টেম এলিজাবেথ অ’চনাছি (ইংৰাজী ভাষা: Tam Elizabeth O'Shaughnessy; জন্ম: ২৭ জানুৱাৰী, ১৯৫২) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন শিশু বিজ্ঞান লেখিকা, স্কুল চাইক’লজীৰ এমিৰিটাছ সহযোগী অধ্যাপিকা আৰু প্ৰাক্তন পেছাদাৰী টেনিছ খেলুৱৈ। তেওঁ তেওঁৰ জীৱন সংগী তথা মহাকাশচাৰী চেলী ৰাইডৰ (মহাকাশলৈ যোৱা তৃতীয়গৰাকী মহিলা আৰু প্ৰথমগৰাকী আমেৰিকান মহিলা) সৈতে মিলি বিজ্ঞান শিক্ষা প্ৰতিষ্ঠান 'চেলী ৰাইড চাইন্স' সহ-প্ৰতিষ্ঠা কৰিছিল।১২ ২০১৫ চনৰ ১ অক্টোবৰত এই কোম্পানীটো 'চেলী ৰাইড চাইন্স এট ইউচি ছান ডিয়েগো' নামৰ এক অলাভজনক প্ৰতিষ্ঠান হিচাপে পুনৰ মুকলি কৰা হয়। অ’চনাছিয়ে ইয়াৰ কাৰ্যবাহী সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৩৪৫
শৈশৱ আৰু পেছাদাৰী টেনিছ কেৰিয়াৰ
অ’চনাছিৰ জন্ম কেলিফৰ্ণিয়াৰ ছান আন্দ্ৰিয়াছত হৈছিল আৰু তেওঁ কেলিফৰ্ণিয়াৰ ফ্লাৰটনৰ ট্ৰয় হাইস্কুলত পঢ়াশুনা কৰিছিল, য’ত তেওঁ টেনিছ খেলত সক্ৰিয় আছিল। জুনিয়ৰ খেলুৱৈ হিচাপে তেওঁ বিলি জিন কিঙৰ পৰা প্ৰশিক্ষণ লাভ কৰিছিল।৬
টেনিছ
অ’চনাছিয়ে ১৯৭১ চনৰ পৰা ১৯৭৪ চনলৈ মহিলাৰ পেছাদাৰী টেনিছ চাৰ্কিটত খেলিছিল। তেওঁ ১৯৬৬, ১৯৭০ আৰু ১৯৭২ চনত ইউ.এছ. নেচনেল চেম্পিয়নশ্বিপত (বৰ্তমান ইউ.এছ. অপেন নামেৰে পৰিচিত) প্ৰতিদ্বন্দ্বিতা কৰিছিল।
অ’চনাছিক ডাঃ ৰবাৰ্ট ৱাল্টাৰ জনছনে প্ৰশিক্ষণ দিছিল। জনচন এগৰাকী চিকিৎসক আছিল যিয়ে আলথিয়া গিবছন আৰু আৰ্থাৰ এশ্বৰ টেনিছ কেৰিয়াৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। জনচন আমেৰিকান টেনিছ এছ’চিয়েচনৰ (ATA) এজন বিষয়া আছিল। এইটো এটা এনে সংগঠন যিয়ে আফ্ৰিকান আমেৰিকানসকলৰ বাবে টেনিছৰ প্ৰসাৰ ঘটায় যদিও সকলো পটভূমিৰ খেলুৱৈকে আদৰণি জনায়। ১৯৬৬ চনৰ গ্ৰীষ্মকালত অ’চনাছিয়ে (যি আফ্ৰিকান আমেৰিকান নহয়) আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেনিছ এছ’চিয়েচনৰ জুনিয়ৰ ইভেণ্টৰ লগতে এ টি এ টুৰ্ণামেণ্টতো প্ৰতিদ্বন্দ্বিতা কৰিছিল।৭ তেওঁ এ টি এ নেচনেল ১৮ বছৰৰ অনুৰ্ধৰ চেম্পিয়নশ্বিপ জয় কৰিছিল আৰু সেয়েহে স্বয়ংক্ৰিয়ভাৱে ইউ.এছ. নেচনেল চেম্পিয়নশ্বিপৰ ড্ৰ’ত স্থান লাভ কৰিছিল।
অ’চনাছিয়ে ১৯৭২ চনৰ উইম্বলডন চেম্পিয়নশ্বিপতো প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁৰ টেনিছ কেৰিয়াৰত তেওঁ মহিলা টেনিছ এছ’চিয়েচনৰ মহিলা একক শাখাত বিশ্বৰ ৫২ নম্বৰ স্থানলৈকে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেনিছ এছ’চিয়েচনৰ মহিলা ডাবলছ শাখাত (এন লেবেডেফৰ সৈতে) আমেৰিকাৰ ৬ নম্বৰ স্থানলৈকে উন্নীত হৈছিল।৮ অ’চনাছিয়ে জুনিয়ৰ ডিভিজনত (এন লেবেডেফৰ সৈতে) আৰু মহিলা ডিভিজনত (পেম অষ্টিনৰ সৈতে) ৰাষ্ট্ৰীয় হাৰ্ড-কৰ্ট ডাবলছ খিতাপ জয় কৰিছিল।৯
টেনিছৰ পৰা অৱসৰ লোৱাৰ পিছত অ’চনাছিয়ে জীৱবিজ্ঞান অধ্যয়ন কৰিবলৈ কলেজলৈ যোৱাৰ পূৰ্বে কেইবাবছৰ ধৰি মহিলা টেনিছ এছ’চিয়েচনৰ নিউজলেটাৰৰ প্ৰতিষ্ঠাপক প্ৰকাশক হিচাপে কাম কৰিছিল।
বিজ্ঞান শিক্ষাবিদ

অ’চনাছিয়ে জৰ্জিয়া ষ্টেট ইউনিভাৰ্চিটিৰ পৰা জীৱবিজ্ঞানত বি.এছ. আৰু এম.এছ. ডিগ্ৰী আৰু কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ৰিভাৰচাইডৰ পৰা স্কুল চাইক’লজীত পিএইচডি ডিগ্ৰী লাভ কৰে।১০ তেওঁ ১৯৯৮ চনৰ পৰা ২০০১ চনলৈ জৰ্জিয়া ষ্টেট ইউনিভাৰ্চিটিত স্কুল চাইক’লজীৰ সহকাৰী অধ্যাপিকা আছিল আৰু তাৰ পিছত ২০০২ চনৰ পৰা ২০০৭ চনলৈ ছান ডিয়েগো ষ্টেট ইউনিভাৰ্চিটিত স্কুল চাইক’লজীৰ সহযোগী অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পঢ়াৰ অসুবিধা থকা শিশুসকলৰ বাবে প্ৰতিৰোধমূলক হস্তক্ষেপৰ ওপৰত অ’চনাছিয়ে কৰা গৱেষণাৰ বাবে তেওঁ স্নাতক মহলাৰ পৰাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিক্ষা বিভাগৰ পৰা ধাৰাবাহিকভাৱে পুঁজি লাভ কৰিছিল। তেওঁ 'চেলী ৰাইড চাইন্স'ৰ কামত মনোনিবেশ কৰিবলৈ আগতীয়াকৈ অৱসৰ গ্ৰহণ কৰে আৰু ছান ডিয়েগো ষ্টেট ইউনিভাৰ্চিটিয়ে তেওঁক সহযোগী অধ্যাপিকা এমিৰিটাছ হিচাপে মনোনীত কৰে।১১১২
অ’চনাছিৰ ল’ৰা-ছোৱালীৰ মাজত পঢ়া, গণিত আৰু বিজ্ঞানৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ ব্যাপক অভিজ্ঞতা আছে। এগৰাকী প্ৰাক্তন বিজ্ঞান শিক্ষয়িত্ৰী হোৱাৰ উপৰিও অ’চনাছিয়ে ১২খন শিশু বিজ্ঞান পুথি ৰচনা কৰিছে, যাৰ ভিতৰত ৬খন চেলী ৰাইডৰ সৈতে যুটীয়াভাৱে লিখা।১৩ তেওঁলোকৰ দ্বিতীয়খন কিতাপ দ্য থাৰ্ড প্লেনেট: এক্সপ্ল’ৰিং দ্য আৰ্থ ফ্ৰম স্পেচৰ বাবে ১৯৯৫ চনত তেওঁলোকে আমেৰিকান ইনষ্টিটিউট অৱ ফিজিক্সৰ 'চিলড্ৰেনছ চাইন্স ৰাইটিং এৱাৰ্ড' লাভ কৰিছিল।১৪ ২০১৫ চনৰ অক্টোবৰ মাহত অ’চনাছিয়ে ৰাইডৰ এখন শিশু জীৱনী চেলী ৰাইড: এ ফট’বায়’গ্ৰাফী অৱ আমেৰিকাছ পায়নিয়াৰিং উইমেন ইন স্পেচ প্ৰকাশ কৰে। এই কিতাপখনত ৰাইডৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ স্মৃতিৰ সৈতে বহুতো পাৰিবাৰিক আৰু ব্যক্তিগত ফটো সন্নিৱিষ্ট কৰা হৈছে।১৫১৬
এগৰাকী বিজ্ঞানী আৰু শিক্ষাবিদ হিচাপে অ’চনাছিয়ে বিজ্ঞান আৰু কাৰিকৰী পেছাত মহিলাৰ কম প্ৰতিনিধিত্বকলৈ গভীৰভাৱে চিন্তিত হৈ পৰিছিল।১৭ গৱেষণাৰ পৰা দেখা গৈছে যে সৰু ছোৱালীয়ে বিজ্ঞান ভাল পায় আৰু ইয়াৰ প্ৰতি ল’ৰাৰ সমান পাৰদৰ্শিতা থাকে, কিন্তু কৈশোৰ অৱস্থাত ছোৱালীবোৰ বিজ্ঞানৰ পৰা আঁতৰি যোৱাৰ প্ৰৱণতা থাকে। ইয়াৰ কাৰণসমূহৰ ভিতৰত অন্যতম হৈছে লিংগ ভূমিকাৰ গতানুগতিক ধাৰণা আৰু আদৰ্শ ব্যক্তিত্বৰ অভাৱ।১৮ ২০০১ চনত ৰাইড, অ’চনাছি আৰু আন তিনিগৰাকী বন্ধুৱে মিলি বিজ্ঞানৰ ক্ষেত্ৰত লিংগ বৈষম্য দূৰ কৰাৰ লক্ষ্যৰে 'চেলী ৰাইড চাইন্স' প্ৰতিষ্ঠা কৰে।১৯
২০০১ চনৰ পৰা ২০১৫ চনলৈ অ’চনাছিয়ে কোম্পানীটোৰ মুখ্য সৃজনীশীল বিষয়া হিচাপে কাম কৰি কিতাপ, ৱেবছাইট আৰু শিক্ষক প্ৰশিক্ষণৰ পাঠ্যক্ৰমসমূহ তদাৰক কৰিছিল। তেওঁৰ নিৰ্দেশনাত 'কুল কেৰিয়াৰ্ছ ইন ষ্টেম' আৰু 'কী কনচেপ্টছ ইন চাইন্স' কাৰ্যসূচীসমূহ প্ৰস্তুত কৰা হৈছিল।২০ অ’চনাছিয়ে ২০০৯ চনৰ পৰা ২০১৩ চনলৈকে চেলী ৰাইড চাইন্সৰ মুখ্য পৰিচালন বিষয়া, ২০১৩ চনৰ পৰা ২০১৫ চনলৈকে সঞ্চালক মণ্ডলীলৰ অধ্যক্ষ আৰু ২০১৪ চনৰ পৰা ২০১৫ চনলৈকে মুখ্য কাৰ্যবাহী বিষয়া হিচাপেও কাম কৰিছিল।
২০১৫ চনৰ অক্টোবৰ মাহত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ছান ডিয়েগোৱে চেলী ৰাইড চাইন্স অধিগ্ৰহণ কৰে। তেতিয়াৰ পৰা অ’চনাছিয়ে ইয়াৰ ফলত গঢ় লৈ উঠা অলাভজনক প্ৰতিষ্ঠান 'চেলী ৰাইড চাইন্স এট ইউচি ছান ডিয়েগো'ৰ কাৰ্যবাহী সঞ্চালিকা হিচাপে কাম কৰি আছে।২১
ব্যক্তিগত জীৱন
অ’চনাছি ১৯৮৫ চনৰ পৰা ২০১২ চনত চেলী ৰাইডৰ মৃত্যু পৰ্যন্ত নাছাৰ মহাকাশচাৰী চেলী ৰাইডৰ প্ৰেমৰ সংগী আছিল।২২ চেলীৰ মৃত্যুৰ আগলৈকে অ’চনাছিয়ে তেওঁলোকৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰা নাছিল। তেওঁলোক ২৭ বছৰ ধৰি সংগী হৈ আছিল।
বহিঃসংযোগ
তথ্যসূত্ৰ
- ↑ Tam O'Shaughnessy in conversation with Michelle Meow. Common Wealth Club
- ↑ Sally Ride Science @ UC San Diego Team. Sally Ride Science
- ↑ Bowler, Matthew. (October 26, 2015). Sally Ride Science Becomes Part Of UC San Diego. KPBS.org
- ↑ Sally Ride Science Launches at UC San Diego. San Diego County Office of Education
- ↑ Homepage. Sally Ride Science
- ↑ Toce, Sarah. (December 18, 2013). Interview with Tam O'Shaughnessy, partner of astronaut Sally Ride. Windy City Times
- ↑ Mason, Earl. (July 9, 1966). Logan, Lucas, Lewis Win Southeastern Tennis Titles. newspapers.digitalnc.org. The Carolina Times. পৃ. 5A
- ↑ Tam O'Shaughnessy in conversation with Michelle Meow. Commonwealth Club
- ↑ USTA U.S. Hard Court Championships. United States Tennis Association
- ↑ de Crecenzo, Sarah. (November 22, 2016). Tam O'Shaughnessy Appointed to Smithsonian Advisory Board. San Diego Business Journal
- ↑ SDSU Emeritus Faculty. San Diego State University
- ↑ Tam O'Shaughnessy. Microsoft Academic Search
- ↑ Tam O'Shaughnessy. Macmillan Publishers
- ↑ Stein, Ben. Book Review: The Third Planet: Exploring the Earth from Space. American Institute of Physics
- ↑ Scoles, Sarah. (October 6, 2015). An Honest Biography of Sally Ride. Ride's partner wrote a book I'd wished I read as a kid.. Slate.com
- ↑ Lewin, Sarah. (November 2, 2015). Sally Ride's Life Shines in New Photobiography for Kids. Space.com
- ↑ (February 23, 2009). Talking with Sally Ride and Tam O'Shaughnessy. American Library Association
- ↑ By age 6, gender stereotypes can affect girls' choices. nsf.com. National Science Foundation
- ↑ Celebrating 20 years of Sally Ride Science. UC San Diego News Center. UC San Diego
- ↑ Celebrating 20 Years of Sally Ride Science. UC San Diego News Center
- ↑ (October 26, 2015). Sally Ride Science Becomes Part Of UC San Diego. KPBS
- ↑ Mozuch, Mo. Tam O'Shaughnessy: The Low-Profile Partner of America's First (Posthumously) Openly Gay Astronaut. International Digital Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেম অ’চনাছি” প্ৰবন্ধৰ সংশোধন ৫৯৪৬১৬ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।