অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফ্লৰেন্স ভ্যান লিয়াৰ আৰ্ল কোটছ

ফ্ল'ৰেন্স ভ্যান লিয়াৰ নিকোলছন কোটছ (Florence Van Leer Nicholson Coates, ১ জুলাই, ১৮৫০ – ৬ এপ্ৰিল, ১৯২৭) আছিল এগৰাকী আমেৰিকান কবি, আৰু মহিলা অধিকাৰৰ সমৰ্থক যাৰ সৃষ্টিৰাজি বহু সাহিত্যিক আলোচনীত প্ৰকাশ পাইছিল৷ ইয়াৰে কিছুমান সংগীতৰ দ্বাৰা প্ৰকাশ পাইছিল।

হালনাগাদ: ১৬ মাৰ্চ ২০২৫ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

ফ্ল'ৰেন্স ভ্যান লিয়াৰ নিকোলছন কোটছ (Florence Van Leer Nicholson Coates, ১ জুলাই, ১৮৫০ – ৬ এপ্ৰিল, ১৯২৭) আছিল এগৰাকী আমেৰিকান কবি, আৰু মহিলা অধিকাৰৰ সমৰ্থক যাৰ সৃষ্টিৰাজি বহু সাহিত্যিক আলোচনীত প্ৰকাশ পাইছিল৷ ইয়াৰে কিছুমান সংগীতৰ দ্বাৰা প্ৰকাশ পাইছিল। ইংৰাজ কবি মেথিউ আৰ্নল্ডে তেওঁক মেণ্টৰ কৰিছিল আৰু তেওঁৰ সৈতে তেওঁ আজীৱন বন্ধুত্ব বজাই ৰাখিছিল। তেওঁ বাস কৰা এডিৰণ্ডেকৰ উদ্ভিদ আৰু প্ৰাণীৰ পৰা অনুপ্ৰাণিত হৈ বহুতো প্ৰকৃতিবিষয়ক কবিতা লিখিছিল আৰু বিখ্যাত হৈ পৰিছিল। তেওঁ নাৰী আৰু সমতাৰ পোষকতাও আছিল। ১৯১৫ চনত ৰাজ্যিক ফেডাৰেচন অৱ ৱমেনছ ক্লাবে তেওঁক পেনচিলভেনিয়াৰ কবি বঁটা বিজয়ী হিচাপে নিৰ্বাচিত কৰে।১২

জীৱনী

পেনচিলভেনিয়াৰ ফিলাডেলফিয়াত জন্মগ্ৰহণ কৰা ফ্ল'ৰেন্স ভ্যান লিয়াৰ আৰ্লৰ জন্ম হৈছিল উকীল জৰ্জ হাছি আৰ্ল ছিনিয়ৰ আৰু তেওঁৰ পত্নী "ফেনি"ৰ ঘৰত৷ তেওঁ তেওঁলোকৰৰ জ্যেষ্ঠ কন্যা আছিল।১ তেওঁ বিখ্যাত বিলোপবাদী আৰু দানবীৰ থমাছ আৰ্লৰ নাতিনী আৰু প্ৰভাৱশালী ভ্যান লিয়াৰ পৰিয়ালৰ সদস্য আছিল।৩ তেওঁৰ কবিতা ৰচনাৰ বাবে দেশ-বিদেশ উভয়তে খ্যাতি অৰ্জন কৰিছিল৷ ইয়াৰে প্ৰায় তিনিশটা আটলাণ্টিক মান্থলী, স্ক্ৰিবনাৰ মেগাজিন, দ্য লিটাৰেৰী ডাইজেষ্ট, লিপিনকটছ, দ্য চেঞ্চুৰী মেগাজিন, হাৰ্পাৰৰ দৰে সাহিত্য আলোচনীত প্ৰকাশ পাইছিল। তেওঁৰ বহু কবিতা এমি বিচৰ দৰে উল্লেখযোগ্য সুৰকাৰে সংগীতৰ ৰূপ দিছিল। বিলোপবাদী আৰু শিক্ষক থিয়ডৰ ড্ৱাইট ৱেল্ডৰ নিৰ্দেশনাত তেওঁ নিউ ইংলেণ্ডত স্কুলত পঢ়িছিল আৰু বিদেশত পেৰিছৰ কনভেণ্ট অৱ দ্য ছেক্ৰেড হাৰ্ট (ৰু ডি ভাৰেন)ত অধিক শিক্ষা গ্ৰহণ কৰিছিল,৪ আৰু ব্ৰাছেলছত সেই সময়ৰ বিখ্যাত প্ৰশিক্ষকৰ অধীনত সংগীত অধ্যয়ন কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Florence Van Leer Earle Nicholson Coates. Encyclopedia Britannica
  2. ↑ Remembering Florence Van Leer Earle Nicholson Coates. Broad Street Review
  3. ↑ WILLIAM VAN LEER GENERATION 9.3 – THIRD CHILD OF SAMUEL VANLEER. vanleerarchives.org. Van Leer Archives
  4. ↑ The Sacré Cœur (Sacred Heart) in Paris, France was a convent school for young girls run by nuns that fell to the French government as a result of the "religious orders" law of 1904, which involved the separation of church and state, and prohibited religious orders from teaching. The site of the former convent is now the Rodin Museum

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান কবিআমেৰিকা যুক্তৰাষ্ট্ৰৰ নাৰী অধিকাৰ কৰ্মীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্লৰেন্স ভ্যান লিয়াৰ আৰ্ল কোটছ” প্ৰবন্ধৰ সংশোধন ৪৯২৭৪০ (১৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।