পাজহাম প্ৰধমন (പഴം പ്രഥമൻ, ইংৰাজী ভাষা: Pazham Pradhaman) হৈছে দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ পৰম্পৰাগত আৰু অত্যন্ত জনপ্ৰিয় মিঠা পদ বা পায়স।১ কেৰালাৰ পৰম্পৰাগত ভোজ বা সাদ্যা, বিশেষকৈ ওনাম আৰু বিষু উৎসৱৰ সময়ত এই পদবিধ মুখ্য ডেজাৰ্ট হিচাপে পৰিৱেশন কৰা হয়। মালয়ালম ভাষাত পাজহাম মানে কল আৰু প্ৰধমন মানে প্ৰথম বা মুখ্য, অৰ্থাৎ ইয়াক পায়সসমূহৰ ভিতৰত শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়।
মূল উপাদানসমূহ
পাজহাম প্ৰধমনৰ প্ৰধান উপাদানসমূহ হ’ল:২
- নেন্দ্ৰন কল (Nendran Banana): ভালদৰে পকা নেন্দ্ৰন কল।
- গুড়: পায়স মিঠা আৰু গাঢ় ৰং কৰিবলৈ ব্যৱহাৰ কৰা হয়।
- নাৰিকলৰ গাখীৰ: প্ৰথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত উলিওৱা ডাঠ আৰু পাতল নাৰিকলৰ গাখীৰ ব্যৱহাৰ কৰা হয়।
- ঘিউ: কল ভাজিবলৈ আৰু সুগন্ধ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়।
- মচলা: ইলাচী গুড়ি আৰু শুকান আদাৰ গুড়ি (চুক্কু)।
- সজ্জা (Garnish): ঘিউত ভজা কাজু, কিচমিচ আৰু সৰু সৰুকৈ কটা নাৰিকলৰ টুকুৰা।
প্ৰস্তুত প্ৰণালী
প্ৰথমে ভালদৰে পকা নেন্দ্ৰন কল ভাপত সিজাই, বাকলি গুচাই মিহিকৈ পিটিকি লোৱা হয়। পৰম্পৰাগতভাৱে এই খাদ্য উৰুলী নামৰ ব্ৰঞ্জৰ পাত্ৰত প্ৰস্তুত কৰা হয়।৩
উৰুলীত ঘিউ দি পিটিকা কলখিনি যোগ কৰি ইয়াৰ পানী শুকাই ঘিউ পৃথক নোহোৱালৈকে ভালদৰে ভজা হয়।৪ তাৰ পিছত গৰম কৰি লোৱা গুৰৰ ৰস যোগ কৰি মিশ্ৰণটো ঘন হৈ অহালৈকে সিজোৱা হয়। পৰৱৰ্তী পৰ্যায়ত তৃতীয় আৰু দ্বিতীয় পৰ্যায়ৰ পাতল নাৰিকলৰ গাখীৰ ক্ৰমে যোগ কৰি মধ্যমীয়া জুইত সিজোৱা হয়।
মিশ্ৰণটো কিছু ঘন হ'লে ইলাচী আৰু শুকান আদাৰ গুড়ি যোগ কৰা হয়। শেষত ডাঠ প্ৰথম নাৰিকলৰ গাখীৰ যোগ কৰি পায়সখন পুনৰ বেছি সময় উতলিবলৈ দিয়া নহয়। নমাই থোৱাৰ পিছত ঘিউত সোণালীকৈ ভজা নাৰিকলৰ টুকুৰা, কাজু আৰু কিচমিচ ছটিয়াই পৰিৱেশন কৰা হয়।
পৰম্পৰা আৰু পৰিৱেশন
কেৰালাৰ পৰম্পৰাগত সাদ্যা ভোজত পাজহাম প্ৰধমনৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। বিশেষকৈ ওনাম আৰু বিষুৰ দৰে উৎসৱৰ সময়ত এই মিঠা পদ পৰিৱেশন কৰা হয়। সাধ্যাত কলপাতৰ তলৰ অংশত খাদ্যৰ শেষৰ ফালে এই পায়স পৰিৱেশন কৰা হয়।৫
'প্ৰধমন' শব্দৰ অৰ্থ 'মুখ্য' বা 'প্ৰথম'। কেৰালাৰ খাদ্য-সংস্কৃতিত আন বিভিন্ন প্ৰধমনৰ লগতে পাজহাম প্ৰধমনেও এক সুকীয়া স্থান লাভ কৰিছে।
লগতে পঢ়ক
তথ্যসূত্ৰ
- ↑ പഴം പ്രഥമനാണെങ്കിൽ സദ്യ ബഹുകേമം... Manorama Online
- ↑ Kannampilli, Vijayan. (2003). The Essential Kerala Cookbook. Penguin UK. ISBN 9780143029502
- ↑ How to make Pazham Pradhaman. NDTV Food
- ↑ Nendram Pazham Pradhaman. Yummy Tummy Aarthi
- ↑ NENTHRA PAZHAM PRADHAMAN / BANANA PAYASAM KERALA STYLE. YouTube
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাজহাম প্ৰধমন” প্ৰবন্ধৰ সংশোধন ৬৩০৩৫৯ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।