নৰ্মান লিৱিছ (জন্ম ৩০ ডিচেম্বৰ, ১৯১২ – মৃত্যু ৮ ছেপ্টেম্বৰ ২০০৬) এগৰাকী আমেৰিকান লেখক, বৈয়াকৰণিক, অভিধানকাৰ আৰু আৰু শব্দ-বিজ্ঞানী। ইংৰাজী ভাষাৰ দক্ষতাৰ ক্ষেত্ৰত লিৱিছ এজন নেতৃস্থানীয় লোক আছিল। ১৯৭১ চনত পকেট বুক্ছে প্ৰকাশ কৰা তেওঁৰ বহুপঠিত 30 Days to a More Powerful Vocabulary-য়ে পঢ়ুৱৈক দিনে ১৫ মিনিটকৈ পঢ়ি "শব্দক কেনেকৈ নিজৰ গোলাম কৰিব পাৰি" সেয়া শিকাইছিল।
প্ৰাৰম্ভিক জীৱন
১৯১২ চনত নিউ য়ৰ্কৰ ব্ৰুকলীন নগৰত লিৱিছৰ জন্ম হয়। পাঁচ বছৰ বয়সতে ঘাট মাউৰা হোৱাত তেওঁক এগৰাকী বায়েক আৰু ভিনিহীয়েকে প্ৰতিপালন কৰে। এঘাৰ বছৰ বয়সত তেওঁৰ প্ৰথম প্ৰবন্ধটো অধুনালুপ্ত New York World Telegramত প্ৰকাশ পায়।
প্ৰাৰম্ভিক কৰ্মজীৱন
১৯৩৯ চনত লিৱিছে বিভিন্ন প্ৰকাৰৰ মেনিয়া সম্পৰ্কে কুইজ লিখি তেওঁৰ প্ৰথম অকাল্পনিক কৰ্ম Leisure আলোচনীত প্ৰকাশ কৰে আৰু $1 লাভ কৰে। ইয়াৰ পাছত তেওঁ পোন্ধৰ বছৰ আলোচনীৰ বাবে লিখে।
নিজকে "বেয়া ছাত্ৰ" বুলি কোৱা লিৱিছে নিউ য়ৰ্কৰ চিটী কলেজত ওলোৱা-সুমোৱা কৰি ন বছৰ কটায় আৰু শেষত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কলম্বিয়া বিশ্ববিদ্যালয়ত ছাত্ৰ হিচাপে থাকোঁতেই ১৯৪১ চনত তেওঁ নিজৰ প্ৰথম কিতাপ ষষ্ঠ মানৰ এখন পাঠ্যপুথি Journeys Through Wordland লিখি উলিয়ায়।
প্ৰকাশৰ সাফল্য
১৯৪০-ৰ দশকৰ প্ৰথম ভাগত লিৱিছে "ইয়'ৰ লাইফ" আলোচনীৰ বাবে এটা মাহেকীয়া স্তম্ভ লিখিছিল। সেই সূত্ৰেই Funk & Wagnalls Co. ৰ লগত তেওঁৰ চুক্তি হয়। চুক্তিমতে প্ৰতিষ্ঠিত লেখক আৰু প্ৰকাশক ৱিল্ফ্ৰেড ফাংকে তেওঁৰ লগত সহযোগিতাৰে এখন কিতাপ প্ৰকাশ কৰিব।
লিৱিছে কোৱা মতে "ফাংকে দুটা বা তিনিটা পাঠ লিখিলে। মই বাকীবোৰ লিখিলোঁ। এয়া সুবিধাজনক নহয় বুলি অনুভৱ কৰিছিলোঁ, কিন্তু আৰম্ভ কৰিবলৈ এইটো এটা পথ আছিল।" 30 Days নামৰ কিতাপখনত ফাংকৰ নাম থকা বাবে আৰু বিজ্ঞানপত খৰছ কৰা বাবে কিতাপখন জনপ্ৰিয় হৈ পৰিল। এইখনক সকলোতকৈ বেছি পঠিত আৰু জনপ্ৰিয় "কেনেকৈ" শৈলীৰ কিতাপবোৰৰ অন্যতম বুলি গণ্য কৰা হয়। ১৯৪২ চনত প্ৰথম প্ৰকাশ হোৱা কিতাপখনৰ শেহতীয়া সংস্কৰণ যোৱা দশকতো ওলাইছে। এইখন আছিল লিৱিছে জীৱনকালত লিখা বা সম্পাদনা কৰা ৬৩ খন কিতাপৰ প্ৰথম।
তেওঁৰ অন্য জনপ্ৰিয় গ্ৰন্থবোৰ হৈছে ১৯৪৯ চনত প্ৰকাশিত শব্দভঁৰাল বঢ়োৱা কিতাপ Word Power Made Easy, আৰু ১৯৬১ চনত প্ৰকাশিত শব্দকোষ Roget's New Pocket Thesaurus in Dictionary Form।
লিৱিছে ১৯৭৮ চনত দা টাইম্ছক কয় যে ৰজেছৰ পৰিবৰ্ধিত কিতাপখন হুৰাহুৰে বিক্ৰী হৈছিল আৰু সেই সময়ত কিতাপখনত পঞ্চাছ লাখতকৈও অধিক কপী ৰাইজে কিনিছিল।
প্ৰকাশনত সাফল্য সত্বেও লিৱিছে প্ৰায়েই কৈছিল যে "লিখাটো মোৰ কাম, কিন্তু পঢ়োৱা মোৰ বাবে অৱসৰ বিনোদন।"১
লিৱিছৰ বেছিভাগ কিতাপেই এতিয়াও প্ৰচলিত, যেনে Word Power Made Easy (পকেট বুক্ছ, ১৯৭৯); 30 Days to Better English (ছিগ্নেট, ১৯৮৫); আৰু ৱিল্ফ্ৰেড ফাংকৰ সৈতে লিখা 30 Days to a More Powerful Vocabulary (পকেট বুক্ছ, ১৯৭১)। লিৱিছে The New Roget’s Thesaurus in Dictionary Form (বাৰ্কলে, ১৯৭৬) কে ধৰি Roget’s Thesaurus ৰ কেইবাটাও সংস্কৰণ সম্পাদনা কৰিছিল।২
শিক্ষকতা
লিৱিছে তেওঁৰ শিক্ষক জীৱন নিউ য়ৰ্ক বিশ্ববিদ্যালয় আৰু চিটী কলেজ অৱ নিউ য়ৰ্কত আৰম্ভ কৰে। ১৯৬৪ চনৰ পৰা ১৯৯৫ চনলৈকে তেওঁ হুইটিয়াৰ, কেলিফ'ৰ্নিয়াৰ কমিউনিটী মহাবিদ্যালয় ৰ' হ'ণ্ড' কলেজত ইংৰাজী পঢ়াইছিল। এটা দশকতকৈও অধিক কাল তেওঁ ৰিঅ' হ'ণ্ড'ৰ যোগাযোগ বিভাগৰ অধ্যক্ষ আছিল।
২০০৬ চনত কেলিফ'ৰ্নিয়াৰ হুইটিয়াৰত ৯৩ বছৰ বয়সত তেওঁ বাৰ্ধক্যজনিত কাৰণত মৃত্যুবৰণ কৰে।১
কৰ্মৰাজী
- How to Get More Out of Your Reading
- How to Read Better and Faster
- Word Power Made Easy
- 30 Days to a More Powerful Vocabulary (with Wilfred Funk)
- Dictionary of Word Power
- Dictionary of Correct Spelling
- Speak Better, Write Better
- Correct Spelling Made Easy
- Better English
- Instant Word Power
- Instant Spelling Power
- Dictionary of Pronunciation
- Rapid Vocabulary Builder
- R.S.V.P - Reading Spelling Vocabulary Pronunciation
তথ্যসূত্ৰ
- ↑ (September 26, 2006). Norman Lewis, 93; Helped Readers Build Their Word Power. Los Angeles Times
- ↑ Fox, Margalit. (October 1, 2006). Norman Lewis Dies at 93; Exposed Mysteries of Words
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰ্মান লিৱিছ (বৈয়াকৰণিক)” প্ৰবন্ধৰ সংশোধন ৪৩৩০০৪ (২৩ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।