কুট্টিয়াট্টুৰ আম (Kuttiattoor mango) বা কুট্টিয়াট্টুৰ মাংগা হৈছে ভাৰতৰ কেৰালাৰ কান্নুৰ জিলাৰ কুট্টিয়াট্টুৰ গাঁৱত মূলতঃ খেতি কৰা এবিধ বিখ্যাত আমৰ জাত। ১ এই আম কেৰালাৰ থলুৱা আমৰ জাতসমূহৰ ভিতৰত অন্যতম। ইয়াক বিভিন্ন অঞ্চলত নাম্বিয়াৰ মাংগা, কান্নাপুৰম মাংগা, কুঞ্জিমাংগলাম মাংগা আৰু ভাডাক্কুম্ভাগম মাংগা (Vadakkumbhagam manga) বুলিও জনা যায়।
নামৰ ইতিহাস
স্থানীয় লোককথা অনুসৰি, নাম্বিয়াৰ সম্প্ৰদায়ৰ এজন লোকে কুট্টিয়াট্টুৰ গাঁৱৰপৰা এই আম ইৰিক্কুৰ চহৰলৈ যোগান ধৰিছিল। সেই ঘটনাৰপৰাই স্থানীয় লোকসকলে এই আমক নাম্বিয়াৰ আম বুলিও ক'বলৈ আৰম্ভ কৰে আৰু বাহিৰৰ মানুহৰ মাজত কুট্টিয়াটুৰ আম বুলি জনাজাত। ২৩
বিৱৰণ
কুট্টিয়াট্টুৰ আমৰ কমলা-হালধীয়া ৰং আৰু উৎকৃষ্ট সোৱাদ ইয়াক অতি জনপ্ৰিয় কৰি তুলিছে। পকা অৱস্থাতো ইয়াৰ বাকলিত দাগ নপৰে, যাৰ ফলত আমটোৰ বাহ্যিক সৌন্দৰ্য অধিক আকৰ্ষণীয় হৈ থাকে। এই জাতৰ আম গুড়িযুক্ত, ৰসাল আৰু উচ্চ আঁহ (ফাইবাৰ) সমৃদ্ধ। উল্লেখযোগ্যভাৱে, স্থানীয় বিক্ৰেতাসকলে এই আম পকাবলৈ কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ বা সংৰক্ষক ব্যৱহাৰ নকৰে। তাৰ পৰিৱৰ্তে, তেওঁলোকে খেৰ আৰু কাঞ্জিৰাম গছ (Strychnos nux-vomica)ৰ পাত ব্যৱহাৰ কৰি পৰম্পৰাগত পদ্ধতিৰে আম পকায়।
গুণাগুণ
আচৰিতভাৱে কুট্টিয়াট্টুৰ আমগছৰ পাতৰ দাম আমতকৈও বেছি হৈ পৰিছে। ইয়াৰ মূল কাৰণ হৈছে কাসাৰগড়স্থিত এটা কোম্পানীয়ে দাঁতৰ গুড়ি (টুথ পাউডাৰ) প্ৰস্তুত কৰিবলৈ এই পাতৰ প্ৰাকৃতিক গুণাগুণ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা। ফলস্বৰূপে, কুট্টিয়াট্টুৰ আমৰ পাতৰ চাহিদা আৰু মূল্য দুয়োটা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। ৪
ভৌগোলিক সূচক স্বীকৃতি
কুট্টিয়াট্টুৰ আমে ২০২১ চনৰ ১৪ ছেপ্টেম্বৰত ভাৰত চৰকাৰৰ ভৌগোলিক সূচক পঞ্জীয়ন কাৰ্যালয় (Geographical Indications Registry)-ৰপৰা ভৌগোলিক সূচক (GI) স্বীকৃতি লাভ কৰে। এই স্বীকৃতি ২০২৯ চনৰ ৩ ছেপ্টেম্বৰলৈ বৈধ।৫
কেৰালা ৰাজ্যৰ কৃষি বিভাগৰ কৃষি বিষয়া শ্ৰী আদৰ্শ কে. কে. আৰু কুট্টিয়াট্টুৰ গাঁৱৰ কুটিয়াটুৰ মেংগ প্ৰডিউচাৰ কোম্পানী লিমিটেডএ যৌথভাৱে কুট্টিয়াট্টুৰ আমৰ GI পঞ্জীয়নৰ বাবে আবেদন দাখিল কৰিছিল। ২০২০ চনত আবেদন দাখিল কৰাৰ পাছত, ২০২১ চনত চেন্নাইস্থিত ভৌগোলিক সূচক পঞ্জীয়ন কাৰ্যালয়ে এই আমক GI স্বীকৃতি প্ৰদান কৰে। ইয়াৰ ফলত "কুট্টিয়াট্টুৰ" নামটো কেৱল সেই অঞ্চলত উৎপাদিত এই বিশেষ আমৰ বাবেহে সংৰক্ষিত হয়। ইয়াৰ সৈতে কুট্টিয়াট্টুৰ আম কেৰালাৰ প্ৰথম আমৰ জাত হিচাপে GI স্বীকৃতি লাভ কৰে।৬৭
তথ্যসূত্ৰ
- ↑ Nagarajan, Saraswathy. (2 June 2022). The sweet taste of brand Kuttiattoor. The Hindu
- ↑ (15 July 2015). Will a mango by any other name taste as sweet?. BusinessLine
- ↑ John, Haritha. (7 July 2015). The curious fight over "upper-caste" mangoes in a Kerala village. The News Minute</ref কুট্টিয়াট্টুৰ আমৰ কমলা-হালধীয়া ৰং আৰু উৎকৃষ্ট সোৱাদ ইয়াক অতি জনপ্ৰিয় কৰি তুলিছে। পকা অৱস্থাতো ইয়াৰ বাকলিত দাগ নপৰে, যাৰ ফলত আমটোৰ বাহ্যিক সৌন্দৰ্য অধিক আকৰ্ষণীয় হৈ থাকে। এই জাতৰ আম গুড়িযুক্ত, ৰসাল আৰু উচ্চ আঁহ (ফাইবাৰ) সমৃদ্ধ। উল্লেখযোগ্যভাৱে, স্থানীয় বিক্ৰেতাসকলে এই আম পকাবলৈ কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ বা সংৰক্ষক ব্যৱহাৰ নকৰে। তাৰ পৰিৱৰ্তে, তেওঁলোকে খেৰ আৰু কাঞ্জিৰাম গছ (Strychnos nux-vomica)ৰ পাত ব্যৱহাৰ কৰি পৰম্পৰাগত পদ্ধতিৰে আম পকায়। == পৌৰাণিক কাহিনী == Local villagers cite the tale of some Nambiar who supplied this mango from Kuttiattoor to irikoor town. Thus villagers adopting the name "Nambiar mango".<ref>Minute, The News. (7 July 2015). Fight in Kerala Village Over 'Caste' Mangoes. TheQuint
- ↑ Kuttiattoor mangoes: Fruits with a royal lineage, ripened with hay and 'kaanjiram' leaves. Onmanorama
- ↑ Sen, Piyali. (2 June 2023). 10 Indian Mangoes With GI Tags. Outlook Traveller
- ↑ (31 May 2024). This Kerala Mango Variety First From The State To Get GI Tag. News18
- ↑ Geographical Indications Intellectual Property India. Official website of Intellectual Property India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুটিয়াাটুৰ আম” প্ৰবন্ধৰ সংশোধন ৬২৩৭৯১ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।