মাইয়া আৰ্লি, পেছাদাৰীভাৱে মাইয়া দ্য ডন নামেৰে পৰিচিত, এগৰাকী আমেৰিকান ৰেপাৰ আৰু গীতিকাৰ। তেওঁ তেওঁৰ গীত "টেলফি"ৰ বাবে বেছিকৈ পৰিচিত।
জীৱন আৰু জীৱিকা
মাইয়া আৰ্লি১ নিউয়ৰ্ক মহানগৰৰ ব্ৰুকলিনত জন্মগ্ৰহণ কৰিছিল।২ কৈশোৰ কালৰ পৰাই তেওঁ ৰেপিং উপভোগ কৰিছিল আৰু নিজৰ ভায়েকৰ সৈতে বেটল ৰেপ কৰিছিল।৩৪
"মাইয়া দ্য ডন" নামৰে, তেওঁ প্ৰথমে টিক্টক্ত বিউটি-সম্পৰ্কীয় সামগ্ৰীবোৰৰ ভিডিঅ' তৈয়াৰ কৰিছিল।১ ২০২২ চনত, প্ৰায় ৫ লাখ অনুসৰণকাৰী থাকোঁতে, তেওঁ সংগীত সৃষ্টি আৰু মুক্তিৰ দিশত ধাবিত হয়।১২ "চিৰাক" আৰু "২২২" শীৰ্ষক গানসমূহৰ জৰিয়তে তেওঁ টিক্টক্ত জনপ্ৰিয়তা লাভ কৰে।১
তেওঁৰ সফল গীত "টেলফি" ২০২২ চনৰ অক্টোবৰ মাহত মুক্তি পায়, আৰু ইউটিউবত প্ৰায় ১০ লাখ দৰ্শন লাভ কৰে।২৫ এই গীতটো টেলফাৰ ব্ৰেণ্ডৰ জনপ্ৰিয় বেগৰ বিষয়ে উল্লেখ কৰে।২
২০২৩ চনৰ জানুৱাৰীত, তেওঁ আৰু ব্ৰুকলিনৰ আন এজন ৰেপাৰ লোলা ব্ৰুক ফ্ল’ মিলিৰ "Conceited" ৰিমিক্সত বিশেষ শিল্পী হিচাপে অংশ গ্ৰহণ কৰে।২ তেওঁ নিউ ইয়ৰ্ক ফেশ্বন উইকত MEFeater-ৰ গেলেনটাইনৰ অনুষ্ঠানত পৰিৱেশন কৰে।৬ ২০২৩ চনৰ মাৰ্চত, টিক্টকে #WomeninHipHop অভিযানৰ অংশ হিচাপে তেওঁক "Visionary Voices" সন্মান প্ৰদান কৰে।১
২০২৩ চনৰ শেষৰ ফালে, তেওঁ ফ্ল’ মিলিৰ "থেংচ ফ'ৰ কামিং হিয়াৰ, হো" পৰ্য্যটনত সহায়ক শিল্পী হিচাপে অংশগ্ৰহণ কৰে।৭
তেওঁৰ প্ৰথম এলবাম "Hot Commodity" RCAৰ অধীনত ২০২৩ চনৰ অক্টোবৰ মাহত মুক্তি পাইছিল।৮
২০২৪ চনত, তেওঁ XXL Freshman Class ২০২৪ৰ বাবে নিৰ্বাচিত হৈছিল।
বাহ্যিক সংযোগ
- ইনষ্টাগ্ৰামত মাইয়া দ্য ডন
- AllMusic-ত মাইয়া দ্য ডন
তথ্যসূত্ৰ
- ↑ Victoria, Kenyatta. (March 2023). How TikTok Propels The Career Of A Rapstress. Essence
- ↑ Garrett, Ural. (February 6, 2023). Maiya The Don Talks Growing A Social Media Following And New Music. BET
- ↑ McNab, Kaitlyn. (February 24, 2023). TikTok's Rap Girlies Are the Future of Hip-Hop. Teen Vogue
- ↑ (January 30, 2023). Flo Milli Debuts "Conceited" Remix Featuring Lola Brooke and Maiya the Don. Hypebeast
- ↑ Pierre, Alphonse. (October 10, 2022). Listen to Maiya the Don's "Telfy": The Ones. Pitchfork
- ↑ Rice, Kyle. (February 23, 2023). NYFW 2023's Biggest Music and Culture Moments. Rolling Stone
- ↑ Kearns, Sarah. (September 6, 2023). Flo Milli To Hit the Road on 'Thanks for Coming Here, Ho Tour'. hypebeast
- ↑ Green, Dylan. Hot Commodity. Pitchfork
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইয়া দ্য ডন” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৫১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।