জেকলিন "জেকি" মিচোট চেবালছ (জন্ম ৮ ছেপ্টেম্বৰ, ১৯২৫) এগৰাকী আমেৰিকান নাৰীবাদী আৰু সমাজ কৰ্মী। চেবালছ নেচনেল অৰ্গেনাইজেচন ফৰ উইমেনৰ নিউয়ৰ্ক চেপ্টাৰৰ প্ৰাক্তন সভানেত্ৰী আৰু দ্বিতীয় ঢৌৰ নাৰীবাদ আৰু অগ্ৰণী নাৰীবাদীসকলৰ ইতিহাসৰ নথিভুক্ত কৰা ভেটেৰান ফেমিনিষ্টছ অৱ আমেৰিকা সংগঠনৰ প্ৰতিষ্ঠাপক।১২ ১৯৭১ চনত চেবালোছে নৰ্মান মেইলাৰ আৰু জাৰ্মেইন গ্ৰীৰৰ সৈতে কৰা যৌন ৰাজনীতিৰ বিতৰ্ক ১৯৭৯ চনৰ টাউন ব্লাডি হল ছবিত দেখুওৱা হৈছে।২ চেবালছক নাৰীবাদী ইতিহাসৰ ছবি শ্বিজ বিউটিফুল ৱেন শ্বিজ এংগ্ৰীতো দেখুওৱা হৈছে।৩৪
প্ৰাৰম্ভিক জীৱন
১৯২৫ চনৰ ৮ ছেপ্টেম্বৰত লুইজিয়ানাৰ মামৌত জেকলিন মিচোটৰ জন্ম হৈছিল। লুইজ মিচোট আৰু এডেল ডমাছৰ কন্যা চেবালছ আছিল সাতটা সন্তানৰ মধ্যম সন্তান। তেওঁ লাফায়েটৰ পাব্লিক স্কুলত পঢ়িছিল আৰু চাউথৱেষ্টাৰ্ণ লুইজিয়ানা ইনষ্টিটিউটত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। ভ'কেল বিষয়ত মেজৰ কৰাৰ পিছত চেবালছে অপেৰাত কেৰিয়াৰ গঢ়িবলৈ নিউয়ৰ্ক চহৰলৈ গুচি যায়।১
১৯৫১ চনত চেবালোছে কলম্বিয়াৰ ব্যৱসায়ী আলভাৰো চেবালোছৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ চাৰিটা সন্তান জন্ম হয়। ১৯৫৮ চনত পৰিয়ালটো কলম্বিয়াৰ বগোটালৈ যোৱাৰ পিছত চেবালছে চহৰখনৰ প্ৰথমটো অপেৰা কোম্পানী এল টিয়েট্ৰ’ এক্সপেৰিমেণ্টেল ডি লা অপেৰা প্ৰতিষ্ঠা কৰে। বিবাহ বিচ্ছেদৰ সময়ত চেবালছক বেটী ফ্ৰাইডানৰ দ্য ফেমিনিন মিষ্টিক পঢ়িবলৈ দিয়া হৈছিল, যিয়ে পিছলৈ তেওঁক নাৰীবাদী আন্দোলনৰ সক্ৰিয়তাৰ দিশত অনুপ্ৰাণিত কৰিছিল।১ তেওঁৰ স্বামীয়ে নিউয়ৰ্কত ৰপ্তানি-আমদানি কাপোৰৰ ব্যৱসায় আৰম্ভ কৰাত সহায় কৰিছিল।৫
সক্ৰিয়তা
১৯৬৭ চনত চেবালছে নিজৰ চাৰিটা সন্তানৰ সৈতে নিউয়ৰ্ক চহৰলৈ উভতি যায় আৰু তাৰ পৰাই তেওঁৰ প্ৰথম নেচনেল অৰ্গেনাইজেচন ফৰ ৱমেন (NOW)ৰ বৈঠকত অংশগ্ৰহণ কৰে।১ ১৯৬৭–১৯৭৩ চনলৈকে তেওঁ ৰাষ্ট্ৰীয় আৰু স্থানীয় পৰ্যায়ত NOW ৰ ব'ৰ্ডত কাৰ্যনিৰ্বাহ কৰিছিল আৰু এখন জনসংযোগ সমিতি আৰু বক্তা ব্যুৰো গঠন কৰিছিল।১তেওঁ নিউ ফেমিনিষ্ট থিয়েটাৰৰ সহ-প্ৰতিষ্ঠাপক আছিল।১
১৯৭১ চনত চেবালছে নিউয়ৰ্ক নাওৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭১ চনৰ ৩০ এপ্ৰিলত টাউন হলৰ বিতৰ্কত তেওঁ নৰ্মান মেইলাৰ, জাৰ্মেইন গ্ৰীৰ, ডায়েনা ট্ৰিলিং, জেকলিন চেবালছ, জিল জনষ্টনৰ সৈতে মহিলা মুক্তিৰ ওপৰত সংলাপ শীৰ্ষক বিতৰ্কত অংশগ্ৰহণ কৰে।৬এই বিতৰ্কটো ৰেকৰ্ডিং কৰি ১৯৭৯ চনত ডি.এ.পেনেবেকাৰৰ তথ্যচিত্ৰ টাউন ব্লাডি হল হিচাপে মুকলি কৰা হয়।৭ বিতৰ্কৰ সময়ত চেবালছে এটা যুক্তি দাঙি ধৰিছিল যে নাৰীৰ অধিকাৰ আৰু কৰ্তব্য আছে "তেওঁলোকক সলনি কৰা পৃথিৱীখন সলনি কৰাত কণ্ঠস্বৰ থাকিব লাগে।"৭
তথ্যসূত্ৰ
- ↑ Love, Barbara J., Feminists who changed America, 1963-1975, University of Illinois Press, 2006, p78
- ↑ Mead, Rebecca, "Changes", The New Yorker, May 3, 2004
- ↑ The Women
- ↑ The Film — She's Beautiful When She's Angry. Shesbeautifulwhenshesangry.com
- ↑ Jacqui Ceballos, VFA President, Founder. Autobiography. www.vfa.us
- ↑ Wallace, Christine, Germaine Greer: Untamed Shrew, Metro Publishing (December 2001), p190
- ↑ Jerry Tallmer, "A bloody township in the war of the sexes, caught on film", The Villager, Volume 77, Number 4 | June 27 - July 3, 2007
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেকলিন চেবালছ” প্ৰবন্ধৰ সংশোধন ৬০২২৭৫ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।