অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চুং হা

কিম চুং-হা (ইংৰাজী: Kim Chung-ha; জন্ম: কিম চান-মি, ৯ ফেব্ৰুৱাৰী, ১৯৯৬) এগৰাকী দক্ষিণ কোৰিয়াৰ গায়িকা, নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ কেৱল চুং হা নামেৰেও পৰিচিত।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ৩৭৪ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কিম চুং-হা (ইংৰাজী ভাষা: Kim Chung-ha; জন্ম: কিম চান-মি, ৯ ফেব্ৰুৱাৰী, ১৯৯৬) এগৰাকী দক্ষিণ কোৰিয়াৰ গায়িকা, নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ কেৱল চুং হা নামেৰেও পৰিচিত। তেওঁ এমনেটৰ গাৰ্ল গ্ৰুপ চাৰ্ভাইভেল ৰিয়েলিটী শ্ব’ প্ৰডিউচ ১০১-ৰ প্ৰথম ছিজনত চতুৰ্থ স্থান লাভ কৰিছিল আৰু ইয়াৰ জৰিয়তে গঠিত হোৱা গাৰ্ল গ্ৰুপ আই.অ’.আই. (I.O.I)-ৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ২০১৭ চনত আই.অ’.আই. ভংগ হোৱাৰ পিছত, চুং হাই তেওঁৰ প্ৰথমটো মিনি এলবাম হেণ্ডছ অন মি-ৰ জৰিয়তে এগৰাকী একক শিল্পী হিচাপে আত্মপ্ৰকাশ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

চুং হাৰ জন্ম হৈছিল ১৯৯৬ চনৰ ৯ ফেব্ৰুৱাৰীত ছিউলত কিম চান-মি নামেৰে। এনী কিম নামৰ ইংৰাজী নামেৰে পৰিচিত এইগৰাকী শিল্পীয়ে গায়িকা হোৱাৰ উদ্দেশ্যে দক্ষিণ কোৰিয়ালৈ ঘূৰি অহাৰ পূৰ্বে আঠ বছৰ ধৰি টেক্সাছৰ ডালাছত বাস কৰিছিল।১ ইয়াৰ ফলস্বৰূপে তেওঁ ইংৰাজী আৰু কোৰিয়ান দুয়োটা ভাষাই ক’ব পাৰে।২ তেওঁ চেজং বিশ্ববিদ্যালয়ৰপৰা নৃত্য বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।৩ এম.এন.এইচ. এণ্টাৰটেইনমেণ্টত যোগদান কৰাৰ পূৰ্বে তেওঁ ৱাই.জি. এণ্টাৰটেইনমেণ্টত অডিচন দিছিল আৰু জে.ৱাই.পি. এণ্টাৰটেইনমেণ্টৰ এগৰাকী প্ৰশিক্ষাৰ্থী আছিল।৪৫ কিমে আত্মপ্ৰকাশ কৰাৰ পূৰ্বে তিনি বছৰ প্ৰশিক্ষণ লৈছিল আৰু প্ৰায় ৬-৭ বছৰ ধৰি নৃত্যৰ সৈতে জড়িত আছিল। তেওঁ প্ৰকাশ কৰিছিল যে আৰ্থিক সমস্যাৰ বাবে এটা সময়ত তেওঁ নৃত্যৰ শিক্ষা প্ৰায় বন্ধই কৰি দিছিল।৬

প্ৰভাৱ

চুং হাই উল্লেখ কৰিছে যে গায়ক-গীতিকাৰ আইইউ তেওঁৰ আদৰ্শ, কাৰণ এইগৰাকী একক শিল্পীয়ে গায়ন, নৃত্য আৰু অন্যান্য বিভিন্ন ধৰণৰ কাৰ্যসূচী যিদৰে পৰিৱেশন কৰিব পাৰে, তাক তেওঁ শ্ৰদ্ধা কৰে।৭ তেওঁ লগতে কৈছে যে তেওঁৰ আন কেইগৰাকীমান আদৰ্শ শিল্পী হ’ল একক শিল্পী বোআ আৰু লি হ্যোৰি,৮ আৰু লগতে গাৰ্ল গ্ৰুপ টুএনইৱান।৯

পৃষ্ঠপোষকতা আৰু প্ৰচাৰ

চুং হাই ইলেক্ট্ৰনিক্সৰপৰা আৰম্ভ কৰি কাপোৰ আৰু প্ৰসাধন সামগ্ৰীলৈকে বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপনত অংশ লৈছে। ২০১৭ চনত গায়িকা এম্বাৰ লিউ আৰু নৃত্যশিল্পী মে জে লীৰ সৈতে নাইকিৰ "নাইকি এক্স ডব্লিউ কোৰিয়া"ৰ বিজ্ঞাপনত তেওঁ প্ৰথমবাৰৰ বাবে চুক্তিবদ্ধ হৈছিল।১০

চুং হাই আম্ব্ৰ’,১১ মহিলাৰ সাজ-পাৰৰ ব্ৰেণ্ড মুজাক ইফনে,১২ লেন্স টাউনৰ কণ্টেক্ট লেন্সৰ১৩ বাবে মডেলিং কৰাৰ লগতে লোট্টে চিলচঙৰ 'চুংহা' নামৰ পানীয়ৰ বিজ্ঞাপনত অভিনয় কৰিছে।১৪ তেওঁ গুলজাক টপোক্কি চিকেন ৰেষ্টুৰেণ্টৰ ব্ৰেণ্ড মডেল হিচাপেও কাম কৰিছে।১৫ তেওঁ চাডেন এটাক আৰু বছলেভ নামৰ ভিডিঅ’ গেম আৰু এলজি কৰ্পোৰেচনৰ ম’বাইল সেৱা ইউ+ ৫জিৰো প্ৰচাৰ চলাইছে।১৬১৭ ২০১৯ চনৰ মাৰ্চ মাহত ক্লিনিক নামৰ প্ৰসাধন ব্ৰেণ্ডটোৱে চুং হাক তেওঁলোকৰ গোলকীয় ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত কৰাৰ কথা ঘোষণা কৰিছিল।১৮১৯ ২০১৯ চনৰ মে’ মাহত স্প্ৰাইট কোৰিয়াই অভিনেতা জাং কি-য়ংৰ সৈতে তেওঁলোকৰ ২০১৯ চনৰ গ্ৰীষ্মকালীন অভিযানৰ নতুন মুখ হিচাপে চুং হাক ঘোষণা কৰে।২০ ২০২০ চনৰ এপ্ৰিল মাহত চুং হাই আনুষ্ঠানিকভাৱে ডলচে এণ্ড গাবানা বিউটি পৰিয়ালত যোগদান কৰে।২১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (April 28, 2016). Shooting Live video – I.O.I appeared to JTBC.. JTBC Entertainment
  2. ↑ Jang, Yong-hoon. (August 5, 2016). ko:팬들 깜짝 놀라게 만든 I.O.I 김청하 '영어회화' 실력 (영상). Insight Korea
  3. ↑ (May 15, 2017). ko:"무용과 14학번" 김청하, 대학생 모델로 커버 장식(화보). Naver
  4. ↑ Kim, Da-som. (April 27, 2016). ko:트와이스 "'프로듀스101' 김청하 응원, 과거 JYP 연습생"(파워타임). Newsen
  5. ↑ Omega, Jan. (January 19, 2017). I.O.I. Finale: Ideal Of Idol Releases Final Track Written By Woozi Of Seventeen Titled 'Downpour' Before Separating (Video). Inquisitr
  6. ↑ Lim, Jasmine. (April 23, 2019). K-pop singer Chungha on going from girl group to solo artist. The New Paper
  7. ↑ Park, Soo-in. (25 January 2019). ko:'해투4' 청하 "롤모델 아이유에 손편지 받아, 보탬되겠다고"(결정적장면). Newsen
  8. ↑ Jang, Yeon-jae. (22 January 2018). ko:'별밤' 청하 "롤모델은 이효리·보아…CD 드리고 싶어". Xports News
  9. ↑ Park, Soo-in. (September 2, 2016). ko:'스케치북' 아이오아이 "'픽미' 안무, 망했구나 생각했다". Herald POP
  10. ↑ (February 27, 2017). ko:#나이키우먼 나이키 X 더블유 'Women's Revolution' 1편 LIVE. WKorea
  11. ↑ (February 1, 2017). ko:캠스콘, 아이오아이(I.O.I) 청하ㆍ모델 엘리스가 함께한 화보 'Fantastic Winterland' 공개. Naver
  12. ↑ (August 2, 2019). '무자크', '이프네' 새 뮤즈는 가수 청하
  13. ↑ Lee, So-yeong. (2019-10-31). ko:렌즈타운 뮤즈 청하 새 화보, 역시 믿고 보는 '청하'. JoongAng Ilbo
  14. ↑ (January 18, 2019). ko:올해 34살된 롯데주류 '청하'가 꾸준히 사랑 받는 5가지 비결. Insight.co
  15. ↑ Lee, Myung-cheol. (August 13, 2019). আৰ্কাইভ কপি. seoulwire.com
  16. ↑ Shin, Banseok. (February 14, 2019). Chungha Turns into a Fighter in New 'Sudden Attack' CF. Koogle
  17. ↑ (April 5, 2019). LGU+, 국내 이통사 단독 '갤럭시S10 5G' 개통 전야제. Tech Holic
  18. ↑ (June 5, 2019). আৰ্কাইভ কপি. Maeil Business Newspaper
  19. ↑ (March 6, 2019). ko:청하, 2019 크리니크 글로벌 앰버서더 발탁. JTBC
  20. ↑ (May 7, 2019). ko:청하X장기용, 스프라이트 새 모델 발탁.."쿨섹시 스타". Star MK
  21. ↑ (April 22, 2020). ko:돌체앤가바나 뷰티와 퀸 청하의 만남. Elle

সম্পৰ্কিত শ্ৰেণী

দক্ষিণ কোৰিয়াৰ ব‍্যক্তিগায়িকানৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুং হা” প্ৰবন্ধৰ সংশোধন ৬০২২১২ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।