এছিয়াৰ দেশ
৫৯ প্ৰবন্ধ
-
সংযুক্ত আৰৱ আমিৰাত
সংযুক্ত আৰৱ আমিৰাত (دولة الإمارات العربية المتحدة দাওলাত্ আল্-ঈমাৰাত্ আল্-আৰবিয়াহ্ আল্-মুত্তাহিদাহ্) মধ্যপ্ৰাচ্য এছিয়াৰ আৰৱ উপদ্বীপৰ দক্ষিণ-পূব কোণত অৱস্থিত সাতখন স্বাধীন ৰাজ্যৰ এক ফেডাৰেচন। এইসমূহ ৰাজ্য একসময়ত ট্ৰুছিয়াল ষ্টেটছ নামে জনাজাত আছিল। ১৯৭১ চনত এই ৰাজ্য সমূহে স্বাধীনতা লাভ কৰে।
-
মংগোলিয়া
মংগোলিয়া (Mongolia;; Монгол улс, আভিধানিক অৰ্থ: মংগোল দেশ/ৰাজ্য) পূব আৰু মধ্য এছিয়াৰ এখন দেশ। দেশখনৰ চাৰিওফাল ভূ-ভাগেৰে আৱৰা। ইয়াৰ ৰাজধানী উলান বাটোৰ। মংগোলিয়া হৈছে এখন বহুদলীয় সংসদীয় গণতান্ত্ৰিক দেশ।
-
আজেৰবাইজান
আজেৰবাইজান, চৰকাৰী নান প্ৰজাতন্ত্ৰী আজেৰবাইজান (Azərbaycan Respublikası), হৈছে দক্ষিণ কাউকাছাছ অঞ্চলৰ এখন ৰাষ্ট্ৰ। ই দক্ষিণ পশ্চিম এছিয়া আৰু দক্ষিণ পূৱ ইউৰোপৰ সন্ধিস্থলত অৱস্থিত। ইয়াৰ পূৱত কাস্পিয়ান সাগৰ, উত্তৰে ৰাছিয়া, দক্ষিণ-পশ্চিমত জাৰ্জিয়া, পশ্চিমে আৰ্মেনিয়া আৰু দক্ষিণ সীমান্তত ইৰাণ আছে।
-
য়েমেন
য়েমেন মধ্যপ্ৰাচ্য এছিয়াৰ এখন দেশ। ই আৰৱ উপদ্বীপৰ দক্ষিণ-পশ্চিম প্ৰান্তত অৱস্থিত। সুউচ্চ পৰ্বতমালা য়েমেনৰ উপকূলীয় সমভূমিক অভ্যন্তৰৰ জনবিৰল মৰুভূমিৰ পৰা পৃথক কৰিছে। য়েমেনৰ জনসংখ্যা অতি কম। দেশখনৰ আধাতকৈ বেছি অংশ বসবাসৰ বাবে অযোগ্য। ইয়াৰ জনসংখ্যাৰ বেছি ভাগেই গাঁৱত বাস কৰে।
-
উজবেকিস্তান
উজবেকিস্তান (Ўзбекистон) মধ্য এছিয়াৰ এখন গণতন্ত্ৰ ৰাষ্ট্ৰ। ইয়াৰ পশ্চিম আৰু উত্তৰে কাজাখাস্তান, পূবে কিৰগিজস্তান, দক্ষিণ-পূবে তাজিকিস্তান, আৰু দক্ষিণে আফগানিস্তান আৰু তুৰ্কমেনিস্তান। উজবেকিস্তানৰ পশ্চিম অংশত দেশখনৰ প্ৰায় ৩৭% অঞ্চলৰে গঠিত স্বায়ত্ত্বশাসিত কোৰাকালপোগ প্ৰজাতন্ত্ৰ অৱস্থিত।
-
কাজাখাস্তান
কাজাখাস্তান (কাজাখ্ ভাষা: Қазақстан ক্বজ়ক্ব্স্তন্ ) মধ্য এছিয়াৰ এক গণতান্ত্ৰিক ৰাষ্ট্ৰ। ই বিশ্বৰ ৯ম বৃহত্তম ৰাষ্ট্ৰ আৰু বৃহত্তম স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে ৰাছিয়া, পূবে চীন, দক্ষিণে কিৰগিজস্তান, উজবেকিস্তান, আৰু তুৰ্কমেনিস্তান আৰু পশ্চিমে কাস্পিয়ান সাগৰ আৰু ৰাছিয়া।
-
কাটাৰ
কাটাৰ পশ্চিম এছিয়াৰ এখন এখন সৰু দেশ। ইয়াৰ ৰাজধানী হ'ল ড'হা। কাটাৰৰ মাটিকালি হ'ল ১১,৪৩৭ বৰ্গ কিলোমিটাৰ। ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা কাটাৰৰ ৰাজধানী ড'হালৈ দূৰত্ব ২৫৭২ কিলোমিটাৰ। অসমৰ গুৱাহাটীৰ পৰা কাটাৰলৈ দূৰত্ব হ'ল ৪০১৯ কিলোমিটাৰ। ইয়াৰ বৰ্তমান জনসংখ্যা হ'ল ১৬ লাখ, তাৰে ১২ লাখ পুৰুষ আৰু ৪ লাখ মহিলা।
-
কুৱেইট
কুৱেইট (আৰৱী: دولة الكويت) পশ্চিম এছিয়াত অৱস্থিত এখন আমিৰাত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে চৌদি আৰৱ আৰু উত্তৰ পশ্চিমত ইৰাক অৱস্থিত। ইয়াৰ উত্তৰ-দক্ষিণকৈ দীঘ সৰ্বোচ্চ ২০০ কিঃমিঃ(১২০ মাইল) আৰু পূব-পশ্চিমকৈ ১৭০ কিঃমিঃ (১১০ মাইল)। কুৱেইট এক আৰৱী শব্দ, ইয়াৰ অৰ্থ হল "পানীৰ কাষৰ মহল"।
-
পেলেষ্টাইন
পেলেষ্টাইন বা আনুষ্ঠানিকভাৱে পেলেষ্টাইন ৰাজ্য (State of Palestine), পশ্চিম এছিয়াৰ দক্ষিণ লেভেণ্ট অঞ্চল (Southern Levant region)ত অৱস্থিত এখন প্ৰদেশ। এই প্ৰদেশখন ১৯৮৮ চনৰ ১৫ নৱেম্বৰত প্ৰতিষ্ঠা হয় আৰু আনুষ্ঠানিকভাৱে পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেশ্যন (পিএলঅ’)ৰ দ্বাৰা শাসিত।
-
ব্ৰুণেই
ব্ৰুণেই (মালয় ভাষা: Negara Brunei Darussalam) দক্ষিণ পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ই এখন ৰাজতান্ত্ৰীক ইছলামী দেশ। দেশখন বৰ্ণীও দ্বীপৰ উত্তৰ উপকূলত অৱস্থিত। ইয়াৰ উত্তৰে দক্ষিণ চীন সাগৰ, আৰু বাকী সকলো দিশতে মালয়েছিয়া। ব্ৰুণেই তেল সম্পদত সমৃদ্ধ এখন ধনী ৰাষ্ট্ৰ।
-
লেবানন
{{Infobox Country |native_name = লেবানন গণতন্ত্ৰ الجمهورية اللبنانية La République LibanaiseAl-Jumhūriyyah al-Lubnāniyyah Lebanese Republic|common_name = Lebanon |image_flag = Flag of Lebanon.svg |image_coat = Coat of Arms of Lebanon.svg |national_motto = (আৰৱী ভাষা) "Nous sommes tous pour le pays,…
-
উত্তৰ কোৰিয়া
উত্তৰ কোৰিয়া (North Korea) উত্তৰ-পূৰ্ব এছিয়াৰ এখন ৰাষ্ট্ৰ যি কোৰিয়া উপদ্বীপৰ উত্তৰ অৰ্ধাংশকলৈ গঠিত। ইয়াৰ চৰকাৰী নাম হৈছে গণতান্ত্ৰিক প্ৰজাতন্ত্ৰী কোৰিয়া (조선민주주의인민공화국, চোছন্ মিন্জুজুই্যই ইন্মিন্ কোংহুয়াগুক্)।
-
ওমান
ওমান (سلطنة عُمان সাল্ত্বানাৎ উমান []) আৰৱ উপদ্বীপৰ দক্ষিণ-পূব কোণত অৱস্থিত ৰাষ্ট্ৰ। ওমান এখন মৰুময় দেশ। ইয়াৰ সুউচ্চ পৰ্বতমালাৰ ঠিক কাষতেই উজ্জ্বল শুভ্ৰ বালিৰ সমুদ্ৰ সৈকত আছে। ইয়াত সংখ্যালঘু মুছলমান গোত্ৰ ইবাদি জাতিৰ লোকসকলে বাস কৰে। ইহঁত চিয়া আৰু চুন্নী সম্প্ৰদায়তকৈ পৃথক।
-
চাইপ্ৰাছ
চাইপ্ৰাছ (; Κύπρος; Kıbrıs ), আনুষ্ঠানিকভাৱে চাইপ্ৰাছ গণৰাজ্য এখন দ্বীপ ৰাষ্ট্ৰ, ছিৰিয়া আৰু তুৰস্কৰ তটৰ কাষৰ। যদিও চাইপ্ৰাছ ইউৰোপ আৰু এছিয়াৰ মাজত অৱস্থিত, আৰু সেয়েহে এই ৰাষ্ট্ৰৰ অৱস্থান এছিয়া আৰু ইউৰোপেৰে গঠিত ইউৰেছিয়াত বুলি কোৱা হয়, ৰাষ্ট্ৰসংগই এই দেশক পশ্চিম এছিয়াত অৱস্থিত বুলি স্বীকৃতি…
-
তুৰ্কমেনিস্তান
তুৰ্কমেনিস্তান (তুৰ্কমেন ভাষা: Türkmenistan ত্যুৰ্কমেনিস্তান্) মধ্য এছিয়াৰ দক্ষিণ-পশ্চিম অংশৰ এখন প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে কাজাখাস্তান আৰু উজবেকিস্তান, পূবে উজবেকিস্তান আৰু আফগানিস্তান, দক্ষিণে আফগানিস্তান আৰু ইৰান আৰু পশ্চিমে কাস্পিয়ান সাগৰ অৱস্থিত।
-
বাহৰেইন
বাহৰেইন (; البحرين ), চৰকাৰী ভাৱে কিংডম অৱ বাহৰেইন (مملكة البحرين ), পাৰ্ছিয়ান গল্ফৰ পশ্চিম উপকূলৰ কাষত অৱস্থিত এখন সৰু দ্বীপ-ৰাষ্ট্ৰ। ২০১০ চনত ৬,৬৬,১৭২ জন অ-দেশীয় লোকৰ সৈতে বাহৰেইন মুঠ জনসংখ্যা আছিল ১২,৩৪,৫৭১ জন।
-
জৰ্ডান
জৰ্ডান (الأردن আল্'উৰ্দুন্) বা হাছিমীয় জৰ্ডান ৰাজ্য (المملكة الأردنية الهاشمية আল্মাম্লাকাল্'উৰ্দুনিয়াল্হাশ্বিমিয়া) মধ্যপ্ৰাচ্যৰ এখন ৰাজতান্ত্ৰীক ৰাষ্ট্ৰ। জৰ্ডান ৰাজবংশ নিজকে হজৰত মহম্মদৰ পিতামহ হাছিমৰ বংশধৰ বুলি বিশ্বাস কৰে। জৰ্ডানৰ ভূ্প্ৰকৃতি উষ্ণ মৰুভূমিময়।
-
তাজিকিস্তান
তাজিকিস্তান (তাজিক ভাষা: Тоҷикистон তজিকিস্তন্)দক্ষিণ-পূব মধ্য এছিয়াৰ এখন স্থলবেষ্টিত প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে কিৰগিজস্তান, উত্তৰে আৰু পশ্চিমে উজবেকিস্তান, পূবে চীন আৰু দক্ষিণে আফগানিস্তান অৱস্থিত। দুশ্বন্বে দেশখনৰ বৃহত্তম চহৰ আৰু ৰাজধানী।
-
কিৰগিজস্তান
কিৰগিজিস্তান (Кыргызстан ক্যিৰ্গিয্স্তান্) মধ্য এছিয়াৰ পূব ভাগৰ এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ চৰকাৰী নাম কিৰগিজ প্ৰজাতন্ত্ৰ (Кыргыз Республикасы ক্যিৰ্গিয্ ৰেস্পুব্লিকাস্যি)। ইয়াৰ উত্তৰে কাজাখাস্তান, পূবে চীন, দক্ষিণে চীন আৰু তাজিকিস্তান আৰু পশ্চিমে উজবেকিস্তান।
-
জৰ্জিয়া (দেশ)
জৰ্জিয়া (জৰ্জিয় ভাষা: საქართველო চাকাৰ্ত্ভ়েলো) পূব ইউৰোপৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম তিবিলিচি। জৰ্জিয়া কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰৰ মাজত অৱস্থিত স্থলযোটক দক্ষিণ ককেছাছ অঞ্চলৰ আটাইতকৈ পশ্চিমত অৱস্থিত ৰাষ্ট্ৰ। দক্ষিণ ককেছাছৰ অন্য ৰাষ্ট্ৰসমূহ হ’ল আজেৰবাইজান আৰু আৰ্মেনিয়া।
-
পশ্চিম এছিয়া
পশ্চিম এছিয়া ( দক্ষিণ-পশ্চিম এছিয়া বুলিও জনা যায়) এছিয়াৰ পশ্চিম অঞ্চলত থকা দেশসমূহক বুজায়। বেছিভাগ শিক্ষাবিদ, ৰাষ্ট্ৰসংঘৰ সংস্থা আৰু অন্যান্য প্ৰতিষ্ঠানে দিয়া সংজ্ঞা অনুসৰি এই উপ-অঞ্চলত আনাতোলিয়া, আৰব উপদ্বীপ, ইৰাণ, মেছ’পটেমিয়া, আৰ্মেনিয়ান হাইলেণ্ড, লেভেণ্ট, চাইপ্ৰাছ দ্বীপ, চিনাই উপদ্বীপ…
-
পূৱ টিমুৰ
পূৱ টিমুৰ (টেটুম: Timór Lorosa'e টিমুৰ্ লোৰোছায়ে, পৰ্তুগিজ: Timor-Leste টেমুৰ লেষ্ট্যি আ-ধ্ব-ব: [ti'moɾ 'lɛʃtɨ]) দক্ষিণ-পূৱ এছিয়াৰ এখন ৰাষ্ট্ৰ। টিমুৰ দ্বীপৰ পূৱ অৰ্ধাংশক লৈ দেশখন গঠিত। ইয়াৰ উত্তৰে ৱেটাৰ প্ৰণালী আৰু দক্ষিণে টিমুৰ সাগৰ আছে।
-
দাঁতৰ বুদ্ধ মন্দিৰ (শ্ৰীলংকা)
দাঁতৰ মন্দিৰ ( Temple of the Tooth) (সিংহল ভাষাত: ශ් රී දළදා මාළිගාව) বা ডালডা মালিগাৱা শ্ৰীলংকাৰ কাণ্ডীত অৱস্থিত এটা বৌদ্ধ মন্দিৰ। পূৰ্বৰ কেণ্ডি ৰাজ্যৰ ৰাজপ্ৰসাদ য’ত আছিল, তাতেই বুদ্ধৰ দাঁতৰ অৱশেষ নিৰ্মিত ঘৰটো আছে।
-
ইজৰাইলৰ সংস্কৃতি
১৯৪৮ চনত আধুনিক ইজৰাইলে স্বাধীনতা লাভ কৰাৰ বহু আগতেই ইজৰাইলৰ সংস্কৃতিৰ মূল আধাৰ বিকশিত হৈছিল৷ ইয়াৰ আৰম্ভণি প্ৰায় ১০০০ খ্ৰীষ্টপূৰ্বৰ প্ৰাচীন ইজৰাইলত ঘটিছে বুলি ক'ব পাৰি৷ ইজৰাইলৰ ইহুদী সংস্কৃতি, প্ৰব্ৰজনকাৰী ইহুদী ইতিহাস, ১৯ শতিকাৰ শেষৰ ফালে গঢ় লৈ উঠা জায়নিষ্ট আন্দোলনৰ মতাদৰ্শৰ লগতে ইজৰাইলত বাস…
-
ইজৰাইলৰ স্থাপত্য
ইজৰাইলৰ স্থাপত্যত সময়ৰ লগে লগে দেশখনত বাস কৰা লোকসকলৰ বিভিন্ন স্থাপত্য শৈলীৰ প্ৰভাৱ পৰিছে। কেতিয়াবা স্থানীয় জলবায়ু আৰু ভূ-প্ৰকৃতিৰ লগত খাপ খুৱাই এই স্থাপত্যকলাৰ সংশোধন কৰা হৈছে।
-
এছিয়াৰ ৰাষ্ট্ৰসমূহৰ তালিকা
নিম্নোলিখিত ৪৯খন ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ সদস্য. {| ! পতাকা !! মানচিত্ৰ !! ইংৰাজী নাম !! স্থানীয় নাম !! জনসংখ্যা !! মাটিকালি |- | ||
-
তুৰ্কী উত্তৰ চাইপ্ৰাচ প্ৰজাতন্ত্ৰ
উত্তৰ চাইপ্ৰাচ বা আনুষ্ঠানিকভাৱে উত্তৰ চাইপ্ৰাচ তুৰ্কী গণৰাজ্য ((Turkish Republic of Northern Cyprus, TRNC) হৈছে চাইপ্ৰাচ দ্বীপৰ উত্তৰ-পূব অংশত অৱস্থিত এখন বাস্তৱিক (de facto) ৰাষ্ট্ৰ। এই দেশক কেৱল তুৰস্কইহে স্বীকৃতি দিছে। এই ভূখণ্ডক আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে চাইপ্ৰাচ ৰিপাব্লিকৰ অংশ বুলি গণ্য কৰে।
-
বেদি (আৰ্মেনিয়া)
বেদি (Bedi) (আৰ্মেনিয়ান: Վեդի) আৰ্মেনিয়াৰ আৰাৰাট প্ৰদেশৰ বেদী পৌৰসভাৰ অন্তৰ্গত এখন চহৰ আৰু ই বেদী নদীৰ কাষত অৱস্থিত। বেদি ৰাজধানী ইয়েৰেভানৰ পৰা ৩৫ কিলোমিটাৰ (২২ মাইল) দক্ষিণে আৰু প্ৰাদেশিক কেন্দ্ৰ আৰ্থছাটৰ ১৮ কিলোমিটাৰ (১১ মাইল) দক্ষিণ-পূবে অৱস্থিত।
-
মাটিকালি অনুসৰি এছিয়াৰ দেশসমূহৰ তালিকা
তলত মাটিকালি অনুসৰি এছিয়াৰ দেশসমূহৰ তালিকা দিয়া হৈছে। ৰাছিয়া এছিয়াৰ লগতে বিশ্বৰ সৰ্ববৃহৎ দেশ, আনকি ইয়াৰ ইউৰোপীয় অংশটো বাদ দিয়াৰ পিছতো। মালদ্বীপ এছিয়াৰ আটাইতকৈ সৰু দেশ।