এলজিবিটি
৮৫ প্ৰবন্ধ
-
কুইয়াৰ তত্ত্ব
কুইয়াৰ তত্ত্ব (Queer Theory) হ'ল এটা সমালোচনাত্মক সামাজিক তত্ত্ব। ১৯৯০ ৰ দশকত Poststructuralist অৰ্থাৎ উত্তৰ গঠনবাদী ধাৰাৰ এটা সুঁতি হিচাপে এই তত্ত্বৰ বিকাশ ঘটে। সম্প্ৰতি এই তত্ত্বটোবে জ্ঞান চৰ্চাৰ বিভিন্ন বিভাগত প্ৰভাৱ বিস্তাৰ কৰিছে। কুইয়ৰ তত্ত্বৰ মূল বিষয় হ'ল— ছেক্স, লিংগ আৰু যৌনতা।
-
কুইয়াৰ পৰ্ণগ্ৰাফী
কুইয়াৰ পৰ্ণগ্ৰাফী (ইংৰাজী: Queer pornography)ত বিভিন্ন লিংগ পৰিচয় আৰু যৌন অভিমুখীতাৰ অভিনয়শিল্পীসকলক একেলগে কাম কৰা আৰু অনন্য ধৰণে ইচ্ছা তথা আনন্দৰ শৈলীসমূহ অন্বেষণ কৰা দেখুওৱা হয়।
-
গে আইকন
গে আইকন (ইংৰাজী: Gay icon) হ’ল এনে এগৰাকী ৰাজহুৱা ব্যক্তি যাক এলজিবিটিকিউ সম্প্ৰদায়ৰ সদস্যসকলে এজন সাংস্কৃতিক আইকন হিচাপে গণ্য কৰে। এনে ব্যক্তিসকলৰ সাধাৰণতে এলজিবিটিকিউ সম্প্ৰদায়ৰ মাজত এক উৎসৰ্গিত অনুৰাগী গোষ্ঠী থাকে আৰু তেওঁলোকে প্ৰায়ে নিজৰ কামৰ জৰিয়তে এই সম্প্ৰদায়ৰ সহযোগী (ally) হিচাপে কাম…
-
চামইচ
চামইচ (ইংৰাজী: Samois) আছিল ছান ফ্ৰান্সিস্কোত অৱস্থিত এক লেচবিয়ান নাৰীবাদী বিডিএছএম সংগঠন যি ১৯৭৮ চনৰপৰা ১৯৮৩ চনলৈ সক্ৰিয় আছিল। ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমটো লেচবিয়ান বিডিএছএম গোট আছিল।
-
ট্ৰেন্সফ'বিয়া
ট্ৰেন্সফʼবিয়া (Transphobia) হৈছে ট্ৰান্সজেণ্ডাৰ লোকসকলৰ প্ৰতি নেতিবাচক মনোভাৱ, অনুভূতি, বা কাৰ্য। ট্ৰেন্সফ'বিয়াৰ ভিতৰত সামাজিক লিংগ ভূমিকা অনুকূল নোহোৱা লোকৰ প্ৰতি ভয়, বিদ্বেষ, ঘৃণা, হিংসা বা খং অন্তৰ্ভুক্ত হ'ব পাৰে।
-
ট্ৰেন্সভেষ্টিগেশ্বন
ট্ৰেন্সভেষ্টিগেশ্বন (ইংৰাজী: Transvestigation; 'ট্ৰেন্সজেণ্ডাৰ' আৰু 'ইনভেষ্টিগেশ্বন' শব্দৰ সংমিশ্ৰণ) হ’ল এক ষড়যন্ত্ৰমূলক তত্ত্ব (conspiracy theory), য’ত দাবী কৰা হয় যে বহুতো চেলিব্ৰিটি আৰু অন্যান্য প্ৰখ্যাত ব্যক্তি প্ৰকৃততে ট্ৰেন্সজেণ্ডাৰ (অথবা ইয়াৰ বিপৰীতে, কিছুমান মুকলিভাৱে ট্ৰেন্সজেণ্ডাৰ…
-
তেজপুৰ গৌৰৱযাত্ৰা
তেজপুৰ গৌৰৱযাত্ৰা (Tezpur Queer Pride) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন চহৰ তেজপুৰত অনুষ্ঠিত হোৱা বাৰ্ষিক এলজিবিটিকিউআইএ+ প্ৰাইড মাৰ্চ বা গৌৰৱযাত্ৰা। উত্তৰ-পূব ভাৰতৰ এখন সৰু চহৰত প্ৰথম সংগঠিত গৌৰৱযাত্ৰাৰ ভিতৰত অন্যতম এই আয়োজনৰ লক্ষ্য হৈছে এলজিবিটিকিউআইএ+ সম্প্ৰদায়ৰ বাবে অন্তৰ্ভুক্তি, দৃশ্যমানতা, আৰু…
-
দ্য ফাইভ লেচবিয়ান ব্ৰাদাৰ্ছ
দ্য ফাইভ লেচবিয়ান ব্ৰাদাৰ্ছ (ইংৰাজী: The Five Lesbian Brothers) হৈছে এক আমেৰিকান থিয়েটাৰ কোম্পানী যিয়ে লেচবিয়ান আৰু নাৰীবাদী বিষয়ৰ নাটক আৰু সাহিত্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকৰ কৰ্মৰাজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেইবাখনো চহৰত প্ৰদৰ্শিত হৈছে আৰু তেওঁলোকে কেইবাটাও উদ্যোগিক বঁটা লাভ কৰিছে।
-
দ্য ৰেইনবো
দ্য ৰেইনবো (ইংৰাজী: The Rainbow) হৈছে কেন ৰাছেলৰ দ্বাৰা সহ-লিখিত আৰু পৰিচালিত ১৯৮৯ চনৰ এখন ব্ৰিটিছ ড্ৰামা চলচ্চিত্ৰ। এই ছবিখন ডি. এইচ. লৰেন্সৰ ১৯১৫ চনৰ উপন্যাস দ্য ৰেইনবোৰ আধাৰত নিৰ্মাণ কৰা হৈছে।
-
নাৰীবাদৰ ৰক্ষণশীল ৰূপ
নাৰীবাদৰ কিছুমান ধাৰা আন বিলাকৰ তুলনাত অধিক ৰক্ষণশীল বুলি বিবেচিত হয়। ঐতিহাসিকভাৱে নাৰীবাদী পণ্ডিতসকলে সাধাৰণতে ৰক্ষণশীল মহিলাৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাই। কিন্তু শেহতীয়া বছৰবোৰত এই মহিলাসকলৰ দৃষ্টিভংগীৰ ওপৰত অধিক গভীৰ গৱেষণাৰ প্ৰচেষ্টা চলোৱা হৈছে।
-
পালোপা
পালোপা হ'ল পাপুয়া নিউ গিনি আৰু প্ৰব্ৰজনকাৰী অঞ্চলত এনে লোকৰ বাবে অ-হেটেৰ'নৰ্মেটিভ শব্দ হিচাপে ব্যৱহৃত শব্দ যিসকলক পশ্চিমীয়া নামকৰণত সমকামী, হিজড়া বা তৃতীয় লিংগৰ ভূমিকা থকা বুলি চিনাক্ত কৰিব পাৰি।
-
পৰ্ণ ফিল্ম ফেষ্টিভেল ভিয়েনা
পৰ্ণ ফিল্ম ফেষ্টিভেল ভিয়েনা (PFFV) হৈছে অট্ৰিয়াৰ ভিয়েনাত অনুষ্ঠিত হোৱা এক বাৰ্ষিক পৰ্ণগ্ৰাফী চলচ্চিত্ৰ মহোৎসৱ। ইয়াৰ লক্ষ্য হৈছে অট্ৰিয়া আৰু তাৰ বাহিৰৰ নৱাগত কামোদ্দীপক চলচ্চিত্ৰ নিৰ্মাতাসকলক স্থানীয় দৰ্শকৰ মাজত প্ৰসাৰিত কৰা। এই মহোৎসৱ পোনপ্ৰথমে ২০১৮ চনত অনুষ্ঠিত হৈছিল।
-
ফেমিনাইজেচন
ফেমিনাইজেচন (ইংৰাজী: Feminization), যাক কেতিয়াবা বাধ্যতামূলত ফেমিনাইজেচন (চমুকৈ ফৰ্চফেম) বুলিও কোৱা হয় আৰু চিচিফিকেচন নামেৰেও জনাজাত, হ’ল প্ৰভুত্ব আৰু বশ্যতা বা কিংক যৌন উপ-সংস্কৃতিৰ এক অনুশীলন।
-
বিভাজিত আকৰ্ষণ আৰ্হি
বিভাজিত আকৰ্ষণ আৰ্হি (ইংৰাজী: Split attraction model; চমুকৈ SAM) হ’ল মনোবিজ্ঞানৰ এক আৰ্হি যিয়ে এজন ব্যক্তিৰ ৰোমাণ্টিক আকৰ্ষণ আৰু যৌন আকৰ্ষণৰ মাজত পাৰ্থক্য দেখুৱায়, যাৰ ফলত এই দুই প্ৰকাৰৰ আকৰ্ষণ ইটোৰ পৰা সিটো পৃথক হ’ব পাৰে।
-
ভাৰতত এলজিবিটিকিউ সংস্কৃতি
ভাৰতত এলজিবিটিকিউ সংস্কৃতি হৈছে ভাৰতবৰ্ষত এলজিবিটিকিউ (লেজবিয়ান, গে, বাইসেক্সুয়াল, ট্ৰান্সজেণ্ডাৰ, কুইৰ আৰু অন্যান্য) জনগণৰ সংস্কৃতি, সমাজ, আৰু অধিকাৰ আন্দোলনৰ ঐতিহ্য আৰু প্ৰগতিৰ এক সংকলন।
-
মাচো লাইক মি
মাচো লাইক মি (ইংৰাজী: Macho Like Me) হ’ল হেলি লীৰ দ্বাৰা পৰিচালিত আৰু অভিনীত এখন তথ্যচিত্ৰ। এই ছবিখনত তেওঁ এটা সামাজিক পৰীক্ষা চলাইছে য’ত তেওঁ নিজৰ চুলি কাটি আৰু পুৰুষৰ পোছাক পৰিধান কৰি এগৰাকী প্ৰতিষ্ঠিত মহিলাৰ পৰা এজন "পুৰুষ"লৈ নিজৰ ৰূপান্তৰ ঘটাইছে আৰু পুৰুষসুলভ জগতখনত খোজ দিছে।
-
মাঞ্জি
মাঞ্জি (জাপানী: 卍) হৈছে ১৯৬৪ চনৰ এখন জাপানী ড্ৰামা চলচ্চিত্ৰ, যাক পৰিচালনা কৰিছিল ইয়াচুজো মাচুমুৰাই। ছবিখনৰ চিত্ৰনাট্য লিখিছিল কানেটো ছিণ্ডোৱে আৰু ই জুনিচিৰো টানিজাকিৰ ১৯২৮ চনৰ উপন্যাস কুয়িকচেণ্ডৰ আধাৰত নিৰ্মিত। ছবিখনত আয়াকো ৱাকাও আৰু ক্যোকো কিছিদাই মুখ্য ভূমিকাত অভিনয় কৰিছে।
-
মি, মাইচেলফ এণ্ড হাৰ
মি, মাইচেলফ এণ্ড হাৰ (ইটালিয়ান: Io e lei) হৈছে মাৰিয়া চোলে টগনাজীৰ দ্বাৰা লিখিত আৰু পৰিচালিত ২০১৫ চনৰ এখন কমেডী-ড্ৰামা চলচ্চিত্ৰ। ছবিখনত মাৰ্ঘেৰিটা বাই আৰু সাব্ৰিনা ফেৰিলীয়ে অভিনয় কৰিছে।
-
যৌন বৈচিত্ৰ্য
যৌন বৈচিত্ৰ্য (ইংৰাজী: Sexual diversity) বা লিংগ আৰু যৌন বৈচিত্ৰ্য (ইংৰাজী: Gender and sexual diversity; চমুকৈ GSD) বুলিলে যৌন বৈশিষ্ট্য, যৌন অভিমুখিতা আৰু লিংগ পৰিচয়ৰ সকলো বৈচিত্ৰ্যক বুজায়। এই বহুত্ব গঠন কৰা প্ৰতিটো পৰিচয়, আচৰণ বা বৈশিষ্ট্যক পৃথকে উল্লেখ নকৰাকৈয়ে এই ধাৰণাটোৱে সকলোকে সামৰি লয়।
-
লেচবিয়ান ইৰেজাৰ
লেচবিয়ান ইৰেজাৰ(লেচবিয়ান নিশ্চিহ্নকাৰী) হৈছে লেচবিয়ানফ’বিয়াৰ এক প্ৰকাৰ, য’ত ইতিহাস, শিক্ষা, সংবাদ মাধ্যম আৰু অন্যান্য প্ৰাথমিক উৎসৰ পৰা লেচবিয়ান মহিলা বা সম্পৰ্কৰ প্ৰমাণক আওকাণ, আঁতৰোৱা, মিছা বা পুনৰ ব্যাখ্যা কৰাৰ প্ৰৱণতা জড়িত হৈ থাকে।
-
লেচবিয়ান ছেক্স মাফিয়া
লেচবিয়ান ছেক্স মাফিয়া (ইংৰাজী: Lesbian Sex Mafia; চমুকৈ LSM) হৈছে বিডিএছএম, যৌন ফেটিচিজম, পোছাক আদিৰ সৈতে জড়িত যৌন কাৰ্যকলাপত আগ্ৰহী উভকামী মহিলা আৰু লেচবিয়ানসকলৰ বাবে এক আমেৰিকান তথ্য আৰু সমৰ্থন গোট। ১৯৮১ চনত জো আৰ্নোন আৰু ডৰথী এলিচনে প্ৰতিষ্ঠা কৰা এই গোটটো নিউয়ৰ্ক চহৰত অৱস্থিত।
-
সহযাত্ৰিকা
সহযাত্ৰিকা (ইংৰাজী: Sahayathrika) হৈছে কেৰালা মূলৰ এএফএবি (Assigned Female at Birth) সম্প্ৰদায়ক সেৱা আগবঢ়োৱা এটা স্বেচ্ছাসেৱী সামাজিক সংস্থা। এই নামটো মালয়ালম ভাষাৰ পৰা লোৱা হৈছে, যাৰ অৰ্থ হৈছে “মহিলা সহযাত্ৰী” বা “মহিলাৰ সহচৰী”।
-
২ ফ্ৰগছ ইন দ্য ৱেষ্ট
২ ফ্ৰগছ ইন দ্য ৱেষ্ট (ফৰাচী: 2 frogs dans l'ouest, ইংৰাজী: 2 Frogs in the West) হৈছে ২০১০ চনত মুক্তি পোৱা এখন কানাডিয়ান কমেডী-ড্ৰামা চলচ্চিত্ৰ। চলচ্চিত্ৰ নিৰ্মাতা তথা অভিনেতা ডেনি পাপিনোৰ পৰিচালনাৰ অভিষেক ঘটা এই ছবিখনৰ প্ৰিমিয়াৰ ২০১০ চনৰ ৮ অক্টোবৰত মণ্ট্ৰিয়েলত অনুষ্ঠিত হৈছিল।
-
ৰেইনব’ পুঁজিবাদ
ৰেইনব' পুঁজিবাদ নতুবা গোলাপী বা পিংক পুঁজিবাদ, কুইয়াৰ পুঁজিবাদ, সমপুঁজিবাদ বা সমকামী পুঁজিবাদ হৈছে এলজিবিটি আন্দোলনৰ পৰা নিজস্বতা আৰু লাভৰ ক্ষেত্ৰত পুঁজিবাদ, কৰ্পৰেট পুঁজিবাদ আৰু গ্ৰাহকবাদৰ এক সম্পৰ্ক।
-
ৱাক উইথ মি
ৱাক উইথ মি (ইংৰাজী: Walk with Me) হৈছে ইছাবেল ডেল ৰোছালৰ দ্বাৰা লিখিত আৰু পৰিচালিত ২০২১ চনৰ এখন আমেৰিকান স্বতন্ত্ৰ ৰোমান্টিক ড্ৰামা চলচ্চিত্ৰ। ডেভিন ডান কেননে এগৰাকী ৩০ বছৰীয়া মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে নিজৰ স্বামীক এৰি থৈ আহে আৰু তাৰ পিছত অপ্ৰত্যাশিতভাৱে আন এগৰাকী মহিলাৰ প্ৰেমত পৰে…