গায়িকা
১৯৩ প্ৰবন্ধ
-
হিলী ৰাইনহাৰ্ট
হিলী ইলিডাবেথ ৰাইনহাৰ্ট (ইংৰাজী: Haley Reinhart; জন্ম: ৯ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী। তেওঁ ইলিনয়ৰ হুইলিং চহৰৰ বাসিন্দা। আমেৰিকান আইডলৰ দশম ছিজনত তৃতীয় স্থান লাভ কৰি তেওঁ পোনপ্ৰথমে জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
হেলি বেইলি
হেলি লিন বেইলি (ইংৰাজী: Halle Lynn Bailey; জন্ম ২৭ মাৰ্চ, ২০০০), যাক কেৱল হেলি বুলিও জনা যায়, এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ আৰু অভিনেত্ৰী। তেওঁ প্ৰথমে তেওঁৰ ভনীয়েক ক্লোয়ি বেইলিৰ সৈতে সংগীত যুটী ক্লোয়ি x হেলিৰ সদস্য হিচাপে পৰিচিত হৈছিল।
-
হেলেন স্লেটাৰ
হেলেন ৰাচেল স্লেটাৰ (ইংৰাজী: Helen Rachel Slater; জন্ম: ১৫ ডিচেম্বৰ, ১৯৬৩) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা-গীতিকাৰ। তেওঁ ১৯৮৪ চনৰ চলচ্চিত্ৰ ছুপাৰগাৰ্লত ডিচি কমিক্সৰ ছুপাৰহিৰোইন ছুপাৰগাৰ্লৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
হৰ্ষি
হৰ্ষিদা মাধালেপাৰিয়া (ইংৰাজী: Harshida Madhaparia; জন্ম: ৬ মে' ১৯৮৭), যি চমুকৈ হৰ্ষি নামেৰে পৰিচিত, এগৰাকী মুম্বাইত কৰ্মৰত ব্ৰিটিছ গায়িকা আৰু অভিনেত্ৰী। তেওঁ হিন্দী, ইংৰাজী, গুজৰাটী আৰু পঞ্জাবী ভাষাত গীত গায় আৰু পৰিৱেশন কৰে।
-
ৰকষ্টাৰ ৰমণী অম্মাল
ৰমণী অম্মাল (১৯৫৪ – ৪ এপ্ৰিল ২০২৩), জনপ্ৰিয়ভাৱে তেওঁৰ মঞ্চনাম ৰকষ্টাৰ ৰমণী অম্মাল, এগৰাকী ভাৰতীয় লোক গায়িকা আৰু প্লেবেক ছিংগাৰ আছিল। ২০১৭ চনত টেলিভিছনৰ ৰিয়েলিটি শ্ব' জি তামিলৰ ছা ৰে গা মা পা চিনিয়ৰছত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ বিশিষ্টতা লাভ কৰে।
-
ৰচনা খাতাউ
ৰচনা খাতাউ (ইংৰাজী: Rachna Khatau) এগৰাকী ব্ৰিটিছ-আমেৰিকান টেলিভিছন আৰু মঞ্চ অভিনেত্ৰী, গায়িকা, লেখিকা আৰু টেলিভিছন ঘোষিকা। ২০১৩ চনৰপৰা ২০১৭ চনলৈকে ফ্ৰীফৰ্ম চিটকম বেবী ড্যাডীত চন্দ্ৰা চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
ৰজনীগন্ধা শেখাৱত
ৰজনীগন্ধা শেখাৱত ভাৰতৰ ৰাজস্থানৰ এগৰাকী কণ্ঠশিল্পী। ৰাজস্থানী লোকগীত, বলীউড, ইংৰাজী আৰু ৰাজস্থানী মাৰোৱাৰী মেশ্বপ, আৰু ভিনটেজ ক্লাছিক গীত গোৱাৰ বাবে তেওঁ পৰিচিত।
-
ৰঞ্জিত কৌৰ
ৰঞ্জিত কৌৰ (জন্ম ২০ অক্টোবৰ ১৯৫০) ভাৰতীয় পঞ্জাৱৰ এজন পঞ্জাবী গায়িকা। পঞ্জাবী বিখ্যাত গায়ক আৰু ৰাজনীতিবিদ মহম্মদ ছাদিকৰ সৈতে গোৱা যুটিয়া গীতৰ বাবে তেওঁ পৰিচিত। তেওঁ প্লেবেক গায়িকাৰ উপৰিও আৰু কিছুমান পঞ্জাবী চলচ্চিত্ৰত সহ-অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল।
-
ৰাগেশ্বৰী লুম্বা
ৰাগেশ্বৰী লুম্বা (ইংৰাজী: Raageshwari Loomba) এগৰাকী ভাৰতীয় গায়িকা, অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব আৰু মাইণ্ডফুলনেছ স্পীকাৰ।
-
ৰাণা ফাৰহান
ৰাণা ফাৰহান (ফাৰ্চী: رعنا فرحان) হৈছে এগৰাকী ইৰানী সংগীতজ্ঞ তথা জাজ আৰু ব্লুজ সংগীতৰ গায়িকা। তেহৰান বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ ১৯৮৯ চনত ইৰান এৰি থৈ যায় আৰু তেতিয়াৰপৰাই তেওঁ নিউয়ৰ্কত বসবাস কৰি আছে।
-
ৰেইনী ইয়াং
ৰেইনী ইয়াং চেং লিন (ইংৰাজী: Rainie Yang; জন্ম: ৪ জুন, ১৯৮৪) — এগৰাকী টাইৱানৰ গায়িকা, অভিনেত্ৰী আৰু দূৰদৰ্শনৰ আঁতধৰোঁতা। ২০০০ চনত ৪ ইন লাভ নামৰ গাৰ্ল গ্ৰুপটোৰ সদস্য হিচাপে ইয়াঙে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
ৱাং ইজিন
ৱাং ইজিন (ইংৰাজী: Wang Yijin; জন্ম: ২৫ ডিচেম্বৰ, ১৯৯৬) এগৰাকী চীনা চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী তথা গায়িকা। তেওঁ ইংৰাজী নাম ৰীতা ৱাং নামেৰেও জনাজাত। তেওঁ প্ৰডিউচ কেম্প ২০২০ত তৃতীয় স্থান লাভ কৰাৰ পাছত বনবন গাৰ্লছ ৩০৩ৰ সদস্য আৰু মুখ্য কণ্ঠশিল্পী আছিল।
-
ৱাং ছু-বক
ৱাং ছু-বক (কোৰিয়ান: 왕수복}}, ৫ মাৰ্চ ১৯১৭ – ১ জুন ২০০৩) এগৰাকী উত্তৰ কোৰিয়াৰ গায়িকা আছিল, যিয়ে ১৯৩৫ চনত জাপানী শাসিত কোৰিয়াত আটাইতকৈ জনপ্ৰিয় গায়িকা হিচাপে খ্যাতি লাভ কৰিছিল। তেওঁক এগৰাকী পথ-প্ৰদৰ্শক মহিলা শিল্পী হিচাপে গণ্য কৰা হয়, যাৰ কৰ্মই আধুনিক কে-পপ সংগীত ধাৰাৰ পথ মুকলি কৰিছিল।