অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পʼষ্ট মেলʼন

অষ্টিন ৰিচাৰ্ড পʼষ্ট (Austin Richard Post; জন্ম: ৪ জুলাই, ১৯৯৫), এগৰাকী আমেৰিকীয় কণ্ঠশিল্পী, ৰেপাৰ, গীতিকাৰ, সংগীতজ্ঞ, ৰেকৰ্ড প্ৰযোজক আৰু অভিনয়-শিল্পী। তেওঁ পেছাগতভাৱে পʼষ্ট মেলʼন (Post Malone) নামেৰে পৰিচিত।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৬০১ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

অষ্টিন ৰিচাৰ্ড পʼষ্ট (Austin Richard Post; জন্ম: ৪ জুলাই, ১৯৯৫),১ এগৰাকী আমেৰিকীয় কণ্ঠশিল্পী, ৰেপাৰ, গীতিকাৰ, সংগীতজ্ঞ, ৰেকৰ্ড প্ৰযোজক আৰু অভিনয়-শিল্পী।২৩ তেওঁ পেছাগতভাৱে পʼষ্ট মেলʼন (Post Malone) নামেৰে পৰিচিত। তেওঁৰ সংগীতত পপ, হিপ-হপ, ট্ৰেপ, আৰএণ্ডবি, আৰু কাণ্ট্ৰীকে আদি কৰি নানা তৰহৰ সংগীতৰ ধাৰাৰ মিশ্ৰণ ঘটা দেখা যায়।

২০১১ চনত, মেলʼনে তেওঁৰ সংগীত যাত্ৰা আৰম্ভ কৰিছিল। ২০১৫ চনত, তেওঁ ক্লাউড ৰেপত প্ৰথমবাৰৰ বাবে একক গীত "হোৱাইট আইভাৰছন"ত কণ্ঠদানেৰে মূলসুঁতিৰ স্বীকৃতি লাভ কৰিছিল।৪ এই গীতটোৰ জৰিয়তে তেওঁ ৰিপাব্লিক ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ কৰিবলৈ সক্ষম হয়।৫ এই গীতটোৱেই তেওঁৰ প্ৰথম ষ্টুডিঅʼ এলবাম ষ্টʼনী (২০১৬)ৰ মুখ্য একক গীত আছিল। ষ্টʼনীয়েই ডাইমণ্ড-প্ৰমাণিত একক গীত "কংগ্ৰেচুলেশ্যন" (সহ-শিল্পী কুৱাভোকৰ সৈতে)ৰো জন্ম দিয়ে। তেওঁৰ দ্বিতীয়টো এলবাম বিয়েৰবংছ এণ্ড বেণ্ট‌্লেজ (২০১৮) আমেৰিকাৰ বিলবোৰ্ড ২০০-ৰ শীৰ্ষত স্থান লাভ কৰাৰ লগতে বহুতো ষ্ট্ৰীমিং অভিলেখো গঢ়িছিল। ইয়াত আমেৰিকাৰ বিলবোৰ্ড হট ১০০-ৰ নাম্বাৰ-ৱান একক গীত "ৰকষ্টাৰ" (সহ-শিল্পী ২১টা চেভেজৰ সৈতে) আৰু "চাইকো" (সহ-শিল্পী টাই ডলা চাইনৰ সৈতে) অন্তৰ্ভুক্ত আছিল আৰু ই ৬১তম গ্ৰেমী বঁটাত বৰ্ষশ্ৰেষ্ঠ এলবামৰ বাবেও মনোনীত হৈছিল। ২০১৮ চনৰ এনিমেটেড চলচ্চিত্ৰ স্পাইডাৰ-মেন: ইনটু দ্য স্পাইডাৰ-ভাৰ্ছৰ সংলগ্ন চাউণ্ডট্ৰেকটোৰ বাবে, তেওঁৰ তৃতীয় হট ১০০ নাম্বাৰ-ৱান একক গীত "ছানফ্লাৱাৰ"য়ে মুক্তি লাভ কৰিছিল। এই গীতটোত মেলʼনে কণ্ঠশিল্পী শ্বে লীৰ সৈতে যুটীয়াভাৱে কণ্ঠদান কৰিছিল। ই ৰেকৰ্ডিং ইণ্ডাষ্ট্ৰী এছʼচিয়েচন অৱ আমেৰিকা (RIAA)ৰ ইতিহাসৰ সৰ্বোচ্চ প্ৰমাণিত গীত হিচাপে পৰিগণিত হৈছিল আৰু প্ৰথমবাৰৰ বাবে ২× ডাইমণ্ড-প্ৰমাণ-পত্ৰও লাভ কৰিছিল।

মেলʼনৰ তৃতীয়টো এলবাম, হলিউড'ছ ব্লিডিং (২০১৯) - ৬৩তম গ্ৰেমী বঁটাত বৰ্ষশ্ৰেষ্ঠ এলবামৰ বাবে মনোনয়ন লাভ কৰা দ্বিতীয়টো এলবাম হিচাপে পৰিগণিত হৈছিল।৬ ইয়াৰপৰাই তেওঁৰ "চাৰ্কলছ" নামৰ একক গীতটোৱে মুক্তিলাভ কৰে। ই হট ১০০ত ৬১ সপ্তাহ কটাইছিল আৰু বৰ্তমানলৈকে মেলʼনৰ আটাইতকৈ ডাঙৰ হিট একক গীত হিচাপে পৰিগণিত হয়।৭ মেলʼনে তেওঁৰ চতুৰ্থ আৰু পঞ্চম এলবাম ক্ৰমে টুৱেলভ কেৰেট টুথেক (২০২২) আৰু অষ্টিন (২০২৩) মুকলি কৰাৰ পাছত টেইলৰ ছুইফ্টৰ "ফৰ্টনাইট" আৰু কাণ্ট্ৰী-কণ্ঠশিল্পী মৰ্গান ৱালেনৰ সৈতে তেওঁৰ প্ৰথমটো কাণ্ট্ৰী পপ গীত "আই হেড ছাম হেল্প"ত অতিথি-শিল্পী হিচাপে অভিনয় কৰে আৰু নাম্বাৰ-ৱান হিট লাভ কৰে। পিছৰ গীতটোৱে মেলʼনৰ ষষ্ঠ কাণ্ট্ৰী এলবাম এফ-১ ট্ৰিলিয়ন (২০২৪)ৰ মুখ্য একক গীত হিচাপে কাম কৰিছিল, যিটো বিলবোৰ্ড ২০০ত তেওঁৰ তৃতীয়টো নাম্বাৰ-ৱান এলবাম হিচাপে পৰিগণিত হৈছিল।৮

মেলʼন বেষ্ট-চেলিং সংগীত-শিল্পীসকলৰ ভিতৰত এজন। ৰেকৰ্ডিং ইণ্ডাষ্ট্ৰী এছʼচিয়েচন অৱ আমেৰিকাৰ মতে কেৱল আমেৰিকাতেই তেওঁৰ ১৫ কোটিতকৈ অধিক ৰেকৰ্ড (গীত) বিক্ৰী হৈছে।৯ তেওঁৰ লাভ কৰা বঁটা-বাহনৰ ভিতৰত এঘাৰটা বিলবোৰ্ড মিউজিক বঁটা, পাঁচটা আমেৰিকান মিউজিক বঁটা, ছটা এমটিভি ভিডিঅ’ মিউজিক বঁটা, আৰু ওঠৰটা গ্ৰেমী বঁটাৰ মনোনয়ন-পত্ৰ অন্যতম।১০১১ তেওঁৰ ভালেটিমান বিলবোৰ্ড চাৰ্ট ৰেকৰ্ডৰ অধিকাৰী: তেওঁ ৰেপ এয়াৰপ্লে আৰু এডাল্ট কণ্টেম্পৰেৰী দুয়োটা চাৰ্টতে শীৰ্ষস্থান দখল কৰা প্ৰথমজন একক মুখ্য শিল্পী। তেওঁ গোৱা "চাৰ্কলছ" নামৰ গীতটোৱে এজন একক শিল্পীৰদ্বাৰা এডাল্ট কণ্টেম্পৰেৰী চাৰ্টত সৰ্বাধিক দীৰ্ঘদিনীয়া প্ৰথম স্থান (৪১ সপ্তাহ) আৰোহণৰ অভিলেখ গঢ়িছিল।১২ ২০২৫ চনৰ হিচাপমতে, মেলʼনে বৰ্তমানলৈকে সৰ্বাধিক ডাইমণ্ড-প্ৰমাণিত গীতৰ অভিলেখ গঢ়িছে, তেওঁৰ নামেৰেই ৯টা গীত আছে।১৩

প্ৰাৰম্ভিক জীৱন

১৯৯৫ চনৰ ৪ জুলাই তাৰিখে,১ নিউয়ৰ্কৰ চিৰাকিউজত অষ্টিন ৰিচাৰ্ড পʼষ্টৰ জন্ম হৈছিল।১৪১৫ তেওঁক তেওঁৰ পিতৃ ৰিচাৰ্ড পʼষ্ট আৰু মাহীমাক জʼডীয়ে ডাঙৰ-দীঘল কৰিছিল। তেওঁৰ পিতৃ যৌৱনকালত এজন ডিজে আছিল। পিতৃৰ তত্ত্বাৱধানতেই মেলʼনে হিপ-হপ, কাণ্ট্ৰী, ৰককে ধৰি সংগীতৰ বহু ভিন্ন ধাৰাৰ সৈতে পৰিচিত হৈছিল।১৬ মেলনৰ বয়স যেতিয়া ন বছৰ আছিল,১৭ তেতিয়া তেওঁৰ পিতৃ ডালাছ কাউবয় লঘু আহাৰৰ দোকান এখনৰ মেনেজাৰ পদত নিযুক্ত হৈছিল। ইয়াৰ পিছত তেওঁলোক সপৰিয়ালে টেক্সাছৰ গ্ৰেপভাইনলৈ স্থানান্তৰিত হৈছিল।১৮১৯ মেলʼনৰ মতে, তেওঁ স্থানীয় মেটালক’ৰ বেণ্ডত গীটাৰ বজোৱাৰ পাছতেই পেছাদাৰী সংগীতত তেওঁৰ প্ৰৱেশ ঘটিছিল।২০ এই প্ৰচেষ্টাৰ পিছতো তেওঁৰ এই ধাৰাটোৰ প্ৰতি আগ্ৰহ অটুট আছিল। ২০১০ চনত, তেওঁ টেক্সাছ ভিত্তিক মেটালকʼৰ গ্ৰুপ ক্ৰাউন দ্য এম্পায়াৰত গীটাৰিষ্ট হোৱাৰ বাবে অডিচন দিছিল, কিন্তু অডিচনৰ সময়ত তেওঁৰ গীটাৰৰ তাঁৰ ছিঙি যোৱাৰ বাবে তেওঁক প্ৰত্যাখ্যান কৰা হৈছিল। গীটাৰ শিকাৰ প্ৰতি তেওঁৰ প্ৰাৰম্ভিক আগ্ৰহৰ কৃতিত্ব তেওঁ ভিডিঅ’ গেম ধাৰাবাহিক গীটাৰ হিৰোক দিছিল।২১

মেলʼনে বিকল্প ৰক সংগীতৰ প্ৰতি তেওঁৰ অনুৰাগ প্ৰকাশ কৰিছে। ২০১৭ চনৰ জুন মাহত কেলিফৰ্ণিয়াৰ লচ এঞ্জেলচৰ ইমো নাইটত ডিজে চেটৰ বাবে উপস্থিত হৈছিল। এই অনুষ্ঠানটোত মাই কেমিকেল ৰোমাঞ্চৰ গীত পৰিৱেশন কৰিছিল।২২ তেওঁ কয় যে অচিৰেই তেওঁ চফ্টাৰ ৰকৰ লগতে হিপ-হপৰ জগততো পদাৰ্পণ কৰে, আৰু তাৰ পিছতেই এফএল ষ্টুডিঅ’তো পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰে।২৩

তথ্যসূত্ৰ

  1. ↑ Herbert, Geoff. (October 20, 2017). Rapper Post Malone's father talks Syracuse roots, musical influences—and haters. syracuse.com
  2. ↑ Golden. How Post Malone Became The Most Random Success In Rap. The FADER
  3. ↑ Stanton, Christopher. (May 18, 2021). Post Malone is an actor now, whether you like it or not. mic.com
  4. ↑ White Iverson by Post Malone. SoundCloud. Post Malone
  5. ↑ Schwartz, Danny. (August 14, 2015). Post Malone Signs With Republic Records. HotNewHipHop
  6. ↑ (February 8, 2024). Post Malone and Swae Lee Make History with First-Ever RIAA Double-Diamond Single 'Sunflower (Spider-Man: Into the Spider-Verse)'. Recording Industry Association of America
  7. ↑ (January 2, 2013). Radio Songs. Billboard
  8. ↑ (May 9, 2024). Post Malone's Journey Into Country Music Continues With Another Hit. Forbes
  9. ↑ Gold & Platinum. RIAA
  10. ↑ Post Malone. Grammy Awards
  11. ↑ 67th Grammy Press List Changes. Grammy Awards
  12. ↑ Trust, Gary. Post Malone's 'Circles' Sets More Records With Run to No. 1 on Adult Contemporary Chart. Billboard
  13. ↑ Ahlgrim, Callie. Only 23 artists have multiple songs that are certified diamond — here they all are. Business Insider
  14. ↑ Blackburn, H. Drew. (June 23, 2015). Post Malone's Homecoming. Pigeons & Planes
  15. ↑ (August 24, 2015). I've never been anyone except for Austin Richard Post.
  16. ↑ Herbert, Geoff. Rapper Post Malone's father talks Syracuse roots, musical influences – and haters. syracuse.com
  17. ↑ (May 22, 2017). H3 Podcast #7 – Post Malone & Joji
  18. ↑ Valentine, Claire. (October 6, 2017). Post Malone on Memes, Bieber Fans, and the Importance of Beer. PAPER
  19. ↑ Figman, Adam. (April 30, 2015). The New 3. SLAMonline
  20. ↑ (January 17, 2019). Did You Know Post Malone Used to be in a Metal Band?. Loudwire
  21. ↑ Weiner, Jonah. Post Malone: Confessions of a Hip-Hop Rock Star. Rolling Stone
  22. ↑ Emo Nite. (June 8, 2017). Post Malone plays My Chemical Romance at Emo Nite
  23. ↑ westfesttv. (February 9, 2016). GGN Post Malone Has The Sauce

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকান কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পʼষ্ট মেলʼন” প্ৰবন্ধৰ সংশোধন ৬৩৭৩১৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।