অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেনেল জেমছ

জেনেল জেমছ (জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৭৯) এগৰাকী আমেৰিকান কৌতুক অভিনেতা, অভিনেত্ৰী আৰু লেখিকা। তেওঁ এবিচি টেলিভিছন ধাৰাবাহিক এৰট এলিমেণ্টৰী-ত আভা ক’লমেনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে বেছিকৈ পৰিচিত।

হালনাগাদ: ১৭ আগষ্ট ২০২৬ ৩৯৪ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জেনেল জেমছ (জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৭৯)১২ এগৰাকী আমেৰিকান কৌতুক অভিনেতা, অভিনেত্ৰী আৰু লেখিকা। তেওঁ এবিচি টেলিভিছন ধাৰাবাহিক এৰট এলিমেণ্টৰী-ত আভা ক’লমেনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে বেছিকৈ পৰিচিত। এই চৰিত্ৰটোৰ বাবে তেওঁ এটা ক্ৰিটিকছ চইচ বঁটা, এটা স্ক্ৰীন এক্টৰ্ছ গিল্ড বঁটা আৰু দুটা এনএএচিপি ইমেজ বঁটা লাভ কৰাৰ উপৰি চাৰিটা প্ৰাইমটাইম এমি বঁটা আৰু এটা গোল্ডেন গ্লোব বঁটাৰ মনোনয়ন লাভ কৰিছে।

তেওঁৰ লেখক হিচাপে কাম কৰা ধাৰাবাহিকসমূহৰ ভিতৰত আছে দ্য ৰানডাউন উইথ ৰবিন থেড আৰু ব্লেক মণ্ড্যে। ইয়াৰ উপৰি তেওঁ ক্ৰেশ্বিং, কৰ্প’ৰেট আৰু চেণ্ট্ৰেল পাৰ্ক কাৰ্যসূচীত অভিনয় কৰিছে। তেওঁৰ প্ৰথম কমেডী এলবাম ব্লেক এণ্ড মাইল্ড ২০১৭ চনত মুক্তি পাইছিল। তেওঁ ২০২০ চনৰ বাবে ভেৰাইটি আলোচনীৰ চাবলগীয়া দহগৰাকী কৌতুক অভিনেতাৰ ভিতৰত এগৰাকী হিচাপে মনোনীত হৈছিল।৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

জেমছৰ জন্ম আৰু শৈশৱ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিন আইলেণ্ডৰ ছেইণ্ট থমাছত অতিবাহিত হৈছিল।৪ তেওঁৰ দেউতাকৰ এখন খাদ্যৰ ট্ৰাক (food truck) আছিল আৰু ৭ বছৰ বয়সৰপৰাই তেওঁ সমুদ্ৰ তীৰত পৰ্যটকক বিয়েৰ বিক্ৰী কৰি সহায় কৰিছিল। ১৬ বছৰ বয়সত তেওঁ মাকৰ সৈতে নিউয়ৰ্কলৈ গুচি আহে।৫ হাইস্কুলত পঢ়ি থকা সময়ত এবাৰ এমটিভিৰ 'ৱানা বি এ ভিজে' (Wanna Be a VJ) অনুষ্ঠানৰ অডিচনৰ বাবে তেওঁ একেৰাহে ১২ ঘণ্টা শাৰীত থিয় হৈছিল। হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ ফেশ্বন ইনষ্টিটিউট অৱ টেকন’লজীত নাম ভৰ্তি কৰিছিল যদিও কেইবছৰমানৰ পিছত সেই পঢ়া আধাতে এৰি দিছিল।

কৰ্মজীৱন

জেমছে ২০০৯ চনত ইলিনয়ৰ চেম্পেইনত বাস কৰি থকা অৱস্থাত এটা 'অ’পেন মাইক' অনুষ্ঠানৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।৬৭ তেওঁ নিজৰ কৌতুক শৈলীক "কেৱল কথা পতা" (just talking shit) বুলি অভিহিত কৰিছে।৬ তেওঁৰ ষ্টেণ্ড-আপ কমেডীত ডনাল্ড ট্ৰাম্পৰ প্ৰশাসন, মাতৃত্ব, ৩৫ বছৰৰ উৰ্ধৰ এগৰাকী মহিলা হোৱাৰ অনুভৱ আৰু ডেটিং আদি বিভিন্ন বিষয় অন্তৰ্ভুক্ত থাকে।৮ জেমছে বিল বাৰ, হাদিয়াহ ৰবিনছন, জন আৰ্লি, ৱাণ্ডা ছাইকছ, ৰিচাৰ্ড প্ৰায়ৰ আৰু কৰিম গ্ৰীণক তেওঁৰ প্ৰিয় কৌতুক অভিনেতা হিচাপে উল্লেখ কৰিছে।৯১০

২০১৬ চনত 'জাষ্ট ফৰ লাফছ' আৰু 'ব্ৰুকলিন' আলোচনীয়ে জেমছৰ কামক স্বীকৃতি দিছিল।৯ ২০১৭ চনত ক্ৰিছ ৰকৰ 'টোটেল ব্লেকআউট ট্যুৰ'ৰ আৰম্ভণি শিল্পী (opening act) হিচাপে কাম কৰি তেওঁ অধিক জনপ্ৰিয়তা অৰ্জন কৰে।৬ সেই বছৰতে তেওঁ তেওঁৰ প্ৰথম কমেডী এলবাম ব্লেক এণ্ড মাইল্ড মুক্তি দিয়ে।৬ এই অনুষ্ঠানটো মিনিয়াপলিছৰ একমে কমেডী কোম্পানীত ৰেকৰ্ডিং কৰা হৈছিল।৭

তেওঁ ২০১৮ চনত নেটফ্লিক্সৰ কমেডী ধাৰাবাহিক দ্য কমেডী লাইনআপ-ত অভিনয় কৰিছিল।৬ ২০১৯ চনত তেওঁ ষ্ট্ৰং ব্লেক লাফছ নামৰ এটা সাক্ষাৎকাৰ ভিত্তিক পডকাষ্ট পৰিচালনা কৰিছিল। য’ত লুৱেনেল আৰু শ্বেৰী শ্বেপাৰ্ডৰ দৰে কেইবাজনো প্ৰতিষ্ঠিত কৃষ্ণাংগ কৌতুক অভিনেতাক আমন্ত্ৰণ জনোৱা হৈছিল।১১ ২০২০ চনত তেওঁ 'ইউ ইন ডেঞ্জাৰ, গাৰ্ল' (You In Danger, Gurl) নামৰ এটা কমেডী পডকাষ্ট পৰিচালনা কৰিছিল। যিটো সম্পৰ্কৰ ক্ষেত্ৰত সতৰ্কবাণী (red flags) আৰু বিচিত্ৰ ডেটিং অভিজ্ঞতাৰ ওপৰত আধাৰিত আছিল।১২

জেমছ দ্য ৰানডাউন উইথ ৰবিন থেড (২০১৭) আৰু শ্ব’টাইমৰ কমেডী ধাৰাবাহিক ব্লেক মণ্ড্যে-ৰ এগৰাকী লেখক আছিল। লগতে তেওঁ এই ধাৰাবাহিকখনত এটা সঘনাই দেখা দিয়া চৰিত্ৰতো অভিনয় কৰিছিল।১৩১৪ তেওঁ ক্ৰেশ্বিং আৰু কৰ্প’ৰেট-ত অভিনয় কৰাৰ লগতে চেণ্ট্ৰেল পাৰ্ক-ৰ লেখক আৰু কণ্ঠ অভিনেতা হিচাপেও কাম কৰিছে।১৪ তেওঁক ২০২০ চনত লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া নেটফ্লিক্সৰ প্ৰথমটো কমেডী ফেষ্টিভেল 'নেটফ্লিক্স ইজ এ জোক'-ত অভিনয়ৰ বাবেও চুক্তিবদ্ধ কৰা হৈছিল।১৫ ২০২১ চনত তেওঁ নেটফ্লিক্সৰ দ্য ষ্টেণ্ডআপছ-ত এগৰাকী বৈশিষ্ট্যপূৰ্ণ কৌতুক অভিনেতা আছিল।১৬

এবিচিৰ কমেডী ধাৰাবাহিক এৰট এলিমেণ্টৰী-ত অভিনয় কৰি তেওঁ ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰে।৮১৭ ধাৰাবাহিকখনৰ আত্মকেন্দ্ৰিক অধ্যক্ষ আভা ক’লমেনৰ চৰিত্ৰত কৰা অভিনয়ক সমালোচকসকলে উচ্চ প্ৰশংসা কৰিছে।১৮১৯২০ জেমছে কমেডী ধাৰাবাহিকৰ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ প্ৰাইমটাইম এমি বঁটা, টিচিএ বঁটা, গোল্ডেন গ্লোব বঁটা আৰু ক্ৰিটিকছ চইচ বঁটাৰ মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে।২১২২

ব্যক্তিগত জীৱন

মহাবিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰাৰ পাছত জেমছে এজন শিক্ষকৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ দুজন পুত্ৰ সন্তান আছে। ইলিনয়ৰ চেম্পেইনত বাস কৰি থকা অৱস্থাতে তেওঁলোকৰ বিচ্ছেদ ঘটে। বহু বছৰ ধৰি তেওঁ নিউয়ৰ্কৰ ব্ৰুকলিনত আছিল, কিন্তু এৰট এলিমেণ্টৰী-ৰ প্ৰথম ছিজনৰ সফলতাৰ পিছত ২০২২ চনত তেওঁ লছ এঞ্জেলছলৈ গুচি আহে।৬৯

তথ্যসূত্ৰ

  1. ↑ James, Janelle. (September 23, 2024). It's my birthday. I look exactly the same. Gorgeous. ♎️♎️♎️💅🏾
  2. ↑ Jordan, Julie. (December 15, 2024). Abbott Elementary's Janelle James Made a Huge Style Error at the Emmys: 'Every Photo of Me Smiling Is a Lie' (Exclusive). People. Dotdash Meredith
  3. ↑ Garrett, Diane. (2020-10-02). Variety's 10 Comics to Watch. Variety
  4. ↑ Ford, Rebecca. (2023-04-17). Janelle James, "Reluctantly Famous". Vanity Fair
  5. ↑ Castleberry, Tony. (November 17, 2017). Janelle James returns to Wilmington to deliver more jokes. wect.com
  6. ↑ Kai, Maiysha. (August 31, 2018). Pretty, Funny: Comedian Janelle James Ain't No Joke. The Root
  7. ↑ Kozell, Isaac. (October 2, 2017). Janelle James on Her Debut Album 'Black and Mild' and Comedy's Point of No Return. Vulture
  8. ↑ (September 1, 2018). Janelle James on Netflix's 'The Comedy Lineup' and making 'white man power moves'. The Daily Dot
  9. ↑ Chafin, Chris. (June 2, 2016). Brooklyn's 50 Funniest People: Janelle James. Brooklyn Magazine
  10. ↑ Terrell, Kellee. (February 8, 2022). 'Abbott Elementary' Star Janelle James Is Addicted To Making Us Laugh. HuffPost
  11. ↑ Kramer, Mark. (November 21, 2019). This Week in Comedy Podcasts: Janelle James Takes Over Strong Black Lead. Vulture
  12. ↑ (September 3, 2020). This Week in Comedy Podcasts: Janelle James, Red-Flag Expert. Vulture
  13. ↑ McDonald, Soraya Nadia. (October 13, 2017). With 'The Rundown,' Robin Thede adds a smart new perspective to late-night. Andscape
  14. ↑ (August 18, 2020). Here Are Variety's 10 Comics To Watch For 2020 · The Comic's Comic. thecomicscomic.com
  15. ↑ Turchiano, Danielle. (March 2, 2020). Netflix Is A Joke Fest Brings Weeklong Standup and Improv Events to Los Angeles. Variety
  16. ↑ Jones, Marcus. 'Abbott Elementary' star Janelle James talks playing a 'chaotic' principal 'you hate to love'. Entertainment Weekly
  17. ↑ Nelson, Jenny. (January 6, 2017). Janelle James (@janellejcomic) on Inanimate Objects and Hot Dudes. Vulture
  18. ↑ Lloyd, Robert. (January 4, 2022). Three new sitcoms worth your time — and one that needs time to grow. Los Angeles Times
  19. ↑ Roush, Matt. (January 4, 2022). Roush Review: Workplace Humor in 'Abbott Elementary,' 'American Auto'. TV Insider
  20. ↑ (2022-01-20). Everyone should be attending 'Abbott Elementary'. Pop Culture Happy Hour (NPR)
  21. ↑ Hipes, Patrick. (July 12, 2022). Emmy Nominations: The Complete List. Deadline
  22. ↑ Nordyke, Kimberly. (January 10, 2023). Golden Globes: Full List of Winners. The Hollywood Reporter

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিকমেডিয়ান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেনেল জেমছ” প্ৰবন্ধৰ সংশোধন ৬২৮৫৬৭ (১৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।