ভাৰ্জিনিয়া কাৰ্টাৰ(Virginia Carter; ১৮ নৱেম্বৰ ১৯৩৬ – ১৭ অক্টোবৰ ২০২৪)কানাডাত জন্মগ্ৰহণ কৰা এগৰাকী পদাৰ্থবিজ্ঞানী আৰু মনোৰঞ্জনৰ কাৰ্যবাহী আছিল।
জীৱন
১৯৩৬ চনৰ ১৮ নৱেম্বৰত ক্যুবেকৰ আৰ্ভিডাত কাৰ্টাৰৰ জন্ম হৈছিল।১২মেকগিল বিশ্ববিদ্যালয়ত গণিত আৰু পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰি ১৯৫৮ চনত মেগনা কাম ল'ড স্নাতক ডিগ্ৰী লাভ কৰে।তাৰ পিছত দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৬২ চনত ডগলাছ এয়াৰক্ৰাফ্ট কৰ্পৰেশ্যনে তেওঁক নিযুক্তি দিয়ে।তাৰ পিছত তেওঁ দ্য এৰ’স্পেচ কৰ্প’ৰেশ্যনত কাম কৰিবলৈ যায়, য’ত তেওঁ তেওঁলোকৰ একমাত্ৰ মহিলা পদাৰ্থবিজ্ঞানী আছিল। তেওঁ ৯ বছৰ ধৰি এৰোস্পেচ কৰ্পৰ সৈতে থাকি ভেকুৱাম অতিবেঙুনীয়া বৰ্ণালীবিজ্ঞান আৰু উচ্চ বায়ুমণ্ডলীয় অৱস্থাৰ ওপৰত গৱেষণা কৰিছিল।১৩
কাৰ্টাৰ ১৯৭০ চনৰ আৰম্ভণিতে মহিলা আন্দোলনৰ মুখপাত্ৰ আছিল আৰু নেচনেল অৰ্গেনাইজেচন ফৰ উইমেনছ লছ এঞ্জেলছ অধ্যায়ৰ সভানেত্ৰী আছিল। স্তন কেন্সাৰ ধৰা পৰাৰ পিছত তেওঁ এই পদৰ পৰা পদত্যাগ কৰে।১ তেওঁ সম অধিকাৰ সংশোধনী গৃহীত কৰাৰ পোষকতা কৰিছিল।.৩
নাৰীবাদী আন্দোলনত তেওঁলোকৰ উমৈহতীয়া সক্ৰিয়তাৰ জৰিয়তে কাৰ্টাৰে ফ্ৰান্সিছ লিয়াৰক লগ পাইছিল। তেওঁ কাৰ্টাৰক তেওঁৰ স্বামী টেলিভিছন প্ৰযোজক নৰ্মান লিয়াৰৰ সৈতে চিনাকি কৰাই দিয়ে।৪ ১৯৭৩ চনৰ পৰা তেওঁ এম্বেচি টেলিভিছনত সৃষ্টিশীল বিষয়ৰ পৰিচালক হয়। মৌড আৰু অল ইন দ্য ফেমিলি নামৰ চিটকমবোৰত তেওঁ কাম কৰিছিল। ১৯৭৬ চনত তেওঁ সৃষ্টিশীল বিষয়ৰ উপ-সভানেত্ৰী হিচাপে পদোন্নতি লাভ কৰে।৩ লেচবিয়ান কাৰ্টাৰে সঘনাই লিয়াৰ আৰু সমকামী অধিকাৰ কৰ্মীসকলৰ মাজত যোগাযোগকাৰী হিচাপে কাম কৰিছিল যিসকলে তেওঁৰ অনুষ্ঠানসমূহৰ কিছুমান বিষয়বস্তুৰ বাবে চিন্তিত আছিল, যেনে- হট এল বাল্টিমোৰত সমলিংগ দম্পতীৰ চিত্ৰণ।২
তথ্যসূত্ৰ
- ↑ Dyer, Helen. (Fall 2002). From Aerospace to Archie Bunker: The Surprising Career of Virginia Carter. McGill News. McGill University
- ↑ Barnes, Mike. (October 29, 2024). Virginia Carter, Norman Lear's Invaluable Adviser, Dies at 87. The Hollywood Reporter
- ↑ (April 4, 1979). Virginia Carter Went From Aerospace Research To Working With Norman Lear. Lakeland Ledger
- ↑ Armstrong, Lois. (May 9, 1977). 'all That Glitters' Is Sexist? Then How Come Its Honcho Is Named Virginia Carter?. People
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰ্জিনিয়া কাৰ্টাৰ” প্ৰবন্ধৰ সংশোধন ৪৯৫০৯৬ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।