অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডলৰেছ বাৰ্গ’স্কি

ডলৰেছ বাৰ্গ'স্কি (Dolores Bargowski(১৯৪৩–২০০৮) দ্বিতীয় ঢৌৰ নাৰীবাদৰ প্ৰথম বছৰবোৰত সক্ৰিয় হৈ থকা এগৰাকী আমেৰিকান নাৰীবাদী আৰু লেছবিয়ান কৰ্মী আছিল।

হালনাগাদ: ৬ জুন ২০২৫ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ডলৰেছ বাৰ্গ'স্কি (Dolores Bargowski(১৯৪৩–২০০৮) দ্বিতীয় ঢৌৰ নাৰীবাদৰ প্ৰথম বছৰবোৰত সক্ৰিয় হৈ থকা এগৰাকী আমেৰিকান নাৰীবাদী আৰু লেছবিয়ান কৰ্মী আছিল।

জীৱন

প্ৰাৰম্ভিক জীৱন

ডলৰেছে ৱেইন ষ্টেট ইউনিভাৰ্চিটিৰ মণ্টেইথ কলেজত ছাত্ৰী হিচাপে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল, য'ত তেওঁ ১৯৬৭ চনত কলেজখনৰ শিক্ষাৰ্থী চৰকাৰৰ সভানেত্ৰী আছিল। নাগৰিক অধিকাৰ আন্দোলনৰ যুগৰ যৌনতাবাদৰ নেতৃত্ব দিয়া গোট যেনে-ষ্টুডেণ্টছ ফৰ এ ডেম'ক্ৰেটিক ছ'চাইটিৰ ওপৰত অসন্তুষ্ট হৈ তেওঁ দেশৰ মহিলা বিষয়সমূহৰ ওপৰত ছাত্ৰ-ছাত্ৰী নেতৃত্বাধীন প্ৰথম আলোচনা চক্ৰৰ ভিতৰত এখন ছ'চাইটি ইন ৱমেনৰ নেতৃত্ব দিছিল। এই আলোচনা চক্ৰই নেচনেল অৰ্গেনাইজেচন ফৰ ৱমেনৰ প্ৰথম কলেজ অধ্যায়ৰ ভেটিৰ সূচনা কৰিব।১

সক্ৰিয়তা

১৯৬৯ চনত তেওঁ নিউয়ৰ্ক চহৰলৈ গুচি যায় আৰু এৰিয়েল ডাউহাৰ্টি আৰু শ্বিলা পেজৰ সৈতে ৱমেন মেক মুভিজৰ সহ-প্ৰতিষ্ঠাপক হয়। তাত থকাৰ সময়তে তেওঁ দ্য ফেমিনিষ্ট আৰু ৰেডিকেল লেছবিয়ানছৰ সৈতে জড়িত হৈ পৰে আৰু দুয়োটা সংস্থাৰ বাবে তেওঁ সঘনাই লিখা-মেলা কৰে।২ ১৯৭০ চনত প্ৰথমবাৰৰ বাবে নিউয়ৰ্ক চহৰৰ এলজিবিটি প্ৰাইড মাৰ্চত (তেতিয়া ক্ৰিষ্টোফাৰ ষ্ট্ৰীট গে লিবাৰেচন মাৰ্চ বুলি জনাজাত)৩ আৰু নিউ জাৰ্চিৰ আটলাণ্টিক চিটিত অনুষ্ঠিত মিছ আমেৰিকাৰ প্ৰতিবাদত অংশগ্ৰহণ কৰে।২

১৯৭১ চনত তেওঁ ৱাশ্বিংটন ডি.চি.লৈ গুচি যায় আৰু সেই অঞ্চলৰ লেচবিয়ান-ফেমিনিষ্ট গোটত যোগদান কৰে। তেওঁ দ্য ফিউৰিজ কালেকটিভৰ কাকতৰ বাবে লিখিছিল আৰু নাৰীবাদী সাহিত্যিক আলোচনী কুৱেষ্টৰ প্ৰতিষ্ঠাপক আছিল।৪ তাত তেওঁ নোটছ টুৱাৰ্ড এ ৱমেনছ এনালাইচিছ অৱ ক্লাছ নামৰ পেমফ্লেটখনো লিখি বিতৰণ কৰে।৫

২০০৮ চনত হাৰ্ভাৰ্ড লাইব্ৰেৰীয়ে তেওঁৰ পৰা তেওঁৰ গৱেষণা পত্ৰসমূহ লাভ কৰে।১

তথ্যসূত্ৰ

  1. ↑ Papers of Dolores Bargowski, 1943-2019. Harvard Library
  2. ↑ (22 September 2006). Feminists who changed America, 1963-1975. ISBN 9780252097478
  3. ↑ Ellen Broidy (also known as Ellen Bedoz), with "Lavender Menace" t-shirt, Dolores Bargowski (in the middle, with t-shirt) and Rita Mae Brown (in uniform), march in the Christopher Street Liberation Day march, 1970. NYPL Digital Collections
  4. ↑ (1975). Quest: a feminist quarterly. [Washington]: Quest: a feminist quarterly, inc
  5. ↑ Bargowski, Dolores. Notes Toward a Women's Analysis of Class. Issuu

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি সম্প্ৰদায়ৰ ব্যক্তিআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকা যুক্তৰাষ্ট্ৰৰ নাৰী অধিকাৰ কৰ্মীলেখিকাআমেৰিকান লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডলৰেছ বাৰ্গ’স্কি” প্ৰবন্ধৰ সংশোধন ৫১৫৬২২ (৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।