অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

এৰিছেৰী

এৰিছেৰী (মালয়ালম: എരിശ്ശേരി [eɾiːʃːeɾi]), দক্ষিণ ভাৰতৰপৰা অহা এটা পৰম্পৰাগত কেৰেলাৰ খাদ্য, পিহি লোৱা নাৰিকল, মচলা আৰু মূল উপাদানসমূহৰ ভিতৰত কেঁচা কেৰেলা, হাতী ভৰিৰ ৰঙালাও বা কুমলীয়া ডালিম আদি। ই এটা ডাঠ, মৃদু চাইড ডিচ যিটোক কুট্টুকাৰী হিচাপে শ্ৰেণীভুক্ত কৰা হয়।

হালনাগাদ: ১২ আগষ্ট ২০২৬ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

এৰিছেৰী (মালয়ালম ভাষা: എരിശ്ശേരി [eɾiːʃːeɾi]), দক্ষিণ ভাৰতৰপৰা অহা এটা পৰম্পৰাগত তিতা কেৰেলাৰ খাদ্য,১২ পিহি লোৱা নাৰিকল, মচলা আৰু মূল উপাদানসমূহৰ ভিতৰত কেঁচা কেৰেলা, হাতী ভৰিৰ ৰঙালাও বা কুমলীয়া ডালিম আদি। ই এটা ডাঠ, মৃদু চাইড ডিচ যিটোক কুট্টুকাৰী হিচাপে শ্ৰেণীভুক্ত কৰা হয়।৩৪ ই পৰম্পৰাগত কেৰেলাৰ সাদ্যাৰ এক অপৰিহাৰ্য উপাদান, উৎসৱৰ সময়ত পৰিৱেশন কৰা নিৰামিষভোজ।৫

প্ৰস্তুতি

মুখ্য পাচলিবিধ—বা মুখ্য পাচলিৰ মিশ্ৰণটো থোপ-থোপকৈ (বা কিউব আকৃতিৰ টুকুৰাকৈ) কাটি লোৱা হয়। তাৰ পিছত তাত লেচেৰা মাহ বা ৰাজমাহ যোগ দি পানী, হালধিৰ গুৰি আৰু নিমখৰ সৈতে কোমল নোহোৱালৈকে সিজোৱা হয়।৬

তাৰ পিছত, সতেজকৈ কূৰি লোৱা নাৰিকল, নহৰু, জিৰা, ৰঙা জলকীয়াৰ গুৰি, হালধি আৰু গোলমৰিচৰ গুৰিৰে তৈয়াৰ কৰা এটা মিহি পেষ্ট সিজোৱা পাচলিখিনিত মিহলাই দিয়া হয়। মিশ্ৰণটো কম জুইত লাহে লাহে ফুটোৱা হয় যাতে মচলাৰ কেঁচা গোন্ধটো আঁতৰি যায় আৰু অতিৰিক্ত পানী নাথাকাকৈ এক ঘন ৰূপ লয়।৬

এৰিছেৰীৰ মূল বিশেষত্ব হ’ল ইয়াৰ শেষৰ ফোৰণ (tempering)। নাৰিকল তেলত সৰিয়হ, শুকান ৰঙা জলকীয়া আৰু সতেজ কাৰিপাট্টাৰ সৈতে প্ৰচুৰ পৰিমাণে কূৰি লোৱা নাৰিকল ভাজি এই ফোৰণ দিয়া হয়। নাৰিকলখিনি গাঢ় সোণালী ৰং আৰু সুগন্ধি নোহোৱালৈকে ভাজি লৈ তৰকাৰীখনৰ ওপৰত ঢালি দিয়া হয়।১৬

বৈশিষ্ট্য আৰু তাৰতম্য

কালান বা পুলিচেৰী ৰ দৰে দৈ ব্যৱহাৰ কৰা তৰকাৰীবোৰৰ বিপৰীতে, এৰিছেৰীয়ে ইয়াৰ ঘন ৰূপ আৰু সোৱাদ সম্পূৰ্ণৰূপে বটা আৰু ভজা নাৰিকলৰপৰা লাভ কৰে। ইয়াৰ মৃদু, ঈষৎ মিঠা সোৱাদৰ বাবে ই বিশেষভাৱে জনাজাত—বিশেষকৈ যেতিয়া ই ৰঙালাউৰে প্ৰস্তুত কৰা হয়—যাক ওপৰত দিয়া ভজা নাৰিকলৰ সুগন্ধি আৰু বাদামী সোৱাদে এক সুন্দৰ বৈপৰীতত্য প্ৰদান কৰে।

কেৰালাজুৰি জনপ্ৰিয় কিছুমানপ্ৰকাৰৰ ভিতৰত আছে:

  • মঠাংগা এৰিছেৰী: হালধীয়া ৰঙালাউৰে প্ৰস্তুত কৰা হয়, প্ৰায়ে ৰঙা লেচেৰা মাহৰ সৈতে মিহলাই বনোৱা হয়।
  • কায়া এৰিছেৰী: কেঁচা কলৰে প্ৰস্তুত কৰা হয়।
  • ছেনা এৰিছেৰী:থোপ-থোপকৈ কাটি লোৱা ওলকচুৰে প্ৰস্তুত কৰা হয়।
  • মুৰিঙ্গা এৰিছেৰী:টুকুৰা কৰা ওলকচুৰে প্ৰস্তুত কৰা হয়, কিন্তু তাত সজিনা পাত যোগ কৰা হয়।৭

পৰিৱেশন

এৰিছেৰী চাপৰিৰ অন্যান্য ব্যঞ্জনৰ সৈতে কলপাতৰ তলৰ অংশত ৰাখি ‘সাদ্যা’ৰ অংশ হিচাপে গৰমে গৰমে পৰিৱেশন কৰা হয়। ওণাম আৰু বিষু কে ধৰি কেৰালাৰ ডাঙৰ ডাঙৰ সাংস্কৃতিক উৎসৱসমূহত পৰিৱেশন কৰা সাদ্যাৰ ই এবিধ নিয়মীয়া উপাদান।৮৯১০

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Erissery. Department of Tourism, Government of Kerala
  2. ↑ Erissery · Traditional Stew From Kerala · TasteAtlas. www.tasteatlas.com
  3. ↑ What to Eat and Where to Eat in Thiruvananthapuram. Incredible India
  4. ↑ മൂവാറ്റുപുഴ, രവീന്ദ്രൻ. (2025-09-17). മലയാളിയുടെ വിശപ്പകറ്റിയിരുന്ന കപ്പയും കാച്ചിലും; ചേന-എത്തയ്ക്കാ എരിശ്ശേരി പരീക്ഷിക്കാം. @mathrubhumi
  5. ↑ (28 August 2020). The Back Burner: Recipes for Onasadhya at home: Part 3. The Indian Express
  6. ↑ Sivadas, Suma. (22 August 2022). Mathanga Erissery. OnManorama
  7. ↑ Why muringayila erissery deserves a spot on your Onasadya. @onmanorama
  8. ↑ What to Eat and Where to Eat in Thiruvananthapuram. Incredible India
  9. ↑ Try these four special dishes this Onam. Try these four special dishes this Onam
  10. ↑ Rice Puttu, Kadala Curry, Erissery: The Delicious Sadhya Dishes You Need to Relish this Onam. News18

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ খাদ‍্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এৰিছেৰী” প্ৰবন্ধৰ সংশোধন ৬২৬৩৯০ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।