তেওঁ মুখ্যতঃ দাৰি ভাষাত গীত গায় যদিও তেওঁৰ যথেষ্ঠ সংখ্যক পাস্তু গীতো আছে। তেওঁ আফগানিস্তানৰ অতি প্ৰখ্যাত সংগীত শিল্পীসকলৰ অন্যতম।
-
ইউৰেনি নোশিকা
ইউৰেনি নোশিকা গুণশেখৰা (জন্ম: ২৯ জানুৱাৰী ১৯৮৪) এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ আৰু টেলিভিছনৰ অভিনেত্ৰীৰ লগতে এগৰাকী গায়িকা আৰু সংবাদ মাধ্যমৰ ব্যক্তিত্ব। মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ বাবে মিছ শ্ৰীলংকা খিতাপ জয় কৰি নোশিকাৰ কেৰিয়াৰ আৰম্ভ হৈছিল আৰু টেলিভিছন তথা চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ বিজ্ঞাপন…
-
ইভেট নিকোল ব্ৰাউন
ইভেট নিকোল ব্ৰাউন (ইংৰাজী: Ivette Nicole Brown; জন্ম: ১২ আগষ্ট, ১৯৭১) এগৰাকী আমেৰিকান অভিনেত্ৰী, কণ্ঠশিল্পী আৰু টেলিভিছন ব্যক্তিত্ব। তেওঁ এনবিচি আৰু পিছলৈ য়াহু স্ক্ৰীণত প্ৰচাৰিত হোৱা চিটকম কমিউনিটিত শ্বাৰ্লি বেনেটৰ চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰে।
-
উ ছুৱানয়ী
উ ছুৱানয়ী (ইংৰাজী: Wu Xuanyi; জন্ম: ২৬ জানুৱাৰী, ১৯৯৫) এগৰাকী চীনা গায়িকা আৰু অভিনেত্ৰী। ২০১৬ চনত দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ 'ডব্লিউ.জে.এচ.এন.' (WJSN) ৰ সদস্য হিচাপে তেওঁ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
এই এই
এই এই (বাৰ্মিজ ভাষা: အိအိ (অি অি); জন্ম: ১৪ নৱেম্বৰ ১৯৬৫) এগৰাকী বাৰ্মিজ (ম্যানমাৰৰ) গায়িকা। ১৯৯০ চনৰ দশকত তেওঁ জনপ্ৰিয় গায়িকা আছিল আৰু কাৰিঅ'ক সংগীতৰ ক্ষেত্ৰত বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁ গায়ক জাৰ্লি নায়িং আৰু থিৰি কো কোৰ সৈতে একেলগে সংগীত পৰিবেশন কৰে।
-
এঞ্জেলা চাং
এঞ্জেলা চাং ছাও-হান (ইংৰাজী: Angela Zhang Shao-han; জন্ম: ১৯ জানুৱাৰী ১৯৮২), যাক এঞ্জেলা চাং নামেৰেও জনা যায়, এগৰাকী টাইৱানী আৰু কানাডীয় কণ্ঠশিল্পী আৰু অভিনেত্ৰী। চাঙে টাইৱানী টেলিভিছন ধাৰাবাহিক মাই এমভিপি ভেলেণ্টাইন (২০০২) আৰু এট ডলফিন বে (২০০৩)ৰ জৰিয়তে স্বীকৃতি লাভ কৰিছিল।
-
এদিত পিয়াফ
এদিত পিয়াফ (Édith Piaf; ১৯ ডিচেম্বৰ ১৯১৫ – ১০ অক্টোবৰ ১৯৬৩) আছিল ফ্ৰান্সৰ এগৰাকী জনপ্ৰিয় গায়িকা আৰু গীতকাৰ। তেওঁক La Môme Piaf (সৰু চৰাই) নামেৰে জনা যায়। তেওঁৰ সংগীতত ভালপোৱা, বেদনা, জীৱনৰ কঠিন বাস্তৱতা প্ৰধান বিষয়বস্তু আছিল।
-
এনাবেলা ব্ৰাজ পাইৰেছ
এনাবেলা ব্ৰাজ পাইৰেছ (ইংৰাজী: Anabela Braz Pires; জন্ম: ২২ ছেপ্টেম্বৰ ১৯৭৬) এগৰাকী পৰ্তুগীজ গায়িকা আৰু মিউজিকেল থিয়েটাৰৰ অভিনেত্ৰী। পৰ্তুগালত তেওঁ তেওঁৰ প্ৰথম নাম এনাবেলা হিচাপেই অধিক পৰিচিত। সংগীত জগতত তেওঁৰ কেৰিয়াৰ কেইবাটাও দশক জুৰি বিয়পি আছে।
-
এনাষ্টাচিয়া ষ্টটস্কায়া
এনাষ্টাচিয়া আলেকজেণ্ড্ৰোভনা ষ্টটস্কায়া (Anastasia Aleksandrovna Stotskaya; জন্ম: ৮ অক্টোবৰ ১৯৮২) এগৰাকী ৰাছিয়ান পপ গায়িকা আৰু অভিনেত্ৰী।
-
এনেট অ'টুল
এনেট অ'টুল (ইংৰাজী: Annette O'Toole; জন্ম: এনেট টুল; ১ এপ্ৰিল, ১৯৫২) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু গীতিকাৰ। তেওঁ টেলিভিছন ধাৰাবাহিক নাছ ব্ৰিজেছত লিছা ব্ৰিজেছ, ষ্টিফেন কিংৰ মহাকাব্যিক ভৌতিক উপন্যাস ইটৰ ১৯৯০ চনৰ টেলিভিছন মিনি-চিৰিজ ৰূপান্তৰত প্ৰাপ্তবয়স্ক বেভাৰলী মাৰ্ছ, ছুপাৰমেন ৩ত লানা লেং,…
-
এম এছ শীলা
এম এছ শীলা ( M S Sheela) এগৰাকী কৰ্ণাটিক শাস্ত্ৰীয়, লঘু সংগীত আৰু ভক্তিমূলক গায়িকা। শাস্ত্ৰীয় আৰু লঘু সংগীত দুয়োটাতে এগৰাকী AIR আৰু দূৰদৰ্শন শিল্পী। ২০১৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰিছিল।
-
এমি ৰোছাম
ইমানুৱেল গ্ৰে ৰোছাম (জন্ম: ১২ ছেপ্টেম্বৰ, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা-গীতিকাৰ। তেওঁ লাভ কৰা সন্মানসমূহৰ ভিতৰত এটা চ্যাটাৰ্ণ বঁটা আৰু এটা ক্ৰিটিকছ চয়েছ মুভি বঁটা অন্যতম।
-
এলভিৰা আমাজাৰ
এলভিৰা আমাজাৰ (ইংৰাজী: Elvira Amazar; ১৮৯০ৰ দশক – ৭ ফেব্ৰুৱাৰী, ১৯৭১) এগৰাকী চাৰ্বিয়াত জন্মগ্ৰহণ কৰা ৰাছিয়ান-আমেৰিকান ছপ্ৰানো গায়িকা আৰু অভিনেত্ৰী আছিল। তেওঁক ভেৰা আমাজাৰ বা ইলেন আমাজাৰ নামেৰেও জনা গৈছিল। ১৯১৭ চনত "চিজকেক" হিচাপে বৰ্ণনা কৰা প্ৰথমখন ছবিৰো তেওঁ বিষয় আছিল।
-
এলা
নৰ জিলা হাজি আমিনুদ্দিন (জন্ম ৩১ জুলাই ১৯৬৬; এলা নামে অধিক পৰিচিত) মালয়েছিয়াৰ এগৰাকী গায়িকা, সংগীতজ্ঞ আৰু অভিনেত্ৰী। তেওঁ পুলাউ পিনাংৰ গেলুগৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ সংগীত জীৱন ১৯৮৩ চনত আৰম্ভ হয়, যেতিয়া তেওঁ ১৭ বছৰ বয়সত মুনৰেকাৰ নামৰ এটা সংগীত দলত যোগদান কৰিছিল।
-
এৰিন হোলেণ্ড
এৰিন ভিক্টোৰিয়া হোলেণ্ড (ইংৰাজী: Erin Victoria Holland; জন্ম: ২১ মাৰ্চ ১৯৮৯) এগৰাকী অষ্ট্ৰেলিয়ান গায়িকা, টেলিভিছন ঘোষিকা, মডেল, নৃত্যশিল্পী, দানশীল কৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৩ চনৰ ২০ জুলাইত মিছ ৱৰ্ল্ড অষ্ট্ৰেলিয়া খিতাপ অৰ্জন কৰিছিল।
-
কনিকা কাপুৰ
কনিকা কাপুৰ (জন্ম ২১ আগষ্ট ১৯৭৮) এগৰাকী ভাৰতীয় গায়িকা। লক্ষ্ণৌত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল। ২০১২ চনত গায়িকা হ’বলৈ মুম্বাইলৈ স্থানান্তৰিত হয়। কাপুৰৰ প্ৰথম গীত "জুগনি জী" (২০১২) এটা মিউজিক ভিডিঅ' আছিল, যিটো ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল।
-
কামিল আৰু কেনাৰ্লি
কামিল কাৰি আৰু কেনাৰ্লি কেই কিট (জন্ম: ১৯৮৯) হৈছে আমেৰিকাৰ বীণাবাদক যি The Harp Twins নামেৰে পৰিচিত। কিট সহোদৰীদ্বয়ে ১০০তকৈ অধিক একক সংগীত অনলাইনত মুক্তি দিছে, লগতে কাভাৰ আৰু মূল গীতসহ নটা শাৰীৰিক এলবাম মুক্তি দিছে। তেওঁলোকে বহুতো চলচ্চিত্ৰতো অভিনয় কৰিছে।
-
কায়ান
অম্বিকা নায়ক, যি পেশাগতভাৱে কায়ান নামে পৰিচিত, এগৰাকী ভাৰতীয় সংগীতশিল্পী, গায়িকা আৰু ডিজে। তেওঁৰ মঞ্চনাম "কায়ান" হৈছে তেওঁৰ উপনাম "নায়ক"ৰ বিপৰীত আকাৰ। লগতে, তেওঁ কিমোচি ইয়ৌকাই গোটৰ সদস্য আৰু নিৰ্মিত শ্বাহৰ সৈতে নাথিং এন'নিমাছ নামৰ ইলেক্ট্ৰনিক সংগীতযুটিৰ অংশ।
-
কাশ্মীৰৰ ৰেশ্মা
ৰেশ্মা (১৯৫০ - নৱেম্বৰ ২০২২), আছিল জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ এগৰাকী লিঙ্গান্তৰিত গায়িকা আৰু অধিকাৰ কৰ্মী। তেওঁ জনসাধাৰণৰ মাজত কাশ্মীৰৰ ৰেশ্মা নামেৰে পৰিচিত। তেওঁ খ্যাতি লাভ কৰিছিল আৰু তেওঁৰ গীতৰ ভিডিঅ’বোৰ সামাজিক মাধ্যমত হাজাৰ হাজাৰবাৰ দেখা হৈছিল।
-
কিঞ্জল ডেভ
কিঞ্জল ডেভ ( Kinjal Dave; জন্ম: ২৪ নৱেম্বৰ ১৯৯৮) গুজৰাটী সংগীত জগতৰ কৰ্মৰাজিৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় গায়িকা। কিঞ্জলে কম বয়সতে গান গাবলৈ আৰম্ভ কৰে আৰু ২০১৭ চনত তেওঁৰ হিট গীত "চৰ বাংদী ৱলী গাদী"ৰ জৰিয়তে খ্যাতি অৰ্জন কৰে।
-
কিম চে-জং
কিম চে-জং (কোৰিয়ান: 김세정:; জন্ম ২৮ আগষ্ট, ১৯৯৬) এগৰাকী দক্ষিণ কোৰিয়ান গায়িকা আৰু অভিনেত্ৰী। এমনেটৰ গাৰ্ল গ্ৰুপ চাৰ্ভাইভেল শ্ব' প্ৰডাক্ট ১০১ ত দ্বিতীয় স্থান লাভ কৰি প্ৰজেক্ট গাৰ্ল গ্ৰুপ আইঅ'আইৰ সদস্য হয়। জেলিফিছ এণ্টাৰটেইনমেণ্টৰ গাৰ্ল গ্ৰুপ গুগুডানৰ সদস্য আছিল।
-
কে কে ম'
কে কে ম (ကေကေမိုး; জন্ম ৯ ছেপ্টেম্বৰ ১৯৯১) এজনী বাৰ্মীজ গায়িকা। তেওঁ ক্যুন মা (ကျွန်မ) শীৰ্ষক একক গীতৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল। এই গীতটি তেওঁৰ ক্যুন মা অ্যালবামৰ অংশ আছিল।
-
কেছিডী ফ্ৰীমেন
কেছিডী ফ্ৰীমেন (ইংৰাজী: Cassidy Freeman; জন্ম: ২২ এপ্ৰিল, ১৯৮২) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু সংগীতজ্ঞ। তেওঁ দ্য চিডব্লিউৰ ছুপাৰহিৰো ড্ৰামা স্মলভিলত টেছ মাৰ্চাৰ, এইচবিঅ’ৰ ধাৰাবাহিক দ্য ৰাইচাছ জেমষ্টোনছত এম্বাৰ জেমষ্টোন, দ্য ভেম্পায়াৰ ডায়েৰীজত চেজ আৰু লংমায়াৰত কেডী লংমায়াৰৰ চৰিত্ৰত কৰা অভিনয়ৰ…
-
কোল্লাংগুড়ী কৰুপ্পায়ী
কোল্লাংগুড়ী কৰুপ্পায়ী (১৯৩০;-২০১৭) আছিল এজন তামিল লোকগায়িকা, যিয়ে চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁক তামিল লোকসংগীতৰ অন্যতম পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়; তেওঁ আন বহুতো লোকশিল্পীৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিছিল।
-
ক্যোকো ফুকাডা
ক্যোকো ফুকাডা (Kyoko Fukada; জন্ম: ২ নৱেম্বৰ ১৯৮২) এগৰাকী জাপানী অভিনেত্ৰী আৰু গায়িকা। তেওঁ হৰিপ্ৰ’ নামৰ সংস্থাটোৰ এগৰাকী শিল্পী। তেওঁ কামিকাজে গাৰ্লছ ছবিৰ বাবে য়োকোহামা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।