গায়িকা
১৯৩ প্ৰবন্ধ
-
ঝৌ জিয়েচিয়োং
ঝৌ জিয়েচিয়োং (কোৰিয়ান: 주결경; চীনা: 周洁琼; জন্ম: ১৬ ডিচেম্বৰ, ১৯৯৮), যাক পেছাগতভাৱে জিয়েচিয়োং বা কিয়ুলকিয়োং বুলিও জনা যায়, এগৰাকী চীনা গায়িকা আৰু অভিনেত্ৰী।
-
টলমাচেভি ভগ্নীদ্বয়
টলমাচেভি ভগ্নীদ্বয় (ৰুছ ভাষাত Сёстры Толмачёвы) হ'ল আনাস্তাছিয়া আন্দ্ৰেয়েভ্না টলমাচেভা (ৰুছ ভাষাত: Анастасия Андреевна Толмачёва) আৰু মাৰিয়া আন্দ্ৰেয়েভ্না টলমাচেভা (ৰুছ ভাষাত Мария Андреевна Толмачёва) (জন্ম ১৪ জানুৱাৰী ১৯৯৭, কুৰ্স্ক) তেওঁলোক ৰাছিয়াৰ যমজ গায়িকা আৰু অভিনেত্ৰী।
-
টাইলা
টাইলা ল'ৰা ছিথাল (৩০ জানুৱাৰী ২০০২) এগৰাকী দক্ষিণ আফ্ৰিকান গায়িকা আৰু গীতিকাৰ। তেখেতৰ সংগীত শৈলীৰ বৈশিষ্ট্য হৈছে পপ আৰু আমাপিয়ানোৰ সংমিশ্ৰণ, বহু প্ৰকাশনে তেওঁক " পপিয়ানোৰ ৰাণী " বুলি অভিহিত কৰিছে।
-
টেমি মোয়ো
থামছান্কা 'টেমি' মোয়ো (জন্ম ৫ জানুৱাৰী ১৯৯৮) এজনী জিম্বাবৱেৰ সংগীতশিল্পী আৰু অভিনেত্ৰী। তেওঁ ২০১৬ চনৰ “Ndibereke” গীতৰ জৰিয়তে জনপ্ৰিয় হৈ উঠে। ২০২০ চনৰ চলচ্চিত্ৰ “গনাৰেজৌ”ত তেওঁৰ অভিনয়ে বিশেষ প্ৰশংসা লাভ কৰে।
-
ডানেলিয়া টুলেশ্বোভা
ডানেলিয়া টুলেশ্বোভা ( Daneliya Tuleshova, কাজাখ: Данэлия Төлешова, ৰোমানিক: Danelia Töleşova), (জন্ম ১৮ জুলাই ২০০৬) এগৰাকী কাজাখস্তানী গায়িকা। ২০১৮ চনত বেলাৰুছৰ মিনস্কত অনুষ্ঠিত হোৱা জুনিয়ৰ ইউৰোভিছন গীত প্ৰতিযোগিতাত কাজাখাস্তানক প্ৰতিনিধিত্ব কৰি তেওঁৰ গীত "Ózińe sen" ৰ জৰিয়তে ষষ্ঠ স্থান দখল কৰে।
-
ডেলাৰা (গায়িকা)
আমাণ্ডা ডেলাৰা নিকমান (ফাৰ্চী: آماندا دلارا نیکمن; জন্ম ১৯৯৭), তেওঁৰ পেছাদাৰী নাম ডেলাৰা (পূৰ্বতে আমাণ্ডা ডেলাৰা) হিচাপে বেছি জনাজাত। তেওঁ এগৰাকী নৰৱেজিয়ান আৰু ইৰানী গায়িকা।
-
ডোনিয়া দাদ্ৰাছান
ডোনিয়া দাদ্ৰাছান (জন্ম: ১৫ মাৰ্চ ২০০১) হৈছে এগৰাকী ইৰানী কণ্ঠশিল্পী। ডোনিয়া বৰ্তমান অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত বসবাস কৰে। তেওঁ ৪ জনীয়া এটা পৰিয়ালত বাস কৰে আৰু বৰ্তমান "বৰদিয়া জাদেহ"ৰ সৈতে বিবাহপাশত আবদ্ধ। তেওঁৰ মাতৃৰ নাম নুচিন আৰু এজন সৰু ভাইেক আছে যাৰ নাম ডানিয়েল।
-
তঞ্জাই চেলভি
তঞ্জাই চেলভি এগৰাকী তামিল গায়িকা। তেওঁ লোকগীত বাবে জনপ্ৰিয়। তেওঁ ইছান ছবিৰ "ৱিট্টু" গীতটোৰে তামিল চিনেমাত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। 'জিল ৱিট্টু (সেইবছৰ শ্ৰেষ্ঠ লোকগীতৰ বিজয় বঁটা) আৰু মাৰুথেলুৰ মাৰুথানী জনপ্ৰিয়। তেওঁ প্ৰধানকৈ তামিল চলচ্চিত্ৰ উদ্যোগত কাম কৰি আহিছে।
-
তাৰা দেৱী (গায়িকা)
তাৰা দেৱী তাৰা দেৱী শ্ৰেষ্ঠা (জন্ম:১৫ জানুৱাৰী, ১৯৪৬ –মৃতু্্য: ২৩ জানুৱাৰী ২০০৬) পেছাদাৰীভাৱে তাৰা দেৱী নামেৰে জনাজাত। তেওঁ এগৰাকী নেপালী গায়িকা আছিল। তেওঁক "নেপালৰ নাইটিংগেল" বুলি জনা যায়। তেওঁৰ জীৱনকালত ৪,০০০ ৰো অধিক গান ৰেকৰ্ড কৰিছিল।
-
দিতা কাৰাং
অনক আগুঙ আয়ু পুষ্পা আদিত্য কাৰাং (দিতা কাৰাং নামেৰে পৰিচিত; কোৰিয়ান: 디타카랑), এজন ইণ্ডোনেছিয়াৰ গায়িকা যিয়ে দক্ষিণ কোৰিয়াত কৰ্মজীৱন আৰম্ভ কৰিছে। তেওঁ দক্ষিণ কোৰিয়াৰ মহিলা আইডল দল ছিক্ৰেট নাম্বাৰৰ সদস্য হিচাপে জনাজাত, লগতে কে-পপ শিল্পত আইডল হিচাপে অভিষেক কৰা প্ৰথম ইণ্ডোনেছিয়ান মহিলা।
-
দীপ্তিৰেখা পাঢ়ী
দীপ্তিৰেখা পাঢ়ী এগৰাকী ওড়িয়া টেলিভিছন অভিনেত্ৰী আৰু মুখ্য কণ্ঠশিল্পী। তেওঁ ওড়িয়া চলচ্চিত্ৰ লভ ডট কমত প্ৰথমে মুখ্য কণ্ঠশিল্পী হিচাপে কাম কৰিছিল। তাৰ পিছত তেওঁ ইটিভি ওড়িয়াত প্ৰচাৰিত ৰাজকন্যা ধাৰাবাহিকত নায়িকা পূৰ্বী হিচাপে অভিনয় কৰিছিল।
-
দেৱী লিয়ানা চিৰিস্তা
দেৱী লিয়ানা চিৰিস্তা (জন্ম: ৭ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী মালয়েছিয়াৰ গায়িকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে 'মিছ ৱৰ্ল্ড মালয়েছিয়া ২০১৪'ৰ মুকুট লাভ কৰিছিল।
-
নাগিছা চাইটো
নাগিছা চাইটো (齊藤なぎさ, Saitō Nagisa; জন্ম ৬ জুলাই, ২০০৩) এগৰাকী জাপানী অভিনেত্ৰী, মডেল আৰু প্ৰাক্তন গায়িকা। তেওঁ ২০১৭ চনৰ পৰা ২০২৩ চনলৈকে মূৰ্তি গোট =লাভৰ সদস্য হিচাপে বিশিষ্টতা লাভ কৰে। ২০২৩ চনত তেওঁ অভিনয় কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ গোটটো এৰি দিয়ে। তেওঁ মহিলাৰ ফেশ্বন আলোচনী LARME-ৰ নিয়মীয়া মডেল।
-
নাজানিন আফছিন-জাম
নাজানিন আফছিন-জাম (ফাৰ্চী: نازنین افشین جم; জন্ম: ১১ এপ্ৰিল ১৯৭৯) হৈছে এগৰাকী ইৰানীয়-কানাডীয় মানৱ অধিকাৰ কৰ্মী, লেখিকা, ৰাজহুৱা বক্তা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে 'মিছ ৱৰ্ল্ড কানাডা ২০০৩'ৰ মুকুট লাভ কৰিছিল।
-
নামগ্যাল লামো
নামগ্যাল লামো এগৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰশংসিত তিব্বতী অপেৰা আৰু শাস্ত্ৰীয় সংগীতৰ গায়িকা তথা অভিনেত্ৰী৷ বৰ্তমান নেদাৰলেণ্ডৰ উট্ৰেখ্টত তেওঁৰ ঘৰ৷
-
নিং বাইজুৰা
নিং বাইজুৰা বিণ্টি শ্বেখ হামজাহ ডাল্টন (আগতে নিং বাইজুৰা বিণ্টি শ্বেখ হামজাহ; জন্ম: ২৮ জুন ১৯৭৫), তেওঁৰ মঞ্চ নাম নিং বাইজুৰা নামেৰেই অধিক পৰিচিত। তেওঁ এগৰাকী মালয়েছিয়াৰ পপ আৰু আৰ এণ্ড বি গায়িকা তথা অভিনেত্ৰী। তেওঁ মালয়, ইংৰাজী, জাপানীজ, ইটালিয়ান, ফৰাচী, মেণ্ডেৰিন আৰু কেণ্টোনিজ ভাষাত গীত গায়।
-
নিছ্যা আহমদ
এনিছা ছাদিয়া ইফাত (ইংৰাজী: Annisa Saadia Ifat; নিছ্যা আহমদ নামেৰে পৰিচিত, জন্ম: ১৭ অক্টোবৰ, ১৯৯০) এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী আৰু গায়িকা। নিছ্যা অভিনেতা আৰু উপস্থাপক ৰফী আহমদৰ কনিষ্ঠ ভগ্নী আৰু অভিনেত্ৰী চ্যাহনাজ ছাদিকাহৰ ডাঙৰ ভগ্নী।
-
নীলা ৰামগোপাল
নীলা ৰামগোপাল ( Neela Ramgopal; জন্ম: ২৫ মে ১৯৩৫ – মৃত্যু ১ মাৰ্চ ২০২৩) এগৰাকী ভাৰতীয় কৰ্ণাটক কণ্ঠশিল্পী আৰু কৰ্ণাটক সঙ্গীত শিক্ষিকা। তেওঁৰ কিছুমান ৰচনাৰ ভিতৰত তমিজ ইনবাম, ৰামা উপাসনা আৰু নাৰায়ণ এননিৰো আদি অন্যতম।
-
নুনু (গায়িকা)
নেওমি আহাৰোনি-গাল (হিব্ৰু:נעמי אהרוני-גל; জন্ম: ৭ ছেপ্টেম্বৰ, ১৯৯৮), তেওঁৰ মঞ্চ নাম নুনু (נונו), ইজৰাইলৰ এজন পৰিবেশক।
-
নেহা সিং ৰাঠৌৰ
নেহা সিং ৰাঠৌৰ এগৰাকী ভোজপুৰী গায়িকা। তেওঁ মুদ্ৰাস্ফীতি, দুৰ্নীতি, দৰিদ্ৰতা আৰু চৰকাৰী ব্যৰ্থতাক গীতৰ যোগেদি প্ৰশ্ন আৰু ব্যংগ কৰে। তেওঁ বিহাৰৰ কাইমুৰ জিলাৰ বাসিন্দা৷ তেওঁৰ গানৰ ভিতৰত বিহাৰ মে কৰা বা?, ইউপি মে কৰা বা?, আৰু ইউপি মে কৰা বা? ছিজন ২ যথেষ্ট ভাইৰেল হৈছে।
-
নোজোমি ছাচাকী
নোজোমি ছাচাকী (ইংৰাজী: Nozomi Sasaki; জন্ম: ৮ ফেব্ৰুৱাৰী, ১৯৮৮) — এগৰাকী জাপানী অভিনেত্ৰী, গ্লেমাৰ মডেল, ত্ৰেণ্টো, ইউটিউবাৰ, কণ্ঠশিল্পী আৰু বৃত্তিমূলক ফেশ্বন মডেল। তেওঁৰ ফেশ্বন মডেলিঙৰ কেৰিয়াৰৰ সময়ত তেওঁ কেৱল নোজোমি নামেৰে পৰিচিত আছিল।
-
পপী কেপেলা
পপী কেপেলা স্বস্তিকা (জন্ম: ২২ অক্টোবৰ ১৯৯১), যাক প্ৰায়ে মাদাম পপী কেপেলা বুলিও কোৱা হয়, এগৰাকী ইণ্ডোনেছিয়ান প্ৰাক্তন সৌন্দৰ্য প্ৰতিযোগিতাৰ পৰিচালক, গায়িকা, অভিনেত্ৰী আৰু ব্যৱসায়ী।
-
পাৰ্ক শ্বিন-হাই
পাৰ্ক শ্বিন-হাই (কোৰিয়ান: 박신혜; জন্ম ১৮ ফেব্ৰুৱাৰী, ১৯৯০) এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। তেওঁ প্ৰথমে টেলিভিছন ধাৰাবাহিক ষ্টেৰৱে টু হেভেন (২০০৩) আৰু ট্ৰি অৱ হেভেন (২০০৬) ত শিশু অভিনেত্ৰী হিচাপে স্বীকৃতি লাভ কৰে।
-
পিংকী মৈদাসানী
পিংকী মৈদাসানী এগৰাকী ভাৰতীয় ৰেপাৰ আৰু প্লেবেক গায়িকা। ৰাজস্থানী লোকসংগীতক আধুনিক ৰেপৰ সৈতে মিশ্ৰণ কৰাৰ বাবে তেওঁক ভাৰতৰ প্ৰথমগৰাকী মহিলা লোক ৰেপাৰ হিচাপে অভিহিত কৰা হৈছে। তেওঁ ৫০০০ৰো অধিক লাইভ শ্ব’ত অংশগ্ৰহণ কৰিছে; তেওঁৰ গীতসমূহ শেহতীয়াকৈ বলীউডৰ চিনেমাসমূহত প্ৰদৰ্শিত হৈছে।
-
পুষ্পৱতী পয়পাদথু
পুষ্পৱতী পি আৰ, (পুষ্পৱতী পয়পাদথু নামেৰেও পৰিচিত) হ'ল এগৰাকী ভাৰতীয় গায়িকা, সুৰকাৰ আৰু গীতিকাৰ। কৰ্ণাটকী কণ্ঠৰ প্ৰশিক্ষণপ্ৰাপ্ত পুষ্পৱতীয়ে চেম্বাই মেম'ৰিয়েল গভৰ্ণমেণ্ট মিউজিক কলেজ, পলাক্কাডৰ পৰা স্নাতকোত্তৰ ডিপ্লমা (গণপ্ৰবীণ) লাভ কৰিছে আৰু গুৰু মংগদ নাটেছনৰ অধীনত উন্নত প্ৰশিক্ষণ লাভ কৰিছে…
-
পৰস্তু আহমদী
পৰস্তু আহমদী (জন্ম: ২১ মাৰ্চ ১৯৯৭) ইৰানৰ এগৰাকী শিল্পী তথা কণ্ঠশিল্পী। ইৰানৰ এটা কাৰাভাৰেনচেৰাইত ঐচ্ছিক হিজাব পৰিধান কৰি তেওঁ পৰিৱেশন কৰা কাৰাভাৰেনচেৰাই কনচাৰ্ট আৰু তেওঁৰ ইউটিউব চেনেলত ইয়াৰ পোনপটীয়া সম্প্ৰচাৰে বহুল চৰ্চা লাভ কৰিছিল।
-
ফাজুৰা
নুৰ ফাজুৰা শ্বৰীফুদ্দিন (ইংৰাজী: Nur Fazura Sharifuddin; জন্ম: ২৭ ছেপ্টেম্বৰ ১৯৮৩, মঞ্চত ফাজুৰা নামেৰে বেছি পৰিচিত) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী, গায়িকা, টেলিভিছন পৰিচালক, ভি.জে.
-
ফাম লুঙ থান ত্ৰুক
ফাম লুঙ থান ত্ৰুক (১১ ছেপ্তেম্বৰ ১৯৮৬-ত হো চি মিন চিটিত জন্ম) মঞ্চ নাম থান ত্ৰুক নামেৰে পৰিচিত এগৰাকী ভিয়েটনামী টেলিভিছন আৰু চিনেমা অভিনেত্ৰী তথা গায়িকা। তেওঁ প্ৰথমে J8687 নামৰ গাৰ্ল গ্ৰুপৰ সদস্য আছিল।
-
ফিডান গাচিমোভা
ফিডান গাচিমোভা(:Fidan Gasimova,জন্ম: ১৭ জুন ১৯৪৭)যি গৰাকী ফিডান আক্ৰাম গিজি গাচিমোভা নামেৰেও জনাজাত এগৰাকী আজাৰবাইজান অপেৰাটিক ছ’প্ৰানো যিয়ে ১৯৮৮ চনত ইউ এছ এছ আৰৰ পিপলছ আৰ্টিষ্ট হিচাপে নিৰ্বাচিত হৈছিল।
-
ফুলতি গিদালি
ফুলতি গিদালি (ইংৰাজী: Fulti Gidali; ১৯১১ - ২০১৯) এগৰাকী ভাৰতীয় লোকগায়িকা। তেওঁ "ষাইটোল সম্ৰাজ্ঞী" হিচাপে পৰিচিত আছিল।